আৰিফুল ইছলাম/গুৱাহাটী
প্ৰলয়ংকাৰী বানৰ কোবাল সোঁতে শিৱসাগৰ জিলাৰ আমগুৰি নগৰৰ ২নং ৱাৰ্ডৰ শান্তিপূৰ্ণ পৰিৱেশক নিমিষতে গ্ৰাস কৰিছিল। বিধ্বংসী বানে ঘৰ-বাৰী উটুৱাই লৈ যোৱাৰ পিছত মূৰ গুঁজিবলৈ ঠাই নোহোৱা হৈ পৰা গৃহহাৰা পৰিয়ালৰ কাষত থিয় দিছে ইনফ্লুৱেঞ্চাৰ মিষ্টাৰ বিতু। বানত সৰ্বস্ব হেৰুৱাই নিৰুপায় আৰু অসহায় হৈ পৰা বানাক্ৰান্তসকলৰ কাৰণে সংগ্ৰাম কৰাৰ সংকল্পৰে মিষ্টাৰ বিতুৱে নিজাববীয়াকৈ ব্যতিক্ৰমী আৰু মহৎ মানৱীয় আঁচনি হাতত লৈছিল।
‘শান্তিবন’ শ্মশানভূমিৰ নামেৰে স্থানীয়ভাৱে পৰিচিত সেই বিশেষ অঞ্চলটোত ১৮টা পৰিয়ালে অতি সুখ-শান্তিৰে বসবাস কৰিছিল। কিন্তু প্ৰকৃতিৰ ক্ৰোধত নিমিষতে উটি গৈছিল তেওঁলোকৰ সপোনৰ আশ্ৰয়স্থল, সৰ্বস্বান্ত হৈছিল ১৮ঘৰ মানুহ। অন্ন, বস্ত্ৰ আৰু বাসগৃহ হেৰুৱাই নিথৰুৱা হৈ পৰা এইসকল লোকৰ বাবে জীৱনটো হৈ পৰিছিল অন্তহীন সংগ্ৰাম, যাতনাৰ জীয়া জুই। বানপানীৰ ফলত গৃহহাৰা হৈ পৰা অতি দুখীয়া তথা অসহায় পৰিয়ালক পুনৰ থিয় কৰোৱা লক্ষ্য আছিল জনপ্ৰিয় ইউটিউবাৰ, গোলাঘাটৰ সন্তান বিতোপন ডেকাৰ।
নিশাৰ অন্ধকাৰকো নেওচি দেওবাৰে পুৱতি নিশা ৩ বজাত লগৰীয়াসকলৰ সৈতে মিষ্টাৰ বিতুৱে অহোপুৰুষাৰ্থ প্ৰচেষ্টাত সম্পূৰ্ণ হৈ উঠিল গাঁওখনৰ ঘৰসমূহৰ নিৰ্মাণ কাৰ্য। ১৮ ঘৰ পৰিয়ালক পুনৰ এতিয়া মূৰৰ ওপৰত টিনৰ চালি বা নিৰাপদ আশ্ৰয় দিয়ে।
অসমৰ হাৰ্টথ্ৰ'ব শিল্পী জুবিন গাৰ্গৰ মানৱীয় আদৰ্শৰে প্ৰভাৱিত হৈ শিৱসাগৰ জিলাৰ আমগুৰি নগৰৰ ২নং ৱাৰ্ডত নিৰ্মাণ কৰা আৱাসিক এলেকাটোক ‘জুবিন নগৰ’ নামাকৰণ কৰে।
সংবাদ মাধ্যমৰ আগত মিষ্টাৰ বিতুৱে কয়; "মই নিজেই গম নাপালো, এয়া কেনেকৈ হৈ গ'ল। জুবিন দাৰ আত্মাই মোক প্ৰতিটো মুহূৰ্তত, প্ৰতিটো পদক্ষেপত যেন সহায় কৰি আছিল। এই গাঁওখনৰ অৱস্থা দেখি মোৰ মুখৰ পৰা ওলাই গ'ল যে ৫ দিনত ঘৰ বনাই দিম। তাৰপিছত হাতত ইমান পইচাও নাছিল। এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। তাৰপিছত মানুহে মোক বহুত বস্তু দিলে। বিচনা, টিনপাত বিভিন্ন বস্তু মানুহে মোক দিলে। এই সকলোবোৰ কামত মোক জুবিন দাই পৰিচালনা কৰি আছে। মই মাত্ৰ এটা পাত্ৰহে।"
উল্লেখযোগ্য যে, গাঁওখনৰ এই কঠিন সময়ত অসহায়জনৰ বাবে আশ্ৰয়ৰ ব্যৱস্থা কৰি মিষ্টাৰ বিতুৱে যি আৰ্হি দাঙি ধৰিলে, তাক শিৱসাগৰ জিলাৰ স্থানীয় ৰাইজৰ উপৰি সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে এক মুখে প্ৰশংসা কৰিছে। যুৱ প্ৰজন্মই এইদৰে সমাজসেৱাত আগভাগ লৈ প্ৰকৃতিৰ দুৰ্যোগত সৰ্বস্বান্ত হোৱাসকলৰ কাষত থিয় হোৱা কাৰ্যক সকলোৱে আদৰণি জনাইছে।
তাৰোপৰি, মিষ্টাৰ বিতু আৰু তেওঁৰ সহযোগীসকলৰ এই মহান কাৰ্য্যই প্ৰমাণ কৰিলে যে সদিচ্ছাসম্পন্ন নাগৰিকৰ প্ৰচেষ্টাৰে সমাজত কৰ্মবিপ্লৱ আনিব পাৰি। ‘জুবিন নগৰ’ এতিয়া কেৱল গাঁৱেই হৈ থকা নাই, বৰঞ্চ ‘জুবিন নগৰ’ হৈ পৰিছে মানৱতা, ভাতৃত্ববোধ আৰু শিল্পীপ্ৰেমৰ এক উজ্জ্বল ঐতিহাসিক প্ৰতীক।