আৰিফুল ইছলাম/গুৱাহাটী
শুকুৰবাৰে দিনটোত অসম জীয়ৰী লাভলীনা বৰগোঁহায়ে এক ইতিহাস ৰচনা কৰে। এছিয়ান গেমছত ভাৰতৰ বক্সিঙত ১২ বছৰীয়া সোণৰ পদকৰ খৰাঙৰ অন্ত পেলাই দেশবাসীক গৌৰৱৰ সুবিধা প্ৰদান কৰে। যাৰ বাবে এতিয়া অসম সন্তান লাভলীনা হৈ পৰিছে দেশৰ গৌৰৱ। জাপানত অনুষ্ঠিত এছিয়ান গেমছত আশা নকৰাকৈয়ে সোনৰ পদক জয়ী হৈ আপ্লুত হৈছে লাভলিনাই। মানুহৰ আশীৰ্বাদৰ বাবেই এয়া হৈ উঠিছে বুলি কয় খেলুৱৈগৰাকীয়ে।
জাপানৰ আইচি নগায়াত অনুষ্ঠিত হোৱা এছিয়ান গেমছ ২০২৬ ত ৭৫ কেজি মহিলা বক্সিঙত স্বৰ্ণ পদক জয়ী হৈ কালি মাতৃভূমিত ভৰি দিছিল লাভলিনাই। আজি অসম বক্সিঙ এছ'চিয়েছন আৰু অসম অলিম্পিক এছ'চিয়েছনৰ সহযোগত অসম চৰকাৰৰ ক্ৰীড়া বিভাগে এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰি লাভলিনা বৰগোঁহাইক সম্বৰ্ধনা জনায়।
VIDEO
সম্বৰ্ধনা অনুষ্ঠানৰ শেষত সংবাদমেল সম্বোধন কৰি লাভলিনা বৰগোঁহাইয়ে কয়; "বহুত ভাল লাগিছে, ভাষাৰে প্ৰকাশ কৰিব পৰা নাই। মোৰ যি সপোন সপোনটোত জীয়াই থকাৰ দৰে লাগিছে। সকলো এথলীটে ইমান মৰম নাপায়, মই যিমান পাবলৈ সক্ষম হৈছো, সেইবাবে নিজকে মই সৌভাগ্যৱান বুলি ভাবো। সকলো খেলুৱৈয়ে যেন এই সপোন জীয়াবলৈ পাই, মই তাৰে আশা কৰোঁ। সোণৰ মেডেলটো মোৰ বাৰে বহুত বিশেষ হয়, জন্মদিন দিনাই দেশক দিবলৈ সক্ষম হ’লো। বহু মানুহৰ আৰ্শীবাদ আৰু সহায়ৰ বাবে এইবাৰ সোণৰ মেডেল আনিবলৈ সক্ষম হৈছো।"
এইবাৰ এছিয়ান গেমছ বিশেষ আছিল লাভলিনাৰ বাবে। কিয়নো নিজৰ জন্মদিনৰ দিনাই স্বৰ্ণজয় কৰিবলৈ সক্ষম হৈছে খেলুৱৈগৰাকীয়ে। নিজৰ ২৯ সংখ্যক জন্মদিনত আনৰ পৰা নহয়, নিজেই যেন নিজক দিলে সৰ্বোত্তম উপহাৰ। এই উপহাৰৰ ৰং এইবাৰ সোণালী। যাৰ বাবে স্বৰ্ণকন্যা লাভলীনাৰ এই জন্মদিনটো অতি বিশেষ হৈ পৰিছে। হোৱাৰো কথা, কিয়নো মেৰিকম পাছত এছিয়ান গেমছত দ্বিতীয়গৰাকী মহিলা হিচাপে বক্সিঙত সোণৰ পদক লাভ কৰি ইতিহাসৰ পৃষ্ঠাত নাম খোদিত কৰিবলৈ সক্ষম হৈছে।
উল্লেখ্য যে, এই জয়ৰ লগে লগে লাভলীনাই এছিয়ান গেমছত সোণৰ পদক লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা বক্সাৰ হিচাপে পৰিগণিত হয়। ২০১৪ চনত ইঞ্চিয়নত অনুষ্ঠিত এছিয়ান গেমছত মেৰীকমে ফ্লাইৱেইটত (৫১ কেজি) সোণৰ পদক লাভ কৰিছিল। লগতে ২০১৪ আৰু ২০১০ চনত এছিয়ান গেমছৰ দুটা পদক লাভ কৰা একমাত্ৰ ভাৰতীয় মহিলা আছিল মেৰীকম।
লাভলিনা বৰগোহাঁইক সম্বৰ্ধনা জনোৱা মুহূৰ্তত
"এইবাৰৰ টুৰ্ণামেণ্টটোত মই বহুত ফুৰ্তি কৰিলোঁ। মই খেলত একেবাৰে চাপ লোৱা নাই এইবাৰ। ভাবিছিলোঁ যে, মোৰ কাৰণে জাপানখন এনেও লাকী হয়। অলিম্পিকৰ মেডেলো মই তাৰ পৰাই আনিছিলোঁ। অলপ আঘাত আছিল, যাৰ বাবে প্ৰস্তুতিও একেবাৰে সন্তোষজনক নাছিল। কিন্তু মনত এটা বিশ্বাস আছিল যে মই কিবা ভাল কৰি আহিব পাৰিম। ফাইনেল খেলখনতো মই ইমান আশা কৰা নাছিলোঁ। মই কেৱল ভাবিছিলোঁ যে খেলখনৰ মুহূৰ্তত যি হয়, মই চম্ভালি ল'ম আৰু মই নিজৰ ১০০ শতাংশই দিব চেষ্টা কৰিম", লাভলিনাই কয়।
তাৰোপৰি এছিয়ান গেমছ ২০২৬ত স্বৰ্ণ পদক লাভ কৰা অসমকন্যা লাভলীনা বৰগোহাঁইক অসম চৰকাৰে দিছে বিশেষ উপহাৰ। মাতৃভূমিত উপস্থিত হোৱাৰ পিছতে চৰকাৰে বক্সাৰগৰাকীৰ পদোন্নতিৰ ঘোষণা কৰিছে।
