দুই শিক্ষাগুৰুৰ মহানুভৱতাই অভিভূত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক

Story by  Ariful Islam | Posted by  [email protected] • 11 h ago
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ডঃ পান্নালাল গোস্বামী আৰু ডঃ নন্দিতা ভট্টাচাৰ্য গোস্বামী
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ডঃ পান্নালাল গোস্বামী আৰু ডঃ নন্দিতা ভট্টাচাৰ্য গোস্বামী
 
আৰিফুল ইছলাম/গুৱাহাটী
 
কটন বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ডঃ পান্নালাল গোস্বামী আৰু ডঃ নন্দিতা ভট্টাচাৰ্য গোস্বামীৰ মহানুভৱতাই অভিভূত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত দুয়োগৰাকী মহান ব্যক্তিত্বৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে।দুয়োগৰাকীয়ে আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষাগুৰু। অলপতে, মহানুভৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰি কটন কলেজৰ প্ৰাক্তন শিক্ষক দম্পতী ডঃ পান্নালাল গোস্বামী আৰু ডঃ নন্দিতা ভট্টাচাৰ্য গোস্বামীয়ে নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ নামত নিজৰ জীৱনৰ সাঁচতীয়া ১ কোটি টকা দান কৰিছিল।
 
সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুয়োগৰাকী শিক্ষাগুৰুৰ ভিডিঅ' শ্বেয়াৰ কৰি লিখিছে; "কিছুদিন পূৰ্বৰ এটি চৰ্চিত কাহিনী। এই খবৰে মোক ভাবিব নোৱৰাকৈ অভিভূত কৰিছিল। আজি জ্যেষ্ঠ নাগৰিক দিৱসত শ্রদ্ধাৰ শিক্ষাগুৰু দুগৰাকীৰ কথাকে ভগাই ল’ব বিচাৰিছোঁ আপোনালোকৰ লগত। কিমান উদাৰ হ'লে মানুহে জীৱনৰ সমস্ত উজাৰি আনৰ বাবে দান দিব পাৰে! এয়া হৈছে পৰম শ্রদ্ধাৰ শিক্ষাগুৰু ড° নন্দিতা ভট্টাচাৰ্য গোস্বামী আৰু ড° পান্নালাল গোস্বামী ছাৰৰ কাহিনী। কটনৰ পৰা শিক্ষাগ্ৰহণ কৰি অহাৰ অত বছৰৰ পাছতো তেখেতসকলৰ মনত নিজকে সজীৱ হৈ থকা দেখি অভিভূত হৈ পৰিছোঁ। দুয়োজনা গুৰুলৈ আন্তৰিক শ্রদ্ধা জনাইছোঁ। কুশলে থাকক আপোনালোক।"

কুমাৰ ভাস্কৰ বৰ্মা বিশ্ববিদ্যালয়ত সংস্কৃত শিক্ষাৰ প্ৰসাৰ আৰু ভাৰতীয় জ্ঞান পৰম্পৰাৰ অধ্যয়ন-গৱেষণাৰ যিকোনো কামত এই ধন ব্যৱহাৰ কৰিব পাৰিব বুলি পৰামৰ্শ দিছিল কটন কলেজত শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰা এই দম্পতীয়ে।
 
বৰ্তমান গুৱাহাটীৰ কালাপাহাৰ নিবাসী ড০ পান্নালাল ভট্টাচাৰ্যই কটন কলেজত ৰসায়ন বিজ্ঞান বিভাগত অধ্যাপনা কৰিছিল। ড০ নন্দিতা ভট্টাচাৰ্য গোস্বামী আছিল সংস্কৃত বিভাগৰ অধ্যাপিকা।
 
সাধাৰণতে মানুহে কৰ্মজীৱনত ধন উপাৰ্জন কৰি সেই ধন ভৱিষ্যতৰ বিত্তীয় নিৰাপত্তাৰ বাবে ব্যৱহাৰ কৰে। চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণৰ পিছত ভৱিষ্যতে যাতে জীৱনটো সুন্দৰভাৱে চলাই নিব পাৰে, ধন-সম্পত্তি ক্ৰয়ৰ লগতে বিভিন্ন স্থানত বিনিয়োগ কৰে। কিন্তু বহু লোকে বিভিন্ন ধৰ্মীয় অনুষ্ঠান আদিত বৰঙণি আগবঢ়ায়। কিন্তু কিমান মহান আৰু সামাজিকভাৱে দায়বদ্ধ হ’লে নিজৰ জীৱনৰ সমস্ত সাঁচতীয়া ধন এইদৰে শিক্ষাৰ উত্তৰণৰ বাবে দান কৰিব পাৰে, তাৰ এক উজ্জ্বল আৰু বিৰল নিদৰ্শন দাঙি ধৰিছে ড০ পান্নালাল গোস্বামী আৰু ড০ নন্দিতা ভট্টাচাৰ্য গোস্বামীয়ে।
 
উল্লেখযোগ্য যে, তেওঁলোকৰ এই সিদ্ধান্ত নিশ্চিতভাৱে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ উত্তৰণৰ দিশত এক অনবদ্য অৱদান। বিশ্ববিদ্যালয়খনে বিভিন্ন দিশত আগুৱাই যোৱাৰ পথত তেওঁলোকৰ এই মহান দান যথেষ্ট সহায়ক হিচাপে পৰিগণিত হ’ব।