যক্ষ্মা ৰোগ নিৰ্মূলৰ ক্ষেত্ৰত উল্লেখনীয় অৱদানঃ ভাৰতৰ স্বেচ্ছাসেৱী সংস্থা ‘ৰিচ’লৈ ২০২৬ বৰ্ষৰ সন্মানীয় কোচন বঁটা

Story by  Satananda Bhattacharjee | Posted by  Munni Begum • 2 h ago
ভাৰতৰ স্বেচ্ছাসেৱী সংস্থা ‘ৰিচ’লৈ ২০২৬ বৰ্ষৰ সন্মানীয় কোচন বঁটা
ভাৰতৰ স্বেচ্ছাসেৱী সংস্থা ‘ৰিচ’লৈ ২০২৬ বৰ্ষৰ সন্মানীয় কোচন বঁটা
 
সত্যানন্দ ভট্টাচাৰ্য
 
ভাৰতত যক্ষ্মা (টিবি) ৰোগ প্ৰতিৰোধ আৰু নিৰ্মূলৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়াই অহা স্বেচ্ছাসেৱী সংস্থা ‘ৰিচ’ (Resource Group for Education and Advocacy for Community Health–REACH)লৈ আগবঢ়োৱা হৈছে ২০২৬ বৰ্ষৰ সন্মানীয় ‘কোচন বঁটা’ (Kochon Prize)। এই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা ভাৰতৰ প্ৰথমটো অসামৰিক সমাজভিত্তিক অলাভজনক সংস্থা হিচাপে বিশেষ কৃতিত্ব অৰ্জন কৰিছে ৰিচে।
 
১৯৯৯ চনত চেন্নাইত প্ৰতিষ্ঠা হোৱা ৰিচে বিগত ২৭ বছৰ ধৰি ভাৰতত যক্ষ্মা ৰোগৰ বিৰুদ্ধে চলি থকা অভিযানত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। দেশৰ যক্ষ্মা নিয়ন্ত্ৰণ কাৰ্যসূচীৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰাৰ লগতে ব্যক্তিগত স্বাস্থ্যসেৱা খণ্ড, যক্ষ্মা ৰোগত আক্ৰান্ত ব্যক্তি আৰু তেওঁলোকৰ পৰিয়াল, বিভিন্ন উদ্যোগ, সংবাদ মাধ্যম আৰু সমাজৰ অন্যান্য অংশীদাৰসকলক একত্ৰিত কৰি সংস্থাটোৱে যক্ষ্মা নিৰ্মূলৰ প্ৰচেষ্টা আগবঢ়াই আহিছে।
 
গৱেষণা, জনসচেতনতা, অধিকাৰভিত্তিক ওকালতি আৰু স্বাস্থ্যসেৱাৰ অভিনৱ আৰ্হিৰ জৰিয়তে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সমতাভিত্তিক স্বাস্থ্যসেৱা নিশ্চিত কৰাই হৈছে সংস্থাটোৰ মূল লক্ষ্য।
 
উল্লেখযোগ্য যে, দক্ষিণ কোৰিয়াৰ স্বতন্ত্ৰ অলাভজনক সংস্থা ‘কোচন ফাউণ্ডেশ্যন’ আৰু ‘ষ্টপ টিবি পাৰ্টনাৰশ্বিপ’ৰ যৌথ উদ্যোগত এই বঁটা প্ৰদান কৰা হয়। যক্ষ্মা ৰোগ প্ৰতিৰোধ, চিকিৎসা আৰু নিৰ্মূলৰ ক্ষেত্ৰত অসাধাৰণ অৱদান আগবঢ়োৱা ব্যক্তি তথা প্ৰতিষ্ঠানসমূহক এই সন্মান প্ৰদান কৰা হয়। কেৱল যক্ষ্মা ৰোগৰ বিৰুদ্ধে চলি থকা অভিযানৰ বাবে উৎসৰ্গিত বিশ্বৰ সৰ্ববৃহৎ বঁটা হিচাপে কোচন বঁটাক গণ্য কৰা হয়।
 
২০২৬ বৰ্ষৰ এই সন্মান ভাৰতৰ ৰিচৰ লগতে কেনিয়াৰ ‘চেণ্টাৰ ফৰ হেল্থ ছলিউশ্যনছ’ আৰু ‘মাৰ্শ্বেল আইলেণ্ডছ টিবি কণ্ট্ৰ’ল প্ৰগ্ৰেম’ক যৌথভাৱে প্ৰদান কৰা হৈছে।
 
