সংগ্ৰাম, শিক্ষা, পেছাদাৰী উৎকৰ্ষতা আৰু সামাজিক দায়িত্ববোধৰ এক সুন্দৰ তথা প্ৰেৰণাদায়ক যাত্ৰাৰ নামেই হৈছে ড০ কাশিশ আজিজ। তেওঁৰ এই জীৱন-কাহিনীয়ে কেৱল তেওঁৰ ব্যক্তিগত সাফল্যকেই প্ৰতিফলিত নকৰে, ভাৰতীয় ফাৰ্মা উদ্যোগ আৰু নাৰী সৱলীকৰণৰ এখন বিস্তৃত ছবিও দাঙি ধৰে।
১৯৮৭ চনত দিল্লীৰ এটি পঞ্জাৱী মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰা ড০ কাশিশ আজিজ বৰ্তমান 'ইউনিকিঅ’ৰ ইণ্ডিয়া লিমিটেড'ত গুণগত মানদণ্ড বিভাগৰ উপ-সভানেত্ৰী হিচাপে কৰ্মৰত। তেওঁৰ ব্যক্তিত্ব কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু সুদৃঢ় সামাজিক তথা নৈতিক মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত বুলি গণ্য কৰা হয়। তেওঁ বিশ্বাস কৰে যে ফাৰ্মাচিউটিকেল উদ্যোগৰ মূল উদ্দেশ্য হৈছে জনস্বাস্থ্যৰ পুনৰুদ্ধাৰ আৰু সুৰক্ষা নিশ্চিত কৰা। ইয়াৰ বাবে সমগ্ৰ ব্যৱস্থাটোৱে নিৰন্তৰ উন্নতি আৰু দায়িত্ববোধেৰে কাম কৰিব লাগিব। তেওঁ স্পষ্টভাৱে বিশ্বাস কৰে যে, "গুণগত মান কেতিয়াও এক কাকতলীয়া সংযোগ নহয়, ই সদায় উচ্চ উদ্দেশ্য, আন্তৰিক প্ৰচেষ্টা, সঠিক নিৰ্দেশনা আৰু নিপুণ পৰিচালনাৰহে এক সুফল।" তেওঁৰ মতে, গুণগত মানে বহু বিকল্পৰ ভিতৰত আটাইতকৈ বুদ্ধিমানৰ নিৰ্বাচনক প্ৰতিনিধিত্ব কৰে।
তেওঁ প্ৰায়ে নিজৰ দলটোক এটা সৰল অথচ কঠোৰ বাৰ্তা দিয়েঃ "হয় গুণগত মান বজাই ৰাখক, নহ'লে চাকৰি এৰি দিয়ক।" তেওঁ ইয়াক কেৱল এক পেছাদাৰী নিয়ম হিচাপেই নহয়, এক দায়িত্ব আৰু নৈতিক অনুশাসন হিচাপে গণ্য কৰে। তেওঁ এই কথাও কয় যে, "কেৱল এটা সুস্থ ঘোঁৰাইহে এখন শক্তিশালী বগী টানিব পাৰে," অৰ্থাৎ যিকোনো প্ৰতিষ্ঠানৰ সফলতা তাৰ গুণগত মান আৰু অনুশাসনৰ ওপৰত নিৰ্ভৰশীল।
নিজৰ পাৰিবাৰিক আৰু সামাজিক পটভূমিৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে তেওঁ এটি পৰম্পৰাগত পঞ্জাৱী মুছলমান পৰিয়ালৰ পৰা আহিছে, য'ত মহিলাসকলে কাম কৰাটো প্ৰায়েই গ্ৰহণযোগ্য নাছিল আৰু বহু সময়ত কম বয়সতে বিয়া পাতি দিয়া হৈছিল। এনে এক সামাজিক পৰিৱেশত তেওঁ নিজৰ শিক্ষা আৰু কেৰিয়াৰ আগুৱাই নিবলৈ গভীৰ সংগ্ৰাম কৰিবলগীয়া হৈছিল। তেওঁৰ মতে এই যাত্ৰা সহজ নাছিল, কিন্তু আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমে তেওঁক আগবাঢ়ি যোৱাৰ শক্তি প্ৰদান কৰিছিল।
