নিকুঞ্জ নাথ / গুৱাহাটী
ভাদ মাহৰ কৃষ্ণ পক্ষৰ অন্ধকাৰ নিশা। বাহিৰত প্ৰচণ্ড ধুমুহা আৰু মুষলধাৰ বৰষুণ, অথচ সমগ্ৰ পৃথিৱী যেন ৰৈ আছিল এক পৰম পোহৰৰ আগমনৰ অপেক্ষাত। ভাৰতীয় আধ্যাত্মিক দৰ্শনত ভগৱান শ্ৰীকৃষ্ণ কেৱল এগৰাকী অৱতাৰী পুৰুষেই নহয়, তেওঁ হৈছে পৰমানন্দ, নিৰ্মল প্ৰেম আৰু বিশ্বজনীন সমন্বয়ৰ চিৰন্তন প্ৰতীক। তেওঁৰ জন্ম কেৱল এক ঐতিহাসিক বা পৌৰাণিক কাহিনীয়েই নহয়; মানৱ জীৱনৰ উত্তৰণৰ এক জীৱন্ত নিদৰ্শন, যিয়ে যুগ যুগ ধৰি মানৱ জাতিক ধৰ্ম, প্ৰেম আৰু কৰ্মৰ পথ প্ৰদৰ্শন কৰি আহিছে।
শ্ৰীমদ্ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই নিজেই অৱতাৰৰ ৰহস্য ভেদ কৰি কৈছেঃ
"যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত।
*অভ্যুত্থানম অধৰ্মস্য তদাত্মানং সৃজাম্যহম্।।" (-গীতা ৪.৭)
অৰ্থাৎ, যেতিয়াই ধৰ্মৰ অৱনতি ঘটে আৰু অধৰ্মৰ প্ৰাদুৰ্ভাৱ হয়, তেতিয়াই ভগৱান শ্ৰীকৃষ্ণই নিজ ইচ্ছাৰে অৱতাৰ ধাৰণ কৰে। তেওঁ পুনৰ কৈছেঃ
"পৰিত্ৰাণায় সাধুনাং বিনাশায় চ দুষ্কৃতাম।
ধৰ্মসংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে।।" (-গীতা ৪.৮)
পৰমেশ্বৰ ভগৱান সদায় তেওঁৰ দিব্য ধামত বিৰাজ কৰে, কিন্তু যেতিয়া তেওঁ এই ভৌতিক জগতলৈ নামি আহে, তেতিয়া তেওঁক 'অৱতাৰ' বোলা হয়। ইয়াৰ কাৰণ হ'ল ভক্তসকলক উদ্ধাৰ কৰিবলৈ আৰু দুষ্টক বিনাশ কৰিবলৈ তেওঁ মৰ্ত্যলৈ নামি আহে। হিন্দু দৰ্শনত পুৰুষ অৱতাৰ, গুণাৱতাৰ, লীলাৱতাৰ, শক্ত্যাৱেশ অৱতাৰ, মন্বন্তৰ অৱতাৰ আৰু যুগাৱতাৰ আদি বহু প্ৰকাৰৰ অৱতাৰৰ উল্লেখ আছে। কিন্তু ভগৱান শ্ৰীকৃষ্ণ হৈছে স্বয়ং পৰমেশ্বৰ আৰু সকলো অৱতাৰৰ মূল উৎস। তেওঁ যিকোনো ধৰণেৰে দুষ্টক বিনাশ কৰিব পাৰে।
প্ৰতিনিধিত্বমূলক ছবি
প্ৰকৃততে তেওঁ বিশেষভাৱে অৱতাৰ লোৱাৰ কোনো প্ৰয়োজন নাই। বৃন্দাবনত তেওঁৰ প্ৰকৃত লীলা চাবলৈ আগ্ৰহী নিষ্কাম, শুদ্ধ ভক্তসকলৰ দুখ-কষ্ট দূৰ কৰি তেওঁলোকক আনন্দ প্ৰদান কৰাৰ বিশেষ উদ্দেশ্যেৰেই ভগৱান কৃষ্ণই অৱতাৰ গ্ৰহণ কৰে। পৰমেশ্বৰ ভগৱান কেৱল ভাৰতভূমিতহে অৱতীৰ্ণ হয় বুলি ভবাটো ভুল; তেওঁ যিকোনো সময়তে, যিকোনো ঠাইতে আৱিৰ্ভাৱ হ'ব পাৰে। কেতিয়াবা তেওঁ নিজে আৱিৰ্ভাৱ হয়, কেতিয়াবা নিজৰ প্ৰামাণিক প্ৰতিনিধি পঠায়, নতুবা নিজে ছদ্মৱেশত দেখা দিয়ে। কিন্তু তেওঁৰ মূল উদ্দেশ্য একেই থাকে: মানুহৰ মনত ধৰ্মীয় অনুভূতি জগাই তোলা। ব্ৰহ্মাৰ এদিনৰ সপ্তম মনুৰ আঠাইছসংখ্যক চতুৰ্যুগৰ দ্বাপৰ যুগৰ শেষৰ ফালে ভগৱান শ্ৰীকৃষ্ণৰ এই ধৰাত আৱিৰ্ভাৱ হৈছিল।
