আৰিফুল ইছলাম/গুৱাহাটী
হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্মবাৰ্ষিকী সমাগত। অহা ১৮ নৱেম্বৰত শিল্পীগৰাকীৰ ওপজা দিনটো উদযাপন কৰিবলৈ অনুৰাগীসকলৰ লগতে বিভিন্ন ফেন ক্লাবে নিজা নিজা প্ৰকল্প হাতত লৈ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। কিন্তু এইবাৰৰ জন্মবাৰ্ষিকী হ'ব বিশেষ আৰু ব্যতিক্ৰম। কিয়নো জুবিন গাৰ্গৰ নতুন প্ৰতিভাক আগবঢ়াই নিয়াৰ যি নিৰন্তৰ প্ৰয়াস আৰু আদৰ্শ, তাক সৰোগত কৰিয়েই জন্মবাৰ্ষিকীৰ পূৰ্বে অসমৰ উদীয়মান সংগীত শিল্পীসকলক আৱিষ্কাৰ কৰাৰ উদ্দেশ্যে মুকলি কৰা হৈছে এক সুন্দৰ আৰু অভিলাষী পদক্ষেপ ‘প্ৰজেক্ট নতুন'।
দেওবাৰে ‘জীল ক্ৰিয়েশ্বনছ’ৰ সহযোগত জুবিন গাৰ্গ ফাউণ্ডেশ্যনে আনুষ্ঠানিকভাৱে এই প্ৰকল্পৰ কথা ঘোষণা কৰে। অসমৰ চুকে-কোণে লুকাই থকা প্ৰতিভাশালী সংগীত শিল্পীসকলক বিচাৰি উলিওৱা আৰু তেওঁলোকক আগুৱাই দিয়াই হৈছে এই পদক্ষেপৰ মূল লক্ষ্য। জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ, ৰাহুল গৌতম শৰ্মা আৰু জীল ক্ৰিয়েশ্বনছে যুটীয়াভাৱে এই ‘প্ৰজেক্ট নতুন’ৰ কথা ৰাজহুৱা কৰে।
আয়োজকসকলে জানিবলৈ দিয়া মতে, ‘প্ৰজেক্ট নতুন’ৰ জৰিয়তে উচ্চাকাংক্ষী আৰু প্ৰতিভাৱান নৱাগত শিল্পীসকলে প্ৰধানকৈ চাৰিটা শাখাত নিজৰ সৃষ্টিশীল কৰ্মৰাজি দাখিল কৰিব পাৰিব। এই শাখাকেইটা হৈছে গীতৰ কথা, গীতৰ ৰচনা বা সুৰ, গায়ন-বায়ন আৰু সংগীত প্ৰডাকশ্বন। অংশগ্ৰহণৰ বাবে ইচ্ছুক প্ৰতিযোগীসকলে অহা ১৮ অক্টোবৰৰ ভিতৰত নিজৰ কৰ্মৰাজিৰ নমুনা দাখিল কৰিব লাগিব।
এই পদক্ষেপৰ এক অন্যতম সুন্দৰ দিশ হৈছে ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য। প্ৰতিভা থকা সত্ত্বেও যিসকল তৰুণ শিল্পীয়ে নিজৰ শিল্পকৰ্ম প্ৰদৰ্শনৰ বাবে উপযুক্ত মঞ্চ পোৱা নাই, তেওঁলোকৰ বাবে ই এক আশীৰ্বাদস্বৰূপ হ'ব। এই প্ৰকল্পই এনে একাংশ শিল্পীক একত্ৰিত কৰিব যাৰ হাতত সুন্দৰ গীতৰ কথা আছে কিন্তু সুৰ নাই, যাৰ মনত সুৰ আছে কিন্তু উপযুক্ত শব্দৰ অভাৱ, অথবা যিসকলৰ গায়ন আৰু সংগীত নিৰ্মাণৰ দক্ষতা থকাৰ পিছতো আজিও এখন বৃহৎ মঞ্চৰ অপেক্ষাত ৰৈ আছে।
