ত্ৰিৰংগাৰ আঁৰৰ কাহিনীঃ তিনি প্ৰজন্ম ধৰি ৰাষ্ট্ৰীয় পতাকা নিৰ্মাণত ব্ৰতী আব্দুল গফ্ফাৰৰ পৰিয়াল

Story by  atv | Posted by  [email protected] • 4 h ago
স্বাধীনতা দিৱস প্ৰকমুহূৰ্তৰ ব্যস্ততা
স্বাধীনতা দিৱস প্ৰকমুহূৰ্তৰ ব্যস্ততা
 
অনিকা মহেশ্বৰী / নতুন দিল্লী
 
স্বাধীনতা দিৱস ওচৰ চাপি অহাৰ লগে লগেই সমগ্ৰ দেশতেই ত্ৰিৰংগাৰ প্ৰতি এক অভূতপূৰ্ব উছাহ আৰু চাহিদা বৃদ্ধি পায়। বজাৰ-সমাৰ জাকজমকতাৰে সজাই তোলা হয়, বিদ্যালয়সমূহত প্ৰস্তুতিৰ উখল-মাখল পৰিৱেশ সৃষ্টি হয়, চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়বোৰলৈ ৰাষ্ট্ৰীয় পতাকাসমূহ আহিবলৈ ধৰে আৰু 'হৰ ঘৰ তিৰংগা' অভিযানৰ স্মৃতিবোৰ পুনৰ সজীৱ হৈ পৰে। ১৫ আগষ্টৰ দিনা যেতিয়া দেশৰ লাখ লাখ জনতাই গৌৰৱেৰে হাতত ত্ৰিৰংগা তুলি লয়, তেতিয়া আমাৰ বুকু দেশপ্ৰেমত উথলি উঠে। কিন্তু, কেতিয়াবা আপোনাৰ মনলৈ এই প্ৰশ্নটো আহিছেনে- যিবোৰ হাতে অতি সযতনে আমাৰ এই গৌৰৱৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকাখন প্ৰস্তুত কৰে, তেওঁলোক নো কোন? সচৰাচৰ সেই শ্ৰমজীৱী হাতবোৰক গুৰুত্ব কমেইহে দিয়ে।
 
 
নতুন দিল্লীৰ সদৰ বজাৰৰ এটা পুৰণি গলিত এনে এটা পৰিয়াল বাস কৰে, যাৰ বাবে ত্ৰিৰংগা কেৱল কাপোৰৰ টুকুৰা নহয়, কেইবা দশক ধৰি চলি অহা এক দায়িত্ব, সন্মান আৰু ঐতিহ্য। এই পৰিয়ালটোৱেই 'ফ্লেগ আংকল' নামেৰে জনপ্ৰিয় আব্দুল গফ্ফাৰক এক সুকীয়া পৰিচয় দিছিল আৰু আজি তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃ আব্দুল মালিকে সেই মহান ঐতিহ্যক আগুৱাই লৈ গৈছে।
 
১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ পৰা আৰম্ভ হৈছিল এই কাহিনী
 
এই পৰিয়ালটোৱে ত্ৰিৰংগা বনোৱা কাৰ্য কোনো ব্যৱসায়িক পৰিকল্পনাৰ অংশ নাছিল, বৰং দেশৰ এক কঠিন সময়তহে ইয়াৰ সূচনা হৈছিল। ১৯৬২ চনত যেতিয়া চীনে ভাৰত আক্ৰমণ কৰিছিল, তেতিয়া সমগ্ৰ দেশতেই দেশপ্ৰেমৰ এক ঢৌ উঠিছিল আৰু ৰাষ্ট্ৰীয় পতাকাৰ প্ৰয়োজনীয়তা দ্ৰুতগতিত বৃদ্ধি পাইছিল। সেই সময়তেই এই পৰিয়ালটোৱে ত্ৰিৰংগা বনোৱাৰ কাম আৰম্ভ কৰে। সেই সময়ত দেশৰ প্ৰয়োজন পূৰণ কৰিবলৈ আৰম্ভ কৰা সেই কামটোৱেই লাহে লাহে পৰিয়ালটোৰ পৰিচয় হৈ পৰিল। সময় বাগৰি গ'ল, কিন্তু ত্ৰিৰংগাৰ সৈতে তেওঁলোকৰ সম্পৰ্ক কেতিয়াও ছিগি নগ’ল। আজি এই পৰিয়ালৰ তিনিটা প্ৰজন্মই একেধাৰে এই পৰম্পৰা আগুৱাই লৈ গৈছে।
 