তেওঁৰ প্ৰাথমিক শিক্ষা 'দিল্লী পাব্লিক স্কুল'ত হৈছিল, য'ৰ পৰা তেওঁ ২০০৪ চনত স্কুলীয়া শিক্ষা সমাপ্ত কৰে। ইয়াৰ পিছত তেওঁ 'জামিয়া হামদৰ্দ বিশ্ববিদ্যালয়'ৰ পৰা ফাৰ্মাচীত স্নাতক (B.Pharm) ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ ফাৰ্মাচিউটিক্সত (বিশেষজ্ঞতা: কোৱালিটী এচিউৰেনছ) স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে, য'ত তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে তদানীন্তন ৰাষ্ট্ৰপতি প্ৰয়াত ড০ এ পি জে আব্দুল কালামৰ দ্বাৰা তেওঁক সোণৰ পদকেৰে সন্মানিত কৰা হয়।
ইয়াৰ পিছত তেওঁ ফাৰ্মাচিউটিক্সত পি এইচ ডি সম্পূৰ্ণ কৰে আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সঞ্চালকালয়ৰ পৰা ''INSPIRE Fellowship’’ লাভ কৰে। তেওঁক কোৱালিটী এচিউৰেন্সৰ বিশেষজ্ঞ হিচাপে গণ্য কৰা হয় আৰু এগৰাকী প্ৰযুক্তিবিদ হিচাপেও তেওঁ পৰিচিত। বৰ্তমান তেওঁ IIM লক্ষ্ণৌৰ পৰা MBA কৰি আছে। ইয়াৰ উপৰি তেওঁ FOPIE যুৱ শাখাৰ সদস্যা তথা সম্পাদিকা আৰু IDMA (Indian Drug Manufacturers Association)-ৰ এগৰাকী সদস্যা।
ড০ কাশিশ আজিজ
ব্যক্তিগত জীৱনৰ সংগ্ৰামৰ কথা স্মৰণ কৰি তেওঁ জনায় যে ২০০৭ চনত মাত্ৰ ২০ বছৰ বয়সতে তেওঁৰ বিবাহ সম্পন্ন হৈছিল আৰু ২১ বছৰ বয়সত তেওঁ প্ৰথম সন্তানৰ মাতৃ হৈছিল। ইমানৰ পাছতো তেওঁ স্নাতকোত্তৰ ডিগ্ৰীত নামভৰ্তি কৰিছিল। সেই সময়ত তেওঁ নিজৰ শহুৰেকৰ ঘৰৰ পৰা এই কথা লুকুৱাই ৰাখি পঢ়া-শুনা চলাই গৈছিল। যেতিয়া এই কথা পোহৰলৈ আহে, তেতিয়া পাৰিবাৰিক পৰ্যায়ত তীব্ৰ মানসিক চাপৰ সৃষ্টি হৈছিল, কিন্তু তেওঁ কঠিন পৰিস্থিতিৰ মাজতো পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু শিক্ষা অব্যাহত ৰাখিছিল। এই সময়ছোৱাত তেওঁ মাতৃৰ সহযোগত সন্তানৰ লালন-পালন কৰাৰ লগতে দেউতাকৰ কোম্পানীত সক্ৰিয় অৱদান আগবঢ়াইছিল। তেওঁ নিজৰ সফলতাৰ মূল শ্ৰেয় দেউতাকক দিয়ে, কাৰণ দেউতাকে ৰক্ষণশীল চিন্তা-ধাৰাৰ পৰা আঁতৰি আহি সদায় তেওঁক সমৰ্থন কৰিছিল।
ড০ কাশিশে লগতে জনায় যে তেওঁৰ সৰু পুত্ৰ 'অটিজম স্পেকট্ৰাম ডিচঅৰ্ডাৰ'ত (Autism Spectrum Disorder) আক্ৰান্ত, যিটো তেওঁৰ দ্বিতীয় জন্মদিনৰ সময়ত ধৰা পৰিছিল। এই অভিজ্ঞতাই তেওঁৰ জীৱনলৈ এক আৱেগিক আৰু প্ৰেৰণাদায়ক মোৰ কঢ়িয়াই আনিছিল। তেওঁ ইয়াক নিজৰ প্ৰেৰণা হিচাপে লৈ এতিয়া বিশেষভাৱে সক্ষম লোকসকলৰ কল্যাণৰ বাবে কাম কৰাৰ ইচ্ছা পুহি ৰাখিছে।
পেছাদাৰীভাৱে তেওঁ ২০০৮ চনৰ পৰা নয়দা ইউনিটৰ জৰিয়তে ইউনিকিঅ’ৰ ইণ্ডিয়া লিমিটেডৰ সৈতে জড়িত হৈ আছে আৰু দেউতাক আব্দুল মতিনৰ সৈতে মিলি প্ৰতিষ্ঠানটো পৰিচালনা কৰে। তেওঁ নয়দা, গ্ৰেটাৰ নয়দা আৰু ৰুড়কীত থকা প্লাণ্টসমূহৰ পৰিচালনা আৰু পৰিদৰ্শনৰ দায়িত্বও পালন কৰে। তেওঁৰ লক্ষ্য হৈছে উচ্চ মানৰ স্বাস্থ্য সামগ্ৰী যোগান ধৰা আৰু গ্ৰাহকৰ স্বাস্থ্য আৰু কল্যাণৰ ক্ষেত্ৰত যাতে কোনো পৰ্যায়তে আপোচ কৰা নহয়, সেয়া নিশ্চিত কৰা।
তেওঁ ফাৰ্মা উদ্যোগটোক এক অত্যন্ত জটিল আৰু নিখুঁত ক্ষেত্ৰ হিচাপে বৰ্ণনা কৰিছে, য'ত ঔষধৰ মাত্ৰা মাইক্ৰ'গ্ৰাম পৰ্যায়লৈকে নিয়ন্ত্ৰণ কৰা হয়। প্ৰতিটো বেটচৰ পৰীক্ষণ, ভেলিডেচন আৰু গৱেষণা বাধ্যতামূলক। তেওঁৰ মতে, এই প্ৰক্ৰিয়াটো কেৱল উৎপাদন নহয়, ই হৈছে "দায়িত্ব আৰু জীৱন সুৰক্ষা"ৰ এক কাৰ্য। সেয়েহে তেওঁ সদায় মানুহক পৰামৰ্শ দিয়ে যে কেৱল চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে ঔষধ সেৱন কৰিব লাগে আৰু নিজাববীয়াকৈ ঔষধ খোৱাৰ পৰা বিৰত থাকিব লাগে।
তেওঁ লগতে কয় যে ফাৰ্মাচিউটিকেল উদ্যোগে WHO, FDA আৰু DCGI ৰ দৰে কেইবাখনো আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণকাৰী সংস্থাৰ অধীনত কাম কৰে আৰু ইয়াত প্ৰতিটো সময়তে "পৰিদৰ্শনৰ বাবে সাজু" থকাটো প্ৰয়োজনীয়। তেওঁ বিশ্বাস কৰে যে ফাৰ্মা ইণ্ডাষ্ট্ৰিত গুণগত মান আৰু নিয়মানুৱৰ্তিতাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰিব নোৱাৰি।
ক'ভিড-১৯ মহামাৰীৰ সময়ছোৱাক তেওঁ নিজৰ কেৰিয়াৰৰ আটাইতকৈ প্ৰত্যাহ্বানজনক সময় বুলি গণ্য কৰে। সেই সময়ত ঔষধ, মানৱ সম্পদ আৰু কেঁচামালৰ তীব্ৰ নাটনি হোৱা স্বত্বেও তেওঁৰ দলটোৱে এদিনৰ বাবেও উৎপাদন বন্ধ কৰা নাছিল। চৰকাৰৰ নিৰ্দেশনা অনুসৰি পেৰাচিটামল আৰু ছেনিটাইজাৰৰ দৰে অত্যাৱশ্যকীয় ঔষধৰ উৎপাদন নিৰন্তৰভাৱে চলাই নিয়া হৈছিল। সেই সময়ত যাতায়াত, লজিষ্টিক আৰু কৰ্মচাৰী পৰিচালনা অতিশয় কঠিন আছিল, কিন্তু এই অভিজ্ঞতাই তেওঁৰ দলটোক আৰু অধিক শক্তিশালী কৰি তুলিলে। তেওঁ কয় যে ক'ভিড মহামাৰীয়ে তেওঁক দলটোৰ প্ৰতিটো স্তৰৰ সৈতে, নিৰাপত্তাৰক্ষীৰ পৰা আৰম্ভ কৰি পৰিচালনা সমিলৈকে- গভীৰভাৱে সংযোগ কৰিলে।
ড০ কাশিশ আজিজ
তেওঁ লগতে উল্লেখ কৰে যে বৰ্তমানৰ গোলকীয় পৰিস্থিতি, যেনে আন্তঃৰাষ্ট্ৰীয় উত্তেজনা আৰু কেঁচামালৰ নাটনিয়ে ফাৰ্মা উদ্যোগৰ বাবে নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে, যিবোৰ বহু সময়ত ক'ভিডতকৈয়ো অধিক কঠিন যেন বোধ হয়। ফাৰ্মা উদ্যোগৰ ব্যয় আৰু গুণগত মানৰ ভাৰসাম্যৰ বিষয়ে তেওঁ কয় যে ব্যয় নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয়, কিন্তু গুণগত মানৰ সৈতে আপোচ কৰাটো অসম্ভৱ। ইয়াৰ বাবে Lean Manufacturing, অট'মেচন আৰু ছিষ্টেম অপ্টিমাইজেচনৰ দৰে ব্যৱস্থা গ্ৰহণ কৰা হয়।
