নতুন দিল্লী
ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে (FSSAI) নিৰ্ধাৰিত সুৰক্ষা মান পূৰণ নকৰাৰ অভিযোগত বিছলেৰী ইণ্টাৰনেশ্যনেল প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ অনুমোদন জনোৱাৰ পিছতে এই সন্দৰ্ভত স্পষ্টীকৰণ প্ৰকাশ কৰিছে কোম্পানীটোৱে।
খাদ্য সুৰক্ষা আৰু মান আইন, ২০০৬ৰ অধীনত কোম্পানীটোৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমোদন দিয়া হৈছে। বিছলেৰীয়ে প্ৰকাশ কৰা অনুসৰি, এই বিষয়টো ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত গোৱাস্থিত কোম্পানীটোৰ উৎপাদন কেন্দ্ৰত প্ৰস্তুত কৰা খোৱাপানীৰ এটা বেচৰ সৈতে জড়িত। কোম্পানীটোৰ দাবী, পৰৱৰ্তী সময়ত স্বতন্ত্ৰ পৰীক্ষাগাৰত কৰা পৰীক্ষাত পানীৰ নমুনাত ব্ৰোমেটৰ পৰিমাণ নিৰ্ধাৰিত সুৰক্ষা সীমাৰ ভিতৰত থকা বুলি নিশ্চিত কৰা হৈছে।
বিছলেৰীৰ বিবৃতি অনুসৰি, ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰত এফ এছ এছ এ আইয়ে গোৱাস্থিত কোম্পানীটোৰ উৎপাদন কেন্দ্ৰৰ পৰা খোৱাপানীৰ ছটা নমুনা সংগ্ৰহ কৰিছিল। প্ৰাথমিক পৰীক্ষাত ইয়াৰে পাঁচটা নমুনাই নিৰ্ধাৰিত মান পূৰণ কৰিছিল যদিও ষষ্ঠ নমুনাটোত প্ৰতি লিটাৰ পানীত ১২ মাইক্ৰ’গ্ৰাম ব্ৰোমেট পোৱা গৈছিল। উল্লেখযোগ্য যে, ব্ৰোমেটৰ অনুমোদিত সৰ্বোচ্চ পৰিমাণ হৈছে প্ৰতি লিটাৰত ১০ মাইক্ৰ’গ্ৰাম।
এই পৰীক্ষাৰ ফলাফলক লৈ কোম্পানীটোৱে ২০২৫ চনৰ ২২ নৱেম্বৰত আবেদন দাখিল কৰে। ইয়াৰ পিছতে এফ এছ এছ এ আইয়ে সংশ্লিষ্ট নমুনাটো পুনৰ পৰীক্ষাৰ বাবে এটা ৰেফাৰেল পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে।
কোম্পানীটোৰ মতে, দ্বিতীয়বাৰৰ পৰীক্ষাত পানীৰ নমুনাত ব্ৰোমেটৰ পৰিমাণ নিৰ্ধাৰিত সীমাৰ ভিতৰত পোৱা যায়। অৱশ্যে এই পৰীক্ষাত নমুনাটোত পলিনিউক্লিয়াৰ এৰোমেটিক হাইড্ৰ’কাৰ্বন (PAHs) নামৰ ৰাসায়নিক পদাৰ্থৰ উপস্থিতি ধৰা পৰে।
দুয়োটা পৰীক্ষাৰ ফলাফলৰ মাজত এনে পাৰ্থক্য দেখা দিয়াত বিষয়টো অধিক স্পষ্ট কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে বিছলেৰীয়ে। সেই অনুসৰি কোম্পানীটোৱে একেটা নমুনা এফ এছ এছ এ আইৰ অনুমোদিত আন এটা স্বতন্ত্ৰ পৰীক্ষাগাৰত পৰীক্ষা কৰায়। এই পৰীক্ষাতো ব্ৰোমেটৰ পৰিমাণ অনুমোদিত সীমাৰ ভিতৰত থকা বুলি ফলাফল প্ৰকাশ পায়।
বিছলেৰীয়ে জনোৱা মতে, ২০২৬ চনৰ ২ ফেব্ৰুৱাৰীত এখন আনুষ্ঠানিক পত্ৰৰ জৰিয়তে স্বতন্ত্ৰ পৰীক্ষাগাৰৰ ফলাফল এফ এছ এছ এ আইৰ পশ্চিম আঞ্চলিক কাৰ্যালয়ত দাখিল কৰা হৈছিল।
কোম্পানীটোৰ দাবী, ইয়াৰ পিছত নিয়ন্ত্ৰক সংস্থাটোৰ পৰা কোনো ধৰণৰ যোগাযোগ লাভ নকৰাত বিষয়টোৰ নিষ্পত্তি হোৱা বুলি ধৰি লোৱা হৈছিল। তদুপৰি, সংবাদ মাধ্যমত প্ৰকাশ পোৱা জাননীখনো কোম্পানীটোৱে ই-মেইল অথবা ছপা প্ৰতিলিপিৰ ৰূপত লাভ কৰা নাই। এফ এছ এছ এ আইৰ ৱেবছাইটতো উক্ত জাননীখন বিচাৰি পোৱা নাই বুলি বিছলেৰীয়ে উল্লেখ কৰিছে।
খোৱাপানীৰ গুণগত মান আৰু গ্ৰাহকৰ সুৰক্ষাৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ দোহাৰি কোম্পানীটোৱে কয় যে, উৎপাদনৰ প্ৰতিটো পৰ্যায়তে কঠোৰ মান নিয়ন্ত্ৰণ ব্যৱস্থা অনুসৰণ কৰা হয়। কোম্পানীটোৰ ১০টা পৰ্যায়ৰ উৎপাদন প্ৰক্ৰিয়াত পানীৰ গুণগত মান নিশ্চিত কৰিবলৈ ৯০টাতকৈও অধিক পৰীক্ষা সম্পন্ন কৰা হয়।
বিছলেৰীয়ে বিবৃতিত কয়, "খোৱাপানীৰ সুৰক্ষা আমাৰ বাবে সৰ্বাধিক গুৰুত্বপূৰ্ণ।" কোম্পানীটোৱে লগতে জনায় যে, এই বিষয়ত এফ এছ এছ এ আইৰ সৈতে সম্পূৰ্ণ সহযোগিতা আগবঢ়াই যাব আৰু প্ৰচলিত নিয়ম তথা আইনী প্ৰক্ৰিয়াৰ জৰিয়তে বিষয়টোৰ সমাধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব। ইয়াৰ লগতে বিছলেৰীয়ে নিজৰ বজাৰত উপলব্ধ পেকেটজাত খোৱাপানী গ্ৰাহকৰ বাবে নিৰাপদ বুলি দাবী কৰিছে।