মধ্যপ্ৰদেশ
মধ্যপ্ৰদেশৰ উদয়গিৰি গুহাকে ধৰি চাৰিটা স্থান আৰু ভাৰত তথা দক্ষিণ আফ্ৰিকাৰ মহাত্মা গান্ধীৰ সত্যাগ্ৰহৰ সৈতে জড়িত স্থানসমূহক লৈ গঠিত এটা আন্তঃৰাষ্ট্ৰীয় প্ৰস্তাৱ এই মুঠ পাঁচটা নতুন স্থানক ভাৰতৰ ইউনেস্ক'ৰ বিশ্ব ঐতিহ্যৰ সম্ভাৱ্য তালিকাত (Tentative List) অন্তৰ্ভুক্ত কৰা হৈছে বুলি মঙলবাৰে বিষয়াসকলে জানিবলৈ দিয়ে।
সংস্কৃতি মন্ত্ৰালয়ৰ পিআইবি কালচাৰে এক্সত কৰা এটা পোষ্টত এই সংযোজনক দেশৰ ঐতিহ্যৰ ক্ষেত্ৰত এক “গৌৰৱৰ মুহূৰ্ত” বুলি উল্লেখ কৰে।
পোষ্টটোত কোৱা হৈছে যে, ভাৰতৰ ইউনেস্ক’ৰ সম্ভাৱ্য তালিকাত এতিয়া মুঠ ৭৮টা স্থান আছে। নতুনকৈ অন্তৰ্ভুক্ত হোৱা পাঁচটা স্থান হৈছে বাঘ গুহাৰ চিত্ৰ, চম্বল উপত্যকাৰ মন্দিৰসমূহৰ সমষ্টি, উদয়গিৰি গুহা, গিন্নোৰগড় আৰু ভাৰত-দক্ষিণ আফ্ৰিকাৰ যৌথ আন্তঃৰাষ্ট্ৰীয় প্ৰস্তাৱ ‘Sites of Satyagraha’ অৰ্থাৎ সত্যাগ্ৰহৰ সৈতে জড়িত স্থানসমূহ।
ইউনেস্ক’ৰ ৱেবছাইট অনুসৰি, মধ্যপ্ৰদেশৰ উদয়গিৰি পাহাৰত গুপ্ত সাম্ৰাজ্যৰ পৃষ্ঠপোষকতাত মূলতঃ চতুৰ্থ শতিকাৰ শেষভাগ আৰু পঞ্চম শতিকাৰ আৰম্ভণিৰ সময়ছোৱাত শিল কাটি এক পৱিত্ৰ স্থাপত্য-সমষ্টি গঢ়ি তোলা হৈছিল।
এই স্থানত মুঠ ২০টা খনন কৰা গুহা, বিভিন্ন ভাস্কৰ্য পেনেল, শিলালিপি, চলাচলৰ পথ, প্ৰাচীন চিহ্ন আৰু শিলালিপি থকা শিলৰ পৃষ্ঠৰ লগতে ভূ-প্ৰকৃতি আৰু জলসম্পৰ্কীয় বিভিন্ন বৈশিষ্ট্য আছে। এই সকলোবোৰ মিলি এক সংহত ধৰ্মীয়-আচাৰভিত্তিক পৰিৱেশ গঠন কৰিছে।
বাঘ গুহাসমূহ পশ্চিম মধ্যপ্ৰদেশৰ বাঘনী নদীৰ পাৰত বিন্ধ্য পৰ্বতমালাৰ দক্ষিণ ঢালত অৱস্থিত নটা শিল কাটি নিৰ্মাণ কৰা বৌদ্ধ গুহাৰ সমষ্টি।
বিশেষজ্ঞসকলৰ মতে, সাধাৰণতে বেছাল্ট শিলাৰে গঠিত এই অঞ্চলত বাঘ গুহাৰ স্থানত বালিপাথৰৰ (sandstone) এটা বিশেষ শিলাস্তৰ পোৱা যায়। এই বৈশিষ্ট্যই গুহাসমূহৰ স্থাপত্যৰ ৰূপ আৰু ভিতৰৰ দেৱালচিত্ৰসমূহ সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
মধ্য ভাৰতৰ পূৰ্বৰ ৰাজ গণ্ড শাসকসকলৰ মুখ্য দুৰ্গনগৰী গিন্নোৰগড় দুৰ্গকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ লগতে মধ্যপ্ৰদেশৰ চম্বল উপত্যকাৰ বাটেশ্বৰ, পদাৱলী আৰু ককৰামঠৰ মন্দিৰসমূহৰ সমষ্টিকো ইউনেস্ক’ৰ সম্ভাৱ্য তালিকাত স্থান দিয়া হৈছে।
কোনো এটা স্থানক প্ৰথমে ইউনেস্ক’ৰ সম্ভাৱ্য তালিকাত অন্তৰ্ভুক্ত কৰা হয়। তাৰ পিছতহে সেই স্থানক বিশ্ব ঐতিহ্যৰ মৰ্যাদাৰ বাবে বিবেচনা কৰাৰ সুযোগ আহে।
এই তালিকাত পঞ্চমটো সংযোজন হৈছে ‘Sites of Satyagraha’ নামৰ ভাৰত আৰু দক্ষিণ আফ্ৰিকাক সামৰি লোৱা এটা আন্তঃৰাষ্ট্ৰীয় প্ৰস্তাৱ। এই প্ৰস্তাৱৰ জৰিয়তে মহাত্মা গান্ধীৰ সত্যাগ্ৰহৰ ধাৰণাটোৰ ক্ৰমবিকাশ দেখুওৱাৰ চেষ্টা কৰা হৈছে।
দক্ষিণ আফ্ৰিকাত এই ধাৰণাৰ আৰম্ভণিৰ পৰা ভাৰতলৈ উভতি অহাৰ পিছত ইয়াৰ পৰীক্ষা, বিকাশ, সুসংগঠিত ৰূপ লাভ আৰু প্ৰতিষ্ঠানিকীকৰণলৈকে বিভিন্ন পৰ্যায় ইয়াত প্ৰতিফলিত হৈছে।
ইউনেস্ক’ৰ ৱেবছাইট অনুসৰি, এই প্ৰস্তাৱত মুঠ নটা স্থান অন্তৰ্ভুক্ত কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰে দুটা দক্ষিণ আফ্ৰিকাত আৰু সাতটা ভাৰতত অৱস্থিত।
মহাত্মা গান্ধীয়ে ১৮৯৩ চনৰ পৰা ১৯১৪ চনলৈ ২১ বছৰ দক্ষিণ আফ্ৰিকাত কটাইছিল। আনহাতে, তেওঁৰ জীৱনৰ অধিকাংশ সময় ভাৰততে অতিবাহিত হৈছিল। দক্ষিণ আফ্ৰিকাৰ দুটা স্থান হৈছে পিটাৰমেৰিট্জবাৰ্গ ৰে’ল ষ্টেচন আৰু ফিনিক্স ছেটেলমেণ্ট।
ভাৰতৰ সাতটা স্থান হৈছে মহাত্মা গান্ধী সত্যাগ্ৰহ স্মাৰক, সাবৰমতী আশ্ৰম, মণি ভৱন কমপ্লেক্স, হৰিজন সেৱক সংঘ কমপ্লেক্স, সেৱাগ্ৰাম আশ্ৰম, আগা খান পেলেচ আৰু গান্ধী স্মৃতি। এই নটা স্থানে সত্যাগ্ৰহৰ ক্ৰমবিকাশৰ বিভিন্ন পৰ্যায়ক প্ৰতিনিধিত্ব কৰে।
পিটাৰমেৰিট্জবাৰ্গ ষ্টেচনে বৰ্ণবৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদৰ এক ৰূপ হিচাপে সত্যাগ্ৰহৰ আৰম্ভণিৰ পৰ্যায়ক প্ৰতিনিধিত্ব কৰে। ইয়াৰ পিছত ফিনিক্স ছেটেলমেণ্টে সত্য আৰু অহিংসাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ সম্প্ৰদায় গঠনৰ এক পৰীক্ষামূলক পৰ্যায়ক প্ৰতিনিধিত্ব কৰে। পিছলৈ এই ধাৰণাই বিভিন্ন আশ্ৰম গঠনৰ ক্ষেত্ৰত আৰ্হি হিচাপে কাম কৰে।
গান্ধী ভাৰতলৈ উভতি অহাৰ পিছত সত্যাগ্ৰহৰ ধাৰণাই আৰু অধিক বিকশিত হয় আৰু গণভিত্তিক অসহযোগ তথা নাগৰিক অবাধ্যতা আন্দোলনৰ ৰূপ লয়। মহাত্মা গান্ধী সত্যাগ্ৰহ স্মাৰক, সাবৰমতী আশ্ৰম আৰু মণি ভৱন এই পৰ্যায়ৰ সৈতে জড়িত।
ইয়াৰ পিছৰ পৰ্যায়ত সত্যাগ্ৰহ আন্দোলনৰ প্ৰতিষ্ঠানিকীকৰণ আৰু ইয়াৰ ঐতিহ্য সংৰক্ষণৰ দিশটো প্ৰতিফলিত হয়। হৰিজন সেৱক সংঘ, সেৱাগ্ৰাম, আগা খান পেলেচ আৰু গান্ধী স্মৃতি এই পৰ্যায়ৰ সৈতে জড়িত বুলি ইউনেস্ক’ৰ ৱেবছাইটত উল্লেখ কৰা হৈছে।