পিয়া শৰ্মা
দেশৰ সাধাৰণ নিৰ্বাচনলৈ এতিয়াও প্ৰায় আঢ়ৈ বছৰ আছে৷ ২০২৯ চনত হ'বলগীয়া এই নিৰ্বাচনলৈ চালে অহা ৬ অক্টোবৰত হ'বলগীয়া নগাওঁ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বিশেষ কোনো গুৰুত্ব নাই৷ কিন্তু, ৰাজ্যৰ ৰাজনীতিৰ কেইবাটাও দিশৰ পৰা নগাওঁৰ উপ নিৰ্বাচনে যথেষ্ঠ গুৰুত্ব বহন কৰিছে৷ মুছলমান ভোটাৰৰ সংখ্যাগৰিষ্ঠতা থকা নগাঁও লোকসভা সমষ্টিৰ আগন্তুক উপ-নিৰ্বাচনে এতিয়া কেৱল এখন আসনৰ যুঁজ হৈ থকা নাই, বৰঞ্চ ই অসমৰ ভৱিষ্যত ৰাজনীতিৰ গতিপথ নিৰ্ধাৰণ কৰিব পৰা এক পৰিস্থিতিৰ দিশে গতি কৰিছে।
যি সময়ত ৰাজ্যত ক্ষমতাত থকা বিজেপি চৰকাৰে মুছলমানৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহন কৰিছে, উচ্ছেদকে ধৰি বিভিন্ন ধৰনৰ চৰকাৰী পদক্ষেপৰ জৰিয়তে সাধাৰণ মুছলমান সকল ধাৰাবাহিক ভাবে নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে, সেই সময়ত ভবিষ্যতে নিজৰ জয়লাভৰ পথ নিষ্কন্টক কৰিবলৈ ২০২৩ চনত সমষ্টি পুনৰ্নীৰ্ধাৰণ কৰা বিজেপিৰ বাবে নগাঁৱ অসমৰ আটাইতকৈ জটিল আৰু আকৰ্ষণীয় ৰাজনৈতিক যুদ্ধক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে। এসময়ত নিজৰ দখলত থকা সমষ্টিটো কংগ্ৰেছৰ হাতত গটাই দিয়া বিজেপিয়ে এইবাৰ সমষ্টিটো পুনৰুদ্ধাৰ কৰিব পাৰিব নে নাই, সেয়াও দলটোৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ
পৰিৱৰ্তিত জনগাঁথনি: সংখ্যালঘু ভোটাৰেই নিৰ্নয় কৰিব প্ৰাৰ্থীৰ ভাগ্য
২০২৩ চনত কৰা ৰাজ্যৰ সমষ্টি পুনৰ্ নিৰ্ধাৰণ প্ৰক্ৰিয়াই নগাঁৱ সমষ্টিৰ পুৰণি নিৰ্বাচনী মানচিত্ৰখন সম্পূৰ্ণ সলনি কৰি পেলালে৷ কাৰন পুনৰ্ নিৰ্ধাৰণৰ নামত পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা তিনিটা সংখ্যালঘু প্ৰধান বিধানসভা সমষ্টি— চামগুৰি, ৰূপহীহাট, আৰু ধিং নগাঁৱত অন্তৰ্ভুক্ত কৰা হ’ল। ইয়াৰ বিপৰীতে বিজেপিৰ শক্তিশালী ভোটবেংক হিচাপে পৰিচিত হোজাই, লামডিং আৰু বৰহমপুৰক নগাঁৱৰ পৰা আঁতৰাই কলিয়াবৰৰ স্থানত নতুনকৈ গঠন কৰা কাজিৰঙা সমষ্টিত যোগ দিয়া হ’ল। এই সালসলনিৰ ফলত নগাঁও সমষ্টিটো এক "সংখ্যালঘু প্ৰধান" সমষ্টি হৈ পৰিল, য’ত বৰ্তমান মুঠ ১৯ লাখ ভোটাৰৰ ভিতৰত প্ৰায় ১২ লাখ ভোটাৰ মুছলমান সম্প্ৰদায়ৰ। ফলস্বৰূপ, সমষ্টিটোত যিকোনো দলৰ জয়-পৰাজয় এই প্ৰায় ৬০% ভোটাৰৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰশীল।
