কাছাৰ
অসমৰ কাছাৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চলত আৰক্ষীৰ অভিযানৰ সময়ত গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ বৰাক নদীত জাঁপ দিয়া দুই বাংলাদেশী নাগৰিকক অৱশেষত আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। এই অভিযানৰ সময়ত দুগৰাকী আৰক্ষী জোৱান আহত হোৱা বুলিও জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, কাছাৰ জিলাৰ সীমান্তৱৰ্তী হৰিনগৰ তৃতীয় খণ্ডৰ জিয়াউৰ ৰহমান নামৰ এজন ব্যক্তিৰ ঘৰত দুজন বাংলাদেশী নাগৰিকে আশ্ৰয় লৈ থকাৰ তথ্য লাভ কৰিছিল কাটিগড়া আৰক্ষীয়ে। এই তথ্যৰ ভিত্তিত আৰক্ষীয়ে উক্ত বাসগৃহটোত অভিযান চলায়।
আৰক্ষীৰ দলটো ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে দুয়োজন ব্যক্তিয়ে পলায়নৰ চেষ্টা চলায়। আৰক্ষীৰ হাতত ধৰা পৰাৰ পৰা হাত সাৰিবলৈ তেওঁলোকে বৰাক নদীত জাঁপ দিয়ে। অৱশ্যে আৰক্ষীয়েও তৎপৰতাৰে নাও লৈ নদীপথেৰে দুয়োজনক খেদি যায়। কিছু সময়ৰ চেষ্টাৰ অন্তত আৰক্ষীয়ে দুয়োজনকে আটক কৰিবলৈ সক্ষম হয়। এই খেদা-খেদিৰ সময়ত দুগৰাকী আৰক্ষী জোৱান আহত হোৱা বুলি খবৰ পোৱা গৈছে।
আটকাধীন বাংলাদেশী নাগৰিক দুজনক ২২ বছৰীয়া ছলমান আহমেদ আৰু ৩৫ বছৰীয়া ৰাছেল আহমেদ বুলি চিনাক্ত কৰা হৈছে। দুয়োজনে বাংলাদেশৰ জকিগঞ্জৰ আমানছিদ অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
কাছাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত সংঘটিত এই ঘটনাই পুনৰ সীমান্ত সুৰক্ষাৰ বিষয়টোক চৰ্চালৈ আনিছে। বিশেষকৈ সীমান্ত অঞ্চলত বিদেশী নাগৰিকৰ উপস্থিতি আৰু আৰক্ষীৰ অভিযানৰ সময়ত সংঘটিত এই ঘটনাক লৈ উদ্বেগৰ সৃষ্টি হৈছে।