আৱাজ-দ্য ভইচ অসম ব্যুৰো
"যুদ্ধ নহয়, আলোচনা আৰু কূটনীতিয়েই হৈছে সংঘাত সমাধানৰ মূল পথ" শুকুৰবাৰে নতুন দিল্লীত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে অনুষ্ঠিত বৈঠকত এই মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পুটিনৰ সৈতে হোৱা এই দ্বিপাক্ষিক বৈঠকত মোদীয়ে ৰাছিয়া-ইউক্ৰেইন সংঘাতৰ লগতে পশ্চিম এছিয়া আৰু কৃষ্ণ সাগৰীয় অঞ্চলৰ পৰিস্থিতিৰ ওপৰত আলোচনা কৰে। সামুদ্ৰিক বাণিজ্য আৰু ভাৰতীয় নাৱিকসকলৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰি তেওঁ শান্তি প্ৰতিষ্ঠাৰ যিকোনো প্ৰচেষ্টাত ভাৰতৰ সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে।
ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে তিনিদিনীয়া ভাৰত ভ্ৰমণলৈ অহা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে শুকুৰবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। ব্ৰিকছ সন্মিলনৰ পূৰ্বে অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকত দুয়োগৰাকী নেতাই ভাৰত-ৰাছিয়াৰ ‘বিশেষ আৰু বিশেষাধিকাৰপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব’ অধিক শক্তিশালী কৰাৰ লগতে বিভিন্ন দ্বিপাক্ষিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত মত-বিনিময় কৰে।
বৈঠকৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি পুটিনে উষ্ম আলিংগনেৰে ইজনে-সিজনক অভ্যৰ্থনা জনায়। চলিত বৰ্ষত এয়া দুয়োগৰাকী নেতাৰ দ্বিতীয়খন বৈঠক। ইয়াৰ পূৰ্বে ৩১ আগষ্টত বিশকেকত অনুষ্ঠিত ২৬ সংখ্যক ছাংহাই সহযোগিতা সংস্থা (SCO) সন্মিলনৰ আঁৰত দুয়োগৰাকী নেতাই সাক্ষাৎ কৰিছিল।
নতুন দিল্লীৰ বৈঠকত ৰাজনৈতিক আৰু কূটনৈতিক সম্পৰ্কৰ লগতে বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা, শক্তি, মহাকাশ, উদ্যোগ, প্ৰযুক্তি, দক্ষতা আৰু কৰ্মশক্তিৰ গতিশীলতা তথা দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বিষয়ত আলোচনা কৰা হয়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক অংশীদাৰিত্বৰ অগ্ৰগতিও পৰ্যালোচনা কৰে।
বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা সংঘাতক লৈও বৈঠকত গুৰুত্বপূৰ্ণ আলোচনা হয়। প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি পুটিনে পশ্চিম এছিয়া আৰু কৃষ্ণ সাগৰীয় অঞ্চলৰ সংঘাতৰ ফলত সামুদ্ৰিক বাণিজ্যত সৃষ্টি হোৱা ব্যাঘাত আৰু ভাৰতীয় নাৱিকসকলৰ নিৰাপত্তা আৰু সুৰক্ষাৰ বিষয়ত মত-বিনিময় কৰে। মোদীয়ে পুনৰ উল্লেখ কৰে যে, সংঘাত সমাধানৰ ক্ষেত্ৰত আলোচনা আৰু কূটনীতিয়েই আগবাঢ়ি যোৱাৰ উত্তম পথ। শান্তি প্ৰতিষ্ঠাৰ যিকোনো প্ৰচেষ্টাত ভাৰতে সহযোগ কৰিবলৈ প্ৰস্তুত বুলিও তেওঁ স্পষ্টকৈ উল্লেখ কৰে।
এই আলোচনাৰ মাজতে ৰাছিয়া-ইউক্ৰেইন সংঘাতৰ প্ৰভাৱত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু সামুদ্ৰিক পথসমূহত সৃষ্টি হোৱা নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ বিষয়টোও গুৰুত্ব লাভ কৰে। ভাৰতৰ বাবে বিশেষভাৱে উদ্বেগৰ বিষয় হৈ পৰিছে সংঘাতপ্ৰৱণ অঞ্চলত ভাৰতীয় নাৱিকসকলৰ সুৰক্ষা। এই পৰিপ্ৰেক্ষিতত শান্তিপূৰ্ণ সমাধানৰ বাবে কূটনৈতিক প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত মোদীয়ে গুৰুত্ব আৰোপ কৰে।
ইফালে, বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক ভাৰতৰ মহান তামিল কবি আৰু দাৰ্শনিক তিৰুৱল্লুভৰৰ বিখ্যাত গ্ৰন্থ তিৰুক্কুৰলৰ ৰাছিয়ান ভাষালৈ অনূদিত সংস্কৰণ উপহাৰ হিচাপে আগবঢ়ায়। এই গ্ৰন্থখনত নৈতিকতা, শাসন, প্ৰেমৰ লগতে কৃষি আৰু কৃষকৰ গুৰুত্বৰ বিষয়েও বিস্তৃত আলোচনা কৰা হৈছে।