শ্ৰীকৃষ্ণৰ জন্ম-কাহিনী আমি সকলোৱে জানো, কিন্তু এই সাধাৰণ যেন লগা কাহিনীটোৰ আঁৰত লুকাই আছে মানৱ জীৱনৰ এক গভীৰ আধ্যাত্মিক ৰহস্য।
ভগৱান শ্ৰীকৃষ্ণৰ মাতৃ দৈৱকী হৈছে আমাৰ এই নশ্বৰ শৰীৰৰ প্ৰতীক, আনহাতে পিতৃ বাসুদেৱ হৈছে প্ৰাণ বা জীৱনীশক্তিৰ প্ৰতীক। যেতিয়া এই শৰীৰৰ মাজেৰে প্ৰাণশক্তি প্ৰৱাহিত হয়, তেতিয়া আনন্দৰ জন্ম হয় (যি পৰমানন্দৰ প্ৰতীক হৈছে ভগৱান শ্ৰীকৃষ্ণ)। কিন্তু সেই একে সময়তে, অহংকাৰে সেই পৰমানন্দক ধ্বংস কৰিবলৈ বিচাৰে। এই অহংকাৰৰ প্ৰতীক হৈছে কৃষ্ণৰ মোমায়েক, নিষ্ঠুৰ ৰজা কংস। মানৱ শৰীৰৰ জন্মৰ লগে লগেই এই অহংকাৰৰো জন্ম হয়, সেয়েহে শৰীৰৰূপী দৈৱকী হৈছে অহংকাৰৰূপী কংসৰ ভনীয়েক।
প্ৰতিনিধিত্বমূলক ছবি
য’ত আনন্দ থাকে, তাত কেতিয়াও অহংকাৰ থাকিব নোৱাৰে। শ্ৰীকৃষ্ণ হৈছে সুখ, আনন্দ আৰু স্বাভাৱিকতাৰ প্ৰতীক। সেয়ে অহংকাৰ আৰু প্ৰেমৰ মাজত অহৰহ যুদ্ধ চলি থাকে। মানুহৰ অন্তৰত যেতিয়া প্ৰেমৰ উদয় হয়, তেতিয়া অহংকাৰ গলি গৈ বিলীন হৈ পৰে।
যেতিয়া জীৱনত সুখ আৰু আনন্দ (শ্ৰীকৃষ্ণ) নাথাকে, তেতিয়া নিজৰ শৰীৰটোৱেই এক কাৰাগাৰ যেন অনুভৱ হয়। আমাৰ পঞ্চেন্দ্ৰিয়- চকু, কাণ, নাক, জিভা আৰু ছাল হৈছে এই শৰীৰৰূপী কাৰাগাৰৰ প্ৰহৰী। ইহঁতে আনন্দৰ সন্ধানত সদায় বাহিৰৰ পৃথিৱীখনৰ ফালে চাই থাকে আৰু প্ৰকৃততে ইহঁত কংসৰ (অহংকাৰৰ) ৰক্ষী। কিন্তু যেতিয়া কাৰাগাৰত (শৰীৰত) পৰমানন্দৰ (শ্ৰীকৃষ্ণৰ) জন্ম হ'ল, তেতিয়া সকলো ইন্দ্ৰিয় শুই পৰিল। ইয়াৰ অৰ্থ হ'ল- যেতিয়া কোনো ব্যক্তি অন্তৰ্মুখী হৈ নিজৰ অন্তৰত জন্ম লোৱা পৰমানন্দৰ ফালে আগবাঢ়ে, তেতিয়া বাহ্যিক ইন্দ্ৰিয়বোৰ শান্ত হৈ পৰে। পৰৱৰ্তী সময়ত অহংকাৰৰ (কংসৰ) পৰা সুৰক্ষিত কৰিবলৈ পৰমানন্দক (কৃষ্ণক) বৃন্দাবনলৈ (নন্দ আৰু যশোদাৰ গৃহলৈ) স্থানান্তৰ কৰা হয়। বাহিৰত সুখ বিচৰাতকৈ নিজৰ অন্তৰাত্মাত লুকাই থকা শ্ৰীকৃষ্ণৰূপী পৰমানন্দক জগাই তোলাটোহে এই কাহিনীৰ মূল বাৰ্তা।