লাভলীনাক অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি দিয়া হয়। লাভলীনা বৰগোহাঁই পূৰ্বে অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক পদত আছিল। কেৱল এয়াই নহয়, এছিয়ান গেমছত স্বৰ্ণ পদক বিজয়ী লাভলীনা বৰগোহাঁইক তেওঁৰ এই কৃতিত্বৰ স্বীকৃতি স্বৰূপে অসম চৰকাৰে ৫০ লাখ টকাৰ চেকো প্ৰদান কৰে।
গোলাঘাটৰ জীয়ৰী লাভলীনা কালি গুৱাহাটীত আহি উপস্থিত হোৱাৰ কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ কাৰ্যালয়ত খেলুৱৈগৰাকীক এই উপহাৰ প্ৰদান কৰে।
মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত লিখিছে, "জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলাৰ ৭৫ কিঃগ্ৰাঃ বক্সিং শাখাত স্বৰ্ণ পদক অৰ্জন কৰি দেশ তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনা অসম জীয়ৰী লাভলীনা বৰগোহাঁইক আজি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উষ্ম অভিনন্দন জ্ঞাপন কৰে।
লাভলীনা বৰগোহাঁইৰ এই ঐতিহাসিক সাফল্যৰ স্বীকৃতিস্বৰূপে মুখ্যমন্ত্ৰীয়ে তেওঁক ৫০ লাখ টকাৰ এখন চেক প্ৰদান কৰি উজ্জ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। বিশ্ব বক্সিঙত অসম সন্তানৰ আধিপত্য অব্যাহত থাকক। লাভলীনাৰ এই স্বৰ্ণিল সাফল্যই অসমৰ নৱপ্ৰজন্মক ক্ৰীড়াৰ ক্ষেত্ৰত নতুন সপোন দেখিবলৈ অনুপ্ৰাণিত কৰিব।"
লাভলীনাক বুধবাৰে ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱাৰ কথা। ইফালে মঙলবাৰে নিশা গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে বিভিন্ন দল-সংগঠন তথা অনুৰাগীয়ে লাভলীনাক উষ্ম আদৰণি জনায়।
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অসমৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, লাভলীনাৰ পৰিয়াল আৰু অনুৰাগীয়ে তেওঁক আদৰণি জনায়।
কংগ্ৰেছ দলেও বিমানবন্দৰত লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা জনায়। কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী প্ৰণতি ফুকনৰ নেতৃত্বত এটা প্ৰতিনিধি দলে গামোচা, ফুলৰ থোপা আৰু জাপিৰে আদৰণি জনায় লাভলীনাক।
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বিপুল গগৈ, বেদব্ৰত বৰাকে ধৰি কেইবাগৰাকীও নেতা বিমানবন্দৰত উপস্থিত থাকে । ইফালে বৃহৎ বাইক ৰেলীৰে বক্সাৰগৰাকীক বিমানবন্দৰৰ পৰা অনুৰাগীসকলে আদৰি আনে । সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত লাভলীনাই অসমৰ ৰাইজক সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
উল্লেখ্য যে যোৱা ২ অক্টোবৰত জন্মদিনৰ দিনাই লাভলীনাই মহিলাৰ ৭৫ কিঃগ্ৰাঃ শাখাত ফাইনেলত চীনৰ বাও জিয়িক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে। ২০১৪ চনত এম চি মেৰী কমে এই কৃতিত্ব অৰ্জন কৰিছিল।
লাভলীনাই এছিয়ান গেমছত সোণৰ পদক লাভ কৰা দ্বিতীয়গৰাকী ভাৰতীয় মহিলা বক্সাৰ হিচাপে পৰিগণিত হয়। টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনাই হাংঝৌ এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰিছিল।