আল্লামা ইকবাল গৌতম বুদ্ধৰ দ্বাৰা কিয় প্ৰভাৱিত হৈছিল?

Story by  atv | Posted by  [email protected] • 1 h ago
আল্লামা ইকবাল আৰু গৌতম বুদ্ধ
আল্লামা ইকবাল আৰু গৌতম বুদ্ধ
 
গৌছ ছিৱানী
 
আল্লামা মহম্মদ ইকবালৰ কালজয়ী শ্বায়েৰী আৰু গভীৰ চিন্তাধাৰাত ইতিহাসৰ মহান ব্যক্তিসকলে সদায় এক বিশেষ আৰু সন্মানীয় স্থান লাভ কৰি আহিছে। তেনে এগৰাকী মহানুভৱ সত্তা হৈছে গৌতম বুদ্ধ, যাক ইকবালে সশ্ৰদ্ধ চিত্তে সোঁৱৰণ কৰিছে। ইকবালৰ দৃষ্টিত গৌতম বুদ্ধ কেৱল এজন ধৰ্মীয় গুৰুৱেই নাছিল, তেওঁ আছিল মানৱতা, প্ৰেম, কৰুণা, আত্মসংযম আৰু নৈতিক পৰিৱৰ্তনৰ এক মহান দূত। বুদ্ধই কেৱল সমাজ আৰু ৰাজনীতিকেই নহয়, সমগ্ৰ বিশ্বৰ সংস্কৃতি আৰু চিন্তাজগতক গভীৰভাৱে প্ৰভাৱিত কৰিছিল।
 
বুদ্ধৰ এই অহিংসা আৰু প্ৰেমৰ বাৰ্তা এছিয়াৰ এক বিশাল অংশলৈ বিয়পি পৰিছিল আৰু কোটি কোটি মানুহ তেওঁৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। বিশ্বৰ বহুতো আগশাৰীৰ দাৰ্শনিক আৰু চিন্তাবিদে গৌতম বুদ্ধৰ বিষয়ে লিখিছে আৰু আল্লামা ইকবালও তাৰ ব্যতিক্ৰম নহয়। ইকবালে তেওঁৰ শ্বায়েৰীৰ কেইবাঠাইতো বুদ্ধৰ কথা উল্লেখ কৰিছে। ইয়াৰ উপৰি, তেওঁৰ বিখ্যাত ফাৰ্চী গ্ৰন্থ "জাভেদ নামা"তো বুদ্ধক শ্ৰদ্ধাৰে সুঁৱৰিছে।
 
বিশ্বৰ বুকুত গৌতম বুদ্ধৰ প্ৰভাৱ
 
ইতিহাসত এনে এক সময় আছিল যেতিয়া চীনৰ পৰা ইৰানলৈকে গৌতম বুদ্ধৰ অসংখ্য অনুগামী বিয়পি আছিল। ভাৰত, আফগানিস্তান আৰু মধ্য এছিয়াৰ কেইবাখনো দেশত বৌদ্ধ ধৰ্মৰ ব্যাপক প্ৰভাৱ আছিল। সেইবাবেই আজিও এই অঞ্চলসমূহত বৃহৎ পৰিমাণৰ বৌদ্ধ স্তূপ আৰু বুদ্ধৰ মূৰ্তি দেখিবলৈ পোৱা যায়।
 
বিহাৰ আৰু উত্তৰ প্ৰদেশত বৌদ্ধ ধৰ্মৰ প্ৰধান কেন্দ্ৰ আছিল, যাৰ ঐতিহাসিক প্ৰমাণ পাটনাস্থিত নালন্দাৰ পৰা অযোধ্যালৈকে বিয়পি আছে। কাশ্মীৰো আছিল বৌদ্ধ ধৰ্মৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ। আজিৰ পাকিস্তান আৰু আফগানিস্তান এসময়ত গান্ধাৰ সভ্যতাৰ প্ৰধান ক্ষেত্ৰ আছিল, য’ত বৌদ্ধ ধৰ্মৰ প্ৰচুৰ বিকাশ ঘটিছিল। বৰ্তমানৰ তাজিকিস্তান, উজবেকিস্তান, তুৰ্কমেনিস্তান, আজাৰবাইজান আৰু ইৰাণলৈকেও বৌদ্ধ ধৰ্মৰ অনুগামীসকল বিস্তৃত আছিল।
 
আনকি পয়গম্বৰ মহম্মদ (ছাঃ)ৰ সময়তো আৰৱ দেশসমূহত বৌদ্ধ ভিক্ষুসকলৰ উপস্থিতি আছিল। তেওঁলোকে পৰিধান কৰা ৰঙা বস্ত্ৰৰ বাবে তেওঁলোকক "মুহাম্মাৰা" (ৰঙা কাপোৰ পিন্ধা লোক) বুলি কোৱা হৈছিল। ইতিহাসবিদসকলৰ মতে, আৰৱৰ লোকসকল গৌতম বুদ্ধৰ মূৰ্তিৰ লগতো পৰিচিত আছিল।
 
