গাঁও-চহৰৰ বিভেদ দূৰ কৰি ডন বস্কো স্কুলত উলহ-মালহেৰে ৰঙালী বিহু উদযাপন

Story by  atv | Posted by  [email protected] • 2 Months ago
ডন বস্কো স্কুলত অনুষ্ঠিত বিহু উৎসৱত একাংশ ছাত্ৰীৰ বিহু নৃত্য
ডন বস্কো স্কুলত অনুষ্ঠিত বিহু উৎসৱত একাংশ ছাত্ৰীৰ বিহু নৃত্য
 
দৌলত ৰহমান/গুৱাহাটী

অসমত ব’হাগ বা ৰঙালী বিহু কেৱল উৎসৱ নহয়। সংগীত সম্ৰাট তথা ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাই ব’হাগ বিহুক অসমীয়া সমাজৰ আয়ুসৰেখা বুলি অভিহিত কৰিছিল। এই পৰম্পৰা হাজাৰ হাজাৰ বছৰ আগৰ পৰাই চলি আহিছে।
 
অসমীয়াৰ বাপতিসাঁহোন হিচাপে পৰিচিত এই উৎসৱে ২০০৬ চনত প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ এখন অভিজাত ব্যক্তিগত বিদ্যালয়ৰ চৌহদত আত্মপ্ৰকাশ কৰিছিল। সেই বছৰটোতে (২০০৬) পানবজাৰস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম পুৰণি ইংৰাজী মাধ্যমৰ বিদ্যালয় ডন বস্কো স্কুল কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলক নিজৰ সংস্কৃতি আৰু পৰম্পৰাক আঁকোৱালি লোৱাৰ একমাত্ৰ উদ্দেশ্যেৰে নিজৰ চৌহদত ৰঙালী বিহু উদযাপনৰ পৰম্পৰা আৰম্ভ কৰিছিল। যোৱা প্ৰায় দুটা দশক ধৰি এই পৰম্পৰা অব্যাহত আছে। চলিত বৰ্ষৰ ৩০ এপ্ৰিলত বিদ্যালয়খনে বৰ্ণাঢ্য কাৰ্যসূচীৰে ১৭ সংখ্যক ৰঙালী বিহু উৎসৱৰ আয়োজন কৰে। 
 
ডন বস্কো স্কুলত অনুষ্ঠিত ১৭সংখ্যক বিহু উৎসৱৰ এক দৃশ্য
 
ৰঙালী বিহুৰ দিনা ডন বস্কো স্কুল চৌহদত প্ৰতি বছৰে এক ব্যতিক্ৰমী পৰিৱেশ বিৰাজ কৰা দেখা যায়। ছাত্ৰ-ছাত্ৰীসকলে সেইদিনা টিফিন-বক্সত মেগী আৰু চেণ্ডুইচৰ সলনি অসমীয়াৰ পৰম্পৰাগত খাদ্য চিৰা-দৈ, তিল-পিঠা আৰু লাড়ু আদি লৈ আহে। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ সাধাৰণ স্কুলৰ ইউনিফৰ্মৰ সলনি ৰঙীন অসমীয়া পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰে। কিতাপৰ বোজাৰে পৰিপূৰ্ণ স্কুলবেগৰ ঠাইত সেইদিনা তেঁওলোকৰ পিঠিত পৰম্পৰাগত ঢোল, পেপা আৰু জাপি দেখা যায়। 
 
দিনজোৰা ৰঙালী বিহু উৎসৱত বিহু নৃত্য প্ৰতিযোগিতা, পৰম্পৰাগত অসমীয়া সামগ্ৰীৰ প্ৰদৰ্শনী, গাঁৱৰ নিভাঁজ পৰিৱেশৰ প্ৰদৰ্শনী, বিহুৰ সময়ৰ প্ৰাকৃতিক দৃশ্য, জনগোষ্ঠীয় খাদ্যৰ লগতে হস্ততাঁতৰ কাপোৰ, ঘৰতে বনোৱা সুস্বাদু খাদ্য, হস্তশিল্প ইত্যাদি প্ৰদৰ্শন কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ মাজত ৰঁচী টনা, ক'লহ ভগা আৰু কণী যুঁজ আদি পৰম্পৰাগত থলুৱা খেল অনুষ্ঠিত হয়। 
 
ডন বস্কো স্কুলৰ ৰঙালী বিহু প্ৰতিযোগিতাৰ বিজয়ী দলটো
 
ডন বস্কো স্কুলৰ অধ্যক্ষ আৰু ৰেক্টৰ ফাদাৰ চেবাষ্টিয়ান মেথিউৱে কয়, "এনে উৎসৱ অনুষ্ঠিত কৰাৰ এটা মৌলিক উদ্দেশ্য হৈছে গাওঁ আৰু চহৰৰ মাজৰ বিভাজন দূৰ কৰা। সাধাৰণতে অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ গ্ৰাম্য যুৱক-যুৱতী তথা ছাত্ৰ-ছাত্ৰীৰ মাজতহে বিহু জনপ্ৰিয় বুলি ধাৰণা কৰা হয়। কিন্তু, আমাৰ বিদ্যালয়ৰ ৰঙালী বিহু উৎসৱে এই গ্ৰাম্য-নগৰীয়া বিভাজন দূৰ কৰিবলৈ চেষ্টা কৰিছে। ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়া বুলিয়েই আপুনি নিজৰ শিপা আৰু পৰম্পৰাক পাহৰি যোৱাটো নুবুজায়।" 
 
ফাদাৰ চেবাষ্টিয়ানে কয় যে তেওঁৰ বিদ্যালয়ত বিভিন্ন ধৰ্ম, জাতি, সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰী আছে আৰু সকলোৱে একেলগে ৰঙালী বিহু উদযাপন কৰাটোৱে বৈচিত্ৰ্যতাৰ মাজত ভাৰতৰ ঐক্যৰ অনন্য সংস্কৃতিক উজ্জ্বল কৰি তুলিছে। 
 
বিদ্যালয়খনৰ ১৭সংখ্যক ৰঙালী বিহু উদযাপন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট শিক্ষাবিদ দয়ানন্দ পাঠকে কয় যে কেথলিক ইংৰাজী মাধ্যমৰ এখন বিদ্যালয়ত বিহু উদযাপন দেখি তেওঁৰ এক অনন্য অনুভৱ হৈছে। আন বিদ্যালয়সমূহেও ডন বস্কো স্কুলৰ দৰে ৰঙালী বিহু উদযাপন কৰিব লাগে বুলি তেওঁ মত প্ৰকাশ কৰে।
 
মৌ কুঁৱৰী অনুষ্ঠানৰ বিচাৰকসকল
 
আনহাতে, ডনবস্কো স্কুলৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী মালবিকা ৰায়মেধি দাসে কয় যে প্ৰতিবছৰে বিদ্যালয়খনৰ সমূহ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে অতি উত্‍কণ্ঠাৰে ৰঙালী বিহু উত্‍সৱলৈ বাট চাই থাকে। তেওঁ কয় যে যোৱা ১৭টা বছৰে বিদ্যালয় প্ৰাংগনত মৌ কুঁৱৰী, বিহু কুঁৱৰী, কবিতা আবৃত্তি, থলুৱা বাদ্য বাদন, বিহু দলীয় নৃত্যৰ প্ৰতিযোগিতাৰ লগতে কণী যুঁজ, টেকেলি ভঙা, আদি বিভিন্ন পাৰম্পৰিক খেল ধেমালিৰ আয়োজন কৰি অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু  অতি উলহ-মালহেৰে পালন কৰি অহা হৈছে। 
 
বসন্ত ঋতুৰ আগমনৰ লগে লগে প্ৰকৃতিৰ ন ন ৰূপৰ লগত সংগতি ৰাখি বিহুৰ বেশভূষা, বিপুল খাদ্য সম্ভাৰ, পৰম্পৰা, অসমীয়া অলংকাৰ আদিৰে একোখনকৈ আটকধুনীয়া প্ৰদৰ্শনী সাজি তুলিবলৈ ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট পৰিশ্ৰম আৰু অনুশীলন কৰে।সকলোৱে মিলি একেলগে পাৰম্পৰিক আৰু ভিন্ন ভিন্ন জন-জাতীয় সাজসজ্জা পিন্ধি টিফিন খোৱাটোও এই উৎসৱৰ এক উল্লেখনীয় দিশ।অধ্যক্ষ ফাডাৰ সেবাস্তিয়ান মেথিউ মহোদয়ৰ নিৰ্দেশনাত অসমৰ জাতীয় উত্‍সৱ বিহু উত্‍সৱটো পালন কৰোতে যাতে কোনো ক্ৰুটি নহয়,তাৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীসকলেযথেষ্ট মনোনিৱেশ কৰে।
 