ইয়াৰ পূৰ্বে ভাৰতৰ পৰা ২০০৬ চনত সংশোধিত ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰণ কাৰ্যসূচীৰ মুৰব্বী ড০ এল এছ চৌহান, ২০১৭ চনত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR) আৰু ২০২৪ চনত মলবিঅ’ ডায়েগনষ্টিকছে এই সন্মান লাভ কৰিছিল। যোৱা ৫ নৱেম্বৰত ইণ্ডোনেছিয়াত অনুষ্ঠিত ‘ষ্টপ টিবি পাৰ্টনাৰশ্বিপ’ৰ ব’ৰ্ডৰ বৈঠকত ২০২৬ বৰ্ষৰ কোচন বঁটা প্ৰদান কৰা হয়।
 
এইবাৰৰ বঁটাৰ মূল বিষয়বস্তু আছিল— ‘যক্ষ্মা ৰোগীৰ আগতীয়া ৰোগ নিৰ্ণয় আৰু চিকিৎসা উন্নত কৰাৰ উদ্দেশ্যে বিভিন্ন স্বাস্থ্যসেৱাৰ সৈতে যক্ষ্মা প্ৰতিৰোধী ব্যৱস্থাৰ সমন্বয় সাধন।’
 
এই বিষয়বস্তুৱে বিগত ২৭ বছৰৰো অধিক সময় ধৰি ৰিচে আগবঢ়াই অহা ৰোগীকেন্দ্ৰিক আৰু সমন্বিত স্বাস্থ্যসেৱাৰ প্ৰচেষ্টাক বিশেষভাৱে প্ৰতিফলিত কৰিছে। সংস্থাটোৱে যক্ষ্মা ৰোগীৰ কেৱল শাৰীৰিক চিকিৎসাতে সীমাবদ্ধ নাথাকি তেওঁলোকৰ সামাজিক, মানসিক আৰু আৰ্থিক সমস্যাসমূহৰ প্ৰতিও সমানে গুৰুত্ব দি আহিছে।
 
ৰিচক এই বঁটাৰ বাবে মনোনীত কৰা বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰাক্তন মুখ্য বিজ্ঞানী তথা এম এছ স্বামীনাথন গৱেষণা ফাউণ্ডেশ্যনৰ অধ্যক্ষা ড০ সৌম্যা স্বামীনাথনে সংস্থাটোৰ এই সাফল্যত গভীৰ আনন্দ প্ৰকাশ কৰিছে।
 
তেওঁ কয়, “২০২৬ বৰ্ষৰ কোচন বঁটাৰ বাবে ৰিচক নিৰ্বাচিত কৰা হৈছে বুলি জানি মই অত্যন্ত আনন্দিত। জনস্বাস্থ্যৰ ক্ষেত্ৰত, বিশেষকৈ যক্ষ্মা ৰোগৰ বিৰুদ্ধে চলি থকা অভিযানত ৰিচ সদায় সময়ৰ আগত চিন্তা কৰি কাম কৰা এক ব্যতিক্ৰমী সংস্থা। মহিলাৰ নেতৃত্বত পৰিচালিত এই সংস্থাটোৱে কেৱল পৰিসংখ্যা, তথ্য বা দাতাসকলক দাখিল কৰিবলগীয়া প্ৰতিবেদনতে গুৰুত্ব নিদিয়ে, বৰং তেওঁলোকে সহায় আগবঢ়োৱা প্ৰতিগৰাকী ব্যক্তিৰ কল্যাণৰ প্ৰতি আন্তৰিকভাৱে যত্নশীল।”
 
ড০ স্বামীনাথনে লগতে কয় যে, ৰিচে মানৱীয় দৃষ্টিভংগীৰ সৈতে বিজ্ঞানসন্মত আৰু কাৰিকৰী পদ্ধতিৰ সুন্দৰ সমন্বয় ঘটাইছে। ভাৰতৰ জনস্বাস্থ্য ব্যৱস্থাৰ বাস্তৱ পৰিস্থিতি সম্পৰ্কেও সংস্থাটোৰ গভীৰ বুজাবুজি আছে। ইতিমধ্যে ৰিচে এক সমৃদ্ধ কৰ্মপৰম্পৰা গঢ়ি তুলিছে আৰু ভৱিষ্যতেও নতুন চিন্তা তথা উদ্ভাৱনী পদক্ষেপৰ জৰিয়তে অসংখ্য লোকৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।
 
