মৃদগন্ধা দীক্ষিত
একবিংশ শতিকাৰ আৰম্ভণি। ভাৰতৰ সামাজিক, অৰ্থনৈতিক আৰু সাধাৰণ মানুহৰ দৈনন্দিন জীৱনলৈ আহিছিল এক ব্যাপক পৰিৱৰ্তন। এই নৱজাগৰণৰ ঢৌ মনোৰঞ্জনৰ পৃথিৱীখনতো স্পষ্টকৈ পৰিলক্ষিত হৈছিল। নব্বৈৰ দশকত 'কেব'ল টিভি'য়ে অনা বিপ্লৱৰ পিছত ভাৰতীয় টেলিভিছনত 'ডেইলী ছ'প' বা ধাৰাবাহিকৰ যেন বানপানী হে আহিছিল। সেই সময়ত 'শাহু-বোৱাৰী'ৰ এই ধাৰাবাহিকবোৰে প্ৰতিঘৰ দৰ্শকক মুগ্ধ কৰি পেলাইছিল।
ঠিক তেনে এক সময়তেই, টেলিভিছনক কেৱল পাৰিবাৰিক কন্দা-কটাৰ মাজতে আৱদ্ধ নাৰাখি, তাত বাস্তৱ মানুহৰ প্ৰকৃত আৱেগ, নিকা প্ৰতিযোগিতা, বুদ্ধিমত্তা আৰু গ্লেমাৰৰ সংযোগ ঘটোৱাৰ সঠিক সময় অনুধাৱন কৰিছিল এগৰাকী নৱাগত প্ৰযোজকে। প্ৰচলিত সোঁতৰ বিপৰীতে সাঁতোৰাৰ সাহস দেখুৱাই ভাৰতত 'নন-ফিক্সন' আৰু 'ৰিয়েলিটী টিভি'ৰ এক নতুন তথা উজ্জ্বল যুগৰ সূচনা কৰা এইগৰাকী দূৰদৰ্শী প্ৰযোজক হৈছে ফাজিলা আল্লানা।
চলচ্চিত্ৰ পৰিচালক কৰণ জোহৰৰ সৈতে ফাজিলা আল্লানা
মুম্বাইৰ পৰা নিজৰ যাত্ৰা আৰম্ভ কৰি বৰ্তমান বিশ্বজুৰি নিজৰ আধিপত্য বিস্তাৰ কৰা 'Sol Productions’ প্ৰতিষ্ঠাপক আৰু পৰিচালন সঞ্চালক ফাজিলা আল্লানাৰ এই যাত্ৰা সঁচাকৈয়ে অতিকৈ প্ৰেৰণাদায়ক। এয়া কেৱল এগৰাকী কৰ্প'ৰেট প্ৰতিভাসম্পন্ন আৰু অদম্য সাহসী ব্যৱসায়ী মহিলাৰ যাত্ৰাই নহয়, এয়া এক সপোন বাস্তৱ হোৱাৰ কাহিনী।
শৈশৱ, শিক্ষা আৰু বিশ্বজনীন দৃষ্টিভংগীৰ ভেটি
যিকোনো সফল ব্যৱসায়ীৰ উত্তৰণৰ আঁৰত তেওঁৰ প্ৰাৰম্ভিক শিক্ষা আৰু চৌপাশৰ পৰিৱেশৰ এক বৃহৎ অৱদান থাকে। ১৯৭০ চনৰ ২০ মে'ত দক্ষিণ মুম্বাইৰ দৰে জনবহুল আৰু বহুমুখী অঞ্চলত ফাজিলাৰ জন্ম হৈছিল। তেওঁৰ বিদ্যালয়ৰ শিক্ষা মুম্বাইৰ বিখ্যাত 'কুইন মেৰী স্কুল'ত সম্পন্ন হৈছিল। সৰুৰে পৰাই তেওঁৰ ওপৰত মুম্বাইৰ এই দ্ৰুতবেগী ব্যৱসায়িক আৰু বহুমুখী পৰিৱেশৰ প্ৰভাৱ পৰিছিল।
বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰাৰ পিছত বাণিজ্য আৰু অৰ্থনীতিৰ বিষয়ে গভীৰভাৱে জানিবলৈ তেওঁ 'Sydenham College’ নামভৰ্তি কৰে আৰু ১৯৯১ চনত বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁৰ ভিতৰত থকা ব্যৱসায়িক দক্ষতা, লাভ-লোকচানৰ হিচাপ আৰু ৰণনীতিগত দৃষ্টিভংগীৰ এক সুদৃঢ় ভেটি ইয়াতেই গঢ় লৈ উঠিছিল। পৰৱৰ্তী সময়ত মিডিয়াৰ দৰে এক অনিশ্চিত ক্ষেত্ৰত নিজৰ কোম্পানী প্ৰতিষ্ঠা কৰাৰ সময়ত তেওঁ ইয়াৰ পৰা যথেষ্ট লাভৱান হৈছিল। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ কেইবছৰমান ফিনলেণ্ডৰ 'ঔলু' চহৰত কাম কৰিছিল। ফিনলেণ্ডত কটোৱা এই সময়ছোৱাই তেওঁৰ ব্যক্তিত্বলৈ এক বিশ্বজনীন দৃষ্টিভংগী কঢ়িয়াই আনিছিল।
UTV-ৰ অভিজ্ঞতা আৰু মালয়েছিয়াত কৰ্প'ৰেট জীৱনৰ আৰম্ভণি
ফিনলেণ্ডৰ পৰা ভাৰতলৈ উভতি অহাৰ পিছত ফাজিলাই লগে লগে নিজৰ কোনো ব্যৱসায় আৰম্ভ কৰিবলৈ খৰখেদা কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁ UTV-ৰ দৰে এক আগশাৰীৰ মিডিয়া কোম্পানীৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰে। প্ৰকৃত অৰ্থত এই সময়ছোৱা তেওঁৰ বাবে মনোৰঞ্জন জগতৰ 'গ্ৰাউণ্ড ৰিয়েলিটী' সূক্ষ্মভাৱে বুজি পোৱাৰ সময় আছিল। তেওঁৰ পৰিচালনাৰ দক্ষতা, সময়ৰ সঠিক ব্যৱহাৰ আৰু জন্মগত নেতৃত্ব বহন কৰিব পৰা গুণৰ প্ৰতি লক্ষ্য ৰাখি 'UTV'-এ তেওঁক মালয়েছিয়াৰ কাম-কাজৰ দায়িত্ব অৰ্পণ কৰিছিল।
ফাজিলা আল্লানা
মালয়েছিয়াত কাম কৰি থকা অৱস্থাত তেওঁ 'ক্ৰছ-বৰ্ডাৰ কণ্টেণ্ট ডেভেলপমেণ্ট' আৰু বিশ্বস্তৰীয় মিডিয়া প্ৰজেক্টসমূহ অতি সুচাৰুৰূপে পৰিচালনা কৰিছিল। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰকৃততে কেনেদৰে কাম হয়, বাজেট কেনেদৰে পৰিচালনা কৰা হয় আৰু বিভিন্ন দেশৰ কাৰিকৰী সহায়কসকলৰ সৈতে কেনেদৰে সঠিক সমন্বয় ৰক্ষা কৰিব লাগে, তাৰ প্ৰত্যক্ষ শিক্ষা তেওঁ ইয়াতেই লাভ কৰিছিল।
সপোনৰ বাস্তৱ ৰূপঃ 'ছ'ল প্ৰডাকচন'ৰ শুভাৰম্ভ
মালয়েছিয়াত লাভ কৰা অভিজ্ঞতাৰ পিছত নিজাকৈ কিবা এটা কৰাৰ হেঁপাহেৰে, ২০০৩ চনৰ জানুৱাৰী মাহত ফাজিলাই তেওঁৰ 'UTV'ৰ সহকৰ্মী কামনা নিৰুলা মেনেজেছৰ সৈতে মিলি 'Sol Productions Pvt. Ltd.’ আৰম্ভ কৰে। প্ৰথম অৱস্থাত অতি কম বাজেট আৰু সীমিত সম্পদেৰে আৰম্ভ হোৱা এই কোম্পানীটোৱে আজি ভাৰতীয় টেলিভিছনত হাজাৰ হাজাৰ ঘণ্টাৰ শ্ৰেষ্ঠ 'নন-ফিক্সন' কণ্টেণ্ট নিৰ্মাণ কৰা এক বিশাল প্ৰতিষ্ঠানত পৰিণত হৈছে।
যিকোনো সফল কৰ্প'ৰেট কোম্পানী চলাবলৈ, তাত কাম আৰু দায়িত্বৰ সঠিক বিভাজন হোৱাটো অতি প্ৰয়োজনীয়। ফাজিলাই কোম্পানীটোৰ 'ক্ৰিয়েটিভ ডাইৰেকচন', গ্ৰাহকৰ সৈতে সম্পৰ্ক আৰু 'অপাৰেচনেল গ্ৰথ'ৰ দায়িত্ব নিজৰ হাতত ৰাখিছিল; আনহাতে কামনাই প্ৰডাকচন ডিজাইন আৰু দৈনন্দিন কাম-কাজসমূহ অতি সুন্দৰকৈ চম্ভালিছিল। এই দুগৰাকী শক্তিশালী মহিলাৰ উৎকৃষ্ট 'নেতৃত্বৰ যুটীয়ে' সেই সময়ৰ 'ফিক্সন' ধাৰাবাহিকৰ ভিৰত হেৰাই যোৱাৰ পৰিৱৰ্তে পোনপটীয়াকৈ 'নন-ফিক্সন'ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল আৰু চাওঁতে চাওঁতেই 'ছ'ল'ক অতি কম সময়ৰ ভিতৰতে সফলতাৰ শিখৰলৈ লৈ গৈছিল।
শ্ব' নিৰ্মাণৰ আঁৰৰ চিন্তা আৰু 'কফি উইথ কৰণ'ৰ জন্ম
ফাজিলা আল্লানাৰ শ্ব' নিৰ্মাণৰ দৃষ্টিভংগী সদায়েই আন্তৰিক আৰু দৰ্শকৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিব পৰা বিধৰ আছিল। ভাৰতীয় টেলিভিছনৰ ইতিহাস সলনি কৰি পেলোৱা আৰু বৰ্তমানৰ 'পপ-কালচাৰ'ৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰা শ্ব' 'কফি উইথ কৰণ'ৰ আৰম্ভণি আচলতে কেনেদৰে হৈছিল, সেই বিষয়ে ফাজিলাই এক আমোদজনক কাহিনী বৰ্ণনা কৰিছেঃ "এনেকুৱা একেবাৰেই নহয় যে আমি এই শ্ব'টোৰ বাবে আগৰ পৰাই পৰিকল্পনা কৰি ৰাখিছিলো। যিদৰে বহুত সুন্দৰ সৃষ্টিশীল ধাৰণা হঠাৎ আহে, এই ক্ষেত্ৰতো তেনেকুৱাই হৈছিল। আমি সেই সময়ত 'ষ্টাৰ পৰিৱাৰ এৱাৰ্ডছ'ৰ কাম চাই আছিলো আৰু যিহেতু কৰণ জোহৰৰ ছবিত সদায় 'পৰিয়াল'টোৱেই আটাইতকৈ বিশেষ বিষয় হৈ পৰে, সেয়ে আমি তেওঁক সেই এৱাৰ্ড শ্ব'টো হ'ষ্ট কৰিবলৈ কৈছিলো। কিন্তু তাৰ উত্তৰত তেওঁ কৈছিল যে, 'মই এৱাৰ্ড শ্ব'ৰ পৰিৱৰ্তে কোনো চেট শ্ব' কৰিবলৈহে বেছি ভাল পাম।' আৰু এইদৰেই একেবাৰে সঠিক সময়ত সঠিক মানুহজন লগ পোৱাৰ ফলত এই শ্ব'টোৱে প্ৰাণ পাই উঠিছিল।"
ট্ৰেইটৰ্ছৰ চেটত ফাজিলা আলানা
তেওঁ লগতে কয়, "আমাৰ আচল উদ্দেশ্যই হৈছে এই তাৰকাসকলক সাধাৰণ মানুহৰ দৰে দৰ্শকৰ আগত দাঙি ধৰা। তেওঁলোকে নিজৰ ঘৰত কেনেকৈ থাকে, তেওঁলোকৰ কিছুমান আমোদজনক অভ্যাস কি, তেওঁলোকৰ মনত কি ভয় লুকাই আছে, এই সকলোবোৰ মানুহৰ আগলৈ অনাটোৱেই আমাৰ প্ৰচেষ্টা। কাৰণ, দৰ্শকে নিজৰ প্ৰিয় তাৰকাসকলৰ ভিতৰত লুকাই থকা সেই প্ৰকৃত 'মানুহ'জনক চাবলৈ বিচাৰে।"
টেলিভিছনত 'ট্ৰেণ্ডছেটাৰ' ব্ৰেণ্ড আৰু সাহসী পৰীক্ষা-নিৰীক্ষা
'কফি উইথ কৰণ'ৰ উপৰি 'ছ'ল প্ৰডাকচনে' দৰ্শকক বহু জনপ্ৰিয় শ্ব' উপহাৰ দিছে। 'নাচ বলিয়ে'ৰ দৰে চেলিব্ৰিটী ডান্স ৰিয়েলিটী শ্ব'ক তেওঁলোকে বিশালতাৰ এক নতুন শিখৰলৈ লৈ গৈছিল। এই শ্ব'টোৱে ভাৰতীয় ৰিয়েলিটী শ্ব' নিৰ্মাণৰ বাজেট আৰু ইয়াক উপস্থাপন কৰাৰ শৈলীক এক অতি উচ্চ পৰ্যায়লৈ লৈ গৈছিল।
ইয়াৰ সমান্তৰালভাৱে তেওঁলোকৰ 'স্বয়ম্বৰ ছিৰিজ'ৰ (ৰাখী কা স্বয়ম্বৰ, ৰাহুল দুলহনিয়া লে জায়েগা) পৰীক্ষাটো ভাৰতীয় টিভিৰ ইতিহাসৰ আটাইতকৈ সাহসী আৰু সমানেই বিতৰ্কিত পৰীক্ষা আছিল। টিভিত প্ৰকৃত বিয়াৰ উৎসৱক ৰিয়েলিটী শ্ব'লৈ ৰূপান্তৰ কৰাৰ এই চমৎকাৰ ধাৰণাটোৱে সেই সময়ত TRP-ৰ সকলো অভিলেখ ভংগ কৰিছিল। দৰ্শকে প্ৰকৃততে কি চাবলৈ বিচাৰে আৰু তেওঁলোকক টিভি স্ক্ৰীনৰ সন্মুখত কেনেদৰে বান্ধি ৰাখিব পাৰি, সেই বিষয়ে ফাজিলাৰ খুব ভাল বুজাপৰা আছে। 'জৰা নচকে দিখা', 'ক্যা মস্ত হ্যায় লাইফ', 'মাই কা লাল' আদি বিভিন্ন শ্ব'ৰ জৰিয়তে তেওঁ যুৱপ্ৰজন্ম আৰু শিশুসকলৰ বাবেও কণ্টেণ্ট নিৰ্মাণ কৰিছিল।
প্লেটফৰ্মৰ সীমা অতিক্ৰম কৰা কৰ্প'ৰেট দক্ষতা
যিকোনো আধুনিক কৰ্প'ৰেট কোম্পানীৰ প্ৰকৃত সফলতা নিৰ্ভৰ কৰে সলনি হোৱা সময়ৰ লগে লগে নিজকে খাপ খুৱাই ল'ব পৰা ক্ষমতাৰ ওপৰত। 'ছ'ল প্ৰডাকচন'ৰ কাম কৰাৰ এটা গুৰুত্বপূৰ্ণ কৰ্প'ৰেট নীতি হৈছেঃ "ক্ৰিয়েচন, প্ৰডাকচন আৰু ইমপ্লিমেণ্টেচন" অৰ্থাৎ সৃষ্টি, নিৰ্মাণ আৰু ৰূপায়ণ।
ছ'লৰ কাৰ্যালয়ত দীপাৱলী উদযাপন কৰি থকা ফাজিলা আল্লানা
ফাজিলাৰ আটাইতকৈ ডাঙৰ কৰ্প'ৰেট গুণটোৱেই হৈছে তেওঁৰ 'Platform agnostic’ দৃষ্টিভংগী। অৰ্থাৎ, কেৱল কোনো এটা চেনেল বা এটা ভাষাৰ ওপৰতে নিৰ্ভৰশীল হৈ নাথাকি, আজি 'ছ'ল প্ৰডাকচনে' প্ৰায় ৪০টাতকৈও অধিক ব্ৰডকাষ্ট চেনেল আৰু 'OTT’ প্লেটফৰ্মৰ বাবে নিজৰ কণ্টেণ্ট যোগান ধৰিছে। তেওঁৰ এই ব্যৱসায়িক প্ৰতিভাৰ আন এক উৎকৃষ্ট নিদৰ্শন হ'ল যে তেওঁ কোম্পানীটোৰ ব্যৱসায় কেৱল হিন্দী ভাষাতে আৱদ্ধ নাৰাখি ইয়াক ৫টাতকৈও অধিক ভাষালৈ সম্প্ৰসাৰণ কৰিছে।
ফাজিলাই নিজৰ কামৰ এই আৰ্হিটোৰ বিষয়ে উল্লেখ কৰি কয়, "কোনো শ্ব' আমাৰ বাবে অতি সৰু বা অতি ডাঙৰ নহয়; আমি প্ৰতিটো শ্ব'ক ইয়াৰ বাজেট আৰু সৃষ্টিশীল প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰিহে ডিজাইন কৰোঁ।" তেওঁৰ এই নমনীয় ব্যৱসায়িক আৰ্হিয়ে 'ছ'ল'ক বৰ্তমানৰ এই প্ৰতিযোগিতাৰ যুগত দুখোজ আগুৱাই লৈ গৈছে। আজিলৈকে ৫০টাতকৈও অধিক শ্ব' সফলতাৰে নিৰ্মাণ কৰাটো তেওঁলোকৰ "ক্ৰিয়েটিভ মাইণ্ডছ, কোৱালিটী প্ৰডাকচনছ আৰু এক্সেছ টু টেলেণ্ট" (সৃষ্টিশীল মন, মানসম্পন্ন নিৰ্মাণ আৰু প্ৰতিভালৈ প্ৰৱেশাধিকাৰ) শ্ল’গানটোৰ প্ৰকৃত অৰ্থত এক বিশাল সফলতা।
বিশ্বদৰবাৰত স্বীকৃতি আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ 'মাষ্টাৰষ্ট্ৰ'ক'
ব্যৱসায়ক বিশ্বস্তৰলৈ লৈ যাবলৈ অতি সুদৃঢ় অৰ্থনৈতিক আৰু ৰণনীতিগত সিদ্ধান্ত লোৱাৰ প্ৰয়োজন হয়। ফাজিলা আল্লানাই ২০০৭-০৮ চনৰ আশে-পাশে 'Zodiak Media’ (বৰ্তমান 'বানিজয় গ্ৰুপ' Banijay Group)ৰ সৈতে অতি বুদ্ধিমত্তাৰে এক ৰণনীতিগত অংশীদাৰিত্ব কৰিছিল। তেওঁৰ এই এটা 'কৰ্প'ৰেট মাষ্টাৰষ্ট্ৰ'ক'ৰ বাবেই 'ছ'ল প্ৰডাকচনে' আন্তঃৰাষ্ট্ৰীয় ফৰ্মেটসমূহ পোনপটীয়াকৈ ভাৰতলৈ অনাৰ লগতে বিশ্বস্তৰত এক বৃহৎ আৰ্থিক সাহায্য লাভ কৰাৰ পথ প্ৰশস্ত হৈ পৰিছিল। কোনো ভাৰতীয় প্ৰডাকচন হাউছে এনে বিশ্বস্তৰীয় মিডিয়া গ্ৰুপৰ সৈতে পোনপটীয়া অংশীদাৰিত্ব কৰি নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰাটো ফাজিলা চাহাবুদ্দিন আল্লানাৰ ব্যৱসায়িক বুদ্ধিমত্তাৰ এক বিৰল নিদৰ্শন।
পৰিৱৰ্তিত সময়ৰ লগত খাপ খুৱাব পৰা ক্ষমতা
২০১৫ চনৰ পিছত যেতিয়া ভাৰতত ইণ্টাৰনেট সুলভ হৈ পৰিছিল, তেতিয়া দেশত 'OTT’ প্লেটফৰ্মৰ এক ডাঙৰ ঢৌ আহি পৰিছিল। টিভিৰ সন্মুখত বহা দৰ্শকে লাহে লাহে নিজৰ ম’বাইলৰ ফালে মুখ কৰিবলৈ লৈছিল। এই বিশাল পৰিৱৰ্তনত বহু পুৰণি প্ৰযোজক পিছপৰি ৰ'ল, কিন্তু ফাজিলা আল্লানাই ইয়াতো নিজকে দৃঢ়তাৰে প্ৰমাণ কৰি দেখুৱালে।
ট্ৰেইটৰ্ছৰ চেটত ফাজিলা আলানা
ডিজিটেল যুগৰ এই যুৱ দৰ্শকসকলক প্ৰকৃততে কি লাগে, তাৰ সঠিক চিনাক্তকৰণ কৰি তেওঁ 'হটষ্টাৰ', 'নেটফ্লিক্স' আৰু 'আমাজন প্ৰাইম'ৰ দৰে প্লেটফৰ্মসমূহৰ বাবে 'নন-ফিক্সন ৱেব ছিৰিজ' নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে। 'নেটফ্লিক্স'ত 'ছ'চিয়েল কাৰেন্সি'ৰ দৰে শ্ব'ৰ জৰিয়তে তেওঁ নিজৰ কোম্পানীৰ এই 'মাল্টি-প্লেটফৰ্ম সম্প্ৰসাৰণ'ক প্ৰমাণ কৰি দেখুৱালে।
'ছ'ল প্ৰডাকচন' আজি যি 'বানিজয় গ্ৰুপ'ৰ এক গুৰুত্বপূৰ্ণ অংশ, সেই মূল 'বানিজয় এছিয়া' বেনাৰৰ সম্প্ৰসাৰণতো ফাজিলাৰ ৰণনীতিগত অংশীদাৰিত্ব আৰু তেওঁৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ এক বৃহৎ অৱদান আছে। 'বানিজয় এছিয়া'ৰ বেনাৰত নিৰ্মিত 'দ্য গ্ৰেট ইণ্ডিয়ান কপিল শ্ব'' আৰু 'ৰ'ৱাৰ অৱ দ্য লায়ন'ৰ দৰে বৃহৎ 'OTT’ প্ৰজেক্টসমূহ এই বিশ্বজনীন সংযোগ আৰু সন্মিলিত কৰ্প'ৰেট শক্তিৰেই নিদৰ্শন হিচাপে গণ্য কৰা হয়।
মনোৰঞ্জন জগতত 'কৰ্প'ৰেট অনুশাসন'
আচলতে মনোৰঞ্জনৰ ক্ষেত্ৰখন ইয়াৰ অনিশ্চিত সময়সূচী, হুলস্থূল আৰু বিশৃংখলতাৰ বাবে সদায়েই কুখ্যাতি অৰ্জন কৰি আহিছে; কিন্তু ফাজিলাই 'ছ'ল প্ৰডাকচন'ত কঠোৰ 'কৰ্প'ৰেট অনুশাসন' কাৰ্যকৰী কৰিছিল। তেওঁৰ লগত কাম কৰা কাৰিকৰী সহায়ক, লেখক আৰু শিল্পীসকলক তেওঁ সদায় এক নিৰাপদ আৰু অতি পেছাদাৰী পৰিৱেশ প্ৰদান কৰিছিল। মনোৰঞ্জনৰ ক্ষেত্ৰখনত নতুনকৈ খোজ পেলোৱা শিল্পী আৰু কাৰিকৰী সহায়কসকলক সঠিক প্ৰশিক্ষণ দিয়াৰ ওপৰতো তেওঁ সদায় গুৰুত্ব দি আহিছে।
এটা সৰু প্ৰডাকচন হাউছৰ পৰা আৰম্ভ কৰি এটা অতি বৃহৎ মিডিয়া নেটৱৰ্কৰ গুৰুত্বপূৰ্ণ অংশ হৈ পৰালৈকে তেওঁৰ এই যাত্ৰা সঁচাকৈয়ে বিস্ময়কৰ। তীব্ৰ প্ৰতিযোগিতামূৰ্ণ এই মনোৰঞ্জন জগতখনত একেৰাহে ২১ বছৰতকৈও অধিক সময় ধৰি সফলতাৰে এটা প্ৰডাকচন হাউছ চলাই নিয়াটো কোনো সাধাৰণ কথা নহয়।
নিজৰ অদম্য ইচ্ছা, সৃষ্টিশীল মন আৰু সময়ৰ লগত সলনি হ'ব পৰা মানসিকতাৰে ভাৰতীয় টেলিভিছনৰ পৃথিৱীখনত এক সুকীয়া স্থান দখল কৰা ফাজিলা আল্লানাক নিশ্চিতভাৱে 'নন-ফিক্সন' যুগৰ অন্যতম খনিকৰ বা স্থপতি বুলি ক'লে একেবাৰেই ভুল নহ'ব। তেওঁৰ এই কাহিনীয়ে প্ৰমাণ কৰে যে সপোন বাস্তৱ কৰিবলৈ কেৱল প্ৰতিভাই যথেষ্ট নহয়, তাৰ বাবে প্ৰয়োজন হয় সঠিক সময়ত লোৱা সঠিক সিদ্ধান্ত আৰু অক্লান্ত পৰিশ্ৰমৰ।