হিউষ্টন / টেক্সাছ
হিউষ্টনত থকা ভাৰতৰ কনছুলেট জেনেৰেলত অসমৰ সমৃদ্ধ সংস্কৃতি আৰু ঐতিহ্যক লৈ এক মনোমোহা অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত কিংবদন্তি অসমীয়া শিল্পী ড° ভূপেন হাজৰিকাৰ জীৱন, কৰ্ম আৰু যুগজয়ী সাংস্কৃতিক অৱদানক সামৰি নিৰ্মাণ কৰা তথ্যচিত্ৰ 'ভূপেনদা আনকাট' প্ৰদৰ্শন কৰা হয়।
তথ্যচিত্ৰখনৰ প্ৰদৰ্শনৰ লগতে অসমৰ বৈচিত্ৰময় সাংস্কৃতিক পৰম্পৰাৰো সুন্দৰ উপস্থাপন কৰা হয়। অনুষ্ঠানত পৰম্পৰাগত অসমীয়া নৃত্য, হৃদয়স্পৰ্শী সংগীত পৰিৱেশন আৰু বিভিন্ন আঞ্চলিক খাদ্যৰ জৰিয়তে অসমৰ সংস্কৃতি আৰু ঐতিহ্যক তুলি ধৰা হয়।
অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰদূত লক্ষ্মী মুৰ্দেশ্বৰ পুৰী। তেওঁ ড° ভূপেন হাজৰিকাৰ জীৱন আৰু ভাৰতীয় কলা, সংগীত তথা সংস্কৃতিলৈ আগবঢ়োৱা তেওঁৰ অসামান্য অৱদানৰ বিষয়ে এক গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে।
কনছুলেট জেনেৰেল ডি চি মুনজানাথে অনুষ্ঠানলৈ অহা সকলোকে আদৰণি জনোৱাৰ লগতে হিউষ্টনত থকা অসমীয়া সমাজে আগবঢ়াই অহা উল্লেখযোগ্য অৱদানৰ কথাও শলাগ লয়।
ববীতা শৰ্মাৰ পৰিচালনাত আৰু চিন্ময় শৰ্মাৰ প্ৰযোজনাত নিৰ্মিত ‘ভূপেনদা আনকাট’ আছিল অনুষ্ঠানটোৰ মূল আকৰ্ষণ। তথ্যচিত্ৰখনে ড° ভূপেন হাজৰিকাৰ জীৱন আৰু কৰ্মৰ এক আন্তৰিক আৰু বাস্তৱ প্ৰতিচ্ছবি দাঙি ধৰে। ইয়াৰ জৰিয়তে দৰ্শকে এনে এগৰাকী মহান শিল্পীৰ জীৱন-যাত্ৰা আৰু প্ৰভাৱক পুনৰ এবাৰ স্মৰণ কৰাৰ সুযোগ লাভ কৰে, যাৰ সংগীত আৰু সৃষ্টিশীল কৰ্মই ভাষা আৰু ভৌগোলিক সীমাৰ পৰিধি অতিক্ৰম কৰিছিল।
অসমীয়া কালচাৰেল ছ’চাইটি অৱ গ্ৰেটাৰ হিউষ্টন (ACSGH)ৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। সংস্থাটোৰ উদ্যোগত চলচ্চিত্ৰ, সংগীত, নৃত্য আৰু খাদ্য এই সকলোবোৰক একেলগ কৰি অসমৰ পৰিচয় আৰু ঐতিহ্যৰ এক সুন্দৰ সামগ্ৰিক ছবি দাঙি ধৰা হয়।
অনুষ্ঠানটোৰ স্মৃতি ৰোমন্থন কৰি ৰাষ্ট্ৰদূত লক্ষ্মী মুৰ্দেশ্বৰ পুৰীয়ে এক্সত এক পোষ্টযোগে লিখে, “ব্ৰহ্মপুত্ৰৰ পৰা হিউষ্টনলৈ, ভূপেনদাৰ কণ্ঠই আজিও কোনো পাছপ’ৰ্টৰ প্ৰয়োজন নোহোৱাকৈ যাত্ৰা কৰি আছে। ড° ভূপেন হাজৰিকাক লৈ অনুষ্ঠিত এই সুন্দৰ অনুষ্ঠানটো আছিল এক বিশেষ স্মৰণ, য’ত সংগীত স্মৃতি হৈ পৰিছিল, অসম হৈ পৰিছিল এক অনুভৱ, আৰু প্ৰবাসী অসমীয়া সমাজ হৈ পৰিছিল মহাদেশৰ সীমা অতিক্ৰম কৰি ভাৰতৰ সাংস্কৃতিক আত্মাক কঢ়িয়াই নিয়া এক সেতু। এই সেতুখন সজীৱ কৰি ৰখাৰ বাবে হিউষ্টনৰ ভাৰতীয় কনছুলেট আৰু গ্ৰেটাৰ হিউষ্টনৰ অসমীয়া সমাজৰ প্ৰতি কৃতজ্ঞ।”
‘সুধাকণ্ঠ’ আৰু ‘ব্ৰহ্মপুত্ৰৰ বৰদৈ’ নামেৰে জনপ্ৰিয় ড° ভূপেন হাজৰিকা অসমৰ অন্যতম প্ৰভাৱশালী সাংস্কৃতিক ব্যক্তিত্ব। তেওঁৰ সংগীত আৰু চলচ্চিত্ৰৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কাহিনী, আশা-আকাংক্ষা আৰু সাংস্কৃতিক পৰিচয় সমগ্ৰ ভাৰতৰ দৰ্শক-শ্ৰোতাৰ মাজলৈ বিয়পি পৰিছিল।
মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ড° ভূপেন হাজৰিকাক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ কয় যে, ভূপেন হাজৰিকাৰ কণ্ঠত অসমৰ আত্মা আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সজীৱ সত্তা সমগ্ৰ দেশৰ মাজলৈ বিয়পি পৰিছিল।