ভোটাৰৰ ধৰ্মীয় মেৰুকৰণ আৰু প্ৰাৰ্থিত্বৰ ৰাজনীতি
পূৰ্বৰ নিৰ্বাচনসমূহৰ দৰে নগাঁও সমষ্টিত এইবাৰ কেৱল কংগ্ৰেছ আৰু বিজেপিৰ পোনপটীয়া প্ৰতিদ্বন্দিতা দেখিবলৈ পোৱা নাযাব। এইবাৰৰ উপ-নিৰ্বাচনত মূলতঃ দুটা ভিন্ন ৰাজনৈতিক বৃত্তৰ সৃষ্টি হৈছে— এটা হৈছে অনা-সংখ্যালঘু আৰু চৰকাৰী উন্নয়নমূলক আঁচনিক ভিত্তি কৰি গঢ়ি উঠা বৃত্ত, আৰু আনটো হৈছে সংখ্যালঘু ভোটবেংকৰ আধিপত্যক লৈ সৃষ্টি হোৱা ত্ৰিকোনীয় সংঘাতৰ বৃত্ত। প্ৰথম বৃত্তটোত থকা ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) এইবাৰ এজন প্ৰশাসনীয় অভিজ্ঞতা থকা প্ৰাক্তন আমোলা দেৱাশীষ শৰ্মাক প্ৰক্ষেপ কৰি এক ডাঙৰ ৰাজনৈতিক খেল খেলিব বিচাৰিছে। শৰ্মাৰ দলীয় প্ৰাৰ্থিত্ব প্ৰদানৰ জৰিয়তে বিজেপিয়ে কেৱল নিজৰ পৰম্পৰাগত ৰাষ্ট্ৰীয়তাবাদী আদৰ্শৰ ওপৰতে নিৰ্ভৰ কৰা নাই, বৰঞ্চ প্ৰাৰ্থীগৰাকীৰ প্ৰশাসনীয় দক্ষতা আৰু ৰাজ্য চৰকাৰৰ অৰুণোদয় বা বিনামূলীয়া ৰেচনৰ দৰে অভিলাষী আঁচনিসমূহৰ হিতাধিকাৰীসকলক একত্ৰিত কৰাৰ কৌশল ৰচনা কৰিছে। ইয়াৰ উপৰিও, শেহতীয়া দিনবোৰত তৃণমূল পৰ্যায়ৰ একাংশ সংখ্যালঘু নেতাই বিজেপিত কৰা যোগদানে দলটোক বিৰোধীৰ দুৰ্গ বুলি পৰিচিত অঞ্চলসমূহতো কিছু পৰিমাণে ভোট লাভৰ আশা যোগাইছে।
নিৰ্বাচনী প্ৰচাৰ চলোৱা মুহূৰ্তত বদৰুদ্দিন আজমল
আনহাতে, দ্বিতীয় বৃত্তটোত সংখ্যালঘু ভোটসমূহ নিজৰ দখলত ৰাখিবলৈ কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু তৃণমূল কংগ্ৰেছৰ (টি এম চি) মাজত এক তীব্ৰ সংঘাত আৰম্ভ হৈছে। কংগ্ৰেছ দলে ইয়াৰ পুৰনি ঘাটি হিছাবে পৰিগণিত ধিং, ৰূপহীহাট, লাহাৰিঘাট আৰু চামগুৰি বিধানসভা সমষ্টিৰ দৰে অঞ্চলত নিজৰ ভেটি ধৰি ৰাখিবলৈ আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনত লাভ কৰা ৫০.৮৯% ভোটৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ জ্যেষ্ঠ নেত্ৰী তথা প্ৰাক্তন বিধায়িকা শিৱামণি বৰাক ফিল্ডত নমাইছে। কংগ্ৰেছৰ অংক ইমানখিনিলৈকে ঠিকেই আছিল৷কাৰন প্ৰায় ১২ লাখ মুছলমান ভোটৰ ভিতৰত কমেও ৯ লাখে ভোট দান কৰাটো স্বাভাবিক৷ পূৰ্বৰ দৰে পোনপটীয়া প্ৰতিদ্বন্দিতা হলে এই ৯ লাখ ভোটৰ ৯০% কংগ্ৰেছে লাভ কৰি বিজয়ী হোৱাটো নিশ্চিত আছিল৷ কিন্তু এইবাৰ সেয়া হৈ থকা নাই৷ কংগ্ৰেছৰ এই সমীকৰণত আটাইতকৈ ডাঙৰ আউল লগাইছে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে৷ ধুবুৰী লোকসভা সমষ্টিৰ ৰকিবুল হুছেইনৰ হাতত বৃহৎ ব্যবধানত পৰাজিত হোৱা আজমলে এইবাৰ নগাওত নিজেই প্ৰাৰ্থী হৈছে৷ আজমলে যদি ২০২৪ চনৰ লোকসভাত হেৰুওৱা নিজৰ হৃত গৌৰৱ উদ্ধাৰ কৰি সংখ্যালঘু ভোটৰ এক বুজন অংশ (প্ৰায় ২০% ৰ পৰা ৩০%) নিজৰ ফাললৈ টানিব পাৰে, তেন্তে ই কংগ্ৰেছৰ একচেটিয়া ভোটবেংকত মোক্ষম আঘাত হানিব। ইয়াৰ সমান্তৰালভাৱে, তৃণমূল কংগ্ৰেছেও শিক্ষাবিদ প্ৰফেচৰ আব্দুল চালামক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি সচেতন সংখ্যালঘু ভোটাৰসকলৰ ভোট বুটলিবলৈ চেষ্টা চলাইছে, যাৰ ফলত বিৰোধী শিবিৰত ভোট বিভাজনৰ সম্ভাৱনা আৰু অধিক প্ৰকট হৈ পৰিছে।
সাম্ভাব্য ফলাফলৰ হিচাব-নিকাচ
নগাঁও উপ-নিৰ্বাচনৰ সমগ্ৰ ফলাফল সংখ্যালঘু ভোটাৰসকলে গ্ৰহণ কৰিবলগীয়া দুটা গুৰুত্বপূৰ্ণ নিৰ্বাচনী ৰণনীতিৰ ওপৰত নিৰ্ভৰ কৰিব। ইয়াক মূলতঃ দুটা সাম্ভাৱ্য পৰিস্থিতিৰ আধাৰত বিশ্লেষণ কৰিব পাৰি৷ প্ৰথম পৰিস্থিতিটো হৈছে 'কৌশলগত ভোটদান বা ভোটৰ একত্ৰীকৰণ'। যদিহে নগাঁৱৰ মুছলমান সম্প্ৰদায়ৰ ভোটাৰসকলে বদৰুদ্দিন আজমল আৰু তৃণমূল কংগ্ৰেছক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰে আৰু তেওঁলোকক কেৱল এটা ভোট বিভাজনৰ শক্তি বুলি গণ্য কৰে, তেন্তে প্ৰায় ৮০ শতাংশতকৈও অধিক সংখ্যালঘু ভোট পোনপটীয়াকৈ কংগ্ৰেছৰ সপক্ষে মেৰুকৰণ হ’ব। এই পৰিস্থিতিত, সমষ্টিটোৰ ভোটৰ বিন্যাস যিহেতু ৬০% মুছলমান প্ৰধান, সেয়েহে সংখ্যাৰ দিশৰ পৰা আগবাঢ়ি থকাৰ বাবে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই কেৱল মুছলমান প্ৰধান চাৰিটা বা পাঁচটা বিধানসভা সমষ্টিৰ পৰাই ২ লাখৰো অধিক ভোটৰ বিশাল অগ্ৰগতি লাভ কৰিব।
এই বিপুল অগ্ৰগতিক ভেদ কৰা বিজেপিৰ বাবে চহৰীয়া বা অনা-সংখ্যালঘু অঞ্চলৰ ভোটৰ দ্বাৰা সম্ভৱ নহ’ব আৰু কংগ্ৰেছে এই আসনখন সহজতে নিজৰ দখলত ৰাখিবলৈ সক্ষম হ’ব। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত দেখা গৈছে যে অসমৰ সাধাৰন মুছলমান ভোটাৰ সকলে এ আই ইউ ডি এফৰ সলনি কংগ্ৰেছৰ পক্ষত হে ভোটদান কৰিছিল৷ উদাহৰন স্বৰুপে ক'ব পাৰি যে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ২০১৯ চনৰ ৪৯.