দেশপ্ৰেমৰ নিদৰ্শন হৈ পৰিছিল 'ফ্লেগ আংকল'ৰ পৰিচয়
 
দিল্লীৰ সদৰ বজাৰত মানুহে মৰমতে আব্দুল গফ্ফাৰক 'ফ্লেগ আংকল' বুলি মাতিছিল। বহু বছৰ ধৰি তেওঁ ত্ৰিৰংগা প্ৰস্তুত কৰি দেশৰ বিভিন্ন প্ৰান্তলৈ যোগান ধৰিছিল। তেওঁৰ নাম কেৱল বজাৰখনতেই আৱদ্ধ হৈ থকা নাছিল, ৰাষ্ট্ৰীয় পতাকা নিৰ্মাণ কৰা এক নিৰ্ভৰযোগ্য মুখ হিচাপে তেওঁ পৰিচিত হৈ পৰিছিল। আব্দুল গফ্ফাৰৰ মৃত্যুৰ পিছত এই গুৰুত্বপূৰ্ণ দায়িত্ব তেওঁৰ ভাতৃ আব্দুল মালিকে কান্ধ পাতি লয়। তেওঁৰ লগতে পৰিয়ালৰ আন সদস্যসকলেও সম্পূৰ্ণ নিষ্ঠাৰে এই কামত ব্ৰতী হৈ আছে। তেওঁৰ ভাতৃ, জোঁৱায়েক আৰু পৰিয়ালৰ আন লোকসকলে আজিও দশক দশক আগৰ দৰেই একেই সমৰ্পণৰ মনোভাৱেৰে ত্ৰিৰংগা প্ৰস্তুত কৰে।
 
পতাকা চিলাই কৰি থকা মুহূৰ্তত
 
১৫ আগষ্টৰ পূৰ্বে সদৰ বজাৰৰ পৰিৱেশ সম্পূৰ্ণ সলনি হৈ পৰে
 
স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসৰ সময়খিনি এই পৰিয়ালটোৰ বাবে আটাইতকৈ ব্যস্ততাপূৰ্ণ সময়। ১৫ আগষ্ট ওচৰ চাপি অহাৰ লগে লগে সদৰ বজাৰৰ এই কৰ্মশালাত দিন-ৰাতি একাকাৰ কৰি কাম চলি থাকে। চাৰিওফালে কেৱল ভিন ভিন দৃশ্যহে দেখিবলৈ পোৱা যায়ঃ
 
▪️ক’ৰবাত গেৰুৱা ৰঙৰ কাপোৰ কটা হৈছে।
▪️ক’ৰবাত বগা আৰু সেউজীয়া ৰঙৰ কাপোৰবোৰ নিৰ্দিষ্ট অনুপাতত কটা হৈছে।
▪️আনহাতে, চিলাই মেচিনবোৰ একেৰাহে চলি আছে।
▪️কিছুমান লোক প্ৰস্তুত কৰা পতাকাসমূহ পেকিং কৰাত ব্যস্ত আছে।
▪️সমগ্ৰ পৰিৱেশটোৱেই যেন ত্ৰিৰংগাৰ ৰঙত বিলীন হৈ পৰে।
 
ইয়াত কাম কৰা প্ৰতিজন ব্যক্তিৰ দায়িত্ব নিৰ্দিষ্ট কৰা থাকে আৰু স্বাধীনতা দিৱসৰ পূৰ্বে কামৰ গতি কেইবাগুণো বৃদ্ধি পায়।
 
কেনেদৰে প্ৰস্তুত কৰা হয় ত্ৰিৰংগা?
 
