স্বপ্না দাস
বসুন্ধৰা আই। হিন্দু শাস্ত্ৰত পৃথিৱীক মাতৃজ্ঞান কৰা হয়। মানৱ জাতিৰ লগতে পশু-পক্ষী, তৰু-তৃণকে ধৰি সমস্ত জীৱকুলৰ মাতৃ 'বসুমতী' আই। এই প্ৰত্যয়ৰ উপৰি আমি অন্তঃকৰণে বিশ্বাস কৰোঁ যে নাৰী সৃষ্টিৰ মূল। এগৰাকী নাৰী ৰাজস্বলা বা ঋতুমতী হোৱাৰ পিছতহে গৰ্ভত সৃষ্টিৰ বীজ ধাৰণৰ বাবে যে সক্ষম হয়, এই কথা আমাৰ সকলোৰে জ্ঞাত। উৰ্বৰতা বা সৃষ্টিশীলতাৰ ক্ষেত্ৰত নাৰী আৰু বসুন্ধৰাক সমাৰ্থক হিচাপেও গণ্য কৰি অহা হৈছে।
একেদৰে প্ৰতিবছৰে বর্ষা ঋতুত---আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ তিনি পাদ শেষ হ’লে চতুৰ্থ পাদৰ পৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত আই বসুমতী ঋতুমতী হয় বুলি কৰা বিশ্বাস প্ৰেক্ষাপটত কিছু ধৰ্মীয় আচাৰ প্ৰচলিত। সেই আচাৰেই অম্বুবাচী। ঠাইভেদে অম্বুবাচীক আমতি, সাথ লগা আদি বুলিও জনা যায়। এই আচাৰ আহাৰ মাহৰ সপ্তম দিনৰ পৰা আৰম্ভ হৈ দশম দিনা শুদ্ধি হয়।
বসুমতী ঋতুমতী হোৱা বুলি বিশ্বাস প্ৰচলিত সময়খিনিক অম্বুবাচীৰ প্ৰবৃত্তি আৰু শুদ্ধি হোৱা সময়খিনিক নিবৃত্তি বুলি কোৱা হয়। অম্বুবাচীক ধৰিত্ৰীৰ উৰ্বৰা কাল বুলিও কোৱা হয়। এই সময়ছোৱাতে বৰ্ষাসিক্ত ধৰা ফচল উৎপাদনৰ উপযোগী হৈ পৰে। প্ৰাচীন কালৰে পৰা প্ৰচলিত নিয়ম অনুসৰি ঋতুকালীন সময়ছোৱাত নাৰীক অসুচী বুলি মানি অহা হৈছে আৰু এনে সময়ছোৱাত নাৰীসকলক আছুতীয়াকৈ ৰাখি দৈনিক কাম-কাজৰ পৰা তথা যিকোনো মাংগলিক কাৰ্যৰ পৰাও আঁতৰাই ৰখা হয়।
অম্বুবাচীৰ সময়ত মা কামাখ্যাৰ চৰণত হাজাৰ হাজাৰ ভক্ত
সেইদৰে বসুমতী ঋতুমতী হোৱা কালছোৱাত পৃথিৱী অসুচী হয় বুলি জনবিশ্বাস প্ৰচলিত। সেইবাবে অম্বুবাচীৰ কেইদিন হাল বোৱা, কোৰ মৰা আদি কাৰ্যৰ পৰা বিৰত থকাৰ উপৰি অম্বুবাচীৰ প্ৰবৃত্তিৰ পৰা নিবৃত্তিপৰ্যন্ত কোনোধৰণৰ শুভ কাজ হেনো নকৰে। আনকি এই চাৰিদিন সাধু-সন্যাসী, ব্ৰহ্মচাৰী, যোগী পুৰুষ, বিধৱা মহিলাই অসুচী পৃথিৱীৰ বুকুত অগ্নি সংযোগ কৰাৰ পৰাও আঁতৰি থাকে বাবে যিকোনো সিদ্ধ আহাৰৰ পৰিৱৰ্তে কেৱল ফলাহাৰ গ্ৰহণ কৰি থাকে বুলি জনা যায়।
ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত অম্বুবাচী পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে পালন কৰা হৈ আহিছে। অসমতো ঐতিহাসিক কামাখ্যা মন্দিৰৰ উপৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ একাধিক মন্দিৰ, দেৱালয় আদিত অম্বুবাচী পালন কৰা হয়। অম্বুবাচীত কামাখ্যা মন্দিৰত এক অতুল্য উছৱমুখৰ পৰিৱেশ সৃষ্টি হয়--- যি মাথোন অসমতেই নহয়, ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বহুলভাৱে চৰ্চিত উৎসৱ বুলিব পাৰি।
আমাৰ অসমৰ বাদেও দেশজুৰি কামাখ্যাৰ অম্বুবাচীৰ আছে সুকীয়া পৰিচিতি। আনহাতে, এইখিনিতে ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত পালিত অম্বুবাচীৰ কথাও উল্লেখ কৰিব পাৰি। কিয়নো নলবাৰী জিলাৰ পশ্চিম অঞ্চলৰ বেলশৰস্থিত অন্যতম প্ৰাচীন শৈৱ-শক্তিপীঠ বিল্বেশ্বৰ দেৱালয়তো অম্বুবাচী পালনৰ পৰম্পৰা প্ৰচলিত। বিল্বেশ্বৰ দেৱালয়ত যথেষ্ট সুকীয়া আৰু ব্যতিক্ৰম পৰম্পৰাৰে অম্বুবাচী পালন কৰা হৈ আহিছে।
কামাখ্যা মন্দিৰত প্ৰণাম জনাবলৈ নীলাচল পাহাৰত ভক্তৰ সমাগম
নলবাৰী চহৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ পশ্চিমৰ বেলশৰত অৱস্থিত শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয় প্ৰতিষ্ঠাৰ আঁৰত কিছু জনশ্ৰুতি সম্পৃক্ত হৈ আছে । প্ৰচলিত জনশ্ৰুতি অনুসৰি প্ৰাচীন কালত কপিলী নামেৰে এজনী গাইৰ গৰাকী আছিল ৰূপ নাৰায়ণ নামৰ এগৰাকী ব্ৰাহ্মণ। কিন্তু আচৰিত কথা--- গাইজনী খিৰতী হোৱাৰ পিছতো ব্ৰহ্মণে গাইজনী খিৰাবলৈ গ'লে অকণো গাখীৰ নাপায়।
ব্ৰাহ্মণে ইয়াৰ আঁৰৰ ৰহস্য ভেদ কৰিবলৈ গাইজনীৰ গতি-বিধি অনুসৰণ কৰি দেখে যে ওচৰৰে টিলাসদৃশ ওখ ঠাই এটুকুৰাত থকা বিৰিণা এজোপাৰ ওচৰত কপিলী নামৰ খিৰতী গাইটোৰ ওহাৰৰ পৰা আপোনা-আপুনি গাখীৰ পৰি থাকে । স্বচক্ষে প্ৰত্যক্ষ কৰাৰ পিছতো নিজৰ চকুকে বিশ্বাস কৰিব নোৱৰা এই সম্পূৰ্ণ ঘটনাটো ব্ৰাহ্মণে ওচৰ-চুবুৰীয়াক অৱগত কৰে। অনেক আলচ আৰু গুণা-গঁথাৰ অন্তত চুবুৰীয়াৰ সৈতে সেইখিনি মাটি খান্দি মাটিৰ তলত এটা প্ৰাচীন শিৱলিংগ উদ্ধাৰ কৰে।
খনন কাৰ্যত কোৰ লাগি হেনো লিংগটোৰ এটা অংশ খহিও গৈছিল, যিটো আজিও ক্ষত অৱস্থাতে ঐতিহাসিক শৈৱ-শক্তিপীঠখনত দেখা যায়। কথাটো সেই সময়ৰ ৰজা নাগাক্ষৰ কাণত পৰাত তেওঁ ততাতৈয়াকৈ হাতী লগাই শিৱলিংগটো উলিয়াব খুজিছিল যদিও ব্যৰ্থ হোৱাত তেওঁ তাতে দেৱালয় নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। শিৱলিংগটো বিৰিণাবনৰ তলত উদ্ধাৰ হোৱা বাবে বিৰিণাৰ ঈশ্বৰ-- চুটিকৈ বিন্নেশ্বৰ নামেৰে জনাজাত হয় যদিও ক্ৰমে শব্দৰ অপভ্ৰংশ হৈ দেৱালয়খনৰ নাম পৰৱৰ্তী সময়ত বিল্বেশ্বৰ হয়।
বিল্বেশ্বৰ মন্দিৰৰ প্ৰৱেশ পথ
আনহাতে, দ্বিতীয় শতিকাৰ নাগাংক ৰজাইহে বিল্বেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল বুলি অনেকে মত প্ৰকাশ কৰিব বিচাৰে। অৱশ্যে এই সম্পৰ্কত বিস্তৃত তথ্য আমাৰ জ্ঞাত নহয়। যি কি নহওঁক, পৰৱৰ্তী সময়ত পালবংশীয় ৰজা ধৰ্মপালে (১০০০-১০১৫) এই দেৱালয়ৰ যথেষ্ট উন্নতি সাধন কৰিছিল বুলি জনা যায়। আনহাতে, বেলশৰস্থিত ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ৰ চৌহদৰ ভিতৰত থকা প্ৰাচীন দেৱান পুখুৰীটো হেনো কোঁচ ৰজা নৰনাৰায়ণৰ ভাতৃ চিলাৰায় দেৱানে খন্দোৱা । আহোম ৰজাসকলৰ দেৱালয়খনক সমৃদ্ধিশালী হিচাপে গঢ়ি তোলাত যথেষ্ট অৱদান আছে।
ইতিহাসপ্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত সুকীয়া ৰীতি-নীতিৰে পালন কৰা হয় অম্বুবাচী। এইখিনিতে প্ৰসংগক্ৰমে উল্লেখৰ প্ৰয়োজন যে নামনি অসমৰ বিভিন্ন ঠাইৰ উপৰি নলবাৰী জিলাকে ধৰি বেলশৰ অঞ্চলত অম্বুবাচীক 'আমতি' হিচাপে জনা যায়। আন মন্দিৰৰ বিপৰীতে ইতিহাসপ্ৰসিদ্ধ শৈৱ-শক্তিপীঠখনৰ দুৱাৰ 'আমতি'ৰ সময়তো ধৰ্মপ্ৰাণ ৰাইজৰ বাবে খোলা থাকে।
এই শৈৱ-শক্তিপীঠখনত যিহেতু শিৱ-শক্তিৰ পূজা অব্যাহত থাকে, সেয়েহে অম্বুবাচীৰ কেইদিনো ভক্তৰ বাবে দেৱালয়ৰ দুৱাৰ মুকলি থকাৰ বিপৰীতে অৱশ্যে দেৱী আৰাধনৰ দুৱাৰ বন্ধ থাকে 'আমতি'ৰ নিবৃত্তি নোহোৱাপৰ্যন্ত। আনহাতে, বিল্বেশ্বৰ দেৱালয়ৰ সৈতে বিশেষভাৱে সম্পৃক্ত কলগছৰ বিভিন্ন অংশৰ সম্পৰ্ক ঐতিহাসিক দেৱালয়খনত পালন হৈ অহা 'আমতি'ৰ ব্যতিক্ৰম পৰম্পৰাৰৰ সৈতেও পৰিলক্ষিত হয়।
'আমতি'ৰ সময়ছোৱাত কলপাত পাৰি তাৰ ওপৰত বিগ্ৰহ স্থাপন কৰা হয়। আনকি এইকেইটা দিনত আৰাধনাথলীৰ মজিয়া কলপাতেৰে ঢাকি ৰখা হয়। বিগ্ৰহৰ স্নানৰ সময়তো কলপাত পাৰি স্নান কৰোৱা হয় । স্বাভাৱিকতে এই নিয়মে ইতিহাসপ্ৰসিদ্ধ দেৱালখনৰ স্বকীয়তা বহন কৰি আহিছে অতীজৰে পৰা। শৈৱ-শক্তিপীঠ হিচাপে খ্যাত দেৱালয়খনত আছে হিন্দুধৰ্মীয় বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি, যাৰ পূজা-অৰ্চনা প্ৰতিদিনে কৰা হয়।
বিল্বেশ্বৰ দেৱালয়ৰ ভিতৰৰ এক দৃশ্য
সেইবাবেই অম্বুবাচীৰ সময়তো এই দেৱালয়ৰ দ্বাৰ ভক্তৰ বাবে মুকলি হৈ থাকে আৰু দেৱী আৰাধনাস্থলীৰ বাদে আন স্থলীসমূহ পূজাৰ বাবেও হেনো মুকলি হৈ থাকে। অম্বুবাচীৰ সময়ছোৱাত বিল্বেশ্বৰ দেৱালয়ত আৰাধ্য দেৱতাক কেৱল 'কেঁচা ভোগ'হে আগবঢ়োৱা হয়। এই সময়ত 'সিদ্ধ ভোগ' নিষিদ্ধ। এনেদৰে বিল্বেশ্বৰ দেৱালয়ত তাহানিৰে পৰা 'আমতি' স্বকীয় বৈশিষ্ট্যৰে পালন কৰি অহা হৈছে পৰম্পৰাগতভাৱে।
উল্লেখ্য যে পশ্চিম নলবাৰীৰ বেলশৰস্থিত বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজাও অনুষ্ঠিত হয়। বিল্বেশ্বৰ দেৱালয়ৰ বলি-বিধানৰ ৰাজ্যজুৰি সুকীয়া পৰিচিতি আছে। কিন্তু উল্লেখনীয় কথাটো এয়ে যে নলবাৰী জিলাৰ বেলশৰস্থিত ইতিহাসপ্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজাত দেৱীৰ মৃণ্ময় মূৰ্তিক পূজা আগবঢ়োৱাৰ বিপৰীতে কলগছৰ কাণ্ড অংশক সুশোভিত বস্ত্ৰ, আ-অলংকাৰেৰে সজাই দেৱী মূৰ্তিৰূপে পূজা-অৰ্চনা কৰা হৈ আহিছে--ঠিক সুকীয়া পৰম্পৰাৰে প্ৰাচীন শৈৱ-শক্তিপীঠখনত 'আমতি' পালনৰ নিচিনাকৈয়ে ।
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক)