আৰৱ বিশ্বত নাৰী শক্তিৰ উত্থানঃ ফাটিমা জাহৰা আল মনছুৰিক মৰক্কোৰ প্ৰধানমন্ত্ৰী নিযুক্তি

Story by  atv | Posted by  [email protected] • 39 m ago
ফাটিমা জাহৰা আল মনছুৰি
ফাটিমা জাহৰা আল মনছুৰি
 
আৱাজ দ্য ভইচ/নতুন দিল্লী
 
আৰৱ বিশ্বত এতিয়া সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ এক নতুন বতাহ বলিবলৈ আৰম্ভ কৰিছে। পুৰণি ৰক্ষণশীল ধাৰণাবোৰ ক্ৰমান্বয়ে ম্লান পৰিছে আৰু ৰাষ্ট্ৰৰ শীৰ্ষ নেতৃত্বত নাৰীৰ শক্তিশালী স্থিতি গঢ় লৈ উঠিছে। এনে এক ইতিবাচক পৰিৱৰ্তনৰ ধাৰাবাহিকতাত উত্তৰ আফ্ৰিকাৰ অন্যতম প্ৰধান দেশ মৰক্কোৱে এক ঐতিহাসিক তথা যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। মৰক্কোৰ সম্ৰাট মহম্মদ ষষ্ঠই ৫০ বছৰীয়া ফাটিমা জাহৰা আল মনছুৰিক দেশখনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিছে।
 
এই সিদ্ধান্তৰ লগে লগে ফাটিমা জাহৰা মৰক্কোৰ ইতিহাসত প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে। কেৱল সেয়াই নহয়, সমগ্ৰ আৰৱ জগতৰ ইতিহাসত এই সৰ্বোচ্চ পদবীত অধিষ্ঠিত হোৱা তেওঁ হৈছে দ্বিতীয়গৰাকী মহিলা। তেওঁৰ পূৰ্বে টিউনিছিয়াৰ নাজলা বৌডেনে ২০২১ চনৰ পৰা ২০২৩ চনলৈকে দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি ইতিহাস ৰচিছিল।
 
ফাটিমা জাহৰা আল মনছুৰি
 
সংসদীয় নিৰ্বাচনৰ বিজয় আৰু নতুন দায়িত্বৰ আৰম্ভণি
 
যোৱা ২৩ ছেপ্টেম্বৰত মৰক্কোত ৩৯৫ খন আসন বিশিষ্ট প্ৰতিনিধি সভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ কেইদিনমানৰ ভিতৰতে ৰাজভৱনে নতুন চৰকাৰ গঠনৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। এই নিৰ্বাচনত ফাটিমাৰ ৰাজনৈতিক দল 'অথেনটিচিটী এণ্ড মডাৰ্নিটী পাৰ্টি' (PAM) সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰে। দলটোৱে সৰ্বাধিক ৯৭ খন আসন দখল কৰিবলৈ সক্ষম হয়।
 
আনহাতে, 'নেচনেল ৰেলী অৱ ইণ্ডিপেণ্ডেণ্টছ' (RNI) দলে ৬৬ খন আসনেৰে দ্বিতীয় স্থানত থাকে আৰু 'ইস্তিকলাল পাৰ্টি'য়ে ৬৫ খন আসন লাভ কৰে। যিহেতু মৰক্কোৰ সাংবিধানিক নিয়ম অনুসৰি কোনো এটা দলেই অকলে চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা (১৯৮ খন আসন) লাভ কৰিবলৈ সক্ষম নহ'ল, সেয়েহে সম্ৰাটে সৰ্ববৃহৎ দলটোৰ নেত্ৰী হিচাপে ফাটিমা জাহৰাক মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনায়।
 
প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি পোৱাৰ পিছত নিজৰ প্ৰথমটো ভাষণত ফাটিমাই এই ক্ষণটোক অতি ঐতিহাসিক বুলি অভিহিত কৰে। তেওঁ কয় যে দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাক চৰকাৰৰ নেতৃত্ব দিয়াৰ দায়িত্ব অৰ্পণ কৰা হৈছে। এইটো কেৱল তেওঁৰ বাবেই নহয়, মৰক্কোৰ প্ৰতিগৰাকী মহিলাৰ বাবে এক অত্যন্ত গৰ্বৰ বিষয়।
 
মৰক্কোৰ প্ৰধানমন্ত্ৰী ফাটিমা জাহৰা আল মনছুৰি
 
ওকালতিৰ পৰা প্ৰধানমন্ত্ৰীৰ আসনলৈ এক বৰ্ণিল যাত্ৰা
 
১৯৭৬ চনৰ ৩ জানুৱাৰীত মাৰাকেশ চহৰত জন্মগ্ৰহণ কৰা ফাটিমা জাহৰা আল মনছুৰি এটি প্ৰভাৱশালী আৰু শিক্ষিত পৰিয়ালৰ সন্তান। তেওঁৰ পিতৃ আব্দুৰৰহমান আল মনছুৰি মাৰাকেশৰ এগৰাকী শীৰ্ষ প্ৰশাসনিক বিষয়া হোৱাৰ লগতে সংযুক্ত আৰৱ আমিৰশ্বাহীত (UAE) মৰক্কোৰ ৰাষ্ট্ৰদূত হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
 
ফাটিমাই ফ্ৰান্সৰ মণ্টপেলিয়াৰ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ শিক্ষা গ্ৰহণ কৰে আৰু তাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেচ বিশ্ববিদ্যালয়ৰ পৰা এংলো-আমেৰিকান বিজনেছ ল’ বিষয়ত ডিগ্ৰী লাভ কৰে। উচ্চ শিক্ষা সাং কৰি নিজ দেশলৈ উভতি অহাৰ পিছত তেওঁ কৰ্পোৰেট আইনৰ প্ৰেকটিছ আৰম্ভ কৰে।
 
২০০৮ চনত 'PAM' দলৰ প্ৰতিষ্ঠাৰ জৰিয়তে তেওঁ ৰাজনৈতিক জীৱনৰ পাতনি মেলে। ২০০৯ চনত, মাত্ৰ ৩৩ বছৰ বয়সতে তেওঁ মাৰাকেশৰ মেয়ৰ হিচাপে নিৰ্বাচিত হৈ চমক সৃষ্টি কৰে। উল্লেখ্য যে তেওঁ আছিল এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা। ইয়াৰ পিছত ২০২১ চনৰ নিৰ্বাচনতো তেওঁ পুনৰ মাৰাকেশৰ মেয়ৰ হিচাপে নিৰ্বাচিত হয়। মেয়ৰৰ দায়িত্বৰ উপৰি, তেওঁ আজিজ আখনুছৰ পূৰ্বৱৰ্তী চৰকাৰত ৰাষ্ট্ৰীয় পৰিকল্পনা, নগৰ উন্নয়ন আৰু গৃহ নিৰ্মাণ মন্ত্ৰী হিচাপেও দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিছিল।
 
ফাটিমা জাহৰা আল মনছুৰি
 
মিত্ৰজোঁট চৰকাৰৰ প্ৰত্যাহ্বান আৰু ভৱিষ্যতৰ পৰিকল্পনা
 
নতুন প্ৰধানমন্ত্ৰীগৰাকীৰ যাত্ৰাপথ অৱশ্যে মসৃণ নহয়। ফাটিমাৰ সন্মুখত থকা প্ৰথম আৰু আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হৈছে আন আন ৰাজনৈতিক দলসমূহক একগোট কৰি এখন সুস্থিৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰা। যদিও তেওঁৰ দল PAM-এ সকলো দলৰ সৈতে আলোচনাত বহিবলৈ সাজু বুলি স্পষ্ট কৰি দিছে, তথাপি মধ্যপন্থী ইছলামিক দল 'PJD'-এ চৰকাৰত অংশগ্ৰহণ নকৰি বিৰোধী আসনত বহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
ইয়াৰ লগতে নতুন চৰকাৰখনৰ সন্মুখত অৰ্থনৈতিক প্ৰত্যাহ্বানৰো কোনো অভাৱ নাই। দেশত বৰ্ধিত নিবনুৱা সমস্যা, মুদ্ৰাস্ফীতি আৰু ৰাজহুৱা সেৱাসমূহৰ উন্নতিৰ অভাৱক লৈ যুৱপ্ৰজন্মৰ মাজত যথেষ্ট অসন্তুষ্টি বিৰাজমান। নিৰ্বাচনৰ সময়ত ফাটিমাৰ দলে অহা পাঁচ বছৰত ১০ লাখ নতুন সংস্থাপন সৃষ্টি কৰা, স্বাস্থ্য সেৱাৰ মানদণ্ড উন্নত কৰা আৰু দৰমহা বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, যিবোৰ পূৰণ কৰাটো এতিয়া তেওঁৰ বাবে এক ডাঙৰ পৰীক্ষা হ'ব।
 
ইয়াৰ উপৰি, ২০৩০ চনৰ ফিফা ফুটবল বিশ্বকাপৰ বাবে স্পেইন আৰু পৰ্তুগালৰ লগতে মৰক্কোৱেও যুটীয়াভাৱে আয়োজক দেশৰ দায়িত্ব পালন কৰিবলৈ গৈ আছে। এই বিশ্বমানৰ ক্ৰীড়া সমাৰোহৰ প্ৰতি লক্ষ্য ৰাখি দেশখনত বৰ্তমান কোটি কোটি ডলাৰৰ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ কাম চলি আছে। এই বৃহৎ প্ৰকল্পসমূহ নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰা আৰু দেশৰ সামগ্ৰিক অৰ্থনৈতিক বিকাশৰ হাৰ ত্বৰান্বিত কৰাটো নতুন প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰধান অগ্ৰাধিকাৰৰ ভিতৰত অন্যতম হ'ব।


শেহতীয়া খবৰ