ছিংগাপুৰৰ প্ৰবাসী অসমীয়া অভিমন্যু তালুকদাৰক আছুৰ সকীয়নি; জুবিন গাৰ্গৰ বিষয়ে তুলুঙা মন্তব্য কৰাৰ পৰা বিৰত থাকক

Story by  atv | Posted by  Munni Begum • 38 m ago
 আছুৰ সভাপতি উৎপল শৰ্মা, জুবিন গাৰ্গ আৰু প্ৰবাসী অসমীয়া অভিমন্যু তালুকদাৰ
আছুৰ সভাপতি উৎপল শৰ্মা, জুবিন গাৰ্গ আৰু প্ৰবাসী অসমীয়া অভিমন্যু তালুকদাৰ
 
আৱাজ-দ্য ভইচ অসম ব্যুৰো 
 
অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ ছিংগাপুৰৰ প্ৰবাসী অসমীয়া অভিমন্যু তালুকদাৰে কৰা মন্তব্যৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। শুকুৰবাৰে সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ সভাপতি উৎপল শৰ্মাই অভিমন্যু তালুকদাৰক জুবিন গাৰ্গক লৈ ভৱিষ্যতে এনে তুলুঙা মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ তীব্ৰ ভাষাৰে সকীয়াই দিয়ে।  
 
সভাপতি উৎপল শৰ্মাই কয়, “জুবিন গাৰ্গৰ অন্তিম মুহূৰ্তত ছিংগাপুৰত উপস্থিত থকা প্ৰবাসী অসমীয়াসকল এতিয়া এটাৰ পিছত এটাকৈ সন্মুখলৈ আহি আছে। তাৰ মাজতে অভিমন্যু তালুকদাৰ নামৰ প্ৰবাসী অসমীয়াজনে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিষয়ে যিধৰণৰ অশুভনীয় মন্তব্য কৰিছে, সেই মন্তব্য এজন অসমীয়া হিচাপে, এজন অনুৰাগী হিচাপে আমি সহজভাৱে গ্ৰহণ কৰিব পৰা নাই। তেওঁ জুবিন গাৰ্গে কিমান গান লিখিছে, কি কি গান গাইছে, কিমান গান গাইছে, এইবোৰৰ সম্পৰ্কত কোনো ধাৰণা নাছিল বুলি কৈছে। অসমৰ প্ৰাণৰ শিল্পীজনৰ বিষয়ে কৰা এনে মন্তব্য অত্যন্ত দুৰ্ভাগ্যজনক।"
 
জুবিন গাৰ্গে অংশগ্ৰহণ কৰা ছিংগাপুৰৰ য়াট পাৰ্টী
 
উৎপল শৰ্মাই কয়, “জুবিন গাৰ্গক হেৰুওৱাৰ দিনটোৰ পৰাই সদৌ অসম ছাত্ৰ সন্থা আৰু অসমৰ ৰাইজৰ এটা স্পষ্ট দাবী আছিল যে, যিখিনি সময়ত আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে সাগৰৰ পানীৰ মাজত উশাহৰ বাবে যুঁজি আছিল, সেই সময়খিনি ছিংগাপুৰত থাকি হাঁহি-ধেমালি কৰি থকা প্ৰবাসী অসমীয়াসকলক অসমলৈ আনি সোধা-পোছা কৰিব লাগিছিল। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, সন্দীপন বা অমৃত প্ৰভাৰ সৈতে যিধৰণৰ আচৰণ কৰা হৈছে, এই প্ৰবাসী অসমীয়াসকলৰ ক্ষেত্ৰতো একেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল। তেওঁলোকক জিম্মাত ৰাখি জেৰা কৰিব লাগিছিল। কিন্তু সেইটো কৰা নহ'ল।" 
 
শৰ্মাই কয়, “অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ তেওঁলোকৰ প্ৰতি যথেষ্ট সমৰ্থন আছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকক ‘ব্ৰাইট আছামিজ’ বুলি কৈছিল। কিন্তু এতিয়া তেওঁলোকৰ আচৰণ আচৰণ বিজয় গুপ্তাৰ দ্বিতীয় সংস্কৰণৰ দৰে হৈছে। তেওঁলোকৰ কথা-বতৰা আৰু বিভিন্ন বক্তব্যলৈ চাই ‘ব্ৰাইট’ৰ কথা দূৰৰে, তেওঁলোক কিমান দায়িত্বশীল আছিল সেই কথাকলৈ প্ৰশ্নহে উত্থাপিত হৈছে। তেওঁলোক ব্ৰাইট নে গ্লুমি নে ডাল সেই বিচাৰ মুখ্যমন্ত্ৰীয়ে কৰি থাকক। কিন্তু অসমৰ ৰাইজৰ মনত এটা কথা স্পষ্ট যে, যি ব্যক্তিয়ে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিষয়ে অশুভনীয় কথা ক'ব পাৰে, যি ব্যক্তিৰ জুবিন গাৰ্গ কোন পৰ্যায়ৰ শিল্পী আছিল সেই বিষয়ে ন্যূনতম ধাৰণাও নাই, তেনে কথাই অসমৰ মানুহক গভীৰভাৱে আঘাত কৰিছে।"
 
