বহু বিবাহ কৰা স্বামীয়ে হেৰুৱাব লগা হ'ব পাৰে চৰকাৰী চাকৰি; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকীয়নী

Story by  Ariful Islam | Posted by  [email protected] • 14 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
আৰিফুল ইছলাম/গুৱাহাটী
 
পুনৰবাৰ বহু বিবাহৰ বিৰুদ্ধে সৰব হৈছে অসম চৰকাৰ। এতিয়াৰে পৰা বহু বিবাহ কৰা ব্যক্তিয়ে সন্মুখীন হ'ব লাগিব চৰকাৰৰ কঠোৰ ব্যবস্থাৰ। বহু বিবাহৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমা পত্নীৰ সৈতে বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰা চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহু বিবাহ কৰা কৰ্মচাৰীক কঠোৰ সকীয়নী প্ৰদান কৰিছে। প্ৰথমা পত্নীৰ সৈতে বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰা চৰকাৰী কৰ্মচাৰীয়ে চাকৰি কৰাৰ যোগ্যতাও হেৰুৱাব পাৰে। প্ৰথমা পত্নীৰ সৈতে বিবাহ বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰা অভিযোগ আহিলে চৰকাৰী কৰ্মচাৰীয়ে তদন্তৰ সন্মুখীন হ’ব লাগিব।
 
সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়; "বিগত সময়ছোৱাত মই অসমৰ যি ঠাইতে গৈছোঁ। তাত মোক নূন্যতম এগৰাকী হ'লেও মহিলা আহি অভিযোগ কৰিছে। তেওঁলোকে মোক কয় যে, 'মোক স্বামীয়ে কোনো ধৰণৰ বিবাহ বিচ্ছেদ নকৰাকৈয়ে মোৰ লগত যোগাযোগ বন্ধ কৰি দিছে। কিছুমান মহিলাৰ কোলাত কেঁচুৱা আছে। আৰু আন কাৰোবাক স্বামীৰ ঘৰ যোৱাৰ পিছত নিৰ্যাতন কৰি খেদি পঠিওৱা হৈছে। আৰু ইয়াৰ ভিতৰত ভালে সংখ্যক চৰকাৰী কৰ্মচাৰীও আছে।"
"এইবোৰ ঘটনাৰ পিছত আমি এটা কথা চিন্তা কৰিছিলোঁ। যদি চৰকাৰী কৰ্মচাৰী এজনে নিজৰ প্ৰথম পত্নীক বিবাহ বিচ্ছেদ নোহোৱাকৈ পৰিত্যাগ কৰে, তেন্তে তাতকৈ ডাঙৰ অপৰাধ একো হ'ব নোৱাৰে। নিয়ম মতে, সেই চৰকাৰী চাকৰিয়ালজনে ইয়াৰ পিছত চাকৰি কৰি থকাৰো যোগ্যতা হেৰুৱাই পেলাই। কিন্তু এই অভিযোগ সমূহৰ ওপৰত বিভাগীয় তদন্ত নোহোৱাকৈ এজন ব্যক্তিক আমি চৰকাৰী চাকৰিৰ পৰা বৰ্খাস্ত কৰিম বুলিয়েই কৰিব নোৱাৰো। তেনে ক্ষেত্ৰত যদি প্ৰথম পত্নীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত আবেদন কৰে, তেন্তে স্বামীৰ দৰমহাৰ মৰগীয়া বানচৰ (ডিএ) সৈতে ২০% তেওঁ লাভ কৰিব পাৰে", মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।
 
মুখ্যমন্ত্ৰীৰ মতে, অসমত UCC প্ৰণয়ন হোৱাৰ পাছত বহু মহিলাই স্বামীৰ বিৰুদ্ধে বহু বিবাহৰ অভিযোগ লৈ আগবাঢ়ি আহিছে। এই অভিযোগসমূহৰ ভিতৰত ভালেসংখ্যক অভিযোগ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধেও অহা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
 
মুখ্যমন্ত্ৰীয়ে লগতে দাবী কৰে যে প্ৰথমবাৰৰ বাবে অসম চৰকাৰে এনে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ভাৰতৰ আন কোনো ৰাজ্যত বহু বিবাহৰ বিৰুদ্ধে এই ধৰণৰ ব্যৱস্থা এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই।
 
মুখ্যমন্ত্ৰীয়ে লগতে কয়; "ইয়াৰ পূৰ্বে আমি চৰকাৰী চাকৰি কৰা লৰাই যদি পিতৃ-মাতৃক পইচা নিদিয়ে বা নাচাই, তেন্তে তেনে পিতৃ-মাতৃয়ে লৰাৰ দৰমহাৰ ১০-১৫ শতাংশ লাভ কৰাৰ ব্যৱস্থা কৰিছিলোঁ। প্ৰণাম আয়োগে তেনে পিতৃ-মাতৃক লৰাৰ দৰমহাৰ টকা হস্তান্তৰ কৰিব। এই ব্যৱস্থা হাতত লোৱাৰ পিছত এতিয়া চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে এনে অভিযোগ নোহোৱা হৈছে।"
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে এনে ব্যৱস্থা হাতত লোৱাৰ পিছত আমাৰ আই-মাতৃসকলক সুৰক্ষা দিয়াত সক্ষম হৈছোঁ।
 
উল্লেখযোগ্য যে, এই ঘোষণাৰ পাছতে একাংশই প্ৰশ্ন কৰিছে যে- যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে মৰগীয়া বানচসহ ২০ শতাংশ প্ৰথম পত্নীক প্ৰদান কৰিব পৰা সামাৰ্থ্য থাকে, তেন্তে দ্বিতীয় বিবাহ কৰাৰ বাবে এয়া এক সুবিধা লাভ কৰিব নেকি? ইয়াক লৈও এতিয়া চৰ্চা চলিছে। সমান্তৰালভাৱে পৰকীয়া প্ৰেমত লিপ্ত হোৱা মহিলাসকলে ইয়াৰ সুযোগ গ্ৰহণ কৰি স্বামীৰ বিৰুদ্ধে এইপাত অস্ত্ৰ ব্যৱহাৰ কৰিব নেকি? এইবোৰ বিষয়কলৈ বিভিন্ন মহলত এতিয়া আলোচনা চলিছে।
 
তাৰোপৰি যোৱা বছৰ নৱেম্বৰ মাহত কেবিনেট বৈঠকত বহু বিবাহৰ বিৰুদ্ধে বিধেয়ক উত্থাপনৰ বাবে অনুমোদন জনোৱা হৈছিল। এই আইন কাৰ্যকৰী হ’লে দোষীৰ ৭ বছৰ সশ্ৰম কাৰাদণ্ডৰ শাস্তিৰ বিধান থাকিব। ‘অসম বহুবিবাহ প্ৰতিৰোধ বিধেয়ক, ২০২৫’ আইন কাৰ্যকৰী হোৱা দোষীৰ বিৰুদ্ধে জামিনবিহীন গোচৰ ৰুজু কৰা হ’ব। ভুক্তভোগী মহিলাক আৰ্থিক ক্ষতিপূৰণ দিয়া হ’ব। অৱশ্যে, জনজাতীয় লোকৰ বাবে আৰু ষষ্ঠ অনুসূচীৰ অধীনৰ এলেকাত এই আইন প্ৰযোজ্য নহয়।