বৰপেটা
ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)-ই অসমত ‘জেহাদী’ কাৰ্যকলাপত জড়িত থকা আৰু যুৱক-যুৱতীক ইছলামিক মৌলবাদী সংগঠনত যোগদানৰ বাবে উচটনি দিয়াৰ অভিযোগত বৰপেটা জিলাৰ পৰা ছয়জন লোকক গ্ৰেপ্তাৰ কৰিছে। মঙলবাৰে বিষয়াসকলে এই কথা জানিবলৈ দিয়ে।
কেন্দ্ৰীয় সন্ত্ৰাসবাদবিৰোধী সংস্থাটোৱে সোমবাৰে নিশাৰ পৰা হাউলী, বৰপেটা ৰোড আৰু সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন এলেকাত তালাচী অভিযান আৰম্ভ কৰে বুলি বিষয়াসকলে জনায়।
অভিযানৰ সময়ত NIA-ই সৰভোগ আৰক্ষী থানাৰ এলেকাৰ পৰা তিনিজন, বৰপেটা ৰোডৰ পৰা দুজন আৰু হাউলীৰ পৰা এজনক গ্ৰেপ্তাৰ কৰে।
গ্ৰেপ্তাৰ কৰা লোককেইজনক সৰভোগৰ ফাৰুক আব্দুল্লাহ, জাকিৰ হুছেইন আৰু চান্দবৰ আলী; বৰপেটা ৰোডৰ মুস্তাফিজুৰ ৰহমান; নিশুকাৰ ইয়াকুব আলী আৰু হাউলীৰ জছিহাটিপাৰা গাঁৱৰ ৰাকিবুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।
কেন্দ্ৰীয় সংস্থাটোৱে গ্ৰেপ্তাৰ কৰা লোকসকলৰ পৰা কেইবাখনো নথি-পত্ৰ আৰু এটা লেপটপ আৰু মোবাইল ফোনসহ ইলেক্ট্ৰনিক সঁজুলি জব্দ কৰিছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
অভিযোগ অনুসৰি, এই লোকসকলৰ নিষিদ্ধ জামাত-উল-মুজাহিদিন বাংলাদেশ (JMB)-ৰ এটা শাখা সংগঠন ইমাম মাহমুদেৰ কাফিলা (IMK)-ৰ সৈতে সীমান্তপাৰ সংযোগ আছে।
পোছাকৰ দোকানৰ মালিক মুস্তাফিজুৰ ৰহমানক মাৰ্চ মাহত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চ (STF)-এ গ্ৰেপ্তাৰ কৰিছিল আৰু তিনিমাহৰ পিছত তেওঁ জামিনত মুকলি হৈছিল। NIA-ৰ বিষয়াসকলে তেওঁৰ বাসগৃহৰ পৰা তেওঁক পুনৰ আটক কৰে।
ৰাকিবুল ইছলাম অৰুণাচল প্ৰদেশৰ দাপৰিজোত হাঁহ-কুকুৰা ব্যৱসায়ত জড়িত আছিল আৰু ১৫ দিন পূৰ্বে ঘৰলৈ আহিছিল।
ইছলামৰ পিতৃ আলী মাহমুদে দাবী কৰে যে NIA-ই প্ৰদান কৰা নথিখনত উল্লেখ আছে যে ‘টেলিগ্ৰাম’ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ‘পূৰ্ব আকাশ’ (Purba Akash) নামৰ এটা গোটৰ সৈতে জড়িত থকাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।