বাহিৰৰ পৰা চালে ত্ৰিৰংগা বনোৱা কামটো এক সাধাৰণ চিলাইৰ কাম যেন লাগিব পাৰে, কিন্তু প্ৰকৃততে ইয়াৰ বাবে অত্যন্ত নিখুঁত আৰু সূক্ষ্ম নিৰীক্ষণৰ প্ৰয়োজন। সমগ্ৰ প্ৰক্ৰিয়াটো কাপোৰ কটাৰ পৰা আৰম্ভ হয়। সৰ্বপ্ৰথমে গেৰুৱা, বগা আৰু সেউজীয়া ৰঙৰ কাপোৰবোৰ ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাৰ নিৰ্ধাৰিত অনুপাত অনুসৰি কটা হয়। ইয়াৰ পিছত তিনিওটা ৰং অতি সাৱধানতাৰে একেলগে জোৰা লগোৱা হয়। চিলাই কৰাৰ সময়ত সকলো অংশ যাতে একেবাৰে সঠিক অনুপাতত থাকে, সেয়া নিশ্চিত কৰা হয়। চূড়ান্ত পৰ্যায়ত বগা পটিটোৰ মাজত অশোক চক্ৰ লগোৱা হয়। ইয়াৰ পিছত পতাকাখনৰ গুণগত মান পৰীক্ষা কৰা হয় আৰু তাৰ পিছত পেকিং কৰা হয়। প্ৰতিখন ত্ৰিৰংগাৰ আঁৰত কঠোৰ পৰিশ্ৰম, ধৈৰ্য আৰু অতি সূক্ষ্মতাৰে কৰা কাম লুকাই থাকে।
 
আব্দুল মালিক
 
'হৰ ঘৰ তিৰংগা' অভিযানত এদিনতেই বনাইছিল ডেৰ লাখতকৈ অধিক পতাকা
 
আব্দুল মালিকে জনায় যে তেওঁলোকৰ পৰিয়ালে বহু ডাঙৰ ডাঙৰ অৰ্ডাৰ সম্পূৰ্ণ কৰিছে, কিন্তু আটাইতকৈ স্মৰণীয় সময়খিনি আছিল 'হৰ ঘৰ তিৰংগা' অভিযানৰ সময়ছোৱা। তেওঁৰ মতে, সেই সময়ত পৰিয়ালটোলৈ বৃহৎ পৰিমাণৰ ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰাৰ অৰ্ডাৰ আহিছিল। চাহিদা ইমানেই বেছি আছিল যে সমগ্ৰ পৰিয়ালে অহৰহ কাম কৰিবলগীয়া হৈছিল। মালিকে জনোৱা মতে, সেই সময়ত তেওঁলোকৰ তাত এদিনতেই ডেৰ লাখতকৈও অধিক ত্ৰিৰংগা প্ৰস্তুত কৰা হৈছিল। এই পৰিসংখ্যাই প্ৰমাণ কৰে যে ৰাষ্ট্ৰীয় উৎসৱৰ সময়ত এই পৰিয়ালটোৰ কামৰ পৰিসৰ কিমান বৃদ্ধি পায়।
 
কেৱল দেশতেই নহয়, বিদেশলৈকো যায় তেওঁলোকে বনোৱা ত্ৰিৰংগা
 
আব্দুল মালিকে কয় যে তেওঁলোকৰ তাত প্ৰস্তুত হোৱা ত্ৰিৰংগা কেৱল দিল্লী বা ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহতেই সীমাবদ্ধ নাথাকে। দেশৰ বিভিন্ন ৰাজ্যলৈ ইয়াৰ যোগান ধৰা হয় আৰু বহু ত্ৰিৰংগা বিদেশলৈকো প্ৰেৰণ কৰা হয়। এইবাবেই সদৰ বজাৰৰ এই সৰু কৰ্মশালাটো আজি ৰাষ্ট্ৰীয় পতাকা নিৰ্মাণৰ এক গুৰুত্বপূৰ্ণ পৰিচয় হৈ পৰিছে।
 