৫৩% আৰ ২০২৪ চনত ৫০.৮৯% ভোট লাভ কৰিছিল৷ ইয়াৰ বিপৰীতে ২০২৪ চনত এ আই ইউ ডি এফৰ প্ৰাৰ্থি আমিনুল ইছলামে মাত্ৰ ৮.৮৬% ভোট হে লাভ কৰিবলৈ সক্ষম হৈছিল৷ অৰ্থাৎ আজমলৰ দলটোৰ প্ৰতি সাধাৰন মুছলমান ভোটাৰৰ কোনো সমৰ্থন নাছিল৷
নিৰ্বাচনী প্ৰচাৰ চলোৱা মুহূৰ্তত শিৱামণি বৰা
এইবাৰো সেই স্থিতিৰ বিশেষ পৰিবৰ্তন হোৱা দেখা নাই৷ কিন্তু, যুজঁত বদৰুদ্দিন আজমল অবতীৰ্ণ হোৱাৰ ফলত যদি মুছলমান ভোটৰ বিভাজন ঘটে, তেন্তে এই পৰিস্থিতিটো বিজেপিৰ বাবে আটাইতকৈ অনুকূল বুলি ধৰা হৈছে। যদিহে বদৰুদ্দিন আজমলে নিজৰ পুৰণি সাংগঠনিক শক্তি প্ৰয়োগ কৰি সংখ্যালঘু সমাজৰ অতি কমেও ৩০ শতাংশ ভোট নিজৰ বাকচত ভৰাবলৈ সক্ষম হয় আৰু তৃণমূল কংগ্ৰেছেও প্ৰায় ১০ শতাংশ ভোট কাটি লৈ যায়, তেন্তে কংগ্ৰেছৰ ভোটৰ অংশ স্বাভাবিকভাৱে ৫০ শতাংশলৈ হ্ৰাস পাব। এই ত্ৰিমুখী বিভাজনৰ ফলত সংখ্যালঘু অঞ্চলসমূহক কংগ্ৰেছে লাভ কৰিবলগীয়া সম্ভাব্য বিশাল অগ্ৰগতি বহু পৰিমাণে ক’মি যাব।
ইফালে, আনটো মেৰুত থকা অনা-সংখ্যালঘু প্ৰধান সমষ্টিসমূহ যেনে জাগীৰোড, মৰিগাঁও, ৰহা আৰু নগাঁও চহৰৰ হিন্দু, জনগোষ্ঠীয় (তিৱা, লালুং) আৰু ওবিচি ভোটসমূহ যদি ১০০ শতাংশ বিজেপিৰ সপক্ষে একত্ৰিত হয়, তেন্তে বিৰোধী ভোট ভগাই যোৱাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি বিজেপিৰ দেৱাশীষ শৰ্মাই অতি সহজে বিজয় সাব্যস্ত কৰিব পাৰিব। এই সকলো খিনি এতিয়া নিৰ্ভৰ কৰিছে বদৰুদ্দিন আজমলৰ ভুমিকাৰ ওপৰত৷ কাৰন এ আই ইউ ডি এফে নগাওঁৰ উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী হিচাপে ৰেজাউল কৰিম সৰকাৰৰ নাম ইতিপূৰ্বে ঘোষনা কৰিছিল৷ কিন্তু বিজেপিয়ে প্ৰাৰ্থী ঘোষনা কৰাৰ পিছত আজমলৰ হঠাৎ প্ৰবেশ ঘটাটো আন এক তাৎপৰ্য দিশ৷ কিয়নো চলিত বছৰত হোৱা বিধানসভা নিৰ্বাচনত আজমলে ইতিমধ্যে বিন্নাকান্দি সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে৷ অৰ্থাৎ বৰ্তমানে তেও বিধায়ক৷ তাৰ পিচতো তেও এনে এক সমষ্টিত যুজঁত নামিছে যত ভোট পালেও বিজয়ী হোৱাৰ সম্ভাবনা কম৷ এনে অবস্থাত ইয়াৰ আৰঁত কি সমীকৰণ লুকাই আছে সেয়া নিৰ্বাচনী ফলাফলৰ পিছত হে স্পষ্ট হ'ব৷