সাম্প্ৰদায়িক সম্প্ৰীতিৰ প্ৰতীক ছেভেন ষ্টেট টুৰিষ্ট কেব অপাৰেটৰ্ছ ইউনিয়নৰ বিশ্বকৰ্মা পূজা

Story by  Munni Begum | Posted by  [email protected] • 1 h ago
ছেভেন ষ্টেট টুৰিষ্ট কেব অপাৰেটৰ্ছ ইউনিয়নৰ বিশ্বকৰ্মা পূজা
ছেভেন ষ্টেট টুৰিষ্ট কেব অপাৰেটৰ্ছ ইউনিয়নৰ বিশ্বকৰ্মা পূজা
 
মুন্নী বেগম / গুৱাহাটী
 
যন্ত্ৰ-পাতি, কৰ্মৰ আহিলা আৰু প্ৰযুক্তিৰ সৈতে জড়িত মানুহৰ বাবে বিশ্বকৰ্মা পূজাৰ দিনটো অতি বিশেষ। ঐশ্বৰিক স্থপতি হিচাপে পৰিচিত ভগৱান বিশ্বকৰ্মাক অভিযন্তা, কাৰিকৰ, যান্ত্ৰিক, কাৰখানাৰ শ্ৰমিকৰ পৰা আৰম্ভ কৰি চালকলৈকে বিভিন্ন পেছাৰ লোকে পূজা কৰি আহিছে। এই পূজাৰ অন্যতম বিশেষত্ব হৈছে, ই কোনো জাতি, কোনো ধৰ্ম বা সামাজিক মৰ্যাদাৰ মাজত সীমাবদ্ধ নহয়। এই পূজাৰ তাৎপৰ্য হৈছে শ্ৰমৰ প্ৰতি সন্মান, কৰ্মৰ প্ৰতি নিষ্ঠা আৰু মানুহৰ মাজত থকা সহযোগিতা-সম্প্ৰীতিৰ এক উদযাপন। ভিন্ন ধৰ্ম, জাতি আৰু সামাজিক পৰিচয়ৰ লোকে একেলগে মিলি এই উৎসৱ পালন কৰাৰ মাজেৰে সমাজলৈ ঐক্য আৰু ভাতৃত্ববোধৰ এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰি আহিছে। গুৱাহাটী মহানগৰীৰ ছেভেন ষ্টেট টুৰিষ্ট কেব অপাৰেটৰ্ছ ইউনিয়নে ২০২৩ চনৰ পৰা পালন কৰি আহা বিশ্বকৰ্মা পূজাই এই বাৰ্তাক অধিক অৰ্থৱহ কৰি তুলিছে। হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান আৰু জৈনকে ধৰি বিভিন্ন ধৰ্মৰ প্ৰায়ে পাঁচশ সদস্যৰে গঠিত এই ইউনিয়নে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো গুৱাহাটী মহানগৰীৰ সাউকুছিৰ শংকৰ পথত থকা ইউনিয়নৰ কাৰ্যালয়ত এই পূজা অনুষ্ঠিত কৰিছে।
 
বিশ্বকৰ্মা পূজা সন্দৰ্ভত ইউনিয়নৰ সভাপতি ইছমাইল আলীয়ে আৱাজ-দ্য ভইচ'ক কয়, "বিশ্বকৰ্মা পূজাৰ অন্যতম মূল্যৱান শিক্ষা হ’ল শ্ৰমৰ মৰ্যাদা। এই দিনটোত এগৰাকী কাৰখানাৰ মালিক আৰু এগৰাকী মেচিন অপাৰেটৰ, এগৰাকী অভিযন্তা আৰু এগৰাকী মিস্ত্ৰী, এগৰাকী গাড়ীৰ মালিক আৰু এগৰাকী চালকে একে শাৰীতে বহি পূজা উদযাপন কৰে। এই পূজাত সামাজিক আৰু পেছাগত স্তৰৰ পাৰ্থক্যসমূহ যেন ম্লান হৈ পৰে আৰু সকলোৱে সমান সন্মান আৰু মৰ্যাদা লাভ কৰে। এনে মনোভাৱে কৰ্মক্ষেত্ৰত ভাতৃত্ববোধ বৃদ্ধি কৰাৰ লগতে সংঘাত হ্ৰাস কৰাত সহায় কৰে। কৰ্মচাৰীসকলে যেতিয়া নিজকে মূল্যৱান আৰু সন্মানীয় বুলি অনুভৱ কৰে, তেতিয়া তেওঁলোকৰ মাজত স্বাভাৱিকভাৱেই ঐক্য আৰু সহযোগিতাৰ মনোভাব বৃদ্ধি পায়। ইয়াৰ ফলত কৰ্মক্ষেত্ৰৰ পৰিৱেশ অধিক সুস্থ হোৱাৰ লগতে উৎপাদনশীলতাও বৃদ্ধি পাব পাৰে। সামূহিকভাৱে পূজা উদযাপনৰ এই সৰল প্ৰচেষ্টাই কৰ্মক্ষেত্ৰত সকলোৱে একেলগে থকাৰ গুৰুত্ব সোঁৱৰাই দিয়ে। কৰ্মচাৰীৰ পদবী বা ভূমিকা যিয়েই নহওক কিয়, প্ৰতিগৰাকী ব্যক্তিৰ অৱদানেই এটা প্ৰতিষ্ঠানৰ সফলতাৰ বাবে গুৰুত্বপূৰ্ণ।"
 
ইউনিয়নৰ সভাপতি ইছমাইল আলী
 
তেওঁ লগতে কয়, "আমাৰ কৰ্মক্ষেত্ৰসমূহ কেৱল উৎপাদন বা সেৱা প্ৰদানৰ স্থান নহয়। বিভিন্ন পটভূমিৰ লোক একত্ৰিত হৈ একে লক্ষ্যৰ দিশে আগবাঢ়ি যোৱা এক উমৈহতীয়া মঞ্চ। সেয়েহে যিকোনো প্ৰতিষ্ঠান বা কৰ্মক্ষেত্ৰৰ সফলতাৰ বাবে ঐক্য, সহযোগিতা আৰু পাৰস্পৰিক সন্মান অতি প্ৰয়োজনীয়। ভাৰতৰ বৈচিত্ৰময় সাংস্কৃতিক আৰু আধ্যাত্মিক পৰম্পৰাৰ মাজত বিশ্বকৰ্মা পূজাই কৰ্মক্ষেত্ৰত ঐক্যই কেনেদৰে সম্প্ৰীতি, প্ৰগতি আৰু সামূহিক বিকাশৰ পথ প্ৰশস্ত কৰিব পাৰে, তাৰ এক সুন্দৰ উদাহৰণ দাঙি ধৰে।"
 
হিন্দু পৌৰাণিক বিশ্বাস অনুসৰি ভগৱান বিশ্বকৰ্মাক বিশ্বব্ৰহ্মাণ্ডৰ ঐশ্বৰিক স্থপতি আৰু অভিযন্তা হিচাপে শ্ৰদ্ধা কৰা হয়। দেৱতাসকলৰ বিভিন্ন অস্ত্ৰ-শস্ত্ৰ, নগৰ আৰু ৰাজপ্ৰসাদ আদি তেওঁৰ সৃষ্টিৰ সৈতে জড়িত বুলি বিশ্বাস কৰা হয়। তেওঁৰ সৃষ্টিসমূহ দক্ষতা, সৃষ্টিশীলতা আৰু নিখুঁততাৰ প্ৰতীক। একে সময়তে এই আদৰ্শত দলীয় কাম আৰু সামূহিক প্ৰচেষ্টাৰ মূল্যবোধো প্ৰতিফলিত হয়। বিশ্বকৰ্মাৰ পূজাই সেয়েহে আধুনিক কৰ্মক্ষেত্ৰসমূহক সহযোগিতা আৰু উমৈহতীয়া দায়বদ্ধতাক গুৰুত্ব দিবলৈ অনুপ্ৰাণিত কৰে।
 
ছেভেন ষ্টেট টুৰিষ্ট কেব অপাৰেটৰ্ছ ইউনিয়নৰ সদস্যসকল
 
ইউনিয়নৰ সাধাৰণ সম্পাদক বিক্ৰম পাটোৱাৰীয়ে কয়, “শ্ৰমৰ প্ৰতি সন্মান অবিহনে সামাজিক ঐক্যৰ অস্তিত্ব থাকিব নোৱাৰে। দুৰ্ভাগ্যজনকভাৱে বহু সমাজত কিছুমান চাকৰিক উচ্চ বুলি গণ্য কৰা হয় আৰু আন কিছুমানক কম মূল্য দিয়া হয়। কিন্তু বিশ্বকৰ্মা পূজাই এনে মানসিকতাক প্ৰত্যাহ্বান জনাই আহিছে। বিশ্বকৰ্মা পূজাত মিস্ত্ৰী, কাঠমিস্ত্ৰী, চালক, অভিযন্তা আদি বিভিন্ন পেছাৰ লোকৰ কামত ব্যৱহৃত সঁজুলি আৰু যন্ত্ৰপাতি পূজা কৰা হয়। ইয়াৰ জৰিয়তে সকলো ধৰণৰ কামেই সমানে গুৰুত্বপূৰ্ণ আৰু সন্মানীয় বুলি এক বাৰ্তা দিয়া হয়। এনে স্বীকৃতিয়ে বিভিন্ন বৃত্তিৰ লোকৰ মাজত পাৰস্পৰিক সন্মান বৃদ্ধি কৰে আৰু সামাজিক সম্প্ৰীতিৰ ভেটি অধিক শক্তিশালী কৰে। যি সময়ত বস্তুবাদ আৰু ব্যক্তিবাদৰ প্ৰভাৱ বৃদ্ধি পাইছে, সেই সময়ত বিশ্বকৰ্মা পূজাৰ দৰে উৎসৱে আমাক সম্প্ৰদায় আৰু ঐক্যৰ গুৰুত্বৰ কথা সোঁৱৰাই দিয়ে। শান্তিপূৰ্ণ সমাজ গঢ়াৰ বাবে সন্মান, ভাতৃত্ববোধ আৰু শ্ৰমৰ মৰ্যাদাৰ দৰে মূল্যবোধ অতি প্ৰয়োজনীয়।"
 
বিশ্বকৰ্মা পূজাৰ আন এক উল্লেখযোগ্য দিশ হৈছে ইয়াৰ সৰ্বজনীনতা। কাৰখানা, গেৰেজ, কাৰ্যালয়, নিৰ্মাণস্থলী, কৰ্মশালাৰ পৰা আৰম্ভ কৰি ঘৰ-বাৰীলৈকে বিভিন্ন ধৰ্ম আৰু সামাজিক পটভূমিৰ লোকে এই পূজাত অংশগ্ৰহণ কৰে। প্ৰতি বছৰে অসমৰ লগতে সমগ্ৰ দেশৰ বিভিন্ন কাৰখানা, কাৰ্যালয়, কৰ্মশালা আৰু উদ্যোগত উৎসাহেৰে বিশ্বকৰ্মা পূজা পালন কৰা হয়। এই দিনটোত শ্ৰমিকসকলে নিজৰ সঁজুলি, যন্ত্ৰপাতি আৰু কৰ্মস্থলী পৰিষ্কাৰ কৰি সজাই-পৰাই পূজা কৰে। সকলোৱে নিৰাপত্তা, সুস্বাস্থ্য আৰু সমৃদ্ধিৰ বাবে একেলগে প্ৰাৰ্থনা কৰে। কৰ্মৰ আহিলাক সন্মান জনোৱাৰ মাজেৰে শ্ৰমৰ মৰ্যাদাকো সন্মান জনোৱা হয়।
 
পূজাৰ ভোগ উপভোগ কৰা মুহূৰ্তত
 
বিক্ৰম পাটোৱাৰীৰ মতে, বিশ্বকৰ্মা পূজাৰ এই সৰ্বজনীনতাৰ ভাবধাৰাক দৈনন্দিন জীৱনত গ্ৰহণ কৰিলে পক্ষপাতিত্ব আৰু সামাজিক বিভাজন হ্ৰাস কৰাৰ লগতে উমৈহতীয়া লক্ষ্যৰ দিশে আগবাঢ়িব পৰা যায়। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ মাজত ভোজ-ভাত, সাংস্কৃতিক কাৰ্যসূচী আৰু অন্যান্য সামূহিক অনুষ্ঠানৰ আয়োজনেও পাৰস্পৰিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ সুযোগ সৃষ্টি কৰে। এনে পাৰস্পৰিক সংযোগে ইজনৰ প্ৰতি সিজনৰ বুজাবুজি বৃদ্ধি কৰাৰ লগতে জাতি, ধৰ্ম আৰু সামাজিক মৰ্যাদাৰ মাজত থকা দূৰত্ব হ্ৰাস কৰে। ইয়াৰ ফলত বিশ্বাস, সহযোগিতা আৰু আনুগত্যৰ এক সুস্থ পৰিৱেশ গঢ় লৈ উঠে, যিবোৰ যিকোনো প্ৰতিষ্ঠানৰ দীৰ্ঘম্যাদী বিকাশৰ বাবে গুৰুত্বপূৰ্ণ।
 
তেওঁ লগতে কয়, "আজিৰ প্ৰতিযোগিতামূলক পৃথিৱীত বহু কৰ্মক্ষেত্ৰত মানসিক চাপ, সংঘাত আৰু সহযোগিতাৰ অভাৱ পৰিলক্ষিত হয়। এনে পৰিপ্ৰেক্ষিতত বিশ্বকৰ্মা পূজাই ঐক্য আৰু ভাতৃত্ববোধৰ জৰিয়তে এই প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাৰ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনে। নিয়োগকৰ্তাই কৰ্মচাৰীক সন্মানজনক ব্যৱহাৰ কৰাৰ লগতে শ্ৰমিকসকলেও অনুশাসন, নিষ্ঠা আৰু দায়বদ্ধতাৰ গুৰুত্ব বুজি আগবাঢ়িব পাৰে। দুয়োপক্ষই মিলাপ্ৰীতিৰে কাম কৰিলে কৰ্মক্ষেত্ৰখন কেৱল উৎপাদনৰ কেন্দ্ৰ হৈ নাথাকি এক পৰিয়ালৰ দৰে পৰিৱেশলৈ পৰিণত হ’ব পাৰে।
 
ভগৱান বিশ্বকৰ্মাৰ মহান সৃষ্টিসমূহ যেনেকৈ সামূহিক প্ৰচেষ্টা আৰু ঐশ্বৰিক শক্তিৰ সহায় অবিহনে সম্পূৰ্ণ হোৱা সম্ভৱ নহ’লহেঁতেন, ঠিক তেনেদৰে আধুনিক উদ্যোগ বা প্ৰতিষ্ঠানসমূহেও দলীয় সহযোগিতা অবিহনে আগবাঢ়িব নোৱাৰে। এখন সফল কৰ্মক্ষেত্ৰ পৰিচালক, অভিযন্তা, দক্ষ শ্ৰমিক, সহায়ক কৰ্মচাৰী আৰু প্ৰতিষ্ঠানৰ সৈতে জড়িত প্ৰতিগৰাকী সদস্যৰ সহযোগিতাৰ ওপৰত নিৰ্ভৰশীল। বিশ্বকৰ্মা পূজাই সোঁৱৰাই দিয়ে যে, কোনো এজন ব্যক্তিয়ে অকলেই সফলতাৰ সম্পূৰ্ণ কৃতিত্ব লাভ কৰিব নোৱাৰে। সামূহিক প্ৰচেষ্টাই হৈছে প্ৰগতিৰ অন্যতম মূল আধাৰ। সকলোৱে মিলাপ্ৰীতিৰে কাম কৰিলে কঠিন কামো সহজভাৱে সম্পন্ন কৰিব পৰা যায়।
 
ইউনিয়নৰ কাৰ্যকৰী সভাপতি ৰাজু আহমেদে কয়, “ভগৱান বিশ্বকৰ্মাৰ আদৰ্শই আমাক শিকাই আহিছে যে, যেতিয়া মানুহে সন্মান আৰু সম্প্ৰীতিৰে একেলগে কাম কৰে, তেতিয়া তেওঁলোকে উন্নতিৰ উচ্চ শিখৰত উপনীত হ’ব পাৰে। আধুনিক যুগত কৰ্মক্ষেত্ৰসমূহ ক্ৰমাৎ অধিক বৈচিত্ৰময় হৈ পৰিছে। এনে পৰিস্থিতিত ভগৱান বিশ্বকৰ্মাৰ আদৰ্শমূলক শিক্ষাসমূহ পূৰ্বতকৈও অধিক প্ৰাসংগিক হৈ পৰিছে। বিশ্বকৰ্মা পূজাৰ ভাবধাৰাক গ্ৰহণ কৰি সংগঠনসমূহে এক সুস্থ কৰ্মসংস্কৃতি গঢ়ি তুলিব পাৰে। ইয়াৰ জৰিয়তে ঐক্য আৰু সহযোগিতা শক্তিশালী কৰি সকলোৱে একেলগে প্ৰগতি আৰু সমৃদ্ধিৰ দিশত আগবাঢ়ি যাব পাৰে।"
 
বিশ্বকৰ্মা পূজাত বিভিন্ন ধৰ্মৰ লোকে অংশগ্ৰহণ কৰিছে
 
এইবাৰৰ বিশ্বকৰ্মা পূজাৰ পিছদিনাই অসমৰ হিয়াৰ আমঠু তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ অনুষ্ঠিত হব, সেয়েহে পূজাৰ দিনা  শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে সন্ধিয়াৰ ভাগত এক বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। পুৱাৰ ভাগত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত চাকি জ্বলাই তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে পূজাৰ অংশগ্ৰহণকাৰীসকলে শিল্পীগৰাকীৰ গীত পৰিৱেশন কৰি তেওঁৰ স্মৃতি সুঁৱৰিব। আনহাতে, ১৯ ছেপ্টেম্বৰত জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে ইউনিয়নৰ কাৰ্যালয়তে ১০১ গছি চাকি জ্বলোৱা হ’ব। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা আৰু ভালপোৱাৰ প্ৰতীক হিচাপে ইউনিয়নে এই কাৰ্যসূচী গ্ৰহণ কৰিছে।
 
সামগ্ৰিকভাৱে বিশ্বকৰ্মা পূজাই ধৰ্মীয় পৰম্পৰাৰ সীমা অতিক্ৰম কৰি শ্ৰমৰ মৰ্যাদা, সমতা, সহযোগিতা আৰু ঐক্যৰ এক শক্তিশালী বাৰ্তা কঢ়িয়াই আহিছে। কৰ্মৰ আহিলাক সন্মান জনোৱাৰ মাজেৰে শ্ৰমজীৱী মানুহৰ অৱদানক সন্মান কৰা আৰু বিভিন্ন সম্প্ৰদায়ৰ লোকক একত্ৰিত কৰি ভাতৃত্ববোধৰ বান্ধোন শক্তিশালী কৰাই এই উৎসৱৰ অন্যতম তাৎপৰ্য।
 
ঐক্য, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মানৰ এই বাৰ্তা যদি দৈনন্দিন জীৱন আৰু কৰ্মক্ষেত্ৰত বাস্তৱায়িত হয়, তেন্তে বিশ্বকৰ্মা পূজা কেৱল এটা দিনৰ উৎসৱ হৈ নাথাকি শান্তি, সম্প্ৰীতি আৰু সামূহিক প্ৰগতিৰ এক নিৰন্তৰ প্ৰেৰণাৰ উৎস হৈ থাকিব।