শংকৰদেৱৰ অসম, আজান পীৰৰ সম্প্ৰীতি আৰু আমাৰ আত্মসমীক্ষা

Story by  Munni Begum | Posted by  Munni Begum • 3 h ago
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিনিধিত্বমূলক ছবি
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিনিধিত্বমূলক ছবি
 
মুন্নী বেগম / গুৱাহাটী 
 
এখন সমাজ কেৱল মানুহৰ সমষ্টিৰে গঢ় লৈ নুঠে। এখন সমাজ গঢ় লৈ উঠে মানুহৰ বিশ্বাস, মূল্যবোধ, সংস্কৃতি, পৰম্পৰা, সহাৱস্থান আৰু পাৰস্পৰিক সম্পৰ্কৰ ভিত্তিত। অসমৰ সমাজখনো তেনে এক দীঘলীয়া সমন্বয়ৰ ইতিহাসৰ ফচল। বিভিন্ন জাতি, জনগোষ্ঠী, ভাষা, ধৰ্ম আৰু সংস্কৃতিৰ মানুহে যুগ যুগ ধৰি একেলগে বসবাস কৰি, ইজনে-সিজনৰ পৰা শিকি আৰু পৰস্পৰৰ সুখ-দুখৰ অংশীদাৰ হৈ গঢ়ি তুলিছে আজিৰ অসম। এই সমন্বয়ী অসমৰ অন্যতম মহান স্থপতি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আজি  গুৰুজনাৰ তিৰুভাৱ তিথি। এই দিনটো কেৱল এগৰাকী ধৰ্মীয় গুৰু, সমাজসংস্কাৰক আৰু সাংস্কৃতিক মহীৰূহক স্মৰণ কৰাৰ দিন নহয় বৰং ই হৈছে নিজৰ সমাজখনলৈ ঘূৰি চোৱাৰ, নিজৰ আচৰণক প্ৰশ্ন কৰাৰ আৰু মহাপুৰুষগৰাকীয়ে দেখুৱাই যোৱা পথটো আমি কিমান দূৰ অনুসৰণ কৰিছোঁ সেই কথা ভাবি চোৱাৰ। 
 
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এনে এখন সমাজৰ সপোন দেখিছিল, যিখন সমাজত মানুহৰ মাজত জাতি-বৰ্ণ, উচ্চ-নীচ বা সামাজিক ভেদাভেদে প্ৰাধান্য নাপায়। তেওঁৰ একশৰণ নামধৰ্মৰ মূলত আছিল ভক্তি, সাম্য আৰু মানৱীয়তা। নামঘৰ আৰু সত্ৰ কেৱল ধৰ্মীয় অনুষ্ঠানৰ স্থান হৈ নাথাকি সামাজিক, সাংস্কৃতিক আৰু সামূহিক জীৱনৰো কেন্দ্ৰ হৈ উঠিছিল। বৰগীত, কীৰ্তন, অংকীয়া নাট, ভাওনা, চিত্ৰকলা আদি বিভিন্ন সৃষ্টিশীল মাধ্যমৰ জৰিয়তে তেওঁ অসমীয়া সমাজক এক উমৈহতীয়া সাংস্কৃতিক পৰিচয় প্ৰদান কৰিছিল। সেয়েহে মহাপুৰুষগৰাকীক স্মৰণ কৰাৰ সৰ্বোত্তম উপায় তেওঁৰ নাম উচ্চাৰণ কৰাত নহয়, তেওঁৰ মানৱীয় আদৰ্শক নিজৰ জীৱনত প্ৰতিফলিত কৰাত অন্তৰ্নিহিত হৈ আছে। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
শংকৰদেৱৰ কৃতিত্ব কেৱল ধৰ্মীয় ক্ষেত্ৰতে সীমাবদ্ধ নাছিল। তেওঁ অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিক এক নতুন দিশ  প্ৰদান কৰিছিল। বিভিন্ন সামাজিক স্তৰৰ মানুহক একেলগে আনি তেওঁ সমাজত এক নতুন সামূহিক চেতনা সৃষ্টি কৰিছিল। অৰ্থাৎ তেওঁৰ আন্দোলন কেৱল আধ্যাত্মিক নাছিল, ই আছিল সামাজিক আৰু সাংস্কৃতিক পুনৰ্গঠনৰো এক শক্তিশালী প্ৰয়াস।  
 