পৌৰাণিক কাহিনী অনুসৰি, কৃষ্ণৰ আগমন বিপদৰ মাজেৰে আৰম্ভ হৈছিল। উত্তৰ প্ৰদেশৰ মথুৰাৰ এক কাৰাগাৰত কংসই নিজৰ ভনীয়েক দৈৱকী আৰু ভিনিয়েক বাসুদেৱক বন্দী কৰি ৰাখিছিল। কাৰণ এক আকাশবাণীয়ে কংসক সতৰ্ক কৰি দিছিল যে দেৱকীৰ অষ্টম গৰ্ভৰ সন্তানে তেওঁক বধ কৰিব। ভয়ত বিতত হৈ কংসই দৈৱকীৰ প্ৰথম ছটি সন্তানক নিষ্ঠুৰভাৱে হত্যা কৰিছিল। অৱশ্যে, ঐশ্বৰিক হস্তক্ষেপত সপ্তম সন্তান বলৰামক সুৰক্ষিতভাৱে বাসুদেৱৰ আন এগৰাকী পত্নী ৰোহিণীৰ গৰ্ভলৈ স্থানান্তৰিত কৰা হৈছিল।
প্ৰতিনিধিত্বমূলক ছবি
অৱশেষত সেই অষ্টম নিশা আহি পালেহি। বাহিৰত এক ভয়ংকৰ ধুমুহা-বৰষুণৰ মাজতে শ্ৰীকৃষ্ণৰ জন্ম হ'ল। এক ঐশ্বৰিক সত্তাৰ আগমনৰ প্ৰতীক স্বৰূপে চৌপাশে অলৌকিক ঘটনা ঘটিবলৈ ধৰিলে। বাসুদেৱক বান্ধি ৰখা কাৰাগাৰৰ শিকলি আপোনা-আপুনি ছিগি গ'ল, প্ৰহৰীসকল গভীৰ নিদ্ৰাত ঢলি পৰিল আৰু কাৰাগাৰৰ দুৱাৰ মুকলি হ'ল। আনকি পানীৰে উপচি পৰা যমুনা নদীয়েও দুভাগ হৈ বাসুদেৱক নৱজাতক পুত্ৰক নিৰাপদ স্থানলৈ লৈ যাবলৈ বাট এৰি দিলে। এই নিশাটোৱেই আছিল দুষ্টক দমন কৰি ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ অহা কৃষ্ণৰ অসাধাৰণ জীৱনৰ আৰম্ভণি।
ভগৱান শ্ৰীকৃষ্ণ কেৱল হিন্দু ধৰ্মালম্বীসকলৰ মাজতে আৱদ্ধ নহয়; তেওঁৰ প্ৰেম আৰু দৰ্শনে ধৰ্মীয় সীমাৰেখা অতিক্ৰম কৰি সকলোকে একতাৰ দোলেৰে বান্ধি আহিছে। জন্মাষ্টমী উৎসৱে ভাৰতবৰ্ষত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে। ইতিহাস সাক্ষী আছে, ৰসখান নামৰ এগৰাকী বিখ্যাত মুছলমান কবিয়ে ভগৱান কৃষ্ণৰ প্ৰতি মোহিত হৈ নিজৰ সমগ্ৰ জীৱন কৃষ্ণ-ভক্তি আৰু কৃষ্ণৰ বন্দনাত অতিবাহিত কৰিছিল। তেওঁৰ ৰচনাসমূহ আজিও কৃষ্ণ ভক্তসকলৰ বাবে অমূল্য সম্পদ।
কেৱল সেয়াই নহয়, আজিও উত্তৰ প্ৰদেশৰ মথুৰা আৰু বৃন্দাবনত শ্ৰীকৃষ্ণৰ মূৰ্তিৰ বাবে ধুনীয়া সাজ-পাৰ, মুকুট আৰু অলংকাৰ নিৰ্মাণ কৰা শিল্পীসকলৰ সৰহভাগেই হৈছে মুছলমান সম্প্ৰদায়ৰ লোক। তেওঁলোকে অতি ভক্তি আৰু শ্ৰদ্ধাৰে ভগৱানৰ সাজ-পাৰ প্ৰস্তুত কৰে। আনহাতে ভাৰতৰ বিভিন্ন প্ৰান্তত জন্মাষ্টমীৰ শোভাযাত্ৰা আৰু মেলাসমূহত হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ লোকে একেলগে অংশগ্ৰহণ কৰি ভাতৃত্ববোধৰ এক অপূৰ্ব নিদৰ্শন দাঙি ধৰে। শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰত যিদৰে বৃন্দাবনৰ সকলো জীৱ-জন্তু মুগ্ধ হৈছিল, ঠিক তেনেদৰে তেওঁৰ প্ৰেমে আজিও সমাজৰ সকলো বিভেদ পাহৰাই একতাৰ বাৰ্তা বিলাই আহিছে।
