অসমৰ সুযোগ্য সন্তান ডাঃ ঋত্বিক ভূঞাৰ নতুন কৃতিত্ব; তিনিটাকৈ ৰবটিক হাৰ্ট ছাৰ্জাৰী সম্পন্ন GMCHত

Story by  Munni Begum | Posted by  Munni Begum • 1 h ago
অসমৰ সুযোগ্য সন্তান ডাঃ ঋত্বিক ভূঞাৰ নতুন কৃতিত্ব
অসমৰ সুযোগ্য সন্তান ডাঃ ঋত্বিক ভূঞাৰ নতুন কৃতিত্ব
 
মুন্নী বেগম / গুৱাহাটী
 
অসমীয়া মাধ্যমত পঢ়া-শুনা কৰা এজন ছাত্ৰ আজি এগৰাকী বিশ্ববিখ্যাত চিকিৎসক হৈ অসমৰ নাম উজলাই তুলিছে। এছিয়াৰ ভিতৰতে ৰবটিক ছাৰ্জাৰীৰ ক্ষেত্ৰত এক নম্বৰত থকা চিকিৎসক ডাঃ ঋত্বিক ভূঞাই অসমলৈ আনিছে চিকিৎসা বিজ্ঞানৰ এক নতুন সম্ভাৱনা। তেওঁৰ নেতৃত্বত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল (GMCH)ৰ কাৰ্ডিঅ’-থ’ৰাচিক এণ্ড নিউৰ’ছায়েন্সেছ (CN) চেণ্টাৰত সম্পন্ন হৈছে তিনিটাকৈ ৰবটিক হাৰ্ট ছাৰ্জাৰী। দিল্লীৰ এছক’ৰ্ট হাৰ্ট হাস্পতালৰ সহযোগত সম্পন্ন হোৱা এই অস্ত্ৰোপচাৰে অসমৰ হৃদৰোগ চিকিৎসা ব্যৱস্থাত এক নতুন অধ্যায়ৰ সূচনা কৰাৰ লগতে ৰাজ্যৰ ৰোগীসকলৰ বাবে উন্নত চিকিৎসাৰ এক নতুন দুৱাৰ মুকলি কৰিছে। 
 
জিএমছিএইচৰ কাৰ্ডিঅ’-থ’ৰাচিক এণ্ড নিউৰ’ছায়েন্সেছ (CN) চেণ্টাৰ ইতিমধ্যে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নত কাৰ্ডিয়াক আৰু নিউৰ’ছায়েন্স চিকিৎসাৰ অন্যতম কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে। এই ঐতিহাসিক অস্ত্ৰোপচাৰৰ সময়ত উপস্থিত থাকি স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে ঘটনাটোক অসমৰ স্বাস্থ্যখণ্ডৰ বাবে এক ঐতিহাসিক পদক্ষেপ হিচাপে অভিহিত কৰিছে। তেওঁ কয়, "আজি দিনটো এটি ঐতিহাসিক দিন। কিয়নো ৰবটে হাৰ্ট ছাৰ্জাৰী কৰিছে। এতিয়া প্ৰচিডিউৰটো চলি আছে। মিডিয়াই প্ৰচিডিউৰটো চাব পাৰিব।" 
 
জিএমছিএইচৰ কাৰ্ডিঅ’-থ’ৰাচিক এণ্ড নিউৰ’ছায়েন্সেছ (CN) চেণ্টাৰ
 
স্বাস্থ্যমন্ত্ৰী সিংহলে লগতে কয়, "স্বাস্থ্যমন্ত্ৰী হিচাপে এই সফলতা মোৰ বাবে অতি গৌৰৱৰ বিষয়। কিন্তু বিধায়েক হিচাপে মই দুগুণ গৌৰম্বিত। কিয়নো মোৰ সমষ্টিৰ অসমীয়া মাধ্যমত পঢ়া-শুনা কৰা এজন যুৱকে আজি বিশ্ববিখ্যাত চিকিৎসক হিচাপে পৰিচিত হৈছে। এছিয়াৰ ভিতৰতে ৰ’বটিক ছাৰ্জাৰীৰ ক্ষেত্ৰত তেখেত এক নম্বৰত আছে।" 
 
তেওঁ লগতে কয় যে, ডাঃ ঋত্বিক ভূঞাই লাভ কৰা জ্ঞান, দক্ষতা আৰু অভিজ্ঞতা অসমৰ নতুন প্ৰজন্মৰ চিকিৎসকসকলৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰতো চৰকাৰে কাম কৰি আছে। তেওঁৰ মতে, উন্নত ৰবটিক ছাৰ্জাৰীৰ জ্ঞান আৰু প্ৰযুক্তি কেৱল নিৰ্দিষ্ট চিকিৎসকৰ মাজতে সীমাবদ্ধ নাৰাখি অসমৰ চিকিৎসা শিক্ষাৰ্থী আৰু নতুন চিকিৎসকসকলৰ সৈতে ইয়াক সংযোগ কৰাটো গুৰুত্বপূৰ্ণ। 
 
