এদিন সন্ধিয়া তেওঁ এখন গাড়ীৰ তলত আন্ধাৰত কান্দি থকা এটা সৰু মেকুৰীৰ পোৱালি দেখা পালে। তাৰ ওচৰত মাকজনী নাছিল। ৰাস্তাৰে অহা-যোৱা কৰা গাড়ীৰ তলত পৰি পোৱালিটো মৰি যাব পাৰে বুলি আশংকা কৰি হাবিবে তাক ঘৰলৈ লৈ আহিল। ঘৰত তেওঁ মৰমেৰে ভোকাতুৰ পোৱালিটোক গাখীৰ খুৱালে। পেটটো ভৰাৰ পাছত পোৱালিটোৱে শান্তিৰে টোপনি গ'ল।
পিছদিনা ৰাতিপুৱা হাবিবে পানীৰ বটল বিক্ৰী কৰিবলৈ ঘৰৰ পৰা ওলাই গ’ল। দুপৰীয়ালৈকে তেওঁ লগত লৈ যোৱা ২০টা বাকচৰ পানীৰ বটল সম্পূৰ্ণ বিক্ৰী হৈ গ’ল।
হাবিবে কয়, “চাৰিদিন ধৰি মই ইফালে-সিফালে ঘূৰি ফুৰিছিলোঁ, কিন্তু এজনো গ্ৰাহক পোৱা নাছিলোঁ। অথচ সেইদিনা দুপৰীয়াৰ ভিতৰতে ২০টা পানী বটলৰ বাকচ বিক্ৰী হৈ গ’ল। তেতিয়াই মই বুজিলোঁ এইয়া সেই মেকুৰীৰ পোৱালিটোৰ দোৱাৰ বাবে হৈছে।”
লাহে লাহে তেওঁৰ পানীৰ ব্যৱসায় স্থিৰ হৈ আহিল। কামটো আৰু অলপ বঢ়াবলৈ তেওঁ এখন এক্টিভা স্কুটাৰ কিনিলে। পিছত এখন সৰু চাৰিচকীয়া টেম্পো কিনাৰ কথাও ভাবিলে, কিন্তু সেইখনৰ দাম তেওঁৰ সামৰ্থ্যৰ বাহিৰত আছিল।
শেষত তেওঁ এখন অটোৰিক্সা কিনিলে। পানী যোগান দিয়াৰ কামটো দিনে মাত্ৰ প্ৰায় দুই ঘণ্টাতে শেষ হৈ যোৱাৰ বাবে তেওঁৰ হাতত এখন গাড়ী আৰু যথেষ্ট আজৰি সময় দুয়োটাই থাকি যায়।
এদিন তেওঁ এখন মলৰ বাহিৰত অটোৰিক্সাখন ৰখাই থৈছিল। তেতিয়া এগৰাকী মহিলাই তেওঁৰ ওচৰলৈ আহি অটো বিচাৰিলে। হাবিবে সেই সময়ত ৰাস্তাবোৰ ভালদৰে চিনিও নাপাইছিল, সেয়েহে প্ৰথমতে অলপ দ্বিধা কৰিছিল। কিন্তু মহিলাগৰাকী যথেষ্ট অসহায় যেন লাগিছিল আৰু বাৰে বাৰে সহায় বিচৰাত তেওঁ যাবলৈ সন্মত হ’ল। মহিলাগৰাকীয়ে তেওঁক মিটাৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে আৰু মেপ চাই কেনেকৈ পথ বিচাৰি উলিয়াব লাগে, সেইবোৰ দেখুৱাই দিছিল।
ভাড়া হৈছিল মাত্ৰ ৪০ টকা। কিন্তু প্ৰথম দিনাই তেওঁক সহায় কৰাৰ বাবে মহিলাগৰাকীয়ে কৃতজ্ঞতা স্বৰূপে ১০০ টকা দিলে। সেই ঘটনাটো মনত পেলাই হাবিবে কয়, “মেডামে দিয়া ১০০ টকাটো পকেটত ভৰাবলৈ নৌপাওঁতেই আন এজন যাত্ৰী আহিছিল। সেইদিনাৰ পৰাই মই শপত ল’লোঁ যে, ৰাস্তাত কোনো জীৱ-জন্তু, চৰাই বা সহায়ৰ প্ৰয়োজন হোৱা মানুহ দেখিলে মই সদায় তেওঁলোকক সহায় কৰিবলৈ দৌৰি যাম।”