প্ৰতিনিধিত্বমূলক ছবি
হিন্দু কেলেণ্ডাৰ অনুসৰি শাওণ বা ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টম দিনা (অষ্টমী তিথি) সমগ্ৰ ভাৰততে অত্যন্ত ভক্তি আৰু উলাহেৰে জন্মাষ্টমী উৎসৱ পালন কৰা হয়। মাজনিশা শ্ৰীকৃষ্ণৰ প্ৰতীকী জন্মৰ পিছত, ভক্তসকলে শিশু কৃষ্ণৰ মূৰ্তিসমূহক স্নান কৰোৱাই নতুন সাজ-পাৰ পিন্ধায় আৰু দোলনা বা আসনত বহুৱায়। তাৰ পিছত ভক্তসকলে মিঠাই আৰু সুস্বাদু খাদ্য গ্ৰহণ কৰি উপবাস ভাঙে। মহিলাসকলে ঘৰৰ বাহিৰৰ পৰা পূজাস্থলীলৈ সৰু সৰু পদচিহ্ন আঁকি কৃষ্ণই তেওঁলোকৰ হৃদয়লৈ অহাৰ যাত্ৰাক প্ৰতিনিধিত্ব কৰে। সৰু সৰু ল'ৰা-ছোৱালীবোৰক ৰাধা আৰু কৃষ্ণৰ ৰূপত সজাই তোলাৰ দৃশ্যই সকলোৰে মন প্ৰফুল্লিত কৰে।
জন্মাষ্টমীৰ পিছদিনা পালন কৰা ৰোমাঞ্চকৰ 'দহি হাণ্ডি'ৰ জৰিয়তে এই উৎসৱৰ সামৰণি পৰে। গাখীৰ, দৈ, মাখন, মৌ আৰু ফল-মূলৰ এক সুস্বাদু মিশ্ৰণেৰে উপচি পৰা এটা ডাঙৰ মাটিৰ কলহ ২০ ৰ পৰা ৪০ ফুট উচ্চতাত আঁৰি থোৱা হয়। শক্তিমান যুৱক আৰু ল'ৰাবোৰে মিলি এক দুঃসাহসিক মানৱ পিৰামিড গঠন কৰি ক্ৰমান্বয়ে ওপৰলৈ উঠি যায়। আটাইতকৈ ওপৰত থকাজনে কলহটো স্পৰ্শ কৰি ভাঙি পেলায় আৰু সমগ্ৰ দলটোৰ ওপৰত মাখনৰ বৰষুণ নমাই আনে। ইয়াৰ লগতে ৰছীডালত টকাৰ নোট বান্ধি থোৱা হয়, যিটো পৰৱৰ্তী সময়ত অংশগ্ৰহণকাৰীসকলৰ মাজত ভগাই দিয়া হয়।
এই দহি হাণ্ডিৰ অনুপ্ৰেৰণা ভগৱান শ্ৰীকৃষ্ণৰ ল'ৰালি কালৰ ধেমেলীয়া লীলাৰ পৰাই অহা। প্ৰবাদ আছে যে মাখনৰ প্ৰতি থকা দুৰ্বলতাৰ বাবেই কৃষ্ণই চুবুৰীয়াৰ ঘৰৰ পৰা মাখন চুৰি কৰিছিল। মহিলাসকলে কলহবোৰ তেওঁ ঢুকি নাপোৱাকৈ ওখকৈ আঁৰি থৈছিল যদিও বুদ্ধিমান কৃষ্ণই তেওঁৰ লগৰীয়াসকলৰ সৈতে মানৱ পিৰামিড গঠন কৰি সেইবোৰ ঢুকি পাইছিল। শ্ৰীকৃষ্ণ জন্মাষ্টমী সেয়েহে কেৱল এক উৎসৱ নহয়; ই হৈছে মানৱ মনৰ পৰা অহংকাৰ দূৰ কৰি, সমাজত সম্প্ৰীতি আৰু প্ৰেম প্ৰতিষ্ঠা কৰাৰ এক চিৰন্তন ঐশ্বৰিক আহ্বান।