জুবিন গাৰ্গক ভগৱান বুলি ভবাটো উচিত নহয়: গৰিমা

Story by  atv | Posted by  [email protected] • 30 m ago
জুবিন গাৰ্গক ভগৱান বুলি ভবাটো উচিত নহয়: গৰিমা
জুবিন গাৰ্গক ভগৱান বুলি ভবাটো উচিত নহয়: গৰিমা
 
আৰিফুল ইছলাম/গুৱাহাটী
 
আজিৰে পৰা আৰম্ভ হৈছে সাদিন-প্ৰতিদিন গোষ্ঠীৰ দ্য কনক্লেভ-২০২৬। নতুন দিল্লীৰ দ্য অশোক হোটেলত অনুষ্ঠিত এই অনুষ্ঠানটিৰ “জুবিন গাৰ্গঃ চিৰযুগমীয়া এক কণ্ঠ” শীৰ্ষক এক আলোচনা হয়। এই আলোচনাত অংশগ্ৰহণ কৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু উদীয়নমান লেখক ৰাহুল গৌতম শৰ্মাই।
 
জুবিন গাৰ্গক বহু মানুহে বহু ঠাইত ভগৱান বুলিও অভিহিত কৰিছিল। এই সন্দৰ্ভত জুবিনৰ পত্নী গৰিমাই কয়; "তেওঁ সদায় কৈ আহিছিল যে তেওঁ ঈশ্বৰ নহয়। তেওঁ কৈছিল, মই জুবিন গাৰ্গ। বহু কষ্ট কৰি মই জুবিন গাৰ্গ হৈছোঁ। মানুহ সদায় মানুহ হ'ব লাগে। আৰু মানুহে ঢুকি পোৱাকৈ থাকিব লাগে, যাতে সকলোৱে কথা পাতিব পাৰে। তেওঁৰ আদৰ্শ, তেওঁৰ চিন্তা-চৰ্চা, চেতনাক আমি যদি অধ্যয়ন কৰিব লাগে বা গৱেষণা কৰি আগুৱাই লৈ যাব লাগে, তেন্তে তেওঁক আমি মানুহ হিচাপতেই ৰাখিব লাগিব। নতুন প্ৰজন্মলৈ জুবিন গাৰ্গক আগুৱাই দিবলৈ হলে ভগৱানৰ ৰূপ দিয়াৰ কথা আমি ভাবিব নোৱাৰো।"
 
জুবিন গাৰ্গৰ সৈতে থকা সম্পৰ্কৰ গভীৰতাৰ কথা উল্লেখ কৰি গৰিমা শইকীয়া গাৰ্গে কয় যে, জুবিন তেওঁৰ বাবে প্ৰথমতে এজন অন্তৰংগ বন্ধু, যাৰ আগত তেওঁ নিজৰ সকলো ভাল-বেয়া নিসংকোচে প্ৰকাশ কৰিব পাৰে। প্ৰয়োজনত তেওঁক ভুল শুধৰাই দিয়া আৰু প্ৰতিটো কামতে উৎসাহ যোগোৱা জুবিন গাৰ্গ তেওঁৰ বাবে এক ‘বিশাল সত্ত্বা’। গৰিমাই আৱেগিকভাৱে প্ৰকাশ কৰে যে তেওঁ প্ৰথমে জুবিনৰ এগৰাকী অনুৰাগী আৰু তাৰ পাছতহে তেওঁৰ বন্ধু, স্বামী তথা জীৱন সংগী। সৰ্বসাধাৰণৰ বাবে এখন খোলা কিতাপৰ দৰে হোৱা জুবিন গাৰ্গ প্ৰকৃততে এজন চিধা কথা চিধাকৈ কোৱা মানুহ। বাহিৰৰ পৃথিৱীখনৰ আগত নিজৰ ব্যক্তিগত সমস্যা আৰু দুখ-যন্ত্ৰণাবোৰ লুকুৱাই ৰাখি তেওঁ সদায় এক ইতিবাচক ৰূপত ধৰা দিয়ে। মানুহক বুজিবলৈ নিদিয়া তেওঁৰ অন্তৰৰ নিভৃত কোণৰ দুখবোৰ কেৱল পত্নী গৰিমাইহে ওচৰৰ পৰা অনুভৱ কৰিবলৈ সক্ষম হৈছে।
 
জুবিন গাৰ্গ
 
বাহিৰৰ পৃথিৱীখনে জুবিন গাৰ্গক কিমান বুজি পালে?, এই প্ৰশ্নৰ উত্তৰত গৰিমাই কয় যে যিসকলে তেওঁক সঁচাকৈয়ে বুজিবলৈ চেষ্টা কৰিছে, তেওঁলোকে তেওঁক ঠিকেই বুজি পাইছে। গঠনমূলক সমালোচনাক সদায় আদৰণি জনোৱা জুবিনে নিজৰ ভুল অনুভৱ কৰিলে বিনম্ৰতাৰে ক্ষমা খুজিবলৈকো কুণ্ঠাবোধ নকৰে। কিন্তু তেওঁৰ প্ৰতিবাদৰ শৈলী সাধাৰণ মানুহতকৈ বহু পৃথক। সমাজৰ চকুত কেতিয়াবা তেওঁৰ প্ৰতিক্ৰিয়া শুদ্ধ যেন নালাগিবও পাৰে। এনে পৰিস্থিতিত ৰাহুল গৌতম শৰ্মাই কেতিয়াবা পুত্ৰৰ দৰে তেওঁক বুজাবলৈ চেষ্টা কৰে। জুবিনে সদায় বিশ্বাস কৰে যে 'মঞ্চখনেই তেওঁৰ ঘৰ', সেয়েহে তেওঁ নিজৰ মানুহখিনিৰ আগত কোনো ভনিতা নকৰাকৈ পোনে পোনে কথা কয়। কেতিয়াবা তেওঁ আক্ষেপ কৰি কয় যে আজিৰ মানুহে হয়তো তেওঁক বুজা নাই, কাৰণ তেওঁ সময়তকৈ বহু আগতেই কথাবোৰ কৈ থৈ গৈছে।
 
