তৰুণ নন্দী, কলকাতা
ব্যৰ্থতাই জীৱনৰ শেষ কথা নহয়, বৰং ই এক নতুন আৰম্ভণিৰহে প্ৰথম খোজ। এই কথাষাৰকেই যেন বাস্তৱত প্ৰমাণ কৰি দেখুৱালে অষ্টম শ্ৰেণীত বঙালী, অংক আৰু ভৌত বিজ্ঞানত অনুত্তীৰ্ণ এজন ছাত্ৰই। অষ্টম শ্ৰেণীত অনুত্তীৰ্ণ হোৱা সেই ছাত্ৰজনেই এদিন PhD ডিগ্ৰী অৰ্জন কৰিব, তেনে সপোন হয়তো কোনেও দেখা নাছিল। দক্ষিণ দিনাজপুৰৰ কুশমণ্ডিৰ চাকদহ গাঁৱৰ মিৰাজুল ইছলামেই হৈছে সেইগৰাকী ছাত্ৰ, যিয়ে নিজৰ সংগ্ৰামেৰে প্ৰমাণ কৰি দিলে যে একাগ্ৰতা আৰু লক্ষ্য স্থিৰ থাকিলে জীৱনত নিশ্চিতভাৱে সফলতা লাভ কৰিব পাৰি।
১৯৯৫ চনত এক দৰিদ্ৰ কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল মিৰাজুল ইছলামে। জীৱনত আগুৱাই যোৱাৰ এই যাত্ৰা তেওঁৰ বাবে মুঠেই সহজ নাছিল। পিতৃ লতিফুৰ ৰহমানৰ সীমিত উপাৰ্জন আৰু মাতৃ মাছুৰা বিবিৰ হাঁহ-কুকুৰা পালনেৰে পৰিয়ালটোৱে কোনোমতে দিন অতিবাহিত কৰিছিল। ঘৰ চলোৱা আৰু পঢ়া-শুনাৰ খৰচ যোগাৰ কৰাটো এক প্ৰকাৰ দুঃসাধ্য হৈ পৰিছিল। পিতৃ-মাতৃৰ এনে কঠোৰ পৰিশ্ৰমৰ মাজতো অষ্টম শ্ৰেণীৰ ফলাফলে মিৰাজুলক বাৰুকৈয়ে জোকাৰি গৈছিল। পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ পিছত তেওঁ একেবাৰে ভাগি পৰিছিল। ঠিক সেই মুহূৰ্ততে মাতৃয়ে তেওঁক সাহস দিছিল। মাতৃয়ে কৈছিল, ‘তই অন্তত মেট্ৰিকটো পাছ কৰ’। মাতৃৰ এই একাষাৰ কথাই মিৰাজুলৰ জীৱনৰ মোৰ সলনি কৰি পেলালে।
PhD লাভ কৰাৰ পিছত পৰিয়াল আৰু অভিভাৱকৰ সৈতে মিৰাজুল
অষ্টম শ্ৰেণীৰ সেই ফলাফলৰ পিছতে লক্ষ্য স্থিৰ কৰি তেওঁৰ আৰম্ভ হৈছিল এক অদম্য যাত্ৰা। পুৰণি কিতাপ, বোকা-পানীৰে উপচি থকা ৰাস্তাত তিনি কিলোমিটাৰ খোজকঢ়া, চাইকেল আৰু বাছত উঠি ২০ কিলোমিটাৰ দূৰলৈ টিউচনলৈ যোৱা- এইবোৰেই আছিল তেওঁৰ দৈনন্দিন ৰুটিন। নানা সমস্যাৰ সন্মুখীন হৈছিল যদিও কোনো বাধাই তেওঁৰ দৃঢ়তা আৰু স্পৃহাক ম্লান কৰিব পৰা নাছিল। মাতৃক দিয়া কথা ৰাখি মাদ্ৰাছাৰ দেওনা পাৰ হৈ তেওঁ প্ৰথম বিভাগত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হয়। ইয়াৰ পিছত আলিয়া বিশ্ববিদ্যালয়ৰ পৰা স্নাতক, স্নাতকোত্তৰ আৰু বি এড ডিগ্ৰী সম্পন্ন কৰে মিৰাজুলে। শেষত গৈ তেওঁ পি এইচ ডি ডিগ্ৰীও অৰ্জন কৰে।
অৱশ্যে এই যাত্ৰাপথত সফলতা লাভ কৰাতকৈ প্ৰতিকূলতাৰ সংখ্যাই যেন অধিক আছিল। পৰিয়ালৰ কোনো ব্যক্তিয়েই ইয়াৰ পূৰ্বে উচ্চশিক্ষাৰ দিশত আগবঢ়া নাছিল। ফলস্বৰূপে ক'ত কেনেধৰণৰ সুযোগ আছে, কেনেকৈ আবেদন কৰিব লাগে, ক'ত পঢ়িলে ভৱিষ্যত গঢ়িব পাৰি- এই সকলোবোৰ কথা তেওঁ নিজৰ অভিজ্ঞতাৰ পৰাই শিকিবলগীয়া হৈছিল। ইয়াৰ সমান্তৰালভাৱে আছিল আৰ্থিক অনাটনৰ বোজা। তেওঁৰ গৱেষণাৰ বিষয় আছিল- ‘কাজী নজৰুল ইছলাম, গদ্যশিল্পীৰ সমাজ-সংস্কৃতিৰ বীক্ষা’।
শিক্ষক-শিক্ষয়ত্ৰীৰ সৈতে মিৰাজুল
নজৰুলক বহুতেই কেৱল এগৰাকী কবি আৰু গীতিকাৰ হিচাপেই চিনি পায়। কিন্তু মিৰাজুলৰ আকৰ্ষণ আছিল নজৰুলৰ গদ্য সাহিত্যৰ প্ৰতি। তাৰ পৰাই তেওঁৰ চিন্তা-ধাৰাই এক নতুন মাত্ৰা লাভ কৰে। প্ৰবন্ধ, গল্প, উপন্যাস, নাটক, বক্তৃতা আৰু চিঠিপত্ৰত সমাজ, সংস্কৃতি, সাম্য আৰু মানৱতাৰ যি চিন্তা বিয়পি আছে, সেই দিশটোৱেই তেওঁক গৱেষণাৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত কৰিছিল।
মিৰাজুলে জানিবলৈ দিয়া মতে, তেওঁৰ এই গৱেষণাৰ পথো বৰ মসৃণ নাছিল। গৱেষণা সম্পন্ন কৰাৰ ক্ষেত্ৰত তেওঁ নানা প্ৰশাসনিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। পৰৱৰ্তী সময়ত উপাচাৰ্য আৰু পঞ্জীয়কৰ হস্তক্ষেপত এই সমস্যাৰ সমাধান হয় বুলি তেওঁ জানিবলৈ দিয়ে। চাৰি বছৰৰ ভিতৰত গৱেষণা শেষ কৰাৰ পৰিকল্পনা আছিল যদিও শেষলৈ ছবছৰতকৈয়ো অধিক সময় লাগি যায়। তেওঁৰ ভাষ্য অনুসৰি, তেওঁৰ থেচিছ এবাৰ প্ৰত্যাখ্যানো কৰা হৈছিল। অৱশেষত দীঘলীয়া অপেক্ষা আৰু নানা প্ৰতিকূলতা অতিক্ৰম কৰি ২০২৬ চনৰ ৮ ছেপ্টেম্বৰত সেই আকাংক্ষিত দিনটো আহি পৰে। তেওঁৰ ভাইভা সম্পন্ন হয়। সপোন পূৰণ হয় আৰু হাতলৈ আহে পি এইচ ডি অৰ্জনৰ স্বীকৃতি।
ছাত্ৰসকলৰ সৈতে মিৰাজুল
শিক্ষকতা আৰু গৱেষণাৰ সমান্তৰালভাৱে ছাত্ৰ আৰু সমাজৰ বিভিন্ন আন্দোলনৰ সৈতেও জড়িত হৈ আহিছে মিৰাজুল। বৰ্তমান তেওঁ প্ৰান্তীয় আৰু দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলক পোহৰৰ পথ দেখুৱাবলৈ অহোপুৰুষাৰ্থ কৰিছে।
মিৰাজুলৰ এই জীৱন সংগ্ৰাম এক অনুপ্ৰেৰণাৰ জ্বলন্ত নিদৰ্শন। তেওঁৰ সংঘৰ্ষই আমাক শিকায় যে আৰ্থিক দৈন্যতা বা প্ৰাথমিক পৰ্যায়ৰ ব্যৰ্থতাই কেতিয়াও মানুহৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব নোৱাৰে। নিজৰ প্ৰতি আত্মবিশ্বাস আৰু লক্ষ্যপ্ৰাপ্তিৰ অদম্য হেঁপাহ থাকিলে যিকোনো প্ৰতিকূলতাকেই জয় কৰি সফলতাৰ শিখৰত আৰোহণ কৰা সম্ভৱ।