ই অতি গৌৰবৰ কথা যে এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় ডন বস্কোই ৰঙালী বিহু এনেদৰে জাক জমকতাৰে পালন কৰি অহাটো আদৰণীয় আৰু অনুকৰণীয়। ভৱিষ্যতেও আমি এইদৰে বিহু ব্যাপক ৰূপত পালন কৰি যাম বুলি আশাবাদী। উল্লেখ্য যে, মালবিকা ৰায়মেধি দাস স্কুলখনত ৰঙালী বিহু উদযাপনৰ ক্ষেত্ৰত অতি আৰম্ভণিৰে পৰা ওতঃপ্ৰোতভাৱে জড়িত।
 
যোৱা ৩০ এপ্ৰিলত অনুষ্ঠিত ডন বস্কো স্কুলৰ ১৭সংখ্যক ৰঙালী বিহু অনুষ্ঠানটো অধ্যক্ষ ফাদাৰ চেবাষ্টিয়ান মেথিউৰ নিৰ্দেশনাত শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহযোগত ছাত্ৰ-ছাত্ৰীৰ সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হয়। উৎসৱত বিহু পতাকা উত্তোলন কৰে মুখ্য অতিথি বিশিষ্ট শিক্ষাবিদ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দয়ানন্দ পাঠকে। 
 
ৰঙালী বিহু অনুষ্ঠানত ফাদাৰ চেবাষ্টিয়ান মেথিউ আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল 
 
কণ কণ বস্কনিয়ানৰ কণ্ঠেৰে গোৱা শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে গীতে আকাশ বতাহ গুঞ্জৰিত কৰি তোলে। প্ৰাথমিক শাখাৰ বিদ্যাৰ্থীসকলে পৰিৱেশন কৰা কবি অম্বিকাগিৰি ৰায় চৌধুৰীৰ কবিতা জাগ ডেকা তেজ জাগৰ আবৃত্তি অতি উচ্চ মানৰ হৈছে বুলি দয়ানন্দ পাঠকে  উল্লেখ কৰে।
 
বিশিষ্ট অতিথি ৰূপে আসন গ্ৰহণ কৰে লেখক, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ প্ৰাক্তন অধ্যক্ষ ধীৰেন্দ্ৰ চন্দ্ৰ শৰ্মাই। বিহু সামগ্ৰীৰ আটক ধুনীয়া প্ৰদৰ্শনীবোৰ প্ৰদৰ্শন কৰি অতিথিদ্বয়ে এনে আয়োজনে দেশৰ কৃষ্টি-সভ্যতা আৰু পৰম্পৰা ৰক্ষা কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ মাজত জাতিৰ প্ৰতি আকৰ্ষণ আৰু জাগৰণৰ সৃষ্টি কৰে বুলিও কয়। উদ্বোধনী অনুষ্ঠানৰ শেষত ছাত্ৰী সকলৰ অতি সুন্দৰ বিহু নৃত্য প্ৰদৰ্শনৰ লগতে স্কুলৰ অসমীয়া এন্থেম পৰিবেশন কৰা হয়।
 
প্ৰাথমিক শাখাত কে.জি শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ মৌ কুঁৱৰী আৰু ঢুলীয়া প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। উচ্চ প্ৰাথমিক শাখাত কবিতা আবৃত্তি,বিহু কুঁৱৰী, থলুৱা বাদ্য বাদন আৰু পাৰম্পৰিক খেল ধেমালিৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। উচ্চ আৰু উচ্চতৰ মাধ্যমিক শাখাৰ বিদ্যাৰ্থীৰ মাজত কণী যুঁজ, তেকেলী ভঙা আদি খেলৰ লগতে চাৰিটা হাউচৰ মাজত দলীয় বিহু নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।