সমন্বয় আৰু মানৱতাৰ এক অবিনশ্বৰ সুৰীয়া সত্তা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা

Story by  Nikunja Nath | Posted by  Munni Begum • 2 h ago
সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা
সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা
 
নিকুঞ্জ নাথ / গুৱাহাটী
 
যাৰ কণ্ঠত প্ৰতিধ্বনিত হৈছিল বৰলুইতৰ বিশালতা, যাৰ সুৰত আছিল শৰৎ কালৰ শেৱালিৰ স্নিগ্ধতা আৰু যাৰ বুকুত স্পন্দিত হৈছিল বিশ্বৰ প্ৰতিগৰাকী নিৰ্যাতিত মানুহৰ যন্ত্ৰণা- তেওঁ আন কোনো নহয়, তেওঁ হৈছে অসমীয়া জাতিৰ প্ৰাণৰ স্পন্দন, ভাৰতৰত্ন, সংগীত সূৰ্য সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা। ভূপেন হাজৰিকা কেৱল এটা নাম বা এগৰাকী ব্যক্তি নহয়; তেওঁ এটি জীৱন্ত যুগ, এক অবিনশ্বৰ সুৰীয়া সত্তা আৰু মানৱতাৰ এক বিৰল প্ৰতীক। একেধাৰে সুগায়ক, কবি, গীতিকাৰ, সুৰকাৰ, গদ্যকাৰ, শিক্ষাবিদ, বোলছবি আৰু সংগীত পৰিচালক, চিত্ৰকৰ, বিশ্ববিদ্যালয়ৰ শিক্ষক, আলোচনীৰ সম্পাদক তথা সমাজৰ অন্যায়ৰ বিৰুদ্ধে থিয় দিয়া এগৰাকী নিৰ্ভীক বক্তা হিচাপে তেওঁৰ অৱদান অতুলনীয়।
 
৮ ছেপ্টেম্বৰ, অৰ্থাৎ আজি এইগৰাকী মহান যুগস্ৰষ্টা শিল্পীৰ ওপজা দিন। সমাজৰ অন্যায়, অবিচাৰ আৰু বৈষম্যৰ বিৰুদ্ধে মাত মাতিবলৈ যি সময়ত সাধাৰণ মানুহে শংকাবোধ কৰিছিল, সেই সময়তে তেওঁ নিজৰ বলিষ্ঠ কণ্ঠৰে নিষ্পেষিত জনতাৰ হৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল।
 
ডঃ ভূপেন হাজাৰিকাই গীত বাণীবদ্ধ কৰি থকা মুহূৰ্তত
 
এজন প্ৰকৃত ‘জনতাৰ শিল্পী’ হিচাপে তেওঁ নিজৰ গীতৰ মাজেৰে প্ৰকৃতি আৰু মানুহৰ কথা অতি সাৱলীল আৰু সুন্দৰকৈ প্ৰকাশ কৰি গৈছে। অগ্নিযুগৰ ফিৰিঙতি হৈ তেওঁ এখন শ্ৰেণীহীন, শোষণমুক্ত নতুন সমাজ গঢ়াৰ সপোন ৰচিছিল। তেওঁ দৃপ্ত কণ্ঠেৰে গাইছিল—
 
“অগ্নিযুগৰ ফিৰিঙতি মই
নতুন অসম গঢ়িম
সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম
নতুন অসম গঢ়িম৷’’

মানৱতাবাদ আছিল ড০ ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আধাৰ। মানুহক মানুহৰ দৰে ভাবিবলৈ আৰু ইজনে সিজনৰ প্ৰতি সহানুভূতিশীল হ’বলৈ তেওঁ গীতৰ মাজেৰেই সমাজলৈ আহ্বান জনাইছিল। সেয়েহে সুধাকণ্ঠৰ কণ্ঠত প্ৰাণ পাই উঠিছিল মানৱ বন্দনাৰ এই অমৰ সুৰঃ

‘‘মানুহে মানুহৰ বাবে
যদিহে অকণো নেভাবে
অকণি সহানুভূতিৰে
ভাবিব কোনেনো কোৱা
সমনীয়া
মানুহে মানুহৰ বাবে...’’
 
গীতৰ মাধ্যমেৰেই তেওঁ বিমূৰ্ত নিশা মৌনৰ সূতাৰে নীলা চাদৰ বৈছিল। ব্ৰহ্মপুত্ৰক তেওঁ সুবিশাল সভ্যতা-সংস্কৃতিৰ গৌৰৱময় গাথাৰ জীৱন্ত সাক্ষী হিচাপে তুলি ধৰিছিল। আকৌ সমাজত অসংখ্য জনৰ হাহাকাৰ, নৈতিকতাৰ স্খলন আৰু মানৱতাৰ পতন দেখি সেই একেই বুঢ়ালুইতক তেওঁ প্ৰশ্নও কৰিছিলঃ
 
ডঃ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰ
 
গীতৰ মাধ্যমৰে তেওঁ বিমূৰ্ত নিশা মৌনতাৰ সূতাৰে নীলা চাদৰ বোৱাৰ কথা কৈছিল। ব্ৰহ্মপুত্ৰক তেওঁ অসমৰ সুবিশাল সভ্যতা আৰু সংস্কৃতিৰ গৌৰৱময় গাথাৰ জীৱন্ত সাক্ষী হিচাপে তুলি ধৰিছিল। আকৌ সমাজত চলি থকা অসংখ্য জনৰ হাহাকাৰ, নৈতিকতাৰ স্খলন আৰু মানৱতাৰ পতন দেখি সেই একেই বুঢ়ালুইতক তেওঁ প্ৰশ্নও কৰিছিল। উল্লেখযোগ্য যে, আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পী পল ৰবচনৰ ‘Ol’ man river’ গীতটোৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ ৰচনা কৰিছিল সেই কালজয়ী গীতঃ
 
"বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে
হাহাকাৰ শুনিও নিশব্দে নিৰৱে
বুঢ়া লুইত তুমি বুঢ়া লুইত বোৱাঁ কিয়?"
 
মানৱতাবাদ, সাম্যবাদ, বিদ্ৰোহ, সমাজ-সংস্কাৰ, দেশপ্ৰেম আৰু ৰোমাণ্টিকতাৰ উপৰি তেওঁৰ গীতত আছিল এক তীব্ৰ ঐতিহ্য চেতনা। লোকসাহিত্য আৰু লোকসংস্কৃতিয়েহে যে এটা জাতিৰ প্ৰকৃত ঐতিহ্য বহন কৰে, সেয়া তেওঁ গভীৰভাৱে উপলব্ধি কৰিছিল। অসম নানা জাতি-উপজাতিৰ মিলনভূমি। জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে হিংসা, দ্বেষ আৰু বিভেদ পৰিহাৰ কৰি সকলোৱে একগোট হৈ শ্ৰম কৰিলেহে যে দেশ উন্নতিৰ পথত আগুৱাই যাব, সেই কথা সোঁৱৰাই তেওঁ গাইছিলঃ

"নানা জাতি উপজাতি ৰহনীয়া কৃষ্টি
এই মোৰ অসম দেশ
বিভেদ পৰিহৰি নিজ হাতে শ্ৰম কৰি
দেশক নগঢ়িলে এই দেশ হ'ব নিঃশেষ...."
 