তেওঁ লগতে কয়, "অভিমন্যু তালুকদাৰক এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে, অসমৰ মাটিত থিয় হৈ জুবিন গাৰ্গৰ বিষয়ে অশুভনীয় মন্তব্য কৰি দ্বিতীয়বাৰ ৰেহাই পোৱাৰ কথা ভাবিব নালাগে। তেওঁ অসমৰ ৰাইজৰ ৰোষৰ সন্মুখীন হ'বলৈ সাজু থাকিব লাগিব।
 
শৰ্মাই কয়, “অসম চৰকাৰকো আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে, এই প্ৰবাসী অসমীয়াসকলক খুঁচৰি-খুঁচৰি জেৰা কৰাৰ প্ৰয়োজন আছে। তেওঁলোকে অসমলৈ আহি সংবাদ মাধ্যমৰ আগত যিধৰণে কথা কৈ আছে, ছিংগাপুৰত যেন তেওঁলোকৰ কোনো ভুলেই নাছিল। কিন্তু অসমৰ মানুহৰ মনত সেই সময়ৰ কথাবোৰ আজিও সজীৱ হৈ আছে। যিখিনি সময়ত আমাৰ প্ৰাণৰ শিল্পীগৰাকী জীৱন ৰক্ষাৰ বাবে যুঁজি আছিল, তেওঁক বচাবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে তেওঁলোকে তাত হাঁহি-ধেমালিহে কৰি আছিল, ভিডিঅ'গ্ৰাফী কৰি আছিল বুলি যিবোৰ কথা পোহৰলৈ আহিছে, সেইবোৰক সহজভাৱে ল'ব নালাগে। তেওঁলোকৰ প্ৰতি কোনো ধৰণৰ অনুকম্পা দেখুৱাব নালাগে। ঘটনাটোৰ সত্য উদঘাটনৰ বাবে তেওঁলোকক সোধা-পোছা আৰু জেৰাৰ সন্মুখীন কৰিব লাগে। আৰু অসমৰ ভূমিত থিয় হৈ জুবিন গাৰ্গৰ বিষয়ে এনে অশুভনীয় মন্তব্য কৰা অভিমন্যু তালুকদাৰৰ বক্তব্যৰ ক্ষেত্ৰতো চৰকাৰে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। প্ৰয়োজন হ'লে তেওঁক গ্ৰেপ্তাৰ কৰি জেৰাও কৰিব লাগে।”
 
জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ কিছু দৃশ্য
 
উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত বৃহস্পতিবাৰে গুৱাহাটীৰ ফাষ্ট-ট্ৰেক আদালতত অভিমন্যু তালুকদাৰে সাক্ষ্যদানৰ সময়ত স্পষ্ট কৰি কয় যে, জুবিনে মৃত্যুবৰণ কৰা য়াট পাৰ্টীটো তেওঁ আয়োজন কৰা নাছিল। আনহাতে, পাৰ্টীৰ বাবে WhatsApp গ্ৰুপ তেওঁ সৃষ্টি কৰা বুলি চলি থকা চৰ্চাও তেওঁ নাকচ কৰিছে।
 
তালুকদাৰে আদালতক জনায় যে, তেওঁ জুবিনক দুবাৰ পানীত নামিবলৈ চেষ্টা কৰা দেখিছিল। প্ৰথমবাৰ জুবিনে লাইফ জেকেট পিন্ধিছিল যদিও দ্বিতীয়বাৰ লাইফ জেকেট নিপিন্ধাকৈ পানীত নামিবলৈ চেষ্টা কৰিছিল। সেই সময়ত জুবিনক সুস্থ আৰু আনন্দিত যেন লাগিছিল।
 
তেওঁৰ মতে, জুবিনক সহায় কৰিবলৈ এজন ব্যক্তি পানীলৈ আগবাঢ়ি যোৱাৰ পিছত তেওঁ হাত ধুবলৈ কেবিনলৈ গৈছিল। প্ৰায় পাঁচ-ছয় মিনিট পিছত বাহিৰলৈ আহি তেওঁ জুবিনক অচেতন অৱস্থাত দেখা পায়। জৰুৰীকালীন ফোন পোৱাৰ ১০-১৫ মিনিটৰ ভিতৰতে ছিংগাপুৰ ক’ষ্ট গাৰ্ডৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱা বুলিও তেওঁ সাক্ষ্যত উল্লেখ কৰে।
 
তালুকদাৰে লগতে কয় যে, জুবিন গাৰ্গৰ কোনো স্বাস্থ্যজনিত সমস্যা থকা বুলি তেওঁ জনা নাছিল। তেওঁ জুবিনক এগৰাকী জনপ্ৰিয় গায়ক হিচাপেহে জানিছিল আৰু পিছতহে শিল্পীগৰাকীৰ বিশাল সংগীত-অৱদানৰ বিষয়ে অৱগত হৈছিল।
 
ইয়াৰ পূৰ্বে আন এগৰাকী সাক্ষী সুষ্মিতা গোস্বামীয়েও আদালতত সাক্ষ্য প্ৰদান কৰি য়াট পাৰ্টীৰ সময়ৰ জিঅ’-টেগযুক্ত ভিডিঅ’ আৰু চিকিৎসা দললৈ কৰা প্ৰথমটো জৰুৰীকালীন ফোনকলৰ বিষয়ে আদালতক অৱগত কৰিছিল।