মিলাদ-ঊন নবী: কেৱল উদযাপন নহয়, আত্মসমীক্ষাৰো এক সুযোগ

Story by  Munni Begum | Posted by  Munni Begum • 43 m ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
মুন্নী বেগম / গুৱাহাটী 
 
সমগ্ৰ বিশ্বৰ মুছলমান সমাজে আজিৰ দিনটোত বিশ্ব নবী তথা ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মহম্মদ (ছঃ)ৰ জন্মদিন উপলক্ষে 'মিলাদ-ঊন নবী' পালন কৰি আহিছে। কিন্তু মিলাদ-ঊন নবী কেৱল এক ধৰ্মীয় উৎসৱ নহয়, ই মুছলমান সমাজৰ বাবে নিজৰ জীৱন, আচৰণ আৰু বিশ্বাসক পুনৰ এবাৰ পৰ্যালোচনা কৰাৰ এক সুযোগ। নবী হজৰত মহম্মদ (ছঃ)ৰ জন্ম আৰু মহান জীৱনক স্মৰণ কৰাৰ এই পৱিত্ৰ সময়ত আমি তেওঁৰ প্ৰতি আমাৰ ভালপোৱা আৰু শ্ৰদ্ধা প্ৰকাশ কৰোঁ। কিন্তু এই উপলক্ষে এটি প্ৰশ্ন আমি নিজকে সোধাটোও সমানেই জৰুৰী যে, আমি সঁচাকৈয়ে নবীজীৰ আদৰ্শ আমাৰ দৈনন্দিন জীৱনত পালন কৰিব পাৰিছোঁনে?   
 
নবী হজৰত মহম্মদ (ছঃ) কেৱল এগৰাকী মুছলমান ধৰ্মালম্বী লোকসকলৰ বাবে ধৰ্মীয় নেতা নাছিল। তেওঁৰ জীৱন আছিল মানৱতাৰ বাবে এক সম্পূৰ্ণ আদৰ্শ। তেওঁ কেৱল ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ শিক্ষা দিয়া নাছিল, তেওঁ মানুহক সততা, ন্যায়, দয়া, ক্ষমা, সহনশীলতা, পৰোপকাৰ আৰু উত্তম চৰিত্ৰৰো শিক্ষা দিছিল। তেওঁৰ জীৱন আৰু শিক্ষাই মানুহক কেৱল উপাসনাৰ পথ দেখুওৱা নাছিল, বৰং কেনেদৰে এজন ভাল মানুহ, ভাল পিতৃ-মাতৃ, ভাল সন্তান, ভাল প্ৰতিবেশী আৰু দায়িত্বশীল নাগৰিক হ’ব পাৰি, ইয়াৰো শিক্ষা দিছিল। তেওঁৰ জীৱনৰ সৌন্দৰ্য আছিল এইখিনিতে যে, তেওঁ যি শিক্ষা দিছিল, সেই সকলোবোৰ তেওঁ নিজৰ জীৱনত বাস্তৱ ৰূপ প্ৰদান কৰিছিল। সেয়ে বৰ্তমান সময়ত মিলাদ-ঊন-নবী উপলক্ষে যেতিয়া আমি নিজকে নবীজীৰ অনুসৰণকাৰী (উম্মত) বুলি পৰিচয় দিওঁ, তেতিয়া মাত্ৰ এটা প্ৰশ্ন নিজকে সোধাটো অতি প্ৰয়োজনীয় যে আমি সঁচাকৈয়ে তেওঁৰ আদৰ্শ আমাৰ জীৱনত পালন কৰিছোঁনে? 
 