ব্ৰহ্মপুত্ৰৰ দৰে বিশাল নদীক মহামিলনৰ প্ৰতীক হিচাপে গ্ৰহণ কৰি এই মহাতীৰ্থত নতুন ভাৰত তথা নতুন অসম গঢ়াৰ সপোন দেখি তেওঁ ৰচিছিলঃ

"মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ
কতযুগ ধৰি আহিছে প্ৰকাশী
সমন্বয়ৰ অৰ্থ…"
 
যেতিয়া ভাৰতবৰ্ষত ৰাজনীতিক পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ হোৱা দেখিছিল, তেতিয়া তেওঁৰ শিল্পী মন উদ্বিগ্ন হৈ পৰিছিল। চতুৰ ৰাজনীতিকে ক্ষমতা লাভৰ স্বাৰ্থত হিন্দু-মুছলমান, শিখ-খ্ৰীষ্টানৰ মাজত প্ৰাচীৰ ঠিয় কৰোৱা আৰু সংখ্যালঘু-সংখ্যাগুৰুৰ সংজ্ঞাৰে মানুহক ভাগ কৰা কাৰ্যক তেওঁ তীব্ৰ বিৰোধিতা কৰিছিল।
 
ৰাষ্ট্ৰপতি পুৰস্কাৰ গ্ৰহণ কৰা মুহূৰ্তত ডঃ ভূপেন হাজৰিকা
 
তেওঁ স্পষ্টকৈ কৈছিল, "ভাৰতবৰ্ষত আজিকালি ৰাজনীতি বহু তললৈ গ'ল। হয়তো সেইকাৰণে মানুহে ৰাজনীতিক ঘৃণা কৰিবলৈ লৈছে। ৰাজনীতিক পণ্য দ্ৰব্যৰ দৰে ব্যৱহাৰ হোৱা দেখি ৰাইজে আস্থা হেৰুৱাই পেলাইছে। হিন্দু-মুছলমান, শিখ-ইচাইৰ মাজত এক প্ৰাচীৰ থিয় কৰাই চতুৰ ৰাজনীতিকে জাত-পাতৰ ৰাজনীতিৰে ক্ষমতা লাভৰ প্ৰতিযোগিতাত হাত উজান দিছে। এইবোৰ দেখি শুনি দুখ লাগে। সংখ্যালঘু-সংখ্যাগুৰুৰ সংজ্ঞাৰে মানুহক ভাগ কৰাৰ ৰাজনীতিক মানুহে ঘৃণা কৰিবই। পিছে আজান ফকীৰক জানো কোনোবাই সংখ্যালঘু-সংখ্যাগুৰুৰ সেইডাল শিকলিৰে বান্ধি ৰাখিব পাৰিব?"
 
সেয়েহে সম্প্ৰীতিৰ সুৰ তুলি তেওঁ গাইছিলঃ
 
''আল্লাৰ বিনে কেউ নাই আন, ঐ আল্লাহে
........
 
দুনীয়ালৈ আহিলো, ৰঙে ৰূপে বেহালো
নেবেহালো মাণিকৰ হাৰ
সময়ৰে মাধুৰী পাই ৰছিদলৈ মনত নাই
নুশুনিলো অময়াৰ মাত...’’
 
তেওঁৰ গীতত হিন্দু-মুছলমানৰ সম্প্ৰীতি আৰু ভাতৃত্ববোধ অতি নিটোল ৰূপত প্ৰতিফলিত হৈছিলঃ
 
"মৰুৰ দেশৰে আজান ফকিৰে 
মধুৰ জিকিৰ ৰচিলে..."
 
লগতে জতি-বৰ্ণৰ প্ৰাচীৰ ভাঙি এখন সাম্যৰ সমাজ গঢ়াৰ সপোন দেখি গাইছিলঃ

"হৰিজন পাহাৰী
হিন্দু মুছলিমৰ
বড়ো কোচ চুতীয়া কছাৰী আহোমৰ
অন্তৰ ভেদি মৌ বোৱাম..."
 