স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়, "আমি বিচাৰিছোঁ যে, ডাঃ ঋত্বিক ভূঞাই আয়ত্ত কৰা জ্ঞান আৰু অভিজ্ঞতা আমাৰ মাজলৈ অহা নতুন চিকিৎসকসকলৰ সৈতে কেনেকৈ এই ব্যৱস্থাৰ মাধ্যমেৰে সংযোগ কৰিব পাৰো, সেই বিষয়ত আমি কাম কৰি আছোঁ।" 
 
উল্লেখ্য যে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ কাৰ্ডিঅ’-থ’ৰাচিক এণ্ড নিউৰ’ছায়েন্সেছ চেণ্টাৰ হৈছে কাৰ্ডিঅ’লজি, কাৰ্ডিঅ’-থ’ৰাচিক ছাৰ্জাৰী, নিউৰ’লজি আৰু নিউৰ’ছাৰ্জাৰীৰ দৰে বিশেষায়িত চিকিৎসাৰ বাবে গঢ়ি তোলা এক অত্যাধুনিক চিকিৎসা কেন্দ্ৰ। চৰকাৰী তথ্য অনুসৰি কাৰ্ডিঅ’-থ’ৰাচিক এণ্ড নিউৰ’ছায়েন্সেছ (CN) চেণ্টাৰত উন্নতমানৰ অপাৰেচন থিয়েটাৰ, হাৰ্ট-লাং মেচিন, কেথ লেবসহ বিভিন্ন অত্যাধুনিক চিকিৎসা সুবিধা আছে। কেন্দ্ৰটোৱে কেৱল অসম নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰোগীক উন্নত চিকিৎসা প্ৰদানৰ লক্ষ্যৰে কাম কৰি আহিছে।
 
জিএমছিএইচৰ কাৰ্ডিঅ’-থ’ৰাচিক এণ্ড নিউৰ’ছায়েন্সেছ (CN) চেণ্টাৰৰ অস্ত্ৰোপচাৰ কক্ষ
 
এই পৰিকাঠামোৰ সৈতে ৰবটিক হাৰ্ট ছাৰ্জাৰীৰ সংযোজন ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বাবে বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। এতিয়ালৈকে হৃদৰোগৰ জটিল অস্ত্ৰোপচাৰৰ বাবে বহু ৰোগীয়ে অসমৰ বাহিৰৰ উন্নত চিকিৎসা কেন্দ্ৰলৈ যাবলগীয়া হৈছিল। কিন্তু গুৱাহাটীতেই এনে অত্যাধুনিক অস্ত্ৰোপচাৰৰ সুবিধা গঢ় লৈ উঠিলে ৰাজ্যৰ ভিতৰতে উন্নত চিকিৎসা লাভৰ সুযোগ বৃদ্ধি পাব বুলি আশা কৰা হৈছে। 
 
ৰবটিক ছাৰ্জাৰীত উন্নত প্ৰযুক্তিৰ সহায়ত চিকিৎসকে অধিক সূক্ষ্ম আৰু নিয়ন্ত্ৰিতভাৱে অস্ত্ৰোপচাৰ সম্পন্ন কৰিব পাৰে। বিশেষকৈ হৃদযন্ত্ৰৰ দৰে অতি সংবেদনশীল অংগত এনে প্ৰযুক্তিৰ ব্যৱহাৰে আধুনিক কাৰ্ডিয়াক ছাৰ্জাৰীৰ ক্ষেত্ৰত নতুন সম্ভাৱনা সৃষ্টি কৰিছে।
 
ঢেকীয়াজুলিৰ সু-সন্তান ডাঃ ঋত্বিক ভূঞাৰ নেতৃত্বত সম্পন্ন হোৱা এই ৰবটিক হাৰ্ট ছাৰ্জাৰীৰ সাফল্য কেৱল এগৰাকী চিকিৎসকৰ ব্যক্তিগত কৃতিত্বতে সীমাবদ্ধ নহয়। অসমৰ ভূমিৰ পৰা, অসমীয়া মাধ্যমৰ শিক্ষাৰ পৰিৱেশৰ পৰা ওলাই গৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ দক্ষতা প্ৰতিষ্ঠা কৰা এগৰাকী চিকিৎসকে এতিয়া সেই জ্ঞান আৰু অভিজ্ঞতা নিজৰ ৰাজ্যলৈ লৈ অহাটোও এই সাফল্যৰ এক উল্লেখযোগ্য দিশ।