তেওঁ অতি গৌৰৱেৰে কয় যে যোৱা ১০ বছৰত ভাৰতীয় ফাৰ্মা উদ্যোগে উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে আৰু আজি ভাৰতক "বিশ্বৰ ফাৰ্মাচী" হিচাপে স্বীকৃতি দিয়া হৈছে। এতিয়া উদ্যোগটোৱে কেৱল উৎপাদনতে সীমাবদ্ধ নাথাকি গৱেষণা, কাৰ্যকাৰীতা আৰু বিশ্বমানৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰিছে।
ড০ কাশিশে নিজৰ কেৰিয়াৰৰ প্ৰাৰম্ভিক দিনবোৰো সুঁৱৰি কয় যে যেতিয়া তেওঁ প্ৰশিক্ষণৰ বাবে দক্ষিণ দিল্লীৰ পৰা মোডিনগৰলৈ সদায় গাড়ী চলাই গৈছিল, তেতিয়া তেওঁ কেতিয়াও নিজৰ পাৰিবাৰিক পৰিচয়ৰ সুযোগ লোৱা নাছিল আৰু একেবাৰে তৃণমূল পৰ্যায়ত কঠোৰ পৰিশ্ৰম কৰিছিল। লেবত কাম কৰোঁতে তেওঁ বহুবাৰ কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছিল, কিন্তু এই অভিজ্ঞতাবোৰেই তেওঁৰ বাবে শিক্ষাৰ আধাৰ হৈ পৰিছিল। তেওঁ বিশ্বাস কৰে যে ফাৰ্মা উদ্যোগত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি পাইছে, যদিও এই ক্ষেত্ৰখন আজিও বহু পৰিমাণে পুৰুষ-প্ৰধান হৈয়েই আছে। অৱশ্যে এতিয়া দ্ৰুতগতিত পৰিৱৰ্তন আহিছে আৰু মহিলাসকলে প্ৰতিটো স্তৰতে উৎকৃষ্ট প্ৰদৰ্শন কৰিছে।
তেওঁ যুৱ প্ৰজন্মলৈ বাৰ্তা দি কয় যে মৌলিক কথাবোৰ মজবুত ৰাখক, ইতিবাচক চিন্তা কৰক আৰু অহৰহ শিকি থাকক, কাৰণ শিকাৰ কোনো শেষ নাই। তেওঁ কয়, "আপুনি যিটো ক্ষেত্ৰত কাম কৰে, সেয়া পোনপটীয়াকৈ কোনো ৰোগীৰ জীৱনৰ সৈতে জড়িত, সেয়েহে দায়িত্ববোধ আৰু সততা সৰ্বোপৰি।" নিজৰ ব্যক্তিগত জীৱনত তেওঁ যোগাভ্যাস, ফিটনেছ আৰু কলাৰ প্ৰতি আগ্ৰহী আৰু বিভিন্ন প্ৰতিষ্ঠানলৈ গৈ ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণো প্ৰদান কৰে। যুৱ প্ৰজন্মৰ সৈতে মত-বিনিময় কৰিবলৈ তেওঁ ভাল পায় কাৰণ ইয়াৰ পৰা তেওঁ নতুন শক্তি আৰু দৃষ্টিভংগী লাভ কৰে।
‘‘জীৱনত কোনো বস্তুৱেই অসম্ভৱ নহয়। যদি লক্ষ্য দৃঢ় হয়, প্ৰচেষ্টা নিৰন্তৰ হয় আৰু দিশ সঠিক থাকে, তেন্তে আটাইতকৈ সৰু আৰম্ভণি এটাও এদিন এক বিশাল অৰ্জনলৈ ৰূপান্তৰিত হ'ব পাৰে- ঠিক যেনেকৈ এখন সৰু নাও লাহে লাহে এখন বিশাল জাহাজলৈ পৰিৱৰ্তিত হয়।" - ড০ কাশিশ আজিজৰ জীৱনৰ মূলমন্ত্ৰ।