বৰ্তমান চীন, জাপান, তিব্বত, কম্বোডিয়া, ম্যানমাৰ, ভূটান, শ্ৰীলংকা, থাইলেণ্ড, লাওচ, ভিয়েটনাম, দক্ষিণ কোৰিয়া আৰু মংগোলিয়াৰ দৰে দেশসমূহত বৃহৎ সংখ্যক বৌদ্ধ ধৰ্মাৱলম্বী লোক আছে। যিখন ভাৰতবৰ্ষত বৌদ্ধ ধৰ্মৰ জন্ম হৈছিল, তাত বৰ্তমান বৌদ্ধসকলৰ জনসংখ্যা এক শতাংশতকৈও কম। তথাপি, বৌদ্ধ ধৰ্মক আজিও বিশ্বৰ চতুৰ্থ বৃহত্তম ধৰ্ম হিচাপে গণ্য কৰা হয়।

ইতিহাসৰ প্ৰেক্ষাপটত গৌতম বুদ্ধ
 
গৌতম বুদ্ধ কোনো কাল্পনিক বা পৌৰাণিক চৰিত্ৰ নাছিল, তেওঁ আছিল এগৰাকী বাস্তৱ ঐতিহাসিক ব্যক্তি। ইতিহাসবিদসকলৰ মতে, খ্ৰীষ্টপূৰ্ব ষষ্ঠৰ পৰা চতুৰ্থ শতিকাৰ ভিতৰত লুম্বিনীৰ (বৰ্তমানৰ নেপাল) কপিলবস্তুৰ সমীপত তেওঁৰ জন্ম হৈছিল আৰু কুশীনগৰত (বৰ্তমানৰ উত্তৰ প্ৰদেশ) তেওঁৰ মহাপৰিনিৰ্বাণ ঘটিছিল।
 
ব্ৰিটেনিকাৰ মতে "বুদ্ধ" শব্দৰ অৰ্থ হ'ল- এনে এজন জাগ্ৰত আৰু জ্ঞানপ্ৰাপ্ত ব্যক্তি, যি অজ্ঞতাৰ পৰা মুক্ত হৈ দুখ আৰু যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাইছে। গৌতম বুদ্ধৰ বংশগত নাম আছিল গৌতম আৰু তেওঁৰ প্ৰকৃত নাম আছিল সিদ্ধাৰ্থ।
 
তেওঁৰ জীৱনৰ বিষয়ে মূলতঃ বৌদ্ধ ধৰ্মগ্ৰন্থসমূহৰ পৰাই জানিব পৰা যায়। যিহেতু এই গ্ৰন্থসমূহ তেওঁৰ মৃত্যুৰ কেইবাশ বছৰ পিছতহে ৰচনা কৰা হৈছিল, সেয়েহে ইয়াত বৰ্ণিত সকলো ঘটনাকে সম্পূৰ্ণ ঐতিহাসিক বুলি ধৰিব নোৱাৰি। তথাপি আধুনিক ইতিহাসবিদসকলে এই কথাত একমত যে গৌতম বুদ্ধ এগৰাকী বাস্তৱিক ঐতিহাসিক ব্যক্তি আছিল।
 
পৰম্পৰা অনুসৰি, গৌতম বুদ্ধই প্ৰায় ৮০ বছৰ বয়সত জীৱন ত্যাগ কৰিছিল। অৱশ্যে তেওঁৰ মহাপৰিনিৰ্বাণৰ সঠিক তাৰিখক লৈ মতানৈক্য আছে। বিভিন্ন বৌদ্ধ পৰম্পৰাই ইয়াক খ্ৰীষ্টপূৰ্ব ২৪২০-ৰ পৰা ২৯০-ৰ ভিতৰৰ ভিন ভিন তাৰিখৰ সৈতে জড়িত কৰিছে।
 
বুদ্ধৰ জীৱন দৰ্শন আৰু মহান শিক্ষা
 
গৌতম বুদ্ধৰ প্ৰকৃত শিক্ষাসমূহ কি আছিল, সেয়া সম্পূৰ্ণৰূপে নিশ্চিত নহয়। কিন্তু বৰ্তমান বৌদ্ধ ধৰ্মত এইটো বিশ্বাস কৰা হয় যে সমগ্ৰ সৃষ্টি কৰ্মৰ নিয়ম অনুসৰি চলে। ভাল কৰ্মই ভৱিষ্যতে সুখ কঢ়িয়াই আনে আৰু বেয়া কৰ্ম দুখ আৰু যন্ত্ৰণাৰ কাৰণ হৈ পৰে।
 
বৌদ্ধ ধৰ্ম অনুসৰি, সকলো জীৱই বাৰে বাৰে জন্ম লয় আৰু মৃত্যুবৰণ কৰে। এই অন্তহীন চক্ৰটোক 'সংসাৰ' বোলা হয়, যাৰ অৰ্থ হৈছে অহৰহ বিচৰণ। বৌদ্ধ ধৰ্মৰ মতে সংসাৰ দুখৰে ভৰা আৰু ইয়াৰ শিক্ষাৰ মূল উদ্দেশ্যই হৈছে মানুহক এই দুখৰ পৰা মুক্তি দিয়া। গৌতম বুদ্ধৰ জীৱনৰ ঘটনাসমূহ ভিন ভিন ৰূপত সংৰক্ষিত হৈ আছে। আটাইতকৈ প্ৰাচীন উৎস হৈছে সেই উপদেশ আৰু প্ৰৱচনসমূহ, যিবোৰ স্বয়ং বুদ্ধৰ সৈতে জড়িত বুলি বিশ্বাস কৰা হয়।
 
এই সূত্ৰসমূহত বুদ্ধই নিজৰ জীৱনৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘটনাৰ উল্লেখ কৰিছে। বিশেষকৈ সেই সময়ৰ কথা, যেতিয়া তেওঁ ৰাজকুমাৰৰ বিলাসী জীৱন ত্যাগ কৰিছিল আৰু ছবছৰৰ কঠোৰ সাধনাৰ অন্তত জ্ঞান লাভ কৰিছিল। এই গ্ৰন্থসমূহত তেওঁৰ জ্ঞানপ্ৰাপ্তিৰ ঘটনাৱলীৰো বৰ্ণনা পোৱা যায়। অৱশ্যে প্ৰাৰম্ভিক সূত্ৰসমূহত তেওঁৰ জন্ম আৰু শৈশৱৰ বিষয়ে খুব কম তথ্যহে সন্নিবিষ্ট কৰা হৈছে।
 
ব্ৰিটেনিকাৰ মতে, বুদ্ধ বৰ্তমান তেওঁৰ শিক্ষা সম্বলিত ধৰ্মগ্ৰন্থ আৰু তেওঁৰ মূৰ্তিসমূহৰ ৰূপত বিশ্বত উপস্থিত থকা বুলি মানি লোৱা হয়। কিন্তু তেওঁৰ জীৱনকালত তেওঁৰ মূৰ্তি নিৰ্মাণ কৰা হৈছিল বুলি কোনো ঐতিহাসিক প্ৰমাণ পোৱা নাযায়।
 
ভাৰতীয় কলাৰ পণ্ডিতসকলে দীৰ্ঘদিন ধৰি এই কথাক লৈ আলোচনা কৰি আহিছে যে বৌদ্ধ ধৰ্মৰ প্ৰাৰম্ভিক স্মাৰকসমূহত বুদ্ধৰ মানৱীয় আকৃতি কিয় দেখা নাযায়। কিছুমান পণ্ডিতৰ মতে, প্ৰাৰম্ভিক বৌদ্ধ ধৰ্মত বুদ্ধৰ প্ৰতিমা নিৰ্মাণ গ্ৰহণযোগ্য নাছিল আৰু তেওঁৰ পৰিচয় কেৱল প্ৰতীকৰ যোগেদিহে প্ৰকাশ কৰা হৈছিল।
 
আল্লামা ইকবাল
 
অৱশ্যে বৰ্তমান বৌদ্ধ ধৰ্মত ধৰ্মীয় ৰীতি-নীতিৰে স্থাপিত বুদ্ধৰ মূৰ্তিসমূহ উপাসনাৰ এক গুৰুত্বপূৰ্ণ অংশ। চতুৰ্থ বা পঞ্চম শতিকাৰ শিলালিপিসমূহৰ পৰা জনা যায় যে ভাৰতৰ বৌদ্ধ বিহাৰসমূহত সাধাৰণতে এটা বিশেষ কক্ষ আছিল, যাক 'সুগন্ধিত কক্ষ' বুলি কোৱা হৈছিল। তাত বুদ্ধৰ মূৰ্তি ৰখা হৈছিল। সেই কক্ষটোক বুদ্ধৰ বাসস্থান বুলি গণ্য কৰা হৈছিল আৰু তাৰ সেৱা-শুশ্ৰূষাৰ বাবে বিশেষ ভিক্ষু নিযুক্তি দিয়া হৈছিল।
 
আল্লামা ইকবাল আৰু গৌতম বুদ্ধৰ আদৰ্শ
 
ইকবালৰ দৃষ্টিত গৌতম বুদ্ধ আছিল এক মহান ঐতিহাসিক ব্যক্তিত্ব আৰু ভাৰতৰ আধ্যাত্মিক ইতিহাসৰ এক উজ্জ্বল অধ্যায়। ইকবালৰ মতে, গৌতম বুদ্ধৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য আছিল এইটোৱেই যে তেওঁ মানুহক ঘৃণা, অন্যায় আৰু সামাজিক বৈষম্যৰ পৰা মুক্ত কৰাৰ প্ৰয়াস কৰিছিল।
 
বুদ্ধই প্ৰেম, কৰুণা, অহিংসা আৰু মানৱতাৰ বাৰ্তা প্ৰচাৰ কৰিছিল। যি সময়ত ভাৰতত উচ্চ-নীচ আৰু জাতিগত বৈষম্যৰ পৰিৱেশ বিৰাজ কৰিছিল, সেই সময়ত বুদ্ধই সকলো মানুহৰ সমতাৰ কথা কৈছিল। ইকবালে এই নৈতিক মূল্যবোধসমূহক গভীৰভাৱে সন্মান কৰে, কিয়নো তেওঁৰ নিজৰ শ্বায়েৰীয়েও মানুহৰ মৰ্যাদা, আত্মসন্মান আৰু নৈতিক উচ্চতাৰ বাৰ্তাই বহন কৰে।
 
অৱশ্যে, ইকবাল বৌদ্ধ দৰ্শনৰ কিছুমান দাৰ্শনিক ধাৰণাৰ সৈতে একমত নাছিল। তেওঁৰ মতে, জীৱনৰ উদ্দেশ্য সংসাৰৰ পৰা পলায়ন কৰা নহয়, বৰং ইয়াক উন্নত কৰাহে। ইকবালে তেওঁৰ "খুদী" (নিজক জনাৰ) দৰ্শনৰ জৰিয়তে মানুহক সক্ৰিয়, দৃঢ়মনা আৰু সৃজনশীল হ’বলৈ অনুপ্ৰেৰণা যোগায়। আনহাতে, তেওঁ বিশ্বাস কৰিছিল যে বৌদ্ধ ধৰ্মৰ কিছুমান পৰম্পৰাগত ব্যাখ্যাই মানুহক সংসাৰ ত্যাগ আৰু ইচ্ছাসমূহ দমন কৰাৰ ফালে লৈ যায়।
 
ইকবালৰ মতে ধৰ্মৰ প্ৰকৃত উদ্দেশ্য কেৱল ব্যক্তিৰ আভ্যন্তৰীণ সংস্কাৰেই নহয়, সমাজ নিৰ্মাণো। সেয়েহে তেওঁ এনে আধ্যাত্মিকতাৰ সমৰ্থক, যিয়ে মানুহক পৃথিৱীৰ সমস্যাৰ পৰা আঁতৰাই নিনি, বৰং অন্যায়, শোষণ আৰু অত্যাচাৰৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰেৰণা যোগায়। এই দৃষ্টিকোণৰ পৰাই তেওঁ গৌতম বুদ্ধৰ ব্যক্তিত্বক সন্মান কৰে যদিও ইছলামৰ শিক্ষাক অধিক ব্যাপক, ভাৰসাম্যপূৰ্ণ আৰু ব্যৱহাৰিক জীৱন-ব্যৱস্থা বুলি গণ্য কৰিছিল।
 
ইকবালে গৌতম বুদ্ধ, তেওঁৰ প্ৰভাৱ আৰু তেওঁৰ শিক্ষাসমূহৰ গভীৰ অধ্যয়ন কৰিছিল। ইয়াৰ এক কাৰণ আছিল তেওঁৰ পি এইচ ডি গৱেষণাৰ বিষয় আছিল ইৰানী দৰ্শন আৰু গৌতম বুদ্ধৰ প্ৰভাৱ ইৰানলৈকেও সম্প্ৰসাৰিত হৈছিল।
 
তেওঁৰ গৱেষণা গ্ৰন্থত তেওঁ এঠাইত লিখিছেঃ "এই চিন্তাৰ বিকাশত সেইসকল ভাৰতীয় ভ্ৰমণকাৰীৰ প্ৰভাৱ পৰিব পাৰে, যিসকলে ইৰানৰ মাজেৰে গৈ সেই সময়ত বাকুত থকা বৌদ্ধ মন্দিৰসমূহ দৰ্শন কৰিছিল। এই মতাদৰ্শক হুছেইন মনছুৰে সম্পূৰ্ণৰূপে 'ৱহদত-উল-ৱজুদ'ৰ ৰূপ দিছিল আৰু এজন প্ৰকৃত হিন্দু বেদান্তীৰ দৰে 'অনা-অল-হক' (অহম ব্ৰহ্মাস্মি) বুলি চিঞৰি উঠিছিল।" (ফলছাফা-এ-অজম, পৃষ্ঠা ১১১)
 
ইয়াৰ পৰা স্পষ্ট হয় যে ইকবালে ইৰানী দৰ্শনৰ ওপৰত গৌতম বুদ্ধৰ প্ৰভাৱ গভীৰভাৱে অধ্যয়ন কৰিছিল আৰু বুদ্ধৰ শিক্ষাক বুজিবলৈ চেষ্টা কৰিছিল। তেওঁ একেখন গ্ৰন্থতে পুনৰ লিখিছেঃ "বুদ্ধৰ মতে মানুহে তেতিয়াহে মুক্তি পাব পাৰে, যেতিয়া তেওঁ নিজৰ ইচ্ছাসমূহ বিনাশ কৰে আৰু আত্মাৰ বাসনা সম্পূৰ্ণৰূপে দমন কৰে।" (ফলছাফা-এ-অজম, পৃষ্ঠা ১৮৫ - ইকবালৰ পি এইচ ডি গৱেষণা গ্ৰন্থ, প্ৰকাশকঃ তছদ্দুক হুছেইন তাজ, হায়দৰাবাদ দাক্ষিণাত্য)
 
এই কথাবোৰৰ পৰা বুজা যায় যে ইকবালে কেৱল বুদ্ধৰ জীৱন আৰু শিক্ষাৰ গৱেষণাই কৰা নাছিল, তেওঁৰ প্ৰতি গভীৰ সন্মান আৰু প্ৰশংসাৰ ভাবো পোষণ কৰিছিল।
 
ইকবালৰ কালজয়ী শ্বায়েৰীত বুদ্ধৰ প্ৰতিফলন
 
ইকবালে কেইবাঠাইতো গৌতম বুদ্ধৰ প্ৰশংসা কৰিছে। এফালে তেওঁ তেওঁৰ কবিতা "নানক"ত বুদ্ধৰ মহানতাৰ কথা উল্লেখ কৰিছে আৰু আনফালে তেওঁৰ বিখ্যাত ফাৰ্চী ৰচনা "জাভেদ নামা"ত বুদ্ধৰ সৈতে এক কাল্পনিক সাক্ষাৎকাৰৰ চিত্ৰ দাঙি ধৰিছে। "নানক" কবিতাত তেওঁ কৈছেঃ
 
क़ौम ने पैग़ाम-ए-गौतम की ज़रा परवा न की
क़द्र पहचानी न अपने गौहर-ए-यक-दाना की
(কৌমে পৈগাম-এ-গৌতম কী জৰা পৰৱা নহী কী
কদ্ৰ পহছানী ন অপনে গোহৰ-এ-য়ক-দানা কী)
 
ইয়াৰ অৰ্থ হ'ল ভাৰতৰ মানুহে গৌতম বুদ্ধৰ বাৰ্তাক সঠিকভাৱে মূল্যায়ন নকৰিলে। বুদ্ধ এক অমূল্য আৰু অদ্বিতীয় ব্যক্তিত্ব আছিল, কিন্তু তেওঁৰ নিজৰ জাতিটোৱেই তেওঁৰ মহানতা বুজি নাপালে। "গোহৰ-এ-য়ক-দানা"ৰ অৰ্থ হ'ল এনে এক অমূল্য মুকুতা, যাৰ কোনো দ্বিতীয় উদাহৰণ নাই। ইয়াত বুদ্ধক তেনে এক বিৰল মুকুতাৰ সৈতে তুলনা কৰা হৈছে।
 
आह बदक़िस्मत रहे आवाज़-ए-हक़ से बेख़बर
ग़ाफ़िल अपने फल की शीरीनी से होता है शजर
(আহ বদকিস্মত ৰহে আৱাজ-এ-হক চে বেখবৰ
গাফিল অপনে ফল কী শীৰীনী চে হোতা হে শজৰ)
 
এই শ্বায়েৰীটোত ইকবালে আক্ষেপ কৰিছে যে ভাৰতৰ মানুহে সত্যৰ কণ্ঠ বুজিব নোৱাৰিলে। তেওঁ গছৰ উদাহৰণ দি কৈছে যে এডাল গছে কেতিয়াও নিজৰ ফলৰ মিঠা সোৱাদ নাজানে। ইয়াৰ সোৱাদ কেৱল ফল খোৱাজনেহে পায়। ঠিক সেইদৰে, এখন সমাজে প্ৰায়ে নিজৰ মহান লোকসকলৰ শলাগ লোৱাত ব্যৰ্থ হয়, অথচ বাহিৰৰ মানুহে তেওঁলোকৰ মহানতা চিনি পায়।
 
গৌতম বুদ্ধ (প্ৰতিনিধিত্বমূলক ছবি)
 
आश्कार उस ने किया जो ज़िंदगी का राज़ था
हिंद को लेकिन ख़याली फ़लसफ़ा पर नाज़ था
(অকছৰ উচ নে কিয়া জো জিন্দগী কা ৰাজ থা
হিন্দ কো লেকিন খয়ালী ফলছাফা পৰ নাজ থা)
 
ইয়াত ইকবালে কৈছে যে গৌতম বুদ্ধই মানুহক জীৱনৰ প্ৰকৃত ৰহস্য বুজাবলৈ চেষ্টা কৰিছিল। তেওঁ নৈতিকতা, আত্মসংযম আৰু আধ্যাত্মিক পৱিত্ৰতাৰ পথ দেখুৱাইছিল। লগতে দুখৰ পৰা মুক্তি আৰু নিৰ্বাণৰ পথো বৰ্ণনা কৰিছিল। কিন্তু সেই সময়ত ভাৰতৰ পণ্ডিতসকল কল্পনা আৰু তাত্ত্বিক দৰ্শনত বেছিকৈ আৱদ্ধ আছিল। সেয়েহে তেওঁলোকে বুদ্ধৰ ব্যৱহাৰিক বাৰ্তাৰ গুৰুত্ব সম্পূৰ্ণৰূপে বুজিব পৰা নাছিল।
 
शम्अ-ए-हक़ से जो मुनव्वर हो ये वह महफ़िल न थी
बारिश-ए-रहमत हुई लेकिन ज़मीं क़ाबिल न थी
(শমা-এ-হক সে জো মুনৱ্ৱৰ হো য়ে ৱহ মেহফিল ন থী
বাৰিশ-এ-ৰহমত হুয়ী লেকিন জমীঁ কাবিল ন থী)
 
ইয়াত ইকবালে এক সুন্দৰ প্ৰতীক ব্যৱহাৰ কৰিছে। "শমা-এ-হক" মানে হৈছে গৌতম বুদ্ধৰ সঁচা আৰু উজ্জ্বল শিক্ষা। তেওঁ কৈছে যে যিখন সমাজলৈ এই বাৰ্তা গৈছিল, সেইখন ইয়াক গ্ৰহণ কৰিবলৈ সাজু নাছিল। যেনেকৈ ভাল বৰষুণ হোৱাৰ পিছতো মাটি অনুৰ্বৰ হ'লে শস্য নগজে, ঠিক তেনেকৈ বুদ্ধৰ শিক্ষা মহান আছিল যদিও সমাজখনে তাৰ পৰা লাভৱান হ'বলৈ সক্ষম নাছিল।
 
बरहमन सरशार है अब तक मय-ए-पिंदार में
शम्अ-ए-गौतम जल रही है महफ़िल-ए-अग़्यार में
(ব্ৰহ্মণ সৰশাৰ হে অব তক ময়-এ-পিন্দাৰ মেং
শমা-এ-গৌতম জল ৰহী হে মহফিল-এ-অগ্যাৰ মেং)
 
এই শ্বায়েৰীটোত ইকবালে কৈছে যে পৰম্পৰাগত ধৰ্মীয় শ্ৰেণীটো আজিও নিজৰ অহংকাৰ আৰু গৌৰৱত নিমগ্ন হৈ আছে, আনহাতে গৌতম বুদ্ধৰ শিক্ষাই ভাৰতৰ বাহিৰত অধিক সন্মান আৰু গ্ৰহণযোগ্যতা লাভ কৰিলে। "মহফিল-এ-অগ্যাৰ"ৰ জৰিয়তে তেওঁ চীন, জাপান, শ্ৰীলংকা, থাইলেণ্ড, ম্যানমাৰ, তিব্বত আদি দেশসমূহলৈ ইংগিত কৰিছে, য'ত বৌদ্ধ ধৰ্ম আঁকোৱালি লোৱা হৈছিল।
 
‘জাভেদ নামা’ত বুদ্ধৰ প্ৰাসংগিকতা

আল্লামা ইকবালে তেওঁৰ দীঘলীয়া ফাৰ্চী কবিতা "জাভেদ নামা"ত শ্ৰদ্ধাৰে গৌতম বুদ্ধৰ কথা উল্লেখ কৰিছে। এই কবিতাটোৰ কল্পনা অনুসৰি মৌলানা ৰুমীয়ে ইকবালক আকাশ ভ্ৰমণলৈ লৈ যায়। এই যাত্ৰাকালত "তাচিন" নামৰ এখন ঠাইত তেওঁলোকৰ সাক্ষাৎ গৌতম বুদ্ধৰ সৈতে হয়।
 
বুদ্ধৰ উচ্চ চৰিত্ৰ আৰু মহান জীৱনক সন্মুখত ৰাখি ইকবালে কৈছেঃ
 
मये दीरीना व माशूक़-ए जवाँ चीज़े नीस्त
पेश-ए साहिब-नज़राँ हूर-ए जिनाँ चीज़े नीस्त
(ময়ে দীৰীনা ৱ মাশূক-এ জৱাঁ চিজ়ে নীস্ত
পেশ-এ চাহিদ-নজৰাঁ হূৰ-এ জিনাং ছিজ়ে নীস্ত)
 
ইয়াত ইকবালে কৈছে যে পুৰণি সুৰা, যৌৱনদীপ্ত প্ৰেমিক বা স্বৰ্গৰ অপ্সৰাও প্ৰকৃত জ্ঞানী লোকৰ বাবে জীৱনৰ আচল লক্ষ্য নহয়। তেওঁলোকে এইবোৰৰ ঊৰ্ধ্বলৈ গৈ ঈশ্বৰৰ পৰিচয়, সঁচা প্ৰেম আৰু আধ্যাত্মিক উচ্চতাক বেছি গুৰুত্ব দিয়ে। এই শ্বায়েৰীটোৰ আঁৰত বুদ্ধৰ সেই কাহিনী নিহিত আছে, যেতিয়া তেওঁ ৰাজপাট, প্ৰসাদ আৰু পৰিয়াল ত্যাগ কৰি সত্যৰ সন্ধানত ওলাইছিল।
 