উল্লেখযোগ্য যে, ৰিচে দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচী (NTEP), ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠান, সামূহিক স্বাস্থ্যকৰ্মী, ‘টিবি চেম্পিয়ন’, সহযোগী সংস্থা আৰু স্থানীয় সমাজৰ সৈতে একেলগে কাম কৰি আহিছে। ইয়াৰ মূল উদ্দেশ্য হৈছে যক্ষ্মা ৰোগত আক্ৰান্ত প্ৰতিগৰাকী ব্যক্তিৰ বাবে উন্নত, সহজলভ্য আৰু সামগ্ৰিক স্বাস্থ্যসেৱা নিশ্চিত কৰা।
 
এই উপলক্ষে ৰিচৰ অধ্যক্ষা তথা সহ-প্ৰতিষ্ঠাপক ড০ নলিনী কৃষ্ণনে কয়, “ৰোগটোৰ নহয়, ৰোগীজনৰ চিকিৎসা কৰক' যক্ষ্মা ৰোগত আক্ৰান্ত লোকসকলৰ সৈতে আমাৰ যাত্ৰাৰ মূলমন্ত্ৰ এয়াই। আমি আৰম্ভণিৰ পৰাই উপলব্ধি কৰিছিলোঁ যে চিকিৎসা লাভৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ কৰিবলৈ কেৱল ঔষধ বা চিকিৎসাই যথেষ্ট নহয়। ইয়াৰ বাবে ৰোগীজনৰ সামাজিক পৰিস্থিতি, পৰিয়াল, মানসিক স্বাস্থ্য, সমাজৰ সৈতে থকা সম্পৰ্ক আৰু ব্যক্তিগত সমস্যাসমূহো বুজি পোৱাটো অত্যন্ত প্ৰয়োজনীয়।”
 
তেওঁ লগতে কয়, “সমন্বিত স্বাস্থ্যসেৱাৰ প্ৰকৃত অৰ্থ হৈছে এগৰাকী ব্যক্তিক সামগ্ৰিকভাৱে বুজিবলৈ চেষ্টা কৰা, তেওঁৰ জীৱনৰ বাস্তৱ পৰিস্থিতিক উপলব্ধি কৰা আৰু কোনো লোক যাতে স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত নহয়, সেয়া নিশ্চিত কৰিবলৈ সকলোধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰা।”
 
আনহাতে, ৰিচৰ সঞ্চালিকা ড০ ৰম্যা অনন্তকৃষ্ণনে এই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিক সংস্থাটোৰ সৈতে জড়িত স্বাস্থ্যকৰ্মী, ‘টিবি নানবান’, ‘টিবি চেম্পিয়ন’ আৰু যক্ষ্মা ৰোগত আক্ৰান্ত পৰিয়ালসমূহৰ সামূহিক প্ৰচেষ্টাৰ ফল বুলি অভিহিত কৰে।
 
তেওঁ কয়, “এই স্বীকৃতি আমাৰ সৈতে একেলগে কাম কৰা সামূহিক স্বাস্থ্যকৰ্মী, টিবি নানবান আৰু টিবি চেম্পিয়নসকলৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰমাণ। লগতে যক্ষ্মা আৰু অসংক্ৰামক ৰোগত আক্ৰান্ত যিসকল ব্যক্তি আৰু পৰিয়ালে আমাৰ ওপৰত আস্থা ৰাখিছে, তেওঁলোকৰ অৱদানৰো এয়া এক স্বীকৃতি।”
 
ড০ অনন্তকৃষ্ণনে লগতে কয় যে, এই সকলো লোকৰ অটল সংকল্প, সাহস আৰু সহযোগিতাৰ বাবে সংস্থাটো চিৰকৃতজ্ঞ। এই সন্মানে সকলোৰে বাবে সমান আৰু সহজলভ্য স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ দিশত অধিক উদ্যমেৰে কাম কৰি যাবলৈ তেওঁলোকক নতুন প্ৰেৰণা যোগাইছে।
 
ভাৰতত যক্ষ্মা ৰোগ নিৰ্মূলৰ বাবে অব্যাহত থকা প্ৰচেষ্টাৰ মাজতে ৰিচে লাভ কৰা এই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিয়ে দেশৰ জনস্বাস্থ্য খণ্ডত সমাজভিত্তিক সংগঠনসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকাক পুনৰ এবাৰ উজলাই তুলিছে।