মেইটেই আৰু কুকি গাঁৱৰ স্বেচ্ছাসেৱকসকলৰ মাজত সংঘটিত গুলীয়াগুলিৰ ঘটনা

Story by  atv | Posted by  Munni Begum • 15 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
ইম্ফল
 
দেওবাৰে মণিপুৰত মেইটেই আৰু কুকি জনগোষ্ঠীৰ গাঁৱৰ স্বেচ্ছাসেৱকসকলৰ মাজত গুলীয়াগুলিৰ ঘটনা সংঘটিত হৈছে বুলি ৰাজ্যখনৰ আৰক্ষীয়ে জনায়।    
 
এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে, কাংপকপি জিলাৰ কাষৰীয়া পাহাৰৰ পৰা ইম্ফল উপত্যকাৰ পৰিসীমাৰ কৌট্ৰুক গাঁৱত সহস্ৰাধিক অস্ত্ৰধাৰী লোকে নিৰ্বিচাৰে গুলীচালনা কৰাৰ পিছতে এই হিংসাত্মক ঘটনাৰ সূত্ৰপাত হৈছিল।  
 
এই প্ৰাৰম্ভিক আক্ৰমণৰ ফলত কৌট্ৰুক গাঁৱৰ স্বেচ্ছাসেৱকসকলে প্ৰতিশোধ লোৱাৰ বাবে প্ৰত্যাক্ৰমণ কৰি গুলীচালনা কৰে, যাৰ ফলত পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে। ইয়াৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিৰাপত্তা বাহিনীক ততাতৈয়াকৈ অঞ্চলটোলৈ প্ৰেৰণ কৰা হয়। 
 
বিষয়াগৰাকীয়ে কয় যে, কিছুমান গুলীয়ে গাঁৱখনৰ বহু মানুহৰ ঘৰৰ দেৱাল ভেদিছিল। গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ পিছত গাঁৱখনৰ শিশু, মহিলা তথা জ্যেষ্ঠ নাগৰিকক সমীপৰে এক নিৰাপদ অঞ্চললৈ লৈ যোৱা হৈছিল। লোকসকলক নিৰাপদ স্থানলৈ লৈ যোৱাৰ সময়ত 'পাম্পি' বা স্থানীয়ভাৱে নিৰ্মিত যুদ্ধৰ ঢাল ব্যৱহাৰ কৰা হৈছে।     
 
যোৱা বছৰৰ ৩ মে’ত জাতিগত হিংসা সংঘটিত হোৱাৰ পিছত কৌট্ৰুকত দুয়োপক্ষৰ গাঁৱৰ স্বেচ্ছাসেৱকৰ মাজত একাধিক গুলীচালনাৰ দৰে ঘটনা সংঘটিত হৈছে। এই সংঘাতত ২০০ৰো অধিক লোকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ লোক স্থানচ্যুত হৈছে।
 
ইফালে, বিষ্ণুপুৰ জিলাত সংঘটিত উগ্ৰপন্থী আক্ৰমণত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ দুজন জোৱান নিহত হোৱাৰ মাত্ৰ এদিন পিছতে দেওবাৰৰ এই হিংসাত্মক ঘটনা সংঘটিত হৈছে।   
 
শনিবাৰে মাজনিশাৰ কিছু সময়ৰ পিছতে প্ৰথমে একাধিক অচিনাক্ত দুৰ্বৃত্তই চি আৰ পি এফৰ শিবিৰটোত গ্ৰেনেড নিক্ষেপ কৰিছিল আৰু তাৰ পিছত গুলীচালনা সংঘটিত হৈছিল বুলি বিষয়াসকলে জনায় আৰু ইয়াক পূৰ্ব পৰিকল্পিত আক্ৰমণ বুলিও তেওঁলোকে অভিহিত কৰিছে।