টাৰ্ণ তৰণ
পঞ্জাৱৰ টাৰ্ণ তৰণ জিলাৰ নৌশ্বেৰা পান্নুআনৰ সমীপৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে সন্ধিয়া দুখন চৰকাৰী তীৰ্থযাত্ৰা বাছৰ মুখামুখি সংঘৰ্ষত চাৰিজন তীৰ্থযাত্ৰীকে ধৰি পাঁচজন লোক নিহত হোৱাৰ লগতে ১৫ জনতকৈ অধিক আহত হয়৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে 'এক্স'ত পোষ্ট কৰি কয়, "পঞ্জাৱৰ টাৰ্ণ তৰণত সংঘটিত হোৱা দুৰ্ঘটনাত কেইবাজনো লোকৰ মৃত্যু হোৱা খৱৰ লাভ কৰি গভীৰভাৱে মৰ্মাহত হৈছো৷ নিহতসকলক আত্মীয়ক মোৰ সমবেদনা জনোৱাৰ লগতে আহতসকল শীঘ্ৰে আশু-আৰোগ্য কামনা কৰিলো৷"
টাৰ্ণ তৰণৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুৰেন্দ্ৰ লাম্বাই জনোৱা মতে, ভুল দিশৰ পৰা অহা এজন মটৰ চাইকেল আৰোহীক বচাবলৈ বাছ চালকে চেষ্টা কৰা ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়৷ একে সময়তে সন্মুখৰ পৰা আন এখন বাছ আহি থকাৰ ফলত দুয়োখন বাহনৰ মাজত সংঘৰ্ষ হয়৷
জ্যেষ্ঠ আৰক্ষী অধীক্ষক লাম্বাই কয়, এই ঘটনাত মুঠ ২২ জন লোক হতাহত হৈছে৷ দুৰ্ঘটনাত ৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৮ জন লোক আহত হয়৷ ইয়াৰে কেইজনমানৰ অৱস্থা সংকটজনক৷ পাঁচজনৰ অৱস্থা গুৰুতৰভাৱে আহতক উন্নত চিকিৎসাৰ বাবে অমৃতসৰৰ গুৰু নানক দেৱ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে৷ আন ১৩ জন আহত স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু ৮ জন সামান্য আঘাতপ্ৰাপ্ত হৈছে৷
ইফালে টাৰ্ণ তৰণৰ উপ আয়ুক্ত নিৰ্মল অউচেফচানে জনোৱা মতে, চাৰিজন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে অমৃতসৰলৈ প্ৰেৰণ কৰা ছয়জন যাত্ৰীৰ এজনৰ পিছত আঘাতপ্ৰাপ্ত হৈ মৃত্যু হয়৷
তেওঁ কয় যে, গুৰুতৰভাৱে আহত ৫জন যাত্ৰী অমৃতসৰৰ গুৰু নানক দেৱ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে বাকী আহতসকলক তৰ্ণ তৰণ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷
নিৰ্মল অউচেফচানে জনোৱা মতে এই দুৰ্ঘটনাত তীৰ্থযাত্ৰীৰ লগতে মটৰ চাইকেলখন চলাই অহা মহিলাগৰাকীৰো মৃত্যু হয়৷ দুৰ্ঘটনাগ্ৰস্ত বাছ দুখনৰ এখন বাছ ফৰিদকোটৰ পৰা অমৃতসৰলৈ আৰু আনখন বাছ অমৃতসৰৰ পৰা মুক্তসৰলৈ গৈ আছিল৷
পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰি আহতসকলে অতি শীঘ্ৰে প্ৰয়োজন চিকিৎসা লাভ কৰাটো নিশ্চিত কৰিবলৈ বিষয়াসকলক কঠোৰ নিৰ্দেশনা দিয়ে৷