দ্বিপাক্ষিক বৈঠকৰ পিছত মোদীয়ে আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ গাড়ীতে একেলগে যাত্ৰা কৰে। দুয়োগৰাকী নেতাৰ মাজত থকা ঘনিষ্ঠ ব্যক্তিগত সম্পৰ্কৰ এই দৃশ্যই পুনৰ বিশেষ চৰ্চা লাভ কৰে।
ইয়াৰ লগতে দুয়োগৰাকী নেতাই ইন্নোপৰোম ইণ্ডিয়া (Innoprom India) উদ্যোগিক প্ৰদৰ্শনী পৰিদৰ্শন কৰে। প্ৰদৰ্শনীখনত উদ্যোগ, প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা, মহাকাশ, শক্তি, গধুৰ উদ্যোগ, খনন আৰু বেংকিংকে ধৰি বিভিন্ন খণ্ডৰ প্ৰতিষ্ঠানে নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰে। ভাৰত আৰু ৰাছিয়াই দ্বিপাক্ষিক বাণিজ্য অধিক বৃদ্ধি কৰাৰ লক্ষ্য লৈ আগবাঢ়িছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত প্ৰায় ৭০ বিলিয়ন ডলাৰ হোৱা দুয়োখন দেশৰ বাণিজ্য ২০৩০ চনৰ ভিতৰত ১০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
প্ৰতিৰক্ষা সহযোগিতাও দুয়োখন দেশৰ সম্পৰ্কৰ অন্যতম গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে পৰিগণিত হৈছে। বৈঠকত চলি থকা আৰু ভৱিষ্যতৰ প্ৰতিৰক্ষা প্ৰকল্পৰ লগতে শক্তি আৰু প্ৰযুক্তি সহযোগিতা বৃদ্ধিৰ সম্ভাৱনাৰ বিষয়েও আলোচনা কৰা হয়। ভাৰত-ৰাছিয়াই যৌথভাৱে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰি আহিছে আৰু প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে।
শুকুৰবাৰৰ বৈঠকৰ পিছত ৰাষ্ট্ৰপতি পুটিনে প্ৰধানমন্ত্ৰী মোদীক আগন্তুক ২৪ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ বাবে ৰাছিয়া ভ্ৰমণৰ আমন্ত্ৰণ জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে এই আমন্ত্ৰণ গ্ৰহণ কৰে। ইয়াৰ ফলত দুয়োখন দেশৰ মাজত চলি থকা উচ্চপৰ্যায়ৰ কূটনৈতিক যোগাযোগ আৰু অধিক শক্তিশালী হোৱাৰ ইংগিত পোৱা গৈছে।
পুটিনৰ এই ভ্ৰমণ বিশেষ তাৎপৰ্যপূৰ্ণ। কিয়নো ২০২২ চনৰ ফেব্ৰুৱাৰীত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছত ৰাছিয়াৰ বাহিৰত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত পুটিনে এইবাৰেই প্ৰথমবাৰৰ বাবে ব্যক্তিগতভাৱে অংশগ্ৰহণ কৰিছে। ব্ৰিকছৰ ১৮ সংখ্যক সন্মিলন ভাৰতৰ অধ্যক্ষতাত ১২ আৰু ১৩ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হ'ব। ৰাছিয়া, চীন আৰু ইৰাণৰ ৰাষ্ট্ৰপতিকে ধৰি ব্ৰিকছৰ সদস্য আৰু অংশীদাৰ দেশসমূহৰ নেতাসকল এই সন্মিলনত অংশগ্ৰহণ কৰিছে।
ব্ৰিকছ সন্মিলনৰ পূৰ্বে ভাৰতত বিশ্বৰ বৰ্তমানৰ জটিল ভূ-ৰাজনৈতিক পৰিস্থিতিৰ মাজত এই নেতাসকলৰ উপস্থিতিয়ে বিশেষ গুৰুত্ব লাভ কৰিছে। ইউক্ৰেইন আৰু পশ্চিম এছিয়াৰ সংঘাত, সামুদ্ৰিক বাণিজ্য, শক্তি নিৰাপত্তা, আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু বিশ্ব অৰ্থনৈতিক ব্যৱস্থাৰ সংস্কাৰৰ দৰে বিষয় সন্মিলনৰ আলোচনাত গুৰুত্ব লাভ কৰাৰ সম্ভাৱনা আছে। ব্ৰিকছ বৰ্তমান ১১খন সদস্য ৰাষ্ট্ৰৰে গঠিত আৰু এই গোটে বিশ্বৰ প্ৰায় আধা জনসংখ্যাক প্ৰতিনিধিত্ব কৰে।
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি পুটিনৰ মাজত হোৱা আজিৰ এই বৈঠকে দুয়োখন দেশৰ মাজৰ দীৰ্ঘদিনীয়া বন্ধুত্ব আৰু কৌশলগত অংশীদাৰিত্বৰ ধাৰাবাহিকতা পুনৰ প্ৰতিফলিত কৰিছে। বৰ্তমান বিশ্বৰ জটিল পৰিস্থিতিৰ মাজতো শক্তি, বাণিজ্য, প্ৰতিৰক্ষা আৰু কূটনৈতিক সহযোগিতাৰ ক্ষেত্ৰত ভাৰত-ৰাছিয়া সম্পৰ্কক অধিক গভীৰ কৰাৰ ওপৰত দুয়োপক্ষই গুৰুত্ব আৰোপ কৰিছে।