हर चि अज़ मुहकम ओ पायंदा शनासी गुज़रद
कोह ओ सहरा ओ बर ओ बहर ओ कराँ चीज़े नीस्त
(হৰ চি অজ মুহকম ও পায়ন্দা শনাসী গুজ়ৰদ
কোহ ও চহৰা ও বৰ ও বহৰ ও কৰাঁ ছিজ়ে নীস্ত)
 
ইয়াৰ অৰ্থ হ'ল- যি মানুহে সত্যক চিনি পায়, তেওঁৰ বাবে পাহাৰ, অৰণ্য, পৃথিৱী, সাগৰ আৰু পৃথিৱীৰ সকলো ডাঙৰ বস্তুৱেই চিৰস্থায়ী নহয়। এদিন সকলো শেষ হৈ যাব, কেৱল ঈশ্বৰহে চিৰস্থায়ী।
 
दानिश-ए मग़रिबियान फ़लसफ़ा-ए मशरिकियान
हमा बुतख़ाना ओ दर तवाफ़-ए बुताँ चीज़े नीस्त
(দানীশ-এ মগৰিবিযান ফলছাফা-এ মশৰিকিয়ান
হমা বুতখানা ও দৰ তৱাফ-এ বুতাং ছিজ়ে নীস্ত)
 
ইকবালে কয় যে যদি পশ্চিমৰ জ্ঞান আৰু পূবৰ দৰ্শনে মানুহক ঈশ্বৰৰ কাষলৈ নিব নোৱাৰে, তেন্তে তাৰ কোনো বিশেষ লাভ নাই। কেৱল মগজু আৰু তৰ্কৰে লক্ষ্যস্থান পাব নোৱাৰি, ইয়াৰ বাবে আধ্যাত্মিক উপলব্ধিৰ প্ৰয়োজন। বুদ্ধৰ অন্বেষণ কেৱল যুক্তিৰ মাজতে আৱদ্ধ নাছিল। তেওঁ জীৱনক গভীৰভাৱে বুজিবলৈ চেষ্টা কৰিছিল।
 
अज़ ख़ुद अंदेश व अज़ीं बादिया तरसाँ मगुज़र
कि तू हस्ती व वुजूद ओ जहाँ चीज़े नीस्त
(অজ খুদ অন্দেশ ৱ অজীঁ বাদিয়া তৰসাঁ মগুজ়ৰ
কি তূ হস্তী ৱ ৱজুদ ও জহাং চিজ়ে নীস্ত)
 
গৌতম বুদ্ধৰ সন্ধান কেৱল যুক্তিৰ মাজতে সীমাবদ্ধ নাছিল। তেওঁ জীৱনটোক গভীৰভাৱে বুজিবলৈ বিচাৰিছিল। কোৱা হয় যে এজন ৰোগী আৰু তাৰ পিছত এজন মৃত মানুহক দেখাৰ পিছত তেওঁ জীৱনৰ সত্যৰ ওপৰত চিন্তা কৰিবলৈ ধৰিলে। এনে দৃশ্য সকলোৱে প্ৰত্যক্ষ কৰে যদিও বুদ্ধই সেইবোৰৰ পৰা শিকি সত্যৰ সন্ধানত ৰাওনা হ’ল।
 
दर तरीक़े कि ब-नोक-ए मुझा कावीदम मन
मंज़िल ओ क़ाफ़िला ओ रेग-ए रवाँ चीज़े नीस्त
(দৰ তৰীকে কি ব-নোক-এ মুঝা কাৱীদম মন
মঞ্জিল ও কাফিলা ও ৰেগ-এ ৰৱাঁ ছিজ়ে নীস্ত)
 
অৰ্থাৎ, প্ৰেম আৰু সত্যৰ পথত মই ইমানেই কষ্ট সহিছোঁ যেন চকুৰ পতাৰে ৰাস্তা সাজিছোঁ। এই পথত লক্ষ্যস্থান, সংগী আৰু বাটৰ ধূলিৰ কোনো গুৰুত্ব নাথাকে, আচল কথা হ'ল নিৰন্তৰ আগবাঢ়ি যোৱা। ইয়াত ইকবালে বুদ্ধই নিৰ্বাণ লাভৰ বাবে কৰা কঠোৰ সাধনাৰ প্ৰতি ইংগিত কৰিছে।
 
बगुज़र अज़ ग़ैब कि ईं वह्म ओ गुमाँ चीज़े नीस्त
दर जहाँ बूदन ओ रस्तन ज़ जहाँ चीज़े हस्त
বগুংজৰ অজ গৈব কি ঈং ৱহ্ম ও গুমাঁ ছিজ়ে নীস্ত
দৰ জহাং বুদন ও ৰস্তন জ জহাং ছিজ়ে হস্ত)
 
কেৱল নেদেখা কথা আৰু অনুমানত লাগি নাথাকিবা। আচল কৃতিত্ব হ'ল সংসাৰত থাকিও সংসাৰৰ বেয়া গুণ আৰু লোভৰ পৰা মুক্ত হৈ থকা। বুদ্ধই নিজৰ জীৱনৰ যোগেদি এই পথেই দেখুৱাইছিল।
 
आँ बहिश्ते कि ख़ुदाय ब-तू बख़्शद हमा हीच
ता जज़ा-ए अमल अस्त जुनाँ चीज़े हस्त
(আঁ বহিস্তে কি খুদায় ব-তূ বখশদ হমা হীচ
তা জজা-এ অমল অস্ত জুনাং ছিজ়ে হস্ত)
 
ইয়াৰ অৰ্থ হ'ল- যদি স্বৰ্গ বিনা কষ্টে পোৱা যায় তেন্তে তাৰ মূল্য কম। কিন্তু যদি সেয়া মানুহৰ সৎকৰ্মৰ ফল হয়, তেতিয়াহে তাৰ প্ৰকৃত গুৰুত্ব থাকে। ইকবালে ইয়াত সৎকৰ্ম আৰু পৰিশ্ৰমৰ মহানতা প্ৰকাশ কৰিছে। তেওঁৰ শ্বায়েৰীত আত্ম উপলব্ধিৰ লগতে কৰ্ম আৰু অবিৰত কৰ্মৰ বাৰ্তাও অতি গুৰুত্বপূৰ্ণ। এই কাৰণে তেওঁ গীতাৰ কৰ্মযোগৰ দ্বাৰাও প্ৰভাৱিত হৈছিল।
 
राहत-ए जाँ तलबी राहत-ए जाँ चीज़े नीस्त
दर ग़म-ए हम-नफ़साँ अश्क-ए रवाँ चीज़े हस्त
(ৰাহত-এ জাঁ তলবী ৰাহত-এ জাঁ ছিজ়ে নীস্ত
দৰ গম-এ হম-নফছা অস্ক-এ ৰৱাঁ ছিজ়ে হস্ত)
 
অৰ্থাৎ, কেৱল নিজৰ সুখ আৰু আৰাম বিচৰাটো কোনো ডাঙৰ কথা নহয়। প্ৰকৃত মহানতা হ'ল আনৰ দুখ-যন্ত্ৰণাত কাষত থিয় দিয়া আৰু তেওঁলোকৰ বাবে চকুলো টোকা।
 
चश्म-ए मख़मूर ओ निगाह-ए ग़लत-अंदाज़ ओ सुरूद
हमा ख़ूब अस्त वले ख़ुश्तर अज़ाँ चीज़े हस्त
(চশম-এ মখমূৰ ও নিগাহ-এ গলত-অন্দাজ ও সুৰুদ
হমা খুব অস্ত ৱলে খুশতৰ অজাং ছিজ়ে হস্ত)
 
हुस्न-ए रुख़्सार दमे हस्त ओ दमे दीगर नीस्त
हुस्न-ए किरदार ख़यालात-ए ख़ुशाँ चीज़े हस्त
(হুস্ন-এ ৰুখচাৰ দমে হস্ত ও দমে দীগৰ নীস্ত
হুস্ন-এ কিৰদাৰ খয়ালাত-এ খুশাং ছিজ়ে হস্ত)
 
এই শ্বেৰ দুটাৰ মৰ্মাৰ্থ হ'ল- সুন্দৰ চকু, মনমোহা চাৱনি আৰু সুললিত গীত নিজৰ ঠাইত সুন্দৰ হ'লেও, ইয়াতকৈয়ো ডাঙৰ বস্তু হৈছে উচ্চ চৰিত্ৰ, সঁচা প্ৰেম আৰু আত্মিক সৌন্দৰ্য। শাৰীৰিক সৌন্দৰ্য ক্ষণস্থায়ী, আজি আছে কাইলৈ নাই। কিন্তু এজন মানুহৰ সুন্দৰ চৰিত্ৰ, সৎকৰ্ম আৰু উচ্চ চিন্তাধাৰা চিৰকাললৈ মনত ৰখা হয়।
 
ইকবালে গৌতম বুদ্ধৰ যোগেদি বুজাইছে যে লৌকিক ধন-সম্পত্তি, সৌন্দৰ্য, সুখ আৰু খ্যাতি চিৰন্তন নহয়। প্ৰকৃত ধন আত্ম উপলব্ধি, প্ৰকৃত প্ৰেম, ভাল কাম, আনৰ সেৱা আৰু উচ্চ চৰিত্ৰত নিহিত হৈ আছে।
 
ইকবালে গৌতম বুদ্ধক পূবৰ প্ৰজ্ঞা আৰু আধ্যাত্মিক বুজাবুজিৰ প্ৰতীক বুলি গণ্য কৰিছিল। তেওঁৰ মতে বুদ্ধই মানৱতাৰ ভিতৰত কৰুণা, প্ৰেম আৰু মঙ্গলৰ মনোভাৱ জাগ্ৰত কৰিছিল। বুদ্ধই জাতিবাদ, বৈষম্য, সামাজিক অন্যায়ৰ বিৰুদ্ধে মাত মতাটোও ইকবালে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰে, যিটো সেই সময়ত ভাৰতৰ এক উল্লেখযোগ্য আৰু সাহসী পদক্ষেপ আছিল।