পূজাৰ বতৰত চমক দিবলৈ সাজু বংগৰ 'ছুপাৰলেডী': ঢাকৰ ওপৰত থিয় হৈ চমক সৃষ্টি বংগৰ মহিলা ঢুলীয়াৰ

Story by  atv | Posted by  Munni Begum • 3 h ago
ঢাকৰ ওপৰত থিয় হৈ চমক সৃষ্টি বংগৰ মহিলা ঢুলীয়াৰ
ঢাকৰ ওপৰত থিয় হৈ চমক সৃষ্টি বংগৰ মহিলা ঢুলীয়াৰ
 
তৰুণ নন্দী / কলকাতা
 
হাতত ঢাকৰ মাৰি পৰিলেই ঢাকৰ শব্দত যেন সলনি হৈ পৰে সমগ্ৰ পৰিৱেশ। সাধাৰণ ঢাকৰ তাল কাণত পৰিলেই মনটো এনেয়ে এক সুকীয়া অনুভৱত বুৰ যায়। কিন্তু যদি সেই ঢাকৰ ওপৰতেই থিয় হৈ, এখন ভৰিৰে শৰীৰৰ সম্পূৰ্ণ ভাৰসাম্য ৰাখি ঘূৰি ঘূৰি ঢাকো বজোৱা হয়?
 
আচৰিত কৰি তোলা মহিলা ঢুলীয়াসকলৰ এই প্ৰতিভাই আজি সমগ্ৰ বিশ্বৰ শিল্পৰসিকক মুগ্ধ কৰি তুলিছে। যাৰ নেপথ্যত আছে উত্তৰ ২৪ পৰগণাৰ মছলন্দপুৰৰ শিলা ৰায় আৰু তেওঁৰ 'লোকনাথ বেণ্ড এণ্ড মহিলা ঢাকি'।
 
 
সমাজত আজিও ভবা হয় যে ঢাক বজোৱাটো কেৱল পুৰুষৰহে একচেটিয়া অধিকাৰ। কিন্তু সময় সলনি হৈছে। মহিলাসকলেও এতিয়া কান্ধত কান্ধ মিলাই এই পেছাত নামি পৰিছে। মহিলা ঢুলীয়া শিলা ৰায়ে মহিলাসকলক লৈ ঢাকৰ দল গঠন কৰাৰ সিদ্ধান্ত লোৱাৰ লগে লগেই সমাজৰ চাৰিওফালৰ পৰা উফৰি আহিছিল নানা ককৰ্থনা আৰু বক্ৰোক্তি। 'ছোৱালীয়ে আকৌ ঢাক বজোৱা মানে কি?'- এনেধৰণৰ নানা মন্তব্যক গুৰুত্ব নিদি নিজৰ সিদ্ধান্তত অটল আছিল শিলাদেৱী।
 
ঘৰ-সংসাৰ চম্ভালিও পুৱা-গধূলি চলিছিল তেওঁলোকৰ কঠোৰ অনুশীলন। মহিলা ঢুলীয়াৰ দল গঠন কৰিবলৈ গৈ শিলাদেৱীয়ে মহিলাসকলক কেৱল পৰম্পৰাগতভাৱে ঢাক বজোৱাই নহয়, এটা, দুটা, আনকি তিনিটাকৈ ঢাকৰ ওপৰত থিয় হৈ ভাৰসাম্য ৰাখি কেনেদৰে ঢাক বজাব পাৰি তাৰ দৰে কঠিন শাৰীৰিক কছৰতো আয়ত্ত কৰিবলৈ শিকাইছিল।
 
লোকনাথ বেণ্ড আৰু মহিলা ঢাকবাদক
 
জানিব পৰা মতে, তেওঁৰ এই সফলতাৰ আঁৰত আছে এক অনন্য দাম্পত্যৰ এনাজৰী। শিলাদেৱীয়ে জানিবলৈ দিয়া মতে, তেওঁৰ স্বামীয়ে যোৱা ৩০ বছৰ ধৰি নিজ হাতেৰে বগা চামৰাৰ এক বিশেষ ঢাক তৈয়াৰ কৰি আহিছে। যাৰ সুৰ আৰু স্থায়ীত্বক লৈ ঢুলীয়া সমাজত যথেষ্ট সুনাম আছে। স্বামীয়ে নিৰ্মাণ কৰা ধকধকীয়া বগা চামৰাৰ সেই ঢাক কান্ধত তুলি লৈ বা তাৰ ওপৰত থিয় হৈ সুৰৰ ধুমুহা সৃষ্টি কৰিছে শিলা ৰায় আৰু তেওঁৰ আঠগৰাকী দক্ষ নাৰী ঢুলীয়াৰ দলে।
 
এই দীঘলীয়া যাত্ৰাপথত আজি মহিলা ঢুলীয়াসকলৰ প্ৰতিভাই সুদূৰ বিদেশতো প্ৰবাসী বাঙালীসকলক ঢাকৰ তালে তালে নাচিবলৈ বাধ্য কৰিছে। সময়ৰ সোঁতত যিসকলে এদিন সমালোচনাৰ ধুমুহা তুলিছিল, আজি সেইসকলেই শিলাদেৱী আৰু তেওঁৰ মহিলা দলৰ শিল্পীসকলক প্ৰশংসা কৰিবলৈ বাধ্য হৈছে।
 
ঢাক বনোৱাৰ দৃশ্য
 
যাত্ৰাপথৰ প্ৰতিটো বাধা অতিক্ৰম কৰি এই মহিলা ঢুলীয়াসকলে প্ৰমাণ কৰি দিছে যে, ইচ্ছা আৰু সততা থাকিলে কোনো কামেই সৰু নহয়। পুৰুষৰ সমকক্ষ হৈ নিজৰ দক্ষতাৰে আজি তেওঁলোক স্বাৱলম্বী। ঢাক বজাই শিল্পীৰ মৰ্যাদাৰে সমাজত তেওঁলোকে অৰ্জন কৰিছে অভাৱনীয় সন্মান।
 
শিলা ৰায় আৰু তেওঁৰ দলটো কেৱল এক শিল্পীৰ দলেই নহয়, তেওঁলোক নাৰী সৱলীকৰণৰ এক জীৱন্ত প্ৰতীক। ঢাকৰ প্ৰতিটো শব্দত আজি কেৱল সুৰেই নাবাজে, প্ৰতিধ্বনিত হয় তেওঁলোকৰ সংগ্ৰাম, আত্মবিশ্বাস আৰু নাৰীশক্তিৰ অবিস্মৰণীয় জয়গান।