এই প্ৰতিভা অন্বেষণৰ বিচাৰ প্ৰক্ৰিয়াও হ'ব অত্যন্ত আকৰ্ষণীয়। অসম তথা বলিউডৰ কেইবাগৰাকীও প্ৰতিষ্ঠিত আৰু বিশিষ্ট সংগীতাচাৰ্যই এই বাছনি প্ৰক্ৰিয়াত নিৰ্ণায়কৰ ভূমিকা পালন কৰিব। তাৰ ভিতৰত আছে ছেলিম মাৰ্চেণ্ট, বিশাল দাডলানী, জীত গাংগুলী, কুনাল গাঞ্জাৱালা, পাপন আৰু অনুৰাগ শইকীয়াৰ দৰে মহীৰূহ শিল্পী। তেওঁলোকে অংশগ্ৰহণকাৰীসকলে দাখিল কৰা নমুনাৱলী সূক্ষ্মভাৱে পৰ্যালোচনা কৰি যোগ্য প্ৰতিভাক আগবঢ়াই নিব আৰু পথ প্ৰদৰ্শন কৰিব।
এই চাৰিওটা শাখাৰ পৰা নিৰ্বাচিত শ্ৰেষ্ঠ প্ৰতিভাক একত্ৰিত কৰি আয়োজকসকলে তিনিটা সম্পূৰ্ণ নতুন আৰু মৌলিক গীত সৃষ্টি কৰাৰ পৰিকল্পনা হাতত লৈছে। আটাইতকৈ আকৰ্ষণীয় কথাটো হ'ল, এই নৱনিৰ্মিত গীতকেইটা জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই অৰ্থাৎ ১৮ নৱেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব।
উদ্যোক্তাসকলৰ মতে, ‘প্ৰজেক্ট নতুন’ হৈছে নতুন প্ৰজন্মৰ প্ৰতিভাৰ প্ৰতি জুবিন গাৰ্গৰ থকা অগাধ বিশ্বাস আৰু অসমৰ সংগীত জগতলৈ তেওঁ আগবঢ়োৱা অনবদ্য অৱদানৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি। এই সন্দৰ্ভত বিশিষ্ট সংগীত পৰিচালক বিশাল দাডলানীয়ে তেওঁৰ অনুভৱ ব্যক্ত কৰি লিখিছে, "প্ৰজেক্ট নতুন, সৃষ্টিৰ বাবে, সংস্কৃতিৰ বাবে। জুবিন গাৰ্গে সমগ্ৰ জীৱনটো নতুন কণ্ঠৰ ওপৰত বিশ্বাস ৰাখি আৰু নিজৰ কণ্ঠ শুনাবলৈ অপেক্ষা কৰি থকাসকলৰ বাবে সুযোগ সৃষ্টি কৰিয়েই অতিবাহিত কৰিলে। সেই মহান পৰম্পৰাক আগুৱাই নিয়াৰ বাবেই 'প্ৰজেক্ট নতুন' হৈছে আমাৰ এক বিনম্ৰ প্ৰচেষ্টা।"
একেদৰে, জীল ক্ৰিয়েশ্বনছেও সামাজিক মাধ্যমত উল্লেখ কৰিছে, "সৃষ্টিৰ বাবে। সংস্কৃতিৰ বাবে। ভৱিষ্যতৰ বাবে। জুবিন গাৰ্গে জীৱনটো নতুন কণ্ঠ, নতুন প্ৰতিভা আৰু নতুন সম্ভাৱনাত বিশ্বাস কৰি কটালে। সদায় এক সুযোগৰ বাবে অপেক্ষা কৰি থকাসকলৰ বাবে দুৱাৰ মুকলি কৰি দিলে। প্ৰজেক্ট নতুন হৈছে সেই উত্তৰাধিকাৰক আগুৱাই নিয়াৰ বাবে আমাৰ বিনম্ৰ প্ৰচেষ্টা। পৰৱৰ্তী প্ৰজন্মৰ প্ৰতিভাৰ বাবে এখন মঞ্চ আৱিষ্কাৰ কৰা, উৎসাহিত কৰা আৰু সৃষ্টি কৰা। চিৰদিন জীয়াই থাকিব পৰা এক উত্তৰাধিকাৰৰ দ্বাৰা অনুপ্ৰাণিত এক নতুন আৰম্ভণি। প্ৰজেক্ট নতুন হৈছে নতুনৰ বাবে, সৃষ্টিৰ বাবে।"