একবিংশ শতিকাত জুবিন গাৰ্গে আধুনিক অসমত শিল্পীৰ সামাজিক দায়বদ্ধতাৰ নতুন সংজ্ঞা নিৰূপণ কৰিলে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ৰাহুল গৌতম শৰ্মাই কয়, "অসমীয়া সমাজে প্ৰকৃততে তেওঁকেই শিল্পী বুলি মানি লৈছে, যি মানুহৰ লগত আছে।" অসমীয়া মানুহৰ সপোনক বাস্তৱত ৰূপ দিয়া শিল্পীগৰাকীয়েই হ’ল জুবিন গাৰ্গ। তেওঁৰ সামাজিক চেতনা সম্পন্ন গীতসমূহ ইয়াৰ জলন্ত প্ৰমাণ। জুবিনে বিশ্বাস কৰে "মানুহখিনি আছে বাবেই মই আছো।" ৰাহুলৰ মতে জুবিন গাৰ্গৰ আটাইতকৈ অনুপ্ৰেৰণাদায়ক উক্তিটো হ’ল "মোৰ সৰলতাই মোৰ বিপ্লৱ।"
 
জুবিন গাৰ্গক লৈ মানুহৰ মাজত থকা উন্মাদনাৰ প্ৰসংগত গৰিমাই এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰে। তেওঁ কয় যে জুবিনে নিজকে কেতিয়াও ‘প্ৰভূ’ বা ‘ঈশ্বৰ’ বুলি ভবাটো গ্ৰহণ কৰা নাছিল। জুবিনে সদায় কৈ আহিছে, "ময়ো ঈশ্বৰ নহয়, মই জুবিন গাৰ্গ আৰু বহু কষ্ট কৰিহে মই আজিৰ জুবিন গাৰ্গ হৈছো।" সেয়েহে, তেওঁৰ চিন্তা, চৰ্চা আৰু আদৰ্শক যদি নৱপ্ৰজন্মই গৱেষণা কৰি আগুৱাই নিব বিচাৰে, তেন্তে তেওঁক অন্ধভাৱে ভগৱান সজোৱাৰ পৰিৱৰ্তে এজন মানুহ হিচাপে তেওঁৰ কৰ্মৰাজিক মূল্যায়ণ কৰিব লাগে।
 
ৰাহুল গৌতম শৰ্মাই আক্ষেপ কৰি কয় যে জুবিন গাৰ্গৰ প্ৰকৃত মৰ্ম উপলব্ধি কৰিব নোৱাৰাটো আমাৰ বৌদ্ধিক ব্যৰ্থতাৰেই পৰিচায়ক। জুবিনে সভা শুৱনি কৰিবলৈ কৃত্ৰিমভাৱে সজাই-পৰাই কথা ক’ব নাজানে। তেওঁ সদায় দৃঢ়তাৰে কয়, "যাৰ নিজৰ ওপৰত বিশ্বাস নাই, তেওঁলোকেহে প্ৰতিযোগিতাত ভাগ লৈ থাকে।" নিজৰ প্ৰতিটো এলবামৰ জৰিয়তেই জুবিনে সমাজখনলৈ কিবা নহয় কিবা এটা যোগাত্মক বাৰ্তা কঢ়িয়াই নিবলৈ অহৰহ চেষ্টা কৰি আহিছে।
 
জুবিন গাৰ্গৰ অন্তিম যাত্ৰা

অনুষ্ঠানটিৰ মাজতে ৰাহুল গৌতম শৰ্মাই "জগত পোহৰ কৰি আহিব প্লাৱন..." গীতটি পৰিৱেশন কৰি এক সুন্দৰ আৱেশৰ সৃষ্টি কৰে। শেষত গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ বিশালতাৰ কথা সুঁৱৰি কয় যে, তেওঁ এজন অত্যন্ত আত্মবিশ্বাসী, নিজৰ জাতিটোক প্ৰাণভৰি ভাল পোৱা, শিশু সুলভ মনৰ অধিকাৰী এক বিশাল সত্ত্বা। তেওঁ কেৱল তেওঁৰ স্বামীয়েই নহয়, তেওঁ এজন প্ৰকৃত অসমীয়া।
 
নতুন প্ৰজন্মৰ মাজত জুবিনৰ প্ৰকৃত পৰিচয় আৰু আদৰ্শ বিলাই দিয়াটো আমাৰ সকলোৰে কৰ্তব্য, যাতে তেওঁৰ কৰ্মৰাজি অনাগত বহু শতিকা জুৰি মানুহৰ মাজত জীয়াই থাকে। গৰিমাই আবেগিকভাৱে সামৰণি মাৰে এই বুলি যে, "জুবিনক মই সকলোৰে মাজত বিচাৰি পাওঁ। আজি যদি মই বাহিৰলৈ ওলাই আহো, তেন্তে এই মানুহখিনিক দেখিয়েই মই জীৱনৰ আটাইতকৈ ডাঙৰ প্ৰেৰণা আৰু শক্তি লাভ কৰোঁ।"