আৱাজ দ্য ভইচ অসম ব্যুৰ'
"এজন জোৱানে কেতিয়াও অৱসৰ গ্ৰহণ নকৰে"- এই কথাষাৰ সত্য প্ৰমাণিত কৰিছে ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুঁজৰ প্ৰাক্তন সেনা কেপ্তেইন অমৰ জীত কুমাৰে।
তেওঁ অপাৰেচন সেন্দুৰৰ সময়ত পুনৰ কৰ্তব্যত যোগদান কৰাৰ অদম্য সাহস দেখুৱায়। মোহালিৰ প্ৰাক্তন সেনা বিষয়াগৰাকীৰ এই সাহসক ভাৰতীয় সেনাই ভূয়সী প্ৰশংসা কৰিছে। সেনা মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদীলৈ পত্ৰ লিখি পুনৰ দেশ সেৱাৰ বাবে আগ্ৰহী বুলি কোৱা দেশৰ সাহসী জোৱানসকলৰ ভিতৰত আছিল ৭৫ বছৰীয়া অমৰ জীত কুমাৰ।
তেওঁলোকৰ অটল সমৰ্পণক 'নিজতকৈ দেশ ডাঙৰ' মনোভাৱৰ প্ৰতিমূৰ্তি বুলি অভিহিত কৰি ভাৰতীয় সেনাই বুধবাৰে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এটা চুটি ভিডিঅ’ প্ৰকাশ কৰে, য’ত কেপ্তেইন কুমাৰৰ চিঠিখনৰো কথাও উল্লেখ কৰা হৈছে।
প্ৰতিনিধিত্বমূলক ছবি
‘মই নভা আকল ইনফেণ্ট্ৰিৰ অংশ আছিলোঁ, যিয়ে বাংলাদেশ মুক্তি যুদ্ধৰ সময়ত পাকিস্তান সেনাৰ বিৰুদ্ধে যুঁজ দিয়া গেৰিলা প্ৰতিৰোধ আন্দোলন মুক্তি বাহিনীক প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মই গৰিবপুৰৰ যুদ্ধত অংশ লৈছিলো, শত্ৰুৰ বিৰুদ্ধে যুদ্ধ কৰিছিলো আৰু ১৯৭১ চনৰ ২১ নৱেম্বৰত আমি জয়ী হৈছিলো।’-১৯৭০ চনৰ মাৰ্চ মাহত সেনাবাহিনীত নিযুক্তি পোৱা কেপ্তেইন কুমাৰে কয়।
সেনাধ্যক্ষলৈ প্ৰেৰণ কৰা চিঠিখনত তেওঁ লিখিছিল যে “তেওঁ শাৰীৰিকভাৱে সুস্থ হৈ আছে আৰু যুদ্ধ ক্ষেত্ৰত সৈন্যক সংগ দিবলৈ মানসিকভাৱে সাজু হৈ আছে। আজিৰ যুদ্ধক্ষেত্ৰতো প্ৰবীণ সৈনিকসকলৰ দক্ষতা আৰু অভিজ্ঞতা অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে।"
'মই সৰু ভূমিকা এটাও গ্ৰহণ কৰিবলৈ ইচ্ছুক আছিলো, সেইটোও কোনো ধৰণৰ পাৰিশ্ৰমিক বা ক্ষতিপূৰণ অবিহণে। মই তাৎক্ষণিকভাৱে কৰ্তব্যত যোগ দিবলৈও সাজু আছিলো। এইদৰে আগুৱাই অহা প্ৰাক্তন সৈনিক মই অকলে নহয়, আমি কেইবাজনো প্ৰাক্তন সৈনিক ভৱিষ্যতৰ যিকোনো যুঁজৰ বাবে সাজু হৈ আছো।’-প্ৰবীণ সৈনিকগৰাকীয়ে কয়।
প্ৰতিনিধিত্বমূলক ছবি
অপাৰেচন সেন্দুৰ সন্দৰ্ভত কেপ্তেইন কুমাৰে কয় যে ভাৰতৰ সামৰিক পদক্ষেপ উপযুক্ত আৰু নিখুঁত আছিল। ‘এয়া যুদ্ধৰ কাৰ্য্য নাছিল, বৰঞ্চ সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰা কাৰ্যহে আছিল। কিন্তু ইয়াক এক নিৰ্দিষ্ট গোটৰ সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মে বৃদ্ধি কৰিছিল। এই সময়ত ভুৱা বাতৰি প্ৰচাৰৰ পৰা সকলো বিৰত থকা উচিত।’-তেওঁ লগতে কয়।
অৱসৰৰ পিছৰ দিনবোৰৰ কথা মনত পেলাই কেপ্তেইন কুমাৰে ঢাকালৈ নিমন্ত্ৰণ পোৱা সময়ৰ কথা উল্লেখ কৰে। ‘তেতিয়াৰ বাংলাদেশ চৰকাৰে ২০২৩ চনৰ ১৬ ডিচেম্বৰত আমাক নিজৰ দেশলৈ নিমন্ত্ৰণ জনাইছিল। সেয়া সঁচাকৈয়ে খুব ধুনীয়া আপ্যায়ন আছিল। মোৰ মনত আছে যে বিমান বন্দৰত আমাক কোনেও তালাচী চলোৱা নাছিল। নিৰাপত্তা বাহিনীয়ে আমাক কৈছিল যে আমি তেওঁলোকৰ জীৱন ৰক্ষা কৰিছিলো।’-তেওঁ কয়।
পঞ্জাবৰ বাথিণ্ডাত জন্মগ্ৰহণ কৰা কেপ্তেইন কুমাৰ বৰ্তমান পৰিয়ালৰ সৈতে মোহালিত থাকে। তেওঁৰ কন্যা এগৰাকী আয়ুৰ্বেদিক চিকিৎসক।
(দেশৰ সাহসী জোৱান ৭৫ বছৰীয়া অমৰ জীত কুমাৰে অপাৰেচন সেন্দুৰৰ সময়ত পুনৰ কৰ্তব্যত যোগদান কৰাৰ অদম্য সাহস দেখুৱায়। আজি সশস্ত্ৰ বাহিনী দিৱসত তেওঁৰ সন্দৰ্ভত লিখা এই প্ৰতিবেদনটি প্ৰকাশ কৰা হ'ল)