শ্ৰদ্ধা ৱাকাৰৰ দৰে দিল্লীত আন এটা নৃশংস হত্যাকাণ্ড

Story by  atv | Posted by  Munni Begum • 1 Years ago
শ্ৰদ্ধা ৱাকাৰৰ দৰে দিল্লীত আন এটা  নৃশংস হত্যাকাণ্ড
শ্ৰদ্ধা ৱাকাৰৰ দৰে দিল্লীত আন এটা নৃশংস হত্যাকাণ্ড
নতুন দিল্লী
 
শ্ৰদ্ধা ৱাকাৰৰ নৃশংস হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নাযাওঁতে দিল্লী আৰক্ষীয়ে চহৰখনৰ পূব অংশত একে ধৰণৰ অপৰাধৰ ঘটনা পোহৰলৈ আহিছে। দিল্লী আৰক্ষীৰ অপৰাধ শাখাই পুত্ৰৰ সহায়ত স্বামীক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে এগৰাকী মহিলাক। 
 
আৰক্ষীয়ে জনোৱা মতে, মহিলাগৰাকীয়ে স্বামীৰ বিবাহ বহিৰ্ভূত প্ৰেমৰ সন্দেহ প্ৰকাশ কৰিছে। হত্যাকাণ্ডৰ পিছত মাতৃ-পুত্ৰৰ যুটিয়ে মৃতদেহটো ২২ টুকুৰা কৰি ফ্ৰীজত ৰাখি পূব দিল্লীৰ কেইবাটাও চুবুৰীত পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।
 
এই ঘটনাটো ২৮ বছৰীয়া আফতাব পুনাৱালাই নিজৰ লিভ ইন পাৰ্টনাৰ শ্ৰদ্ধা ৱালকৰক ডিঙি চেপি হত্যা কৰি মৃতদেহ ৩৫ টুকুৰা কৰি তাৰ পিছত দক্ষিণ দিল্লীৰ মেহৰাউলী অৰণ্যত পেলোৱাৰ ধৰণৰ সৈতে সাদৃশ্য আছে। 
আৰক্ষীয়ে প্ৰথমে জুন মাহত পাণ্ডৱ নগৰত মৃতদেহৰ অংগ উদ্ধাৰ কৰি হত্যাৰ গোচৰ ৰুজু কৰিছিল। কিন্তু মৃতদেহৰ টুকুৰাবোৰ পচি যোৱাৰ বাবে তদন্ত  আগনাবাঢ়িল। 
চলিত মাহৰ আৰম্ভণিতে যেতিয়া শ্ৰদ্ধা ৱালকাৰ ভয়ংকৰ হত্যাকাণ্ডৰ সবিশেষ পোহৰলৈ আহিবলৈ আৰম্ভ কৰিছিল, তেতিয়া অচিনাক্ত শৰীৰৰ অংগবোৰ তাইৰ নেকি, সেই বিষয়েও তদন্ত আৰম্ভ কৰা হৈছিল। 
 
তেওঁলোকৰ তদন্তৰ সময়ত অপৰাধ শাখাই মৃতদেহৰ অংগ উদ্ধাৰ হোৱা অঞ্চলৰ চি চি টিভি কেমেৰাৰ পৰা ফুটেজ স্কেন কৰিছিল। ফুটেজত দেখা গৈছে যে মহিলাগৰাকী আৰু পুত্ৰই কেইবা নিশা অঞ্চলটো পৰিদৰ্শন কৰিছিল। 
 
আৰক্ষীয়ে গভীৰভাৱে তদন্ত কৰাৰ লগে লগে পূব দিল্লীৰ পাণ্ডৱ নগৰৰ বাসিন্দা এজন অঞ্জন দাস প্ৰায় ছমাহ ধৰি নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে। লগতে লোকজনৰ পৰিয়ালে আৰক্ষীত কোনো অভিযোগ পঞ্জীয়ন নকৰাৰ কথাও জানিব পাৰিছে।
আৰক্ষীৰ মতে, জুন মাহতে অভিযুক্ত পুনম আৰু দিপকে দাসক হত্যা কৰিছিল। তেওঁক টোপনিৰ বড়ি দিয়া হৈছিল আৰু অচেতন হৈ থকাৰ পিছত তেওঁক হত্যা কৰা হৈছিল।   
চুবুৰীটোৰ চি চি টিভি কেমেৰাৰ পৰা চাঞ্চল্যকৰ ফুটেজত দেখা গৈছে যে দীপকে গভীৰ নিশা হাতত বেগ লৈ ঘুৰি ফুৰিছিল। আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকে কেইবাবাৰো ঘুৰা ফুৰা কৰি মৃতদেহৰ টুকুৰাবোৰ লাহে লাহে পেলাইছিল।
 
আৰক্ষীয়ে কয় যে এইটো তেওঁৰ মৃতদেহৰ টুকুৰা পেলোৱাৰ বাবে ঘুৰি আছিল। তেওঁৰ পিছে পিছে তেওঁৰ মাতৃ পুনমক দেখা গৈছিল। আন এটা ক্লিপত দিনৰ ভাগত  তেওঁলোকক দেখা গৈছে।