কিন্তু অসমৰ সমন্বয়ৰ ইতিহাস কেৱল শংকৰদেৱৰ পৰম্পৰাতেই সীমাবদ্ধ নহয়। ইয়াৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে সুফী সাধক আজান পীৰৰ নামো। আজান পীৰ নামেৰে পৰিচিত হজৰত শ্বাহ মীৰান অসমলৈ আহি অসমৰ ভূমি, অসমৰ মানুহ আৰু অসমীয়া সংস্কৃতিৰ সৈতে একাত্ম হৈ পৰিছিল। তেওঁ অসমীয়া ভাষাত জিকিৰ-জাৰি ৰচনা কৰি ইছলামৰ আধ্যাত্মিক বাণীক অসমৰ লোকজীৱনৰ সৈতে সংযোগ কৰিছিল। তেওঁৰ সৃষ্টিত ধৰ্মীয় আধ্যাত্মিকতাৰ লগতে নৈতিকতা, মানৱতা, ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰতিফলিত হৈছিল।  
 
আজান পীৰ দৰগাহ
 
শংকৰদেৱ আৰু আজান পীৰৰ মাজত প্ৰত্যক্ষ সাক্ষাৎ বা ব্যক্তিগত সম্পৰ্ক আছিল বুলি কোৱা ক্ষেত্ৰত নিৰ্ভৰযোগ্য ঐতিহাসিক প্ৰমাণৰ বিষয়ে দাবী নকৰাই শ্ৰেয়। কিয়নো ইতিহাসক আবেগৰ বাবে অতিৰঞ্জিত কৰাৰ প্ৰয়োজন নাই। বৰং দুয়োগৰাকী মহান ব্যক্তিৰ চিন্তা-চৰ্চাত থকা মানৱীয় মূল্যবোধক সঠিকভাৱে বুজি লোৱাটোৱেই অধিক গুৰুত্বপূৰ্ণ। কাৰণ দুয়োগৰাকীৰ চিন্তা-চৰ্চাত মানুহৰ মাজত প্ৰেম, সহিষ্ণুতা, আধ্যাত্মিকতা আৰু সামাজিক সম্প্ৰীতিৰ যি মূল্যবোধ দেখা যায়, সেই মূল্যবোধেই অসমৰ সমন্বয়ী সংস্কৃতিক শক্তিশালী কৰি ৰাখিছে। এজনৰ কীৰ্তন-ঘোষাৰ সুৰ আৰু আনজনৰ জিকিৰৰ সুৰ দুয়োটাই যেন অসমৰ মাটিত একেটা কথাই সোঁৱৰাই দিয়ে যে, ধৰ্ম পৃথক হ’ব পাৰে, কিন্তু মানুহৰ মৰম, দুখ-বেদনা আৰু মানৱতা কেতিয়াও পৃথক নহয়। এইটোৱেই হৈছে অসমৰ মূল শক্তি তথা অসমৰ সমন্বয়ী সংস্কৃতিৰ গভীৰতম সৌন্দৰ্য। 
 
