অসমৰ জলাশয়ত 'বগা সোণ'ৰ সম্ভাৱনা; মখানা খেতিয়ে কঢ়িয়াই আনিছে নতুন অৰ্থনীতিৰ বাট

Story by  Munni Begum | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
মুন্নী বেগম / গুৱাহাটী
 
অসমৰ প্ৰচুৰ জলাশয়, বিল আৰু আৰ্দ্ৰভূমি এতিয়া কেৱল পৰম্পৰাগত মৎস্য উৎপাদনৰ উৎস হৈ থকাৰ পৰিৱৰ্তে ৰাজ্যখনৰ গ্ৰাম্য অৰ্থনীতিৰ নতুন চালিকাশক্তিলৈ পৰিণত হোৱাৰ সম্ভাৱনাই দেখা দিছে। এই সম্ভাৱনাৰ অন্যতম নতুন ক্ষেত্ৰ হৈছে মখানা খেতি। বানপ্ৰৱণ আৰু জলাশয়সমূহক উৎপাদনৰ আওতালৈ আনি মখানা খেতিৰ লগতে সংসাধন, মূল্য সংযোজন, ব্ৰেণ্ডিং আৰু ৰপ্তানিৰ এক সম্পূৰ্ণ উদ্যোগ গঢ়ি তুলিব পাৰিলে অসমৰ কৃষক, মৎস্যজীৱী, মহিলা আত্মসহায়ক গোট আৰু যুৱ উদ্যোগীসকলৰ বাবে নতুন উপাৰ্জন আৰু কৰ্মসংস্থাপনৰ দুৱাৰ মুকলি হ’ব পাৰে।
 
বিশেষজ্ঞসকলৰ মতে, অসমৰ জলবায়ু মখানা খেতিৰ বাবে যথেষ্ট অনুকূল। মখানা খেতিৰ বাবে সাধাৰণতে ১,০০০ৰ পৰা ২,৫০০ মিলিমিটাৰ বৰষুণৰ প্ৰয়োজন হয়। অসমৰ গড় বাৰ্ষিক বৰষুণ ২,০০০ মিলিমিটাৰতকৈ অধিক হোৱাত ৰাজ্যখনত ইয়াৰ বাবে প্ৰাকৃতিকভাৱেই অনুকূল পৰিৱেশ আছে। বিশেষকৈ বানপ্ৰৱণ অঞ্চলৰ কৃষকসকলৰ বাবে মখানা এক বিকল্প কৃষি হিচাপে গুৰুত্বপূৰ্ণ হৈ উঠিব পাৰে। একেদৰে মৎস্যজীৱীসকলেও নিজৰ পৰম্পৰাগত বৃত্তি এৰি নিদিয়াকৈ জলাশয়ৰ পানীৰ উপৰিভাগত মখানা উৎপাদন কৰি অতিৰিক্ত উপাৰ্জন কৰিব পাৰে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
বিশ্বজুৰি মখানাক বৰ্তমান স্বাস্থ্যসন্মত ‘ছুপাৰফুড’ হিচাপে গণ্য কৰা হৈছে। গ্লুটেনমুক্ত, এণ্টিঅক্সিডেণ্ট আৰু প্ৰ’টিনসমৃদ্ধ হোৱাৰ বাবে স্বাস্থ্যসচেতন গ্ৰাহকৰ মাজত ইয়াৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে। জাংক ফুডৰ স্বাস্থ্যসন্মত বিকল্প হিচাপে মখানাৰ জনপ্ৰিয়তাই দেশীয় বজাৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰতো নতুন সুযোগ সৃষ্টি কৰিছে।
 
ভাৰত বিশ্বৰ সৰ্ববৃহৎ মখানা উৎপাদনকাৰী দেশ। দেশৰ মুঠ উৎপাদনৰ প্ৰায় তিনি-চতুৰ্থাংশ আৰু বিশ্ববজাৰত যোগানৰ প্ৰায় ৮০-৮৫ শতাংশ বিহাৰৰ পৰা আহে। ২০২৫-২৬ বৰ্ষত ভাৰতে ৭,২৬৪.৮৯ মেট্ৰিক টন মখানা সামগ্ৰী ৰপ্তানি কৰিছিল, যাৰ মুঠ ৰপ্তানি মূল্য আছিল ১৯,২৯৬.০৮ লাখ টকা। ৰাষ্ট্ৰীয় মখানা ব’ৰ্ড আৰু ৪৭৬.০৩ কোটি টকাৰ কেন্দ্ৰীয় আঁচনিৰ দৰে চৰকাৰী পদক্ষেপে মখানাৰ গৱেষণা, সংসাধন, ব্ৰেণ্ডিং আৰু ৰপ্তানিৰ ক্ষেত্ৰত নতুন সুযোগ সৃষ্টি কৰিছে।
 
