ভাৰতত পাৰ্চী সম্প্ৰদায়ে শতাব্দীৰ পৰা শতাব্দী ধৰি উদ্যোগ, শিক্ষা, বিজ্ঞান, সমাজসেৱা আৰু ৰাষ্ট্ৰ নিৰ্মানৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে। কিন্তু এই সমৃদ্ধ ঐতিহ্যৰ বাহক সম্প্ৰদায়টো আজি এক গভীৰ জনসংখ্যাগত সংকটৰ সন্মুখীন হৈছে। বিগত কেইটামান দশকত পাৰ্চী সমাজৰ জনসংখ্যা দ্ৰুতগতিত হ্ৰাস পোৱাৰ ফলত তেওঁলোকৰ অস্তিত্বক লৈও উদ্বেগ বৃদ্ধি পাইছে।
এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে ২০১৩-১৪ চনত 'জিঅ' পাৰ্চী' আঁচনি আৰম্ভ কৰিছিল। চিকিৎসা সাহায্য, আৰ্থিক অনুদান, সন্তান লালন-পালনৰ সুবিধা আৰু জনসচেতনতা বৃদ্ধিৰ জৰিয়তে পাৰ্চী দম্পতীক সন্তান জন্ম দিয়াত উৎসাহিত কৰাটোৱে হৈছে এই আঁচনিৰ মূল লক্ষ্য। জনসংখ্যা বৃদ্ধিৰ লগতে ভাৰতৰ এক অনন্য আৰু ঐতিহ্যসমৃদ্ধ সম্প্ৰদায়ৰ সাংস্কৃতিক পৰিচয় আৰু অস্তিত্ব সুৰক্ষিত কৰি ৰখাও এই আঁচনিৰ অন্যতম উদ্দেশ্য।
Through the #JiyoParsi Scheme, the Ministry of Minority Affairs continues its efforts to support the well-being and sustainability of the Parsi community through targeted interventions and assistance.
পাৰ্চী পৰিয়ালসমূহে যাতে আৰ্থিক বোজাৰ ভয় নোহোৱাকৈ অধিক সন্তান জন্ম দিব পাৰে, সেই উদ্দেশ্যে চৰকাৰে সন্তান আৰু জ্যেষ্ঠ নাগৰিকৰ যত্নৰ ব্যয় বহন কৰিছে।
যোগ্যতা: পৰিয়ালৰ বাৰ্ষিক আয় ১৫ লাখ টকা বা তাতকৈ কম হ'ব লাগিব।
সুবিধা: সন্তান জন্মৰ পৰা ১৮ বছৰ বয়সলৈকে প্ৰতিটো সন্তানৰ বাবে প্ৰতিমাহে ৮,০০০ টকা সাহায্যৰ ব্যৱস্থা কৰা হয়।
বৃদ্ধৰ বাবে: পৰিয়ালৰ ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ নিৰ্ভৰশীল বৃদ্ধ সদস্যৰ বাবে প্ৰতিমাহে ১০,০০০ টকা সাহায্যৰ ব্যৱস্থা কৰা হয়।
৩. সজাগতা আৰু পৰামৰ্শ
এই আঁচনিৰ অধীনত পাৰ্চী যুৱক-যুৱতী আৰু দম্পতীক পৰামৰ্শ প্ৰদান কৰা হয়। আলোচনা চক্ৰ, চিকিৎসা শিবিৰ, ছ’চিয়েল মিডিয়া অভিযান, চুটি ছবি আদিৰ সহায়ত এই আঁচনিৰ উপকাৰিতাৰ বিষয়ে সজাগ কৰা হয়।
আন্তৰ্জাতিক জনসংখ্যা বিজ্ঞান প্ৰতিষ্ঠানে ২০২৫ চনত এই আঁচনিখনৰ মূল্যায়ন অধ্যয়ন চলাইছিল। এই প্ৰতিবেদন অনুসৰি আঁচনিখনে নিজৰ লক্ষ্যত উপনীত হোৱাত বহুলাংশে সফল হৈছে। পাৰ্চী সম্প্ৰদায়ৰ সদস্যসকলে স্বীকাৰ কৰিছে যে, এই আঁচনিখনে সম্প্ৰদায়টোৰ জনসংখ্যা বৃদ্ধি কৰাত সহায় কৰিছে।
যোৱা পাঁচ বছৰত (২০২০-২১ৰ পৰা ২০২৪-২৫ চনলৈ) এই আঁচনিৰ অধীনত ১৭.৬৪ কোটি টকা ব্যয় কৰা হৈছিল। এই সময়ছোৱাত আঁচনিৰ সহায়ত ২৩২ টা শিশুৰ জন্ম হয়। আঁচনিখনৰ আৰম্ভণিৰ পৰা (২০১৩-১৪) এই পদক্ষেপৰ জৰিয়তে ৪০০ৰো অধিক পাৰ্চী শিশুৰ জন্ম হৈছে। পাৰ্চী জনসংখ্যা বেছি থকা মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ দৰে ৰাজ্যই এই আঁচনিৰ সৰ্বাধিক লাভৱান হৈছে।
স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগিতা: এই চৰকাৰী পদক্ষেপত স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠান আৰু পঞ্চায়ত, যেনে বম্বে পাৰ্চী পঞ্চায়ত, অধিক শক্তিশালীভাৱে জড়িত হ’ব লাগে।