প্ৰতিনিধিত্বমূলক ছবি
 
বৰ্তমান সময়ত আধুনিক জীৱন অত্যন্ত ব্যস্ততাপূৰ্ণ হৈ পৰিছে। প্ৰযুক্তি, সামাজিক মাধ্যম, প্ৰতিযোগিতা, ভোগবাদ আৰু ব্যক্তিগত সফলতাৰ দৌৰত আমি বহু সময়ত নিজৰ হৃদয়ৰ কথা শুনিবলৈও পাহৰি যাওঁ। ধৰ্মীয় পৰিচয় আমাৰ পোছাক, কথা-বতৰা বা সামাজিক পৰিচয়ত দেখা যাব পাৰে, কিন্তু নবীজীৰ আদৰ্শৰ প্ৰকৃত পৰিচয় প্ৰকাশ পায় আমাৰ আচৰণত। যেনে আমি আন এজন মানুহৰ সৈতে কেনেদৰে ব্যৱহাৰ কৰোঁ, দুৰ্বলজনৰ প্ৰতি কিমান সহানুভূতিশীল, ভুল কৰা মানুহক কিমান সহজে ক্ষমা কৰিব পাৰোঁ ইত্যাদিবোৰ। আজিৰ সময়ত ধৰ্মীয় পৰিচয় প্ৰকাশ কৰাটো হয়তো আগতকৈ অধিক সহজ হৈ পৰিছে। সামাজিক মাধ্যমত ধৰ্মীয় বক্তব্য, উদ্ধৃতি, ছবি আৰু ভিডিঅ' সহজে শ্বেয়াৰ কৰিব পাৰি। মিলাদ-ঊন নবী উপলক্ষে সকলোতে অনুষ্ঠান, আলোচনা, জিকিৰ আৰু বিভিন্ন কাৰ্যসূচীও অনুষ্ঠিত কৰা হয়। যিবোৰৰ নিজস্ব মূল্য আছে, কিন্তু ইয়াৰ লগতে এটা কথা মনত ৰখা প্ৰয়োজন যে, নবীজীৰ প্ৰতি প্ৰকৃত ভালপোৱা কেৱল কথাত নহয়, আচৰণতহে প্ৰকাশ পাব লাগে।
 
নবীজী (ছঃ)ৰ সমগ্ৰ জীৱনৰ অন্যতম মহান শিক্ষা আছিল সততা আৰু বিশ্বাসযোগ্যতা। তেওঁ নবুৱত (নবীত্ব) লাভ কৰাৰ আগতেই ‘আল-আমিন’ অৰ্থাৎ বিশ্বাসযোগ্য ব্যক্তি হিচাপে পৰিচিত আছিল। সেয়ে সম্প্ৰতি সমাজত তেওঁৰ আদৰ্শ অনুসৰণৰ প্ৰথম পৰীক্ষা হৈছে সততা। আজিৰ সমাজত আমি ব্যক্তিগত জীৱনত কিমান সঁচা কথা কওঁ? ব্যৱসায়ত প্ৰতাৰণা কৰোঁ নেকি? কৰ্মক্ষেত্ৰত দায়িত্ব সঠিকভাৱে পালন কৰোঁনে? আনৰ অধিকাৰ হৰণ কৰোঁ নেকি? সামান্য সুবিধাৰ বাবে মিছা কথা কোৱা বা প্ৰতাৰণা কৰাটো যদি আমাৰ দৈনন্দিন জীৱনৰ অংশ হৈ পৰে, তেন্তে নিজকে নবীজীৰ আদৰ্শৰ অনুসৰণকাৰী বুলি কোৱাৰ আগতে আমি আত্মসমীক্ষা কৰাটো উচিত। 
 
নবী হজৰত মহম্মদ (ছঃ)ৰ জীৱনৰ আন এক মহান শিক্ষা হৈছে দয়া আৰু ক্ষমা। তেওঁ ব্যক্তিগত অপমান আৰু অন্যায়ৰ সন্মুখীন হৈও বহু ক্ষেত্ৰত ক্ষমা আৰু সহনশীলতাৰ দৃষ্টান্ত স্থাপন কৰিছিল। যিসকলে তেওঁৰ সৈতে অন্যায় কৰিছিল, তেওঁলোককো বহু সময়ত ক্ষমা কৰি দিছিল। অথচ বৰ্তমান সময়ত সামান্য মতভেদেই মানুহৰ মাজত ঘৃণা সৃষ্টি কৰি আহিছে। সামাজিক মাধ্যমত ভিন্ন মত প্ৰকাশ কৰা, মানুহক অপমান কৰা, কটু মন্তব্য প্ৰকাশ কৰা, কাৰোবাৰ ভুলক লৈ উপহাস কৰা যেন আজিৰ সময়ত এক অতি সহজ কাৰ্যত পৰিণত হৈছে। আমি যদি নবীজীৰ আদৰ্শৰ কথা কওঁ, তেন্তে আমাৰ ভাষাতো তেওঁৰ দয়া আৰু সৌজন্যৰ প্ৰতিফলন থাকিব লাগিব। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
প্ৰতিবেশী আৰু সমাজৰ প্ৰতি দায়িত্বও নবীজীৰ শিক্ষাৰ আন এক গুৰুত্বপূৰ্ণ অংশ। ধৰ্মীয় পৰিচয় যিয়েই নহওক, প্ৰতিবেশীৰ অধিকাৰ, দুখীয়া-দৰিদ্ৰৰ প্ৰতি দায়িত্ব, অনাথ আৰু অসহায়ৰ প্ৰতি সহায় আদি সকলোবোৰক তেওঁ বিশেষ গুৰুত্ব প্ৰদান কৰিছিল। আজিৰ সমাজত যদি আমি কেৱল নিজৰ আৰাম, নিজৰ পৰিয়াল আৰু নিজৰ সফলতাক লৈ ব্যস্ত থাকোঁ, তেন্তে আমাৰ চৌপাশে থকা অসহায় মানুহবোৰৰ প্ৰতি দায়িত্বৰ কথা কোনে ভাবিব, সেইয়াও আমিয়ে ভাবিব লাগিব। কিয়নো কোনো এজনৰ বাবে কৰা অলপ সহায়, অলপ সময় বা অলপ মৰমেই হয়তো তেওঁলোকৰ জীৱনৰ ডাঙৰ পৰিৱৰ্তন আনিব পাৰে।
 
পৰিয়ালৰ প্ৰতি কৰা আচৰণৰ আৰু মহিলাৰ প্ৰতি কৰা সন্মানৰ ক্ষেত্ৰতো নবীজীৰ জীৱন আমাৰ বাবে এক অনন্য শিক্ষা। তেওঁ নাৰী, সন্তান আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে মৰম, আদৰ আৰু সন্মানেৰে ব্যৱহাৰ কৰিছিল। আজিও যদি কোনো সমাজত নাৰীক অপমান কৰা হয়, কোনো নাৰী ঘৰুৱা হিংসাৰ বলি হয়, কোনো কন্যা সন্তানক কম মূল্য দিয়া হয় বা কোনো মহিলাৰ অধিকাৰক উপেক্ষা কৰা হয়, তেন্তে সেই সমাজখনে নিজৰ ধৰ্মীয় আদৰ্শৰ বিষয়ে পুনৰ চিন্তা কৰা উচিত। সেয়েহে এজন মানুহে বাহিৰত যিমানেই ধৰ্মীয় বুলি নিজকে প্ৰকাশ নকৰক কিয়, যদি তেওঁ নিজৰ পৰিয়ালৰ সদস্যক অপমান কৰে, অত্যাচাৰ কৰে বা তেওঁলোকৰ অনুভূতিক মূল্য নিদিয়ে, তেন্তে তেওঁৰ আচৰণ নবীজীৰ আদৰ্শৰ সৈতে কিমান সামঞ্জস্যপূৰ্ণ হব, এই প্ৰশ্নটো আমি নিজকে সুধি চাব লাগিব। 
 
নবী হজৰত মহম্মদ (ছঃ)ৰ আদৰ্শৰ অন্যতম শক্তিশালী দিশ আছিল ন্যায় আৰু সমতা। মানুহৰ সামাজিক, অৰ্থনৈতিক বা বংশগত পৰিচয়ৰ ভিত্তিত মানুহক উচ্চ-নীচ বুলি বিবেচনা নকৰাৰ শিক্ষা তেওঁৰ জীৱনৰ অন্যতম মূল বাৰ্তা আছিল। আজিৰ সময়ত জাতি, ধৰ্ম, ভাষা, সম্পদ আৰু সামাজিক মৰ্যাদা আদিৰ ভিত্তিত মানুহৰ মাজত প্ৰায়ে বিভাজন হোৱা দেখা যায়। এনে সময়ত নবীজীৰ জীৱনে আমাক সোঁৱৰাই দিয়ে যে, মানুহৰ প্ৰতি সন্মান আৰু ন্যায়ৰ ব্যৱহাৰ কোনো নিৰ্দিষ্ট গোটৰ বাবে সীমাবদ্ধ হ'ব নালাগে। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
আচলতে নবী হজৰত মহম্মদ (ছঃ)ৰ আদৰ্শ পালন কৰাটো কেৱল ধৰ্মীয় অনুষ্ঠানৰ মাজতে সীমাবদ্ধ নহয়। ই আমাৰ দৈনন্দিন আচৰণৰ এক অংশ হ’ব লাগে। ঘৰত পৰিয়ালৰ সৈতে কৰা ব্যৱহাৰ, সন্তানৰ সৈতে কথা কোৱাৰ ধৰণ, কৰ্মচাৰী বা সহকৰ্মীৰ সৈতে কৰা আচৰণ, দোকানত গ্ৰাহক হিচাপে পোৱা ব্যৱহাৰ, অনলাইনত মন্তব্য কৰাৰ সময়ত ভাষাৰ ব্যৱহাৰ ইত্যাদি প্ৰতিটো ক্ষেত্ৰতে নবীজীৰ আদৰ্শৰ প্ৰতিফলন ঘটিব পাৰে।
 
সেয়ে, মিলাদ-ঊন নবী উপলক্ষে কেৱল উৎসৱ পালন কৰাতকৈ আমাৰ আত্মসমীক্ষাৰ অধিক প্ৰয়োজনীয় আছে। আমি কিমান নামাজ পঢ়োঁ, আমি কিমান ৰোজা ৰাখো, যিমান বাৰে হজলৈ নাযাওঁ, কিমান ধৰ্মীয় কথা জানোঁ বা কিমান অনুষ্ঠানত অংশ গ্ৰহণ কৰোঁ। এইবোৰৰ লগতে আমাৰ চৰিত্ৰ কেনেকুৱা, সেইটোও সমানে গুৰুত্বপূৰ্ণ। কিয়নো এজন মানুহৰ ঈমান আৰু ধৰ্মীয় মূল্যবোধৰ সৌন্দৰ্য তেওঁৰ ব্যৱহাৰত প্ৰকাশ পাব লাগে। 
 
অৱশ্যে, নবী হজৰত মহম্মদ (ছঃ)ৰ দৰে মহান আদৰ্শ সম্পূৰ্ণৰূপে অনুসৰণ কৰাটো সহজ নহয়। যিহেতু আমি সাধাৰণ মানুহ; আমাৰো ভুল হয়, খং উঠে, কেতিয়াবা ঈৰ্ষাও জাগে, কেতিয়াবা আমি স্বাৰ্থপৰো হৈ পৰোঁ। কিন্তু আদৰ্শ অনুসৰণৰ অৰ্থ এইটো নহয় যে, আমি কেতিয়াও ভুল নকৰিম। বৰং ভুল হোৱাৰ পিছত নিজকে সংশোধন কৰাৰ আন্তৰিক চেষ্টা কৰাটোহে অতি গুৰুত্বপূৰ্ণ। সেয়েহে প্ৰতিগৰাকী ব্যক্তিৰ বাবে নবীজীয়ে তৌৱাহ (আল্লাহৰ ওচৰত আত্মশুদ্ধি কৰা) কৰাটো জৰুৰী বুলি উল্লেখ কৰি গৈছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
সেয়ে এই মিলাদ-ঊন নবীত আমি কেৱল এয়া নকওঁ যে 'আমি নবীজীক ভাল পাওঁ'। ইয়াৰ সলনি আমি নিজকে প্ৰশ্ন কৰাৰ দৰকাৰ যে, মোৰ সততাত তেওঁৰ শিক্ষা অন্তৰ্নিহিত হৈ আছেনে? মোৰ কথাত তেওঁৰ দৰে আদৰ অন্তৰ্নিহিত আছেনে? মোৰ আচৰণত তেওঁৰ দৰে দয়া আছেনে? মই মোৰ পৰিয়ালৰ সৈতে কৰা ব্যৱহাৰত তেওঁৰ আদৰ্শ অন্তৰ্নিহিত হৈ আছেনে? মোৰ সমাজৰ দুৰ্বল মানুহৰ প্ৰতি মোৰ হৃদয়ত তেওঁৰ দৰে সহানুভূতি আছেনে? হয়তো, এই সকলোবোৰ প্ৰশ্নৰ  উত্তৰ আমি ইতিবাচকভাৱে দিব নোৱাৰিম। কিন্তু সেইটোৱেই হব আমাৰ আত্মসমীক্ষাৰ আৰম্ভণি। 
 
মিলাদ-ঊন নবীৰ প্ৰকৃত তাৎপৰ্য হয়তো ইয়াতেই সন্নিৱিষ্ট হৈ আছে যে, নবীজীৰ জন্ম আৰু জীৱনক স্মৰণ কৰাৰ লগতে তেওঁৰ আদৰ্শক নিজৰ জীৱনত অলপ অলপকৈ বাস্তৱ ৰূপ দিয়া। আজিৰ অস্থিৰ, বিভাজিত আৰু প্ৰতিযোগিতামূলক সমাজত যদি আমি তেওঁৰ সততা, দয়া, ক্ষমা, ন্যায়, সহনশীলতা আৰু মানৱতাৰ সামান্য অংশও নিজৰ জীৱনত প্ৰয়োগ কৰিব পাৰোঁ, তেন্তে সেইটোৱেই হ’ব নবী হজৰত মহম্মদ (ছঃ)ৰ প্ৰতি আমাৰ আটাইতকৈ অৰ্থপূৰ্ণ শ্ৰদ্ধা। কাৰণ নবীজীক স্মৰণ কৰাটো আমাৰ দায়িত্ব, কিন্তু নবীজীৰ আদৰ্শৰে জীৱন গঢ়াৰ চেষ্টা কৰাটোৱেই আমাৰ প্ৰকৃত জীৱনৰ পৰীক্ষা।