অসম চৰকাৰেও ৰাজ্যৰ অব্যৱহৃত জলাশয় আৰু বিলসমূহক বাণিজ্যিকভাৱে ব্যৱহাৰ কৰি মখানা উৎপাদন বৃদ্ধিৰ পৰিকল্পনা গ্ৰহণ কৰিছে। ৰাজ্যৰ প্ৰায় ১,০০০খন প্ৰাকৃতিক বিলক মখানা উৎপাদনৰ সৈতে সংযুক্ত কৰাৰ প্ৰচেষ্টাই ৰাজ্যখনত এক নতুন ‘বগা সোণ’ৰ বিপ্লৱৰ সম্ভাৱনা সৃষ্টি কৰিছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
ইতিমধ্যে দৰং জিলাৰ মঙলদৈ আৰু ছিপাঝাৰ অঞ্চলত প্ৰায় ১০০ বিঘা মাটিত ‘মখানা গাঁও’ গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। ইয়াত সামূহিক গুদাম আৰু সৌৰশক্তিচালিত শুকুওৱা ব্যৱস্থাৰ সুবিধা সৃষ্টি কৰা হৈছে। ইয়াৰ ফলত কৃষকে উৎপাদিত মখানা তৎক্ষণাত কম মূল্যত বিক্ৰী কৰাৰ পৰিৱৰ্তে সংৰক্ষণ আৰু প্ৰাথমিক সংসাধনৰ জৰিয়তে অধিক মূল্য লাভ কৰিব পাৰিব।
 
গুৱাহাটীৰ সমীপৰ চাংসাৰি ঔদ্যোগিক এলেকাত অত্যাধুনিক যন্ত্ৰ-পাতিৰে মখানা প্ৰচেছিং ইউনিট স্থাপনৰ ফলতো মূল্য সংযোজনৰ ক্ষেত্ৰত নতুন সম্ভাৱনা সৃষ্টি হৈছে। মখানাৰ বীজ শুকুওৱা, ফুটোৱা আৰু প্ৰস্তুত কৰাৰ দৰে জটিল প্ৰক্ৰিয়াসমূহ যান্ত্ৰিকভাৱে সম্পন্ন কৰিব পাৰিলে উৎপাদনৰ গুণগত মান আৰু পৰিমাণ দুয়োটা বৃদ্ধি কৰিব পৰা যাব। 
 
কিন্তু অসমৰ বাবে প্ৰকৃত সুযোগ কেৱল মখানা উৎপাদনত নহয়, মূল্য সংযোজনত। কেঁচা মখানা বিক্ৰী কৰাৰ পৰিৱৰ্তে ইয়াক বিভিন্ন খাদ্য সামগ্ৰীলৈ ৰূপান্তৰিত কৰিলে একেটা উৎপাদনৰ পৰাই অধিক মূল্য আহৰণ কৰিব পাৰি। ৰোষ্টেড মখানাৰ লগতে জলজিৰা, চীজ, মাখন, পেৰী-পেৰী আদি বিভিন্ন সোৱাদৰ ফ্লেভাৰড মখানা বজাৰলৈ উলিয়াব পাৰি। ইয়াৰ উপৰি মখানা পাউডাৰ, মখানা আটা, মখানা মিক্স, প্ৰ’টিনসমৃদ্ধ স্নেকছ, ব্ৰেকফাষ্ট মিক্স আৰু বিভিন্ন মিঠাই বা ডেজাৰ্টৰ উপাদান হিচাপেও ইয়াক ব্যৱহাৰ কৰিব পাৰি।
 