যেতিয়া ৰাজনাথ সিঙে কৈছিলঃ "এনে এখন পতাকা বনাওক, যিখন আগতে কেতিয়াও বনোৱা নাই"

আব্দুল মালিকে এটি আমোদজনক কাহিনীও ব্যক্ত কৰে। তেওঁৰ মতে, এবাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তেওঁলোকক এখন এনে বিশাল পতাকা প্ৰস্তুত কৰিবলৈ কৈছিল, যিখন আগতে কেতিয়াও নিৰ্মাণ কৰা হোৱা নাছিল। তাৰ পিছত পৰিয়ালটোৱে ৬০×৯০ ফুটৰ এখন বিশাল ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰি উলিয়াইছিল। মালিকে জনায় যে এই পতাকাখনৰ লগত জড়িত কাহিনীটো পাকিস্তানৰ লগতো সংযুক্ত হৈ আছিল আৰু এয়া তেওঁলোকৰ জীৱনৰ আটাইতকৈ স্মৰণীয় অভিজ্ঞতাসমূহৰ ভিতৰত অন্যতম।
 
'ফ্লেগ আংকল' দোকানত চিলোৱা পতাকা
 
CP-ৰ চেন্ট্ৰেল পাৰ্কত উৰা মৰা বিশাল ত্ৰিৰংগাও ইয়াতেই নিৰ্মাণ কৰা হৈছিল

দিল্লীৰ কনট প্লেচত অৱস্থিত চেণ্ট্ৰেল পাৰ্কত উত্তোলন কৰা বিশাল ৰাষ্ট্ৰীয় পতাকাখন ৰাজধানীৰ এক পৰিচয় হৈ পৰিছে। আব্দুল মালিকে গৌৰৱেৰে জনায় যে তাত লগোৱা পতাকাখনো তেওঁলোকৰ পৰিয়ালেই প্ৰস্তুত কৰিছিল। তেওঁলোকৰ বাবে ই কেৱল এটা কাম নহয়, এক অতিকৈ গৌৰৱৰ বিষয় যে দেশৰ ৰাজধানীৰ এক প্ৰধান স্থানত উৰি থকা ৰাষ্ট্ৰীয় পতাকাখন তেওঁলোকৰ কৰ্মশালাতেই প্ৰস্তুত কৰা হৈছিল।
 
বজাৰৰ পৰা আৰম্ভ কৰি বিদ্যালয় আৰু ঘৰলৈকে যায় এই পতাকাসমূহ
 
স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসৰ পূৰ্বে ইয়াত প্ৰস্তুত হোৱা ত্ৰিৰংগা দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰা হয়।
 
এই পতাকাসমূহ— বজাৰলৈ যায়। বিদ্যালয়সমূহত উত্তোলন কৰা হয়। চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়সমূহলৈ প্ৰেৰণ কৰা হয়। ঘৰবোৰত ৰাষ্ট্ৰীয় উৎসৱৰ অংশ হৈ পৰে। বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু কাৰ্যসূচীত ব্যৱহাৰ কৰা হয়। যেতিয়া সমগ্ৰ দেশত লাখ লাখ লোকে ত্ৰিৰংগা উত্তোলন কৰে, তেতিয়া ইয়াৰ আঁৰত এনে শিল্পীসকলৰ পৰিশ্ৰম আৰু নিষ্ঠা লুকাই থাকে।
 
তৃতীয় প্ৰজন্মই চম্ভালিছে এই ঐতিহ্য

 
 
 
 
 
 
 
 
 
 
 
 
 
 
 

A post shared by Aaj Tak (@aajtak)

আজি এই কাম কেৱল আব্দুল মালিকৰ মাজতেই আৱদ্ধ হৈ থকা নাই। তেওঁৰ লগতে তেওঁৰ জোঁৱায়েক, ভাতৃ আৰু পৰিয়ালৰ নতুন প্ৰজন্ময়ো এই দায়িত্ব পালন কৰি আছে। পৰিয়ালটোৱে কয় যে এই ঐতিহ্য এতিয়া তৃতীয় প্ৰজন্মৰ হাতত পৰিছে আৰু তেওঁলোকে বিচাৰে যে অনাগত দিনবোৰতো এই পৰম্পৰা অব্যাহত থাকক। তেওঁলোকৰ বাবে তিৰংগা নিৰ্মাণ কৰাটো কেৱল এক জীৱিকাৰ পথ নহয়, এক আৱেগিক দায়িত্বও।
 