সেই প্ৰতিশ্ৰুতিয়েই এতিয়া তেওঁৰ জীৱনৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছে। হাবিবৰ অটোৰিক্সাত উঠা যাত্ৰীসকলক বিনামূলীয়াকৈ ঠাণ্ডা পানী আৰু বিস্কুট দিয়া হয়। অটোৰ পিছফালে এখন ডাঙৰ ত্ৰিৰংগা পতাকা থাকে আৰু কিছুমান টাবত গছ-গছনিও সজাই থোৱা আছে। আন অটোচালকে যিসকল যাত্ৰীক নিবলৈ অস্বীকাৰ কৰে, তেওঁলোককো হাবিবে নিজৰ অটোত উঠাই নিয়ে। ভাড়া মাত্ৰ ২৫ বা ৩০ টকা হ’লেও তেওঁ কোনো যাত্ৰীক ঘূৰাই নপঠিয়ায়।
বিশেষকৈ দৃষ্টিহীন লোক, গৰ্ভৱতী মহিলা, কোলাত কেঁচুৱা থকা মাতৃ আৰু চিকিৎসালয়লৈ যোৱা বৃদ্ধ বা অসুস্থ লোকক সহায় কৰিবলৈ তেওঁ সদায় আগবাঢ়ি আহে। তেওঁৰ এই কামত অনুপ্ৰাণিত হৈ কিছুমান কৃতজ্ঞ যাত্ৰীয়ে তেওঁক টকা-পইচাৰে সহায় কৰে। সেই ধনেৰে তেওঁ অটোৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কিনাৰ লগতে অসহায় লোকসকলকো সহায় কৰে।
জীৱ-জন্তুৰ প্ৰতি হাবিবৰ মৰম
হাবিবৰ মৰম আৰু সহানুভূতি কেৱল মানুহৰ বাবেই নহয়। তেওঁৰ অটোৰিক্সাত সদায় মেকুৰীৰ খাদ্য, কুকুৰৰ খাদ্য আৰু আঘাতপ্ৰাপ্ত বা অসুস্থ জীৱ-জন্তুৰ বাবে ঔষধ থাকে।
অটোৰিক্সা চালক হাবিব শ্বেইখ অভিনেত্ৰী আদা শৰ্মাৰ সৈতে
ৰাতি পলমকৈ কোনো কুকুৰ বা মেকুৰী দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা দেখিলে তেওঁ নিজৰ খৰচতে সেইবোৰক পশু চিকিৎসালয়লৈ লৈ যায়। তেওঁৰ এই কৰ্মনিষ্ঠাত মুগ্ধ হৈ এগৰাকী মহিলা চিকিৎসকে তেওঁ লৈ যোৱা জীৱ-জন্তুবোৰৰ বিনামূলীয়াকৈ চিকিৎসা কৰিবলৈ আৰম্ভ কৰে।
জীৱ-জন্তুক কিয় সহায় কৰে বুলি সোধাত হাবিবে কয়, “এজন মানুহৰ কষ্ট হ’লে তেওঁ ৰাতি ১ বজাতো চিকিৎসালয়লৈ যাব পাৰে। কিন্তু এই বোবা জীৱ-জন্তুবোৰৰ কথা কোনে ভাবিব? সিহঁতে কেৱল আমাৰ ফালে চাই থাকে হয়তো কোনোবাই এটা বিস্কুট বা অলপ গাখীৰ দিব বুলি আশাৰে। এই বোবা জীৱবোৰক সহায় কৰাটো আমাৰ কৰ্তব্য।”
বলীউডৰ দৃষ্টিও পৰিল হাবিবৰ ওপৰত
হাবিবৰ ব্যতিক্ৰমী অটোৰিক্সা আৰু তেওঁৰ মানৱীয় কাম-কাজৰ কথা মুম্বাইৰ ৰাস্তাৰ সীমা পাৰ হৈ বলীউডতো গৈ উপস্থিত হৈছে। অভিনেত্ৰী আদা শৰ্মা আৰু ‘তৰক মেহতা কা উল্টা চশমা’ ধাৰাবাহিকৰ জনপ্ৰিয় চৰিত্ৰ ‘ৰীতা ৰিপ’ৰ্টাৰ’ ৰূপে অভিনয় কৰা প্ৰিয়া আহুজাই হাবিবৰ অটোত যাত্ৰা কৰিছে আৰু তেওঁক লৈ ভিডিঅ’ও বনাইছে।
বহু যাত্ৰীয়েও হাবিবৰ ভিডিঅ’ বনাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। যাত্ৰীসকলক বিনামূলীয়াকৈ পানী আৰু জলপান দিয়াৰ সৰল প্ৰচেষ্টা আৰু জীৱ-জন্তুৰ প্ৰতি তেওঁৰ গভীৰ মৰমে তেওঁক মুম্বাইৰ ৰাস্তাত এক চিনাকি আৰু জনপ্ৰিয় মুখ কৰি তুলিছে।
এজন অনাথ শিশুৰ আশ্ৰয়
হাবিবৰ সমাজসেৱা কেৱল জীৱ-জন্তুৰ মাজতে সীমাবদ্ধ নহয়। নাছিৰ নামৰ এজন অনাথ ল'ৰা পিতৃক হেৰুৱাই এখন গাঁৱৰ পৰা মুম্বাইলৈ আহিছিল। ভুল সংগৰ সংস্পৰ্শলৈ গৈ সি বিপথে যোৱাৰ আশংকা আছিল। হাবিবে তেওঁক নিজৰ ওচৰত থাকিবলৈ ঠাই দিলে, পুৱা আৰু দিনৰ আহাৰৰ ব্যৱস্থা কৰিলে আৰু কামৰ বিনিময়ত প্ৰতিদিনে ২০০ টকা দি তেওঁক স্বাৱলম্বী হ’বলৈ সহায় কৰিলে।
নাছিৰৰ বিষয়ে হাবিবে কয়, "কোনো মানুহক খুৱাব পৰাটো মোৰ কোনো মহানতা নহয়। এই সকলো কৰিবলৈ শক্তি দিয়াজন হৈছে পৰমেশ্বৰ। মই মাত্ৰ তেওঁৰ এক মাধ্যম (জৰিয়া)। যিজন ল’ৰাৰ মূৰত পিতৃৰ হাত নাই, সিজন ল'ৰাৰ মূৰত মৰমেৰে হাত থোৱাটো এক ডাঙৰ পুণ্য (সৱাব)।"
জীৱ-জন্তুৰ বাবে চিকিৎসা সেৱাৰ সপোন
হাবিবৰ নিজৰ বাবে ডাঙৰ ব্যৱসায় গঢ়ি তোলাৰ কোনো উচ্চাকাংক্ষা নাই। তেওঁৰ সপোন হৈছে আঘাতপ্ৰাপ্ত জীৱ-জন্তুৰ বাবে এটা সৰু আশ্ৰয়স্থল আৰু ২৪ ঘণ্টীয়া চিকিৎসা কেন্দ্ৰ স্থাপন কৰা। ইয়াৰ বাবে তেওঁ মাহে ১৫,০০০ টকাত এডোখৰ ঠাই ভাড়ালৈ লৈ এজন চিকিৎসক নিয়োগ কৰাৰ পৰিকল্পনা কৰিছে।
মুম্বাইৰ দৰে ব্যস্ত মহানগৰত, য’ত মানুহে কেতিয়াবা ইজনে সিজনৰ ফালে এবাৰ চাবলৈও সময় নাপায়, তাত হাবিবে সহায়ৰ প্ৰয়োজন হোৱা মানুহ আৰু জীৱ-জন্তুৰ বাবে নিজৰ গতি অলপ ধীৰ কৰিছে। তেওঁৰ বাবে এই কামৰ প্ৰকৃত পুৰস্কাৰ টকা-পইচা নহয়। হাবিবে বিশ্বাস কৰে যে, আনক সহায় কৰি লাভ কৰা দোৱাএ হৈছে তেওঁৰ প্ৰকৃত উপাৰ্জন।