প্ৰতিনিধিত্বমূলক ছবি
 
এই মূল্য সংযোজনৰ কামসমূহ অসমতে সম্পন্ন কৰিব পাৰিলে কৃষিৰ সৈতে খাদ্য সংসাধন উদ্যোগৰ এক বৃহৎ শৃংখল গঢ়ি উঠিব। উৎপাদনৰ পিছত গ্ৰেডিং, ৰোষ্টিং, ফ্লেভাৰিং, পেকেজিং, ব্ৰেণ্ডিং, বিপণন আৰু পৰিবহণৰ ক্ষেত্ৰত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। বিশেষকৈ মহিলা আত্মসহায়ক গোটসমূহক এই কামত জড়িত কৰিলে গ্ৰামাঞ্চলৰ মহিলাসকলৰ বাবে ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ সুযোগ মুকলি হ’ব।
 
স্থানীয় যুৱক-যুৱতীসকলেও ষ্টাৰ্টআপৰ জৰিয়তে অসমৰ নিজস্ব মখানা ব্ৰেণ্ড গঢ়ি তুলিব পাৰে। আধুনিক পেকেজিং, আকৰ্ষণীয় ব্ৰেণ্ডিং আৰু অনলাইন বিপণনৰ জৰিয়তে স্থানীয়ভাৱে প্ৰস্তুত কৰা মখানা সামগ্ৰী দেশৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহকৰ ওচৰলৈ লৈ যাব পৰা যাব। স্বাস্থ্যসন্মত স্নেকছ হিচাপে প্ৰিমিয়াম মখানা, ফ্লেভাৰড মখানা আৰু গিফ্ট পেকৰ বজাৰো গঢ়ি তুলিব পৰা যায়।
 
এই কাৰিকৰী জ্ঞান আহৰণৰ বাবে অসম কৃষি বিভাগে ৫০গৰাকী প্ৰগতিশীল কৃষক আৰু কৃষক উৎপাদক সংস্থাৰ সদস্যক বিহাৰ কৃষি বিশ্ববিদ্যালয়লৈ প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ জৰিয়তে মখানা উৎপাদনৰ লগতে বীজ প্ৰস্তুতকৰণ, শুকুওৱা, ফুটোৱা আৰু সংসাধনৰ উন্নত পদ্ধতি আয়ত্ত কৰাৰ সুযোগ লাভ কৰিব কৃষকসকলে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
আন্তঃৰাষ্ট্ৰীয় বজাৰতো অসমৰ বাবে যথেষ্ট সম্ভাৱনা আছে। বৰ্তমান ভাৰতৰ পৰা আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া আৰু মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশলৈ মখানা ৰপ্তানি হৈ আছে। অসমৰ প্ৰাকৃতিক পৰিৱেশত উৎপাদিত মখানাক উন্নত মান, পেকেজিং আৰু ব্ৰেণ্ডিঙৰ সৈতে বজাৰত উপস্থাপন কৰিব পাৰিলে ‘অৰ্গেনিক’ বা ‘ন্যাচাৰেল’ ব্ৰেণ্ড হিচাপে এক সুকীয়া পৰিচয় সৃষ্টি কৰিব পৰা যায়।
 
স্বাস্থ্যসন্মত খাদ্য হিচাপে মখানাৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি ২০৩০ চনৰ ভিতৰত ভাৰতত মখানাৰ বজাৰ মূল্য ১২,০০০ কোটি টকাৰ ঘৰ স্পৰ্শ কৰাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে। এই বিশাল বজাৰৰ এক উল্লেখযোগ্য অংশ অসমে দখল কৰিব পাৰিলে ৰাজ্যখনৰ কৃষি, খাদ্য সংসাধন আৰু ৰপ্তানি খণ্ডলৈ বিপুল আয় আহিব পাৰে।
 
সেয়ে মখানা খেতিক কেৱল বিকল্প কৃষি হিচাপে নাচাই উৎপাদন, সংসাধন, মূল্য সংযোজন, ব্ৰেণ্ডিং আৰু ৰপ্তানিৰ এক সম্পূৰ্ণ উদ্যোগ হিচাপে গঢ়ি তোলাটোৱেই হ’ব অসমৰ বাবে অধিক লাভজনক পথ। জলসম্পদৰ সঠিক ব্যৱহাৰ, আধুনিক প্ৰযুক্তি আৰু স্থানীয় উদ্যোগী শক্তিৰ সমন্বয় ঘটাব পাৰিলে মখানাই অসমৰ গ্ৰাম্য অৰ্থনীতিত নতুন অধ্যায়ৰ সূচনা কৰাৰ লগতে ৰাজ্যখনক উত্তৰ-পূবৰ এক গুৰুত্বপূৰ্ণ খাদ্য সংসাধন আৰু ৰপ্তানি কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে।