নাবালিকা পত্নীৰ যৌন সম্পৰ্কৰ ক্ষেত্ৰত মুছলমান ব্যক্তিগত আইনে পকচো আইনক অৱজ্ঞা কৰিব নোৱাৰে: দিল্লী উচ্চ ন্যায়ালয়
আৱাজ-দ্য ভইচ অসম ব্যুৰ'
দিল্লী উচ্চ ন্যায়ালয়ে এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ ৰায়দানত স্পষ্ট কৰি দিছে যে মুছলমান ব্যক্তিগত আইনৰ অধীনত সম্পন্ন হোৱা বিবাহে, কেৱল বিবাহ হোৱাৰ অজুহাততে, কোনো ব্যক্তিক শিশুৰ ওপৰত হোৱা যৌন নিৰ্যাতন প্ৰতিৰোধ আইন, ২০১২ চমুকৈ পকচো বা ভাৰতীয় ন্যায় সংহিতা, ২০২৩ চমুকৈ বিএনএছৰ দৰে কঠোৰ অপৰাধমূলক আইনৰ পৰা ৰেহাই দিব নোৱাৰে, যদিহে পত্নীৰ বয়স ১৮ বছৰৰ অনুৰ্ধৰ হয়।
ন্যায়াধীশ সঞ্জীৱ নাৰুলাৰ একক বিচাৰপীঠে ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৬৪(১) আৰু পকচো আইনৰ ধাৰা ৬-ৰ অধীনত ৰুজু হোৱা এখন এজাহাৰ খাৰিজ কৰাৰ বাবে দাখিল কৰা আবেদন নাকচ কৰি এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে।
এই আইনী বিবাদটো এটা দম্পতীৰ সৈতে জড়িত, যিয়ে যোৱা ২০ ডিচেম্বৰ, ২০২৪ তাৰিখে বিবাহপাশত আবদ্ধ হৈছিল। বিবাহৰ সময়ত যুৱতীগৰাকী নাবালিকা আছিল আৰু তেওঁৰ বয়স আছিল মাত্ৰ ১৬ বছৰ তিনি মাহ। আনহাতে, পুৰুষজনৰ বয়স আছিল প্ৰায় ২৮ বছৰ। বিবাহৰ পিছত দুয়ো একেলগে স্বামী-স্ত্ৰী হিচাপে বসবাস কৰিবলৈ লয় আৰু পৰৱৰ্তী সময়ত মহিলাগৰাকী গৰ্ভৱতী হয়। গৰ্ভাৱস্থাৰ নিয়মীয়া পৰীক্ষাৰ বাবে তেওঁ এখন চৰকাৰী চিকিৎসালয়লৈ যোৱাত চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ জৰিয়তে তেওঁৰ প্ৰকৃত বয়স পোহৰলৈ আহে। নিয়ম অনুসৰি চিকিৎসালয় কৰ্তৃপক্ষই আৰক্ষীক অৱগত কৰাৰ লগে লগে এই সন্দৰ্ভত এখন এজাহাৰ ৰুজু কৰা হয়।
যুৱতীগৰাকীয়ে ন্যায়ালয়ত দাবী কৰিছিল যে দুয়োখন পৰিয়ালৰ পূৰ্ণ সন্মতিমৰ্মে তেওঁ নিজৰ ইচ্ছা অনুসৰি এই বিবাহপাশত আবদ্ধ হৈছিল। ইয়াত কোনো ধৰণৰ বলপ্ৰয়োগ বা ভাবুকিৰ আশ্ৰয় লোৱা হোৱা নাছিল।
আনহাতে, আবেদনকাৰীৰ অধিবক্তাই মুছলমান ব্যক্তিগত আইনৰ উদ্ধৃতি দি যুক্তি দৰ্শাইছিল যে ইছলামিক আইন অনুসৰি মহিলাগৰাকীয়ে যৌৱনপ্ৰাপ্ত হোৱাৰ পিছত তেওঁ বিবাহৰ বাবে সম্পূৰ্ণ যোগ্য হিচাপে বিবেচিত হয়। তেওঁলোকৰ যুক্তি আছিল যে যিহেতু বিবাহখন বৈধ হিচাপে স্বীকৃতিপ্ৰাপ্ত, সেয়েহে স্বামী আৰু স্ত্ৰীৰ মাজত হোৱা পাৰস্পৰিক সন্মতিসাপেক্ষ যৌন সম্পৰ্কই কোনো অপৰাধমূলক দায়বদ্ধতা বা পকচো আইনৰ অধীনত অপৰাধ কঢ়িয়াই আনিব নোৱাৰে।
উচ্চ ন্যায়ালয়ে আবেদনকাৰীৰ এই সকলোবোৰ যুক্তি দৃঢ়তাৰে নাকচ কৰে আৰু আইনী দৃষ্টিকোণৰ পৰা গুৰুত্বপূৰ্ণ দিশসমূহ স্পষ্ট কৰি দিয়ে।
ন্যায়ালয়ে উল্লেখ কৰে যে সংসদে প্ৰণয়ন কৰা অপৰাধমূলক আইনসমূহৰ ক্ষেত্ৰত ব্যক্তিগত আইনে কোনো ব্যতিক্ৰম বা ৰেহাই সৃষ্টি কৰিব নোৱাৰে, বিশেষকৈ যেতিয়া আইনখনত সংসদে নিজেই তেনে কোনো ব্যতিক্ৰমৰ কথা উল্লেখ কৰা নাই।
দিল্লী উচ্চ ন্যায়ালয়
পকচো আইনৰ অধীনত ১৮ বছৰৰ তলৰ যিকোনো ব্যক্তিক 'শিশু' হিচাপে সংজ্ঞায়িত কৰা হৈছে। এই আইন অনুসৰি, শিশুৰ সৈতে কৰা যিকোনো ধৰণৰ যৌন নিৰ্যাতন এক গুৰুতৰ অপৰাধ। এই ক্ষেত্ৰত শিশুটিৰ সন্মতি থাকিলেও সেয়া আইনীভাৱে গ্ৰহণযোগ্য নহয়। লগতে, পকচো আইনৰ ৪২-ক ধাৰাই স্পষ্ট কৰে যে আন যিকোনো আইনৰ সৈতে সংঘাত হ'লে পকচো আইনখনেই অগ্ৰাধিকাৰ পাব।
ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৬৩ অনুসৰি, ১৮ বছৰৰ তলৰ যিকোনো মহিলাৰ সৈতে হোৱা যৌন সম্পৰ্কক 'ধৰ্ষণ' হিচাপে গণ্য কৰা হয়, তাত মহিলাগৰাকীৰ সন্মতি থাককেই বা নাথাকক। বৈবাহিক সম্পৰ্কৰ ৰেহাই কেৱল তেতিয়াহে প্ৰযোজ্য হ'ব, যেতিয়া পত্নীৰ বয়স ১৮ বছৰতকৈ অধিক হয়।
'ইণ্ডিপেণ্ডেণ্ট থট বনাম ভাৰত চৰকাৰ' আৰু 'চছাইটি ফৰ এনলাইটেনমেণ্ট এণ্ড ভলান্টাৰী একচন বনাম ভাৰত চৰকাৰ' আদি গোচৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ে দিয়া ঐতিহাসিক ৰায়ৰ উদ্ধৃতি দি উচ্চ ন্যায়ালয়ে কয় যে, বিবাহৰ নামত ১৮ বছৰৰ তলৰ শিশুক অপৰাধমূলক আইনে প্ৰদান কৰা সুৰক্ষা কবচ কেতিয়াও কাঢ়ি নিব বা হ্ৰাস কৰিব নোৱাৰি।
মহিলাগৰাকীৰ সন্মতি থকা, কোনো ধৰণৰ বলপ্ৰয়োগ নোহোৱা আৰু পৰিয়ালৰ সন্মতি থকা আদি যুক্তিসমূহ ন্যায়ালয়ে অগ্ৰাহ্য কৰে। ন্যায়ালয়ে স্পষ্ট কৰে যে এই কাৰকবোৰে পকচো আইনৰ অধীনত সংঘটিত হোৱা অপৰাধৰ মূল উপাদানসমূহ সলনি কৰিব নোৱাৰে আৰু ই অপৰাধীক বচাব পৰা কোনো আত্মৰক্ষাৰ যুক্তি হিচাপে থিয় দিব নোৱাৰে।
অৱশ্যে, ন্যায়ালয়ে এই কথাও স্পষ্ট কৰি দিয়ে যে তেওঁলোকে বৰ্তমান বিবাহখনৰ আইনী বৈধতা বা আবেদনকাৰীৰ চূড়ান্ত দোষ-নিৰ্দোষীৰ ওপৰত কোনো ৰায় দিয়া নাই। তেওঁলোকে কেৱল মুছলমান ব্যক্তিগত আইনৰ অধীনত দাবী কৰা বিবাহে পকচো বা BNS-ৰ দৰে আইনৰ পৰা ৰেহাই দিব পাৰেনে নোৱাৰে, সেই বিষয়েহে আইনী স্থিতি স্পষ্ট কৰিছে।
পকচো আৰু BNS-ৰ অধীনত ৰুজু হোৱা এজাহাৰখন বাতিল কৰাৰ বাবে কোনো সঠিক আইনী ভিত্তি বিচাৰি নাপায় উচ্চ ন্যায়ালয়ে আবেদনখন সম্পূৰ্ণৰূপে নাকচ কৰে। ইয়াৰ লগতে, আৰক্ষী বিষয়াৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ আৰু ক্ষতিপূৰণ বিচাৰি কৰা আবেদনো ন্যায়ালয়ে অগ্ৰাহ্য কৰে।