যেতিয়া কোনো ব্যক্তিয়ে বজাৰৰ পৰা এখন ত্ৰিৰংগা ক্ৰয় কৰে, তেতিয়া তেওঁৰ বাবে সেয়া হয়তো মাত্ৰ কেইটামান মিনিটৰ ক্ৰয়-বিক্ৰয়ৰ প্ৰক্ৰিয়া হ'ব পাৰে। কিন্তু, সেইখন ত্ৰিৰংগাৰ আঁৰত থাকে কেইবা ঘণ্টাজোৰা কঠোৰ পৰিশ্ৰম, বহু বছৰৰ অভিজ্ঞতা আৰু তিনিটা প্ৰজন্মৰ এক মহান ঐতিহ্য। সদৰ বজাৰৰ এই কৰ্মশালাটোলৈ কাপোৰৰ তিনিটা ৰং আহে। তাৰ পিছত সেইবোৰ কটা হয়, অতি যতনৰে চিলাই কৰা হয় আৰু অশোক চক্ৰ লগোৱা হয়। সূক্ষ্মভাৱে গুণগত মান পৰীক্ষা কৰাৰ অন্তত পেকিং কৰা হয় আৰু তাৰ পিছতেই সেই ত্ৰিৰংগাসমূহ সমগ্ৰ দেশৰ বজাৰ, বিদ্যালয়, কাৰ্যালয় আৰু ঘৰলৈ বুলি ৰাওনা হয়।
 
১৫ আগষ্টৰ পুৱা যেতিয়া সমগ্ৰ দেশজুৰি আমাৰ মৰমৰ ত্ৰিৰংগাই সগৌৰৱে আকাশত উৰি থাকে, তেতিয়া ইয়াৰ আঁৰত এনেকুৱা অগণন হাতৰ পৰিশ্ৰম সোমাই থাকে, যাৰ নাম হয়তো কেতিয়াও কোনো মঞ্চত উচ্চাৰণ কৰা নহয়। কিন্তু এইসকল লোক অবিহনে আমাৰ ৰাষ্ট্ৰীয় উৎসৱৰ উদযাপন আধৰুৱা হৈ ৰ'ব। দিল্লীবাসীয়ে মৰমতে 'ফ্লেগ আংকল' বুলি মতা আব্দুল গফ্ফাৰ আজি এই পৃথিৱীত নাই, কিন্তু তেওঁৰ আদৰ্শ আৰু ঐতিহ্য আজি প্ৰতিটো চিলাই, প্ৰতিখন ত্ৰিৰংগা আৰু প্ৰতিটো ৰাষ্ট্ৰীয় উৎসৱৰ লগত অমৰ হৈ আছে। তেওঁৰ ভাতৃ আব্দুল মালিক আৰু সমগ্ৰ পৰিয়ালটোৱে একেই দায়িত্ববোধেৰে দেশৰ মান, মৰ্যাদা আৰু গৌৰৱক গঢ় দি আহিছে।
 
এইবাৰৰ স্বাধীনতা দিৱসত যেতিয়া আপুনি হাতত ত্ৰিৰংগা তুলি ল'ব, তেতিয়া এবাৰলৈ হ'লেও সেই হাতবোৰক মনত পেলাওক, যিসকলে নিজৰ শ্ৰম আৰু সন্মান উজাৰি ইয়াক প্ৰস্তুত কৰিছে। কাৰণ, প্ৰতিখন ত্ৰিৰংগা কেৱল এখন ৰাষ্ট্ৰীয় পতাকা নহয়, ই দেশপ্ৰেম, নিষ্ঠা আৰু ঐতিহ্যৰ এক জীৱন্ত কাহিনী।