কলকাতাৰ পূজা মণ্ডপত পদপিষ্ট হৈ ১৭ জনৰ মৃত্যু, আন ২৫ জন আহত

Story by  PTI | Posted by   Imtiaz Ahmed • 1 h ago
পদপিষ্ট হোৱা স্থানৰ এক দৃশ্য
পদপিষ্ট হোৱা স্থানৰ এক দৃশ্য
কলকাতা

উত্তৰ কলকাতাৰ এটা দুৰ্গাপূজা মণ্ডপত শনিবাৰে সন্ধিয়া পদপিষ্ট হোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হোৱাত কমেও ১৭ জন লোকৰ মৃত্যু হয় আৰু আন ২৫ জন আহত হয় বুলি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে জনায়।

আহতসকলৰ এজনৰ অৱস্থা সংকটজনক বুলি তেওঁ কয়।

অধিকাৰীয়ে কয়, “১৭ জন লোকক মৃত অৱস্থাত কলিকতা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ অনা হৈছিল। আন ২৫ জন আহত হৈছে।”
তেওঁ কয় যে উত্তৰ কলকাতাৰ চিত্তৰঞ্জন এভিনিউৰ সমীপৰ চোৰবাগানৰ সাৰ্বজনীন দুৰ্গাপূজাৰ আয়োজকসকলে কৰা এটা ঘোষণাৰ পাছতে পূজা চাবলৈ অহা লোকসকলৰ মাজত হেতা-ওপৰা লাগে আৰু এই “বেদনাদায়ক ঘটনা” সংঘটিত হয়।

এজন আৰক্ষী বিষয়াই জনোৱা মতে, বৰষুণ আৰম্ভ হোৱাৰ লগে লগে চোৰবাগান দুৰ্গাপূজা মণ্ডপৰ বাহিৰত অপেক্ষা কৰি থকা লোকসকলে আগলৈ হেঁচা মাৰি যায়। ইয়াৰে একাংশ পথত পৰি যোৱাৰ ফলত পদপিষ্ট হোৱাৰ ঘটনা ঘটে।

আহতসকলক ভৰ্তি কৰোৱা চৰকাৰী চিকিৎসালয়খনত অধিকাৰী আৰু মুখ্য সচিব মনোজ আগৰৱালে উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় বুলি আৰক্ষী বিষয়াজনে জনায়।
স্বাস্থ্যমন্ত্ৰী শৰদ্বত মুখাৰ্জী আৰু জ্যেষ্ঠ বিষয়াসকলো ততাতৈয়াকৈ চিকিৎসালয়খনত উপস্থিত হয়।

ঘটনাস্থলীত দুৰ্যোগ ব্যৱস্থাপনা কৰ্মী মোতায়েন কৰা হৈছে বুলি আৰক্ষী বিষয়াজনে কয়।

পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে চোৰবাগানৰ পূজা মণ্ডপত পদপিষ্ট হোৱাৰ দৰে পৰিস্থিতিৰ খবৰে তেওঁক গভীৰভাৱে মৰ্মাহত কৰিছে।

তেওঁ কয়, “চোৰবাগানৰ পূজা মণ্ডপত পদপিষ্ট হোৱাৰ ঘটনাৰ খবৰ পাই গভীৰভাৱে মৰ্মাহত আৰু দুঃখিত হৈছোঁ। আহত সকলোৰে আশু আৰোগ্য কামনা কৰি আৰু এই কঠিন সময়ত তেওঁলোকৰ পৰিয়ালসমূহে যাতে শক্তি আৰু সাহস লাভ কৰে, তাৰ বাবে মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।”



শেহতীয়া খবৰ