ভূপেন হাজৰিকাৰ অন্তৰত থকা প্ৰতিবাদী সত্তাটোক জগাই তোলাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে বিদ্ৰোহী সত্তাৰ সান্নিধ্যই বিশেষ ভূমিকা লৈছিল। আমেৰিকাৰ পৰা ঘূৰি আহি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক পল ৰবছনৰ প্ৰসংগত তেওঁ কৈছিল, “মই আমেৰিকাৰ বিষ্ণু ৰাভাক লগ পাই আহিলোঁ”। আমেৰিকাত থকা কালত বিশ্ববৰেণ্য মানৱতাবাদী শিল্পী চাৰ্লি চেপলিনৰ বহিষ্কাৰৰ দৰে ঘটনাই আৰু শিল্পী-সাহিত্যিকৰ ওপৰত চলা নিৰ্যাতনে তেওঁক বৰ্ণ-বৈষম্যৰ পৰা মুক্ত এখন পৃথিৱীৰ হকে যুঁজিবলৈ উদ্বুদ্ধ কৰিছিল।
 
তেওঁৰ মানৱতাবোধ কেৱল অসম বা ভাৰততে আৱদ্ধ নাছিল; ই আছিল সম্পূৰ্ণ বিশ্বজনীন। সুদূৰ মিচৰৰ কৃষকৰ বেদনাও তেওঁৰ গীতত অনুৰণিত হৈছিলঃ
 
"...মিচৰ দেশৰে নীল নৈৰ পাৰৰে
ফাল্লাহীনে বিনালে
কৈ কৃষকৰ বুকুৰে বেথা..."
 
তেওঁৰ গীত কেৱল অৱসৰ বিনোদনৰ আহিলা নাছিল, ই আছিল নিৰাশা আৰু আস্থাহীনতাৰ অন্ধকাৰ ফালি পোহৰলৈ যোৱাৰ অস্ত্ৰ। সেয়ে তেওঁ গাইছিলঃ
 
"মোৰ গান হওক
বহু আস্থাহীনতাৰ বিপৰীতে এক
গভীৰ আস্থাৰ গান..."
 
অসমৰ লগতে সৰ্বভাৰতীয় পৰ্যায়তো তেওঁ উজলি উঠিছিল। আশী-নব্বৈৰ দশকত বলিউডত ‘দিল হুম হুম কৰে’, ‘গংগা বেহতী হো কিউ’, ‘চুপকে চুপকে’ আদি গীতেৰে তেওঁ সমগ্ৰ ভাৰতবাসীক মন্ত্ৰমুগ্ধ কৰিছিল। তদুপৰি বাংলাদেশতো তেওঁ আছিল প্ৰচুৰ জনপ্ৰিয়। তেওঁৰ অসামান্য প্ৰতিভাৰ প্ৰতি সন্মান জনাই বাংলাদেশ চৰকাৰে তেওঁক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘মুক্তিযোদ্ধা পদক’ প্ৰদান কৰিছিল।
 
ভাৰততে নহয়, দেশ-বিদেশৰ শত-সহস্ৰ জনতাক গীতেৰে, সুৰেৰে মন্ত্ৰমুগ্ধ কৰি ৰাখিব পৰা এগৰাকী নিভাঁজ অসমীয়া আছিল ড০ ভূপেন হাজৰিকা। অসমৰ কোনোবা অখ্যাত গাঁৱৰ ‘ৰংমন’ৰ পৰা বিশ্ববিখ্যাত নীলনদীৰ পাৰৰ ‘জন’লৈকে, আমাৰ শংকৰ গুৰুৰ পৰা মাৰ্ক টোৱেইন, মেক্সিম গৰ্কি অথবা নেলচন মেণ্ডেলালৈকে— সকলোৱেই স্থান পাইছে ভূপেন হাজৰিকাৰ বিশাল সৃষ্টিৰাজিত। তেওঁৰ এই দৰ্শন আৰু গীতৰ সুৰ আজিও সমাজৰ বাবে এক শক্তিশালী অস্ত্ৰ আৰু প্ৰেৰণাৰ উৎস। আজি পৱিত্ৰ জন্মতিথিত তেওঁৰ এই মানৱতাবাদী দৰ্শনক উপলব্ধি কৰাই হ'ব তেওঁৰ প্ৰতি জনোৱা সৰ্বশ্ৰেষ্ঠ শ্ৰদ্ধাঞ্জলি।