মহাকাশ অভিযানত স্পেচএক্সৰ নতুন ইতিহাস; প্ৰথমবাৰৰ বাবে সফলতাৰে পৃথিৱীলৈ ঘূৰাই আনিলে ষ্টাৰশ্বিপ

Story by  atv | Posted by  Munni Begum • 53 m ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
কেপ কেনাভেৰল
 
মহাকাশ অভিযানৰ ক্ষেত্ৰত এক নতুন সফলতা অৰ্জন কৰিলে এলন মাস্কৰ মহাকাশ গৱেষণা সংস্থা স্পেচএক্সে। প্ৰথমবাৰৰ বাবে মহাকাশৰ পৰা উভতি অহা ষ্টাৰশ্বিপ মহাকাশযানখনক উৎক্ষেপণ কেন্দ্ৰৰ বিশাল যান্ত্ৰিক বাহুৰ সহায়ত মাজ আকাশতে সফলতাৰে ধৰি ৰাখিবলৈ সক্ষম হয় সংস্থাটোৱে। শনিবাৰে সংঘটিত এই ঘটনাক মহাকাশযান পুনৰুদ্ধাৰ আৰু পুনৰ ব্যৱহাৰৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। 
 
শুকুৰবাৰে আমেৰিকাৰ টেক্সাছস্থিত স্পেচএক্সৰ ষ্টাৰবেছ উৎক্ষেপণ কেন্দ্ৰৰ পৰা মহাকাশলৈ যাত্ৰা কৰিছিল ষ্টাৰশ্বিপে। প্ৰায় ২২ ঘণ্টা মহাকাশত কটোৱাৰ পিছত শনিবাৰে মহাকাশযানখন পুনৰ পৃথিৱীলৈ উভতি আহে। পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ পিছত ষ্টাৰশ্বিপে নিয়ন্ত্ৰিতভাৱে অৱতৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। অৱশেষত উৎক্ষেপণ কেন্দ্ৰৰ বিশাল যান্ত্ৰিক বাহু দুটাই মহাকাশযানখনক মাজ আকাশতে ধৰি ৰাখিবলৈ সক্ষম হয়। মহাকাশৰ পৰা উভতি অহা ষ্টাৰশ্বিপৰ মূল মহাকাশযান অংশক এনেদৰে উদ্ধাৰ কৰাৰ ঘটনা এয়াই প্ৰথম। 
 
অৱশ্যে এই অভিযানত স্পেচএক্সৰ সকলো পৰিকল্পনা সফল নহ'ল। ষ্টাৰশ্বিপক মহাকাশলৈ লৈ যোৱা ছুপাৰ হেভী বুষ্টাৰটোও উৎক্ষেপণ কেন্দ্ৰলৈ ঘূৰাই আনি উদ্ধাৰ কৰাৰ পৰিকল্পনা আছিল। কিন্তু কাৰিকৰী সমস্যাৰ বাবে বুষ্টাৰটোৰ পুনৰুদ্ধাৰ প্ৰচেষ্টা বাতিল কৰিবলগীয়া হয়। পৰৱৰ্তী সময়ত মেক্সিকো উপসাগৰৰ ওপৰত বুষ্টাৰটো বিস্ফোৰিত হয়। ফলত অভিযানটোৰ দুয়োটা অংশ উদ্ধাৰৰ পৰিকল্পনাৰ কেৱল এটা অংশহে সফল হয়।
 
ইফালে, মহাকাশৰ পৰা উভতি অহা ষ্টেইনলেছ ষ্টীলেৰে নিৰ্মিত বিশাল ষ্টাৰশ্বিপখন উৎক্ষেপণ কেন্দ্ৰৰ সমীপত উলম্ব অৱস্থাত নামি অহাৰ দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। মহাকাশযানখনক ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰা বিশাল যান্ত্ৰিক বাহু দুটাক ‘চপষ্টিকছ’ বুলি জনা যায়। এই বিশেষ ব্যৱস্থাৰ সহায়ত মহাকাশযানখনক সফলতাৰে উদ্ধাৰ কৰাৰ পিছতে স্পেচএক্সৰ বিজ্ঞানী আৰু অভিযন্তাসকলৰ মাজত আনন্দৰ পৰিৱেশ সৃষ্টি হয়।
 
এই সফলতাত উৎফুল্লিত হৈ স্পেচএক্সৰ ধাৰাভাষ্যকাৰ ডেন হাউটে মহাকাশযানখনৰ প্ৰত্যাৱৰ্তনক এক ঐতিহাসিক মুহূৰ্ত হিচাপে অভিহিত কৰে। সংস্থাটোৰ প্ৰতিষ্ঠাপক এল'ন মাস্কেও এই সফলতাত আনন্দ প্ৰকাশ কৰি দিনটোক এক বিশেষ দিন হিচাপে বৰ্ণনা কৰে। তেওঁ উৎক্ষেপণ টাৱাৰত উঠি উদ্ধাৰ কৰা মহাকাশযানখন ওচৰৰ পৰা পৰিদৰ্শন কৰাৰ লগতে ভিডিঅ' সংগ্ৰহ কৰে।
 
স্পেচএক্সৰ বিষয়াসকলৰ মতে, এই সফলতাই ভৱিষ্যতে ষ্টাৰশ্বিপক পুনৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বিশেষ সহায় কৰিব। মহাকাশযান এখন প্ৰতিটো অভিযানৰ পিছত নতুনকৈ নিৰ্মাণ কৰাৰ পৰিৱৰ্তে পুনৰ ব্যৱহাৰ কৰিব পাৰিলে মহাকাশ অভিযানৰ ব্যয় হ্ৰাস পোৱাৰ লগতে কম সময়ৰ ব্যৱধানত অধিক অভিযান সম্পন্ন কৰাটো সম্ভৱ হ'ব। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও স্পেচএক্সে তিনিবাৰকৈ ছুপাৰ হেভী বুষ্টাৰ সফলতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।
 
আনহাতে, স্পেচএক্সৰ এই সফলতাক আদৰণি জনাইছে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই। নাছাৰ আগন্তুক আৰ্টেমিছ চন্দ্ৰ অভিযানৰ ক্ষেত্ৰতো ষ্টাৰশ্বিপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ কথা। এই দশকৰ শেষৰ ফালে মহাকাশচাৰীক পুনৰ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰোৱা আৰু পৰৱৰ্তী সময়ত চন্দ্ৰত স্থায়ী ঘাটি স্থাপনৰ পৰিকল্পনাত সহায় কৰিবলৈ নাছাই স্পেচএক্সৰ সৈতে কেইবাশ কোটি ডলাৰৰ চুক্তি কৰিছে।
 
নাছাৰ প্ৰশাসক জেৰেড আইজাকমেনেও সামাজিক মাধ্যম ‘এক্স’ৰ জৰিয়তে এই সফলতাত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ ষ্টাৰশ্বিপৰ সফল পুনৰুদ্ধাৰৰ দৃশ্যক প্ৰায় যাদুকৰী মুহূৰ্তৰ সৈতে তুলনা কৰে।
 
মহাকাশৰ পৰা ঘূৰি অহা এখন বিশাল মহাকাশযানক এনেদৰে সফলতাৰে উদ্ধাৰ কৰাৰ ঘটনাই ভৱিষ্যতৰ মহাকাশ অভিযানত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে। বিশেষকৈ কম খৰচত মহাকাশযান পুনৰ ব্যৱহাৰ, চন্দ্ৰ অভিযান আৰু মংগল গ্ৰহলৈ মানুহ প্ৰেৰণৰ দীৰ্ঘম্যাদী পৰিকল্পনাৰ ক্ষেত্ৰত এই সফলতা গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।