এই আৰ্হিত সহযোগিতা দুমুখীয়া। এগৰাকী মহিলাই নিজৰ ব্যৱসায়ৰ তথ্য আন এগৰাকী মহিলাৰ সৈতে ভাগ-বতৰা কৰে, দ্বিতীয়গৰাকী মহিলাই তেওঁক তেওঁৰ নেটৱৰ্কৰ পৰা সম্ভাৱ্য ক্লায়েণ্টৰ সৈতে সংযোগ কৰিব পাৰে, আৰু তৃতীয়গৰাকী মহিলাই তেওঁৰ বিশেষজ্ঞতা ভাগ-বতৰা কৰিব পাৰে। এইদৰে নেটৱৰ্কটো কেৱল যোগাযোগৰ তালিকা হোৱাটো বন্ধ হৈ যায়, বৰং ই অৰ্থনৈতিক সুযোগৰ বাবে এক ভাগ-বতৰা কৰা ব্যৱস্থাত পৰিণত হয়।
মহিলা উদ্যোগীকৰণৰ সন্দৰ্ভত আয়েশাই বিশ্বাস কৰে যে মহিলাসকলক আগবঢ়াই নিয়াৰ লগতে পুৰুষৰ চিন্তাধাৰাৰো পৰিৱৰ্তন হোৱাটো প্ৰয়োজন। তেওঁৰ মতে, পিতৃতান্ত্ৰিক ব্যৱস্থাই কেৱল মহিলাৰে ক্ষতি নকৰে, বৰং পুৰুষৰ ওপৰতো পৰিয়ালৰ অৰ্থনৈতিক দায়িত্বৰ অত্যধিক বোজা জাপি দিয়ে। যদি স্বামী আৰু পত্নী দুয়োজনেই চাকৰি কৰে, তেন্তে ঘৰুৱা আৰু অৰ্থনৈতিক দায়িত্বসমূহো সমানভাৱে ভগাই লোৱা উচিত।
বিবাহ আৰু অংশীদাৰিত্বৰ ক্ষেত্ৰতো আয়েশাই একেধৰণৰ দৃষ্টিভংগীৰে কথা কয়। তেওঁ কয় যে বিবাহ প্ৰেমৰ ওপৰত ভিত্তি কৰি হ’ব লাগে যদিও প্ৰেমৰ বিবাহো সফলতাৰ নিশ্চয়তা নহয়। একেলগে থকাৰ পিছতহে এজন ব্যক্তিৰ আচৰণ আৰু প্ৰকৃত স্বৰূপ ভালদৰে বুজিব পৰা যায়। সমাজবিজ্ঞানী কমলা ভাছিনৰ সৈতে হোৱা আলোচনাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বিবাহৰ প্ৰতিষ্ঠানটো দীৰ্ঘদিন ধৰি পিতৃতান্ত্রিক হৈ আহিছে আৰু এতিয়া অধিক সমতা আৰু অংশীদাৰিত্বৰ ওপৰত ভিত্তি কৰি গঢ়ি তোলাৰ প্ৰয়োজন আছে।
কৰ্মৰত মহিলাসকলৰ প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি তেওঁ নিজৰ জীৱনৰ এটি ঘটনা বৰ্ণনা কৰে। এদিন ৰাতি তেওঁৰ এগৰাকী ক্লায়েণ্টৰ ফোন অহাত ঘৰত প্ৰশ্ন উত্থাপন কৰা হৈছিল, কিন্তু কিছু সময়ৰ পিছত যেতিয়া তেওঁৰ অধিবক্তা স্বামীৰ ক্লায়েণ্টৰ ফোন আহিল, তেতিয়া তাক একেবাৰে স্বাভাৱিক বুলি ধৰি লোৱা হ'ল। আয়েশাই আঙুলিয়াই দিয়ে যে আজিও সমাজত মহিলাৰ পেছাক পুৰুষৰ পেছাৰ সমানে গুৰুত্ব দিয়া নহয়।
প্ৰযুক্তিৰ দ্ৰুত পৰিৱৰ্তনৰ এই সময়ত আয়েশাৰ ব্যৱসায়িক দৃষ্টিভংগী AI (কৃত্ৰিম বুদ্ধিমত্তা)ৰ সৈতেও জড়িত হৈ পৰিছে। তেওঁৰ মতে, AI-ক লৈ ভয় খোৱাৰ কোনো কাৰণ নাই। তেওঁ নিজৰ ভাতৃৰ এষাৰ কথা দোহাৰে, ''AI-এ আপোনাৰ চাকৰি কাঢ়ি নিব নোৱাৰে, কিন্তু যিসকল লোকে AI ব্যৱহাৰ কৰিবলৈ জানিব, তেওঁলোকেহে আপোনাৰ স্থান ল'ব।" তেওঁৰ মতে, ভৱিষ্যতৰ ব্যৱসায়িক সফলতাৰ ভেটি প্ৰযুক্তিৰ সৈতে প্ৰতিযোগিতাত নহয়, ইয়াক বুজি পোৱা আৰু নিজৰ কামত একত্ৰিত কৰাত নিহিত হৈ আছে।
নতুন প্ৰজন্ম (Gen Z)ৰ কৰ্মসংস্কৃতিৰ প্ৰতিও তেওঁৰ দৃষ্টিভংগী অতি সন্তুলিত। তেওঁ বিশ্বাস কৰে যে এই প্ৰজন্মই নিজৰ সীমা নিৰ্ধাৰণ কৰিবলৈ জানে আৰু No ক'বলৈ শিকিছে। উদাহৰণস্বৰূপে, তেওঁৰ টিমৰ এজন নতুন কৰ্মচাৰীয়ে কাম পোৱাৰ পিছত গোটেই দিনটো সন্ধানহীন হৈ থকাৰ পিছদিনা জনাইছিল যে তেওঁ শুই গৈছিল!
ইয়াৰ পিছতো আয়েশাই ভাবে যে Gen Z অত্যন্ত প্ৰতিভাশালী আৰু নতুন চিন্তাধাৰাৰ প্ৰজন্ম, মাথোঁ তেওