এই নিয়ম অনুসৰি কোৰবানিৰ আগতে অনুমোদিত স্থানীয় কৰ্তৃপক্ষ আৰু চৰকাৰী পশু চিকিৎসকৰ পৰা পশুৰ “ফিট চাৰ্টিফিকেট” লোৱা বাধ্যতামূলক কৰা হয়। ৰাজহুৱা স্থানত কোৰবানি কৰাটো নিষিদ্ধ কৰা হৈছে আৰু পশুৰ বয়স আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো কঠোৰ নিয়ম আৰোপ কৰা হৈছে। এই নিয়ম ভংগ কৰিলে অপৰাধীক ছয় মাহলৈ কাৰাবাস বা এক হাজাৰ টকাৰ জৰিমনা, অথবা দুয়োটাই হ’ব পাৰে।
জনমত আৰু সম্ভাৱ্য সমস্যাৰ আশংকাত বহু মুছলমান লোকে গৰু বিক্ৰী-বাণিজ্যৰ পৰা আঁতৰি আছে। আশ্চৰ্যজনকভাৱে, এইবাৰ বহু মুছলমান যুৱকে নিজেই “গৰু সুৰক্ষা”ৰ বাৰ্তা দিবলৈ আৰম্ভ কৰিছে। ঈদ-উল-আজহাৰ পূৰ্বে তেওঁলোকে হিন্দু ব্যৱসায়ীসকলক “আপোনালোকৰ মাতৃক বিক্ৰী নকৰিব” বুলি আহ্বান জনোৱা দেখা গৈছে। খালী গৰু বজাৰসমূহে এক ব্যতিক্ৰমী পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু বহুতে এই ঘটনাক শান্তি আৰু সম্প্ৰীতিৰ এক নতুন সংকেত হিচাপে চাবলৈ আৰম্ভ কৰিছে।
কলকাতাৰ নখোদা মছজিদৰ মৌলানা শ্বফিক কাশ্মীৰ দৰে জ্যেষ্ঠ ধৰ্মীয় নেতাসকলেও সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰাখিবলৈ আৰু চৰকাৰী নিয়ম মানি চলিবলৈ মুছলমান সমাজক গৰু কোৰবানি পৰিহাৰ কৰাৰ বাবে আহ্বান জনায়। আনহাতে, এই নতুন নিয়মে বহু হিন্দু দুগ্ধ উৎপাদকক গভীৰভাৱে ঋণগ্ৰস্ত কৰি পেলাইছে। বিক্ৰী নোহোৱা গৰু আৰু খালী বজাৰৰ ফলত দক্ষিণ ২৪ পৰগণা আৰু মুৰ্শ্বিদাবাদৰ দৰে অঞ্চলত গৰুৰ মূল্য বৃদ্ধি পালেও ক্ৰেতাৰ অভাৱ দেখা গৈছে।
ইয়াৰ মাজতে বিভিন্ন স্থানত উত্তেজনা আৰু আক্ৰমণৰ ঘটনাও সংঘটিত হৈছে। দুৰ্গাপুৰত বিজেপি কৰ্মীসকলে চাৰি জন মুছলমান গৰু ব্যৱসায়ীক শাৰীৰিকভাৱে আক্ৰমণ কৰি ৰাজহুৱাভাৱে অপমান কৰাৰ অভিযোগ উত্থাপিত কৰে। ইফালে কলকাতাত আৰক্ষীয়ে এটা মুছলমান পৰিয়ালৰ পৰা গৰু জব্দ কৰে। আনকি কাঠ কঢ়িওৱা এখন ট্ৰাককো গৰু কঢ়িয়াই নিয়াৰ সন্দেহত কিছু যুৱকে আক্ৰমণ কৰাৰ ঘটনাও প্ৰকাশ পায়। য'ত কেৱল প্লাইউড কঢ়িয়াই অনা হৈছিল।
তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন ৰাজনীতিবিদ হুমায়ুন কবীৰে পশ্চিমবংগ চৰকাৰৰ গৰু হত্যাৰ নতুন নিষেধাজ্ঞাৰ তীব্ৰ বিৰোধিতা কৰিছে। তেওঁ কয়, "আমি আইনক সন্মান কৰোঁ। কিন্তু কোৰবানি হ'বই। কোৰাণত যি লিখা আছে, সেয়া হি'বই। মই শুৱেন্দু অধিকাৰীক স্পষ্টকৈ ক'ব বিচাৰো যে, তেওঁ জুইৰ সৈতে খেলা নকৰাই ভাল। মুছলমান সমাজে কোৰবানিৰ ক্ষেত্ৰত কোনো ধৰনৰ আপোচ নকৰে।"
আনহাতে বিজেপিৰ ৰাজ্যিক সভাপতি সমীক ভট্টাচাৰ্যই কয় যে, এই বিষয়টো মূলতঃ আইন প্ৰয়োগ আৰু অবৈধ কাৰ্যকলাপ ৰোধৰ সৈতে জড়িত। তেওঁ স্পষ্ট কৰে যে, বিজেপিয়ে ব্যক্তিগত খাদ্যাভ্যাসত হস্তক্ষেপ নকৰে, কিন্তু ৰাজহুৱা স্থানত গৰু কোৰবানিৰ বিৰোধিতা কৰে। তেওঁৰ মতে, "যদি কোনোবাই গৰুৰ মাংস খাব বিচাৰে, তেন্তে তেওঁ খাব পাৰে। গণতান্ত্ৰিক দেশত কাৰো খাদ্যাভ্যাস বন্ধ কৰিব নোৱাৰি।"
ইছলামিক গৱেষক আৰু 'খুছৰো ফাউণ্ডেচন'ৰ আহ্বায়ক ড০ হাফিজুৰ ৰহমানে এই বিতৰ্কৰ মাজতে তেওঁ ২০১০ চনত ডেক্কান হেৰাল্ডৰ বাবে লিখা প্ৰবন্ধত প্ৰথমবাৰৰ বাবে উত্থাপন কৰা যুক্তিসমূহ পুনৰ উল্লেখ কৰি ইছলামৰ মূল শিক্ষা শান্তিপূৰ্ণ সহাবস্থান, সহনশীলতা আৰু সামাজিক সম্প্ৰীতিৰ ওপৰত আধাৰিত বুলি উল্লেখ কৰিছে।
তেওঁ কয় যে, গৰুৰ মাংস খোৱা ইছলামত “অনুমোদিত” যদিও “বাধ্যতামূলক” নহয়। অৰ্থাৎ গৰুৰ মাংস নাখালে কোনো পাপ নহয় আৰু খালেও বিশেষ ধৰ্মীয় পুৰস্কাৰ পোৱা নাযায়। তেওঁ যুক্তি দিয়ে যে, ইছলামে আল্লাহৰ প্ৰতি ভক্তি আৰু মানৱ অধিকাৰৰ প্ৰতি সন্মানৰ ওপৰত সমান গুৰুত্ব দিয়ে, আৰু সতৰ্ক কৰি দিয়ে যে, আনৰ মৰ্যাদা আৰু অধিকাৰ উলংঘা কৰাটো নিজেই এক গুৰুতৰ নৈতিক বিফলতা।
একাদশ শতিকাৰ পণ্ডিত আল-গাজালীৰ উদ্ধৃতি দি তেওঁ উল্লেখ কৰে যে, পুৰণি ইছলামিক পণ্ডিতসকলে গৰুৰ মাংসৰ অত্যাধিক সেৱনৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে মুকলিভাৱে আলোচনা কৰিছিল আৰু গাখীৰ আৰু মাখন খোৱাৰ ঔষধি আৰু পুষ্টিকৰ মূল্যৰ বিষয়েও প্ৰশংসা কৰিছিল।
তেওঁ আৰু কয় যে, ইছলামিক শাস্ত্ৰ আৰু ইতিহাসত গৰুৱে এক সন্মানীয় স্থান দখল কৰি আহিছে। ৰহমানৰ মতে হজৰত মহম্মদে গো-মাংসক নিয়মীয়াকৈ খাদ্যৰ অংশ হিচাপে লোৱা নাছিল আৰু ইছলামত গো-মাংস খোৱা বা গৰু কোৰবানি দিয়াটো বাধ্যতামূলক বুলি দাবী কৰাৰ কোনো ভিত্তি নাই। ভাৰতীয় ইতিহাসৰ কেইবাজনো মুছলমান শাসক আৰু পণ্ডিতে সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষাৰ স্বাৰ্থত কেনেদৰে সচেতনভাৱে গৰু হত্যা কৰাক নিৰুৎসাহিত কৰিছিল, সেই কথা তেওঁ আলোকপাত কৰিছে।
ৰহমানে বাবৰৰ কথা উল্লেখ কৰি কয় যে, তেওঁ তেওঁৰ পুত্ৰ হুমায়ুনক গৰু হত্যা কৰাৰ পৰা আঁতৰি ভাৰতৰ সংখ্যাগৰিষ্ঠ জনসাধাৰণৰ ধৰ্মীয় আৱেগক সন্মান কৰিবলৈ পৰামৰ্শ দিছিল। তেওঁ আকবৰৰ কথাও উল্লেখ কৰিছে, যিয়ে সম্প্ৰদায়সমূহৰ মাজত সামাজিক শান্তি বজাই ৰাখিবলৈ সমগ্ৰ নিজৰ সাম্ৰাজ্যত গৰু হত্যাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।
প্ৰতিনিধিত্বমূলক ছবি
ভাৰতৰ চুফী পৰম্পৰাৰ আঁত ধৰি ৰহমানে লক্ষ্য কৰিছে যে, খোৱাজা মইনুদ্দিন চিষ্টি, নিজামুদ্দিন আউলিয়া, আৰু অন্যান্য চুফী সন্তসকলৰ দৰে শ্ৰদ্ধাৰ ব্যক্তিসকলে অমুছলমান সম্প্ৰদায়ৰ প্ৰতি সন্মান জনোৱাৰ বাবে প্ৰায়ে গো-মাংস সম্পূৰ্ণৰূপে পৰিহাৰ কৰিছিল। ১৮৫৭ চনৰ সময়ছোৱাত ইছলামিক পণ্ডিত আল্লামা ফাজলে হক খাইৰাবাদীয়ে ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে হিন্দু-মুছলমানৰ ঐক্য বজাই ৰাখিবলৈ গো হত্যাৰ ওপৰত বাধা আৰোপ কৰাক সমৰ্থন কৰা বুলিও তেওঁ ঐতিহাসিক উদাহৰণৰ কথা আঙুলিয়াই দিয়ে।
ৰহমানে শেষত যুক্তি আগবঢ়ায় যে, প্ৰৰোচনাতকৈ সাম্প্ৰদায়িক শান্তিক অগ্ৰাধিকাৰ দিয়া উচিত। তেওঁ ধৰ্মীয় পণ্ডিত আৰু সম্প্ৰদায়ৰ নেতাসকলক সংযম, আলোচনা আৰু সহাৱস্থানক প্ৰসাৰিত কৰিবলৈ আহ্বান জনাই সকীয়াই দিয়ে যে, সামাজিক সম্প্ৰীতি তেতিয়াহে জীয়াই থাকিব পাৰে, যেতিয়া সম্প্ৰদায়সমূহে সচেতনভাৱে বিভাজন আৰু হিংসাক নাকচ কৰে।
ইছলামৰ অন্যতম উল্লেখযোগ্য উৎসৱৰ সময়ত বহু লোকে ৰাষ্ট্ৰৰ ইচ্ছা আৰু বৃহত্তৰ সম্প্ৰদায়ৰ সংবেদনশীলতা দুয়োটাকে সন্মান কৰিবলৈ নিৰ্বাচন কৰি লোৱাটো প্ৰশংসনীয়। যি সময়ত উত্তেজনা সহজেই বৃদ্ধি পাব পাৰিলেহেঁতেন, সেই সময়ত বহুতে প্ৰৰোচনাৰ সলনি সংযম আৰু সংঘাতৰ সলনি শান্তি বাছি লৈছিল।
সেই সিদ্ধান্তই দুৰ্বলতা নহয়, পৰিপক্কতাক প্ৰতিফলিত কৰে – বিভাজিত সমাজ এখনত সম্প্ৰীতি ৰক্ষা কৰাটো কেতিয়াবা বিশ্বাস আৰু দায়িত্ববোধৰ বৃহত্তৰ কাৰ্য্য বুলি স্বীকৃতি দিয়া হৈছে। কেৱল শ্লোগানত শান্তি জীয়াই নাথাকে – মানুহে যেতিয়া ক্ষোভৰ সলনি বুজাবুজি বাছি লয়, তেতিয়াহে ই জীয়াই থাকিব।