অসমৰ গাঁৱে-ভূঞে যুগ যুগ ধৰি হিন্দু-মুছলমান, বিভিন্ন জনগোষ্ঠী আৰু বিভিন্ন ভাষা-ভাষীৰ মানুহে পৰস্পৰৰ সুখ-দুখৰ অংশীদাৰ হৈ আহিছে। বিহু, ভাওনা, জিকিৰ, দৰগাহ, নামঘৰ, উৎসৱ-পাৰ্বণ আদি সকলোবোৰৰ মাজেৰে ধৰ্মীয় সীমাৰেখা বহু সময়ত ম্লান হৈ পৰিছে আৰু মানুহৰ মাজৰ সামাজিক সম্পৰ্কটো অধিক শক্তিশালী হৈ উঠিছে। অসমৰ সংস্কৃতি কোনো এটা ধৰ্ম বা জনগোষ্ঠীৰ একক সম্পত্তি নহয়; ই বহু নদী-উপনদীৰ মিলনেৰে গঢ়ি উঠা এখন বিশাল সাংস্কৃতিক সোঁত। অসমৰ পৰিচয়ৰ শক্তি একৰূপতাত নহয়, বৈচিত্ৰ্যৰ মাজত থকা একতাত আছে। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
আমি শংকৰদেৱৰ নামত অনুষ্ঠান আয়োজন কৰোঁ, তেওঁৰ সৃষ্টিৰাজিৰ বিষয়ে আলোচনা কৰোঁ, আজান পীৰৰ জিকিৰ পৰিৱেশন কৰোঁ, সম্প্ৰীতিৰ কথা কওঁ। কিন্তু দৈনন্দিন জীৱনত কেতিয়াবা আমি ধৰ্মীয় পৰিচয়কে মানুহৰ ওপৰত বিচাৰ কৰাৰ অন্যতম মাপকাঠি কৰি লওঁ। তেওঁলোকৰ আদৰ্শ মানে কেৱল তেওঁলোকৰ নামত অনুষ্ঠান আয়োজন কৰা নহয়। তেওঁলোকৰ আদৰ্শ মানে হৈছে ভিন্নতাক স্বীকাৰ কৰি একেলগে জীয়াই থাকিব পৰা মানসিকতা। নিজৰ ধৰ্মক সন্মান কৰাৰ লগতে আনৰ ধৰ্মকো সন্মান কৰা। নিজৰ সংস্কৃতিক ভালপোৱাৰ লগতে আনৰ সংস্কৃতিক অপমান নকৰা। মতৰ অমিল থাকিলেও মানুহজনক ঘৃণা নকৰা। কিন্তু আমি সঁচাকৈয়ে সেই আদৰ্শ পালন কৰিছোঁনে? এই প্ৰশ্নৰ উত্তৰ দিবলৈ আমি অলপ কঠিনভাৱে নিজকে আত্মসমীক্ষা কৰি চাব লাগিব। 
 
শংকৰদেৱৰ অসমখন কেৱল অতীতৰ স্মৃতি হৈ থাকিলে নহ’ব। আজান পীৰৰ সম্প্ৰীতিৰ সুৰ কেৱল সংগীতৰ অনুষ্ঠানত শুনিলেই নহ’ব। সেই আদৰ্শ আমাৰ ব্যৱহাৰত প্ৰতিফলিত হ’ব লাগিব। শংকৰদেৱে যি সাংস্কৃতিক আৰু মানৱীয় অসমৰ ভেটি গঢ়ি থৈ গৈছে, আজান পীৰে যি সম্প্ৰীতিৰ সুৰেৰে সেই ভূমিক সমৃদ্ধ কৰি থৈ গৈছে, সেই অসমখনক সংৰক্ষণ কৰাৰ দায়িত্ব কোনো এটা নিৰ্দিষ্ট গোট তথা সম্প্ৰদায়ৰ নহয়, বৰং এই দায়িত্ব আমাৰ সকলোৰে হয়। কাৰণ অসম আমাৰ কেৱল বাসস্থান নহয়; ই আমাৰ সামূহিক স্মৃতি, সংস্কৃতি, সহাৱস্থান আৰু পৰিচয়ৰ প্ৰতীক হয়। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
আজি প্ৰয়োজন শংকৰদেৱক কেৱল স্মৰণ কৰাৰ নহয়, তেওঁৰ মানৱতাক বুজি পোৱাৰ। আজান পীৰক কেৱল সোঁৱৰণ কৰাৰ নহয়, তেওঁৰ  সম্প্ৰীতিৰ বাৰ্তাক জীৱনত বাস্তৱ ৰূপ দিয়াৰ। যদি আমি সঁচাকৈয়ে শংকৰদেৱৰ অসমখন জীয়াই ৰাখিব বিচাৰোঁ, তেন্তে প্ৰথমে আমাৰ মনৰ ভিতৰত গঢ় লৈ উঠা বিভাজনৰ দেৱালখন আমি ভাঙিব লাগিব। কাৰণ নামঘৰৰ চাকি আৰু জিকিৰৰ সুৰ তেতিয়াহে সাৰ্থক হ'ব, যেতিয়া সেই পোহৰ আৰু সুৰে আমাৰ হৃদয়ত মানুহৰ প্ৰতি মানুহৰ বিশ্বাস জগাই তুলিব, তেতিয়াহে তিৰুভাৱ তিথিৰ স্মৰণ সাৰ্থক হ'ব, তেতিয়াহে শংকৰদেৱৰ সম্প্ৰীতিৰ অসম কেৱল ইতিহাসৰ পাতত নহয়, আমাৰ আচৰণত, আমাৰ সমাজত আৰু আমাৰ ভৱিষ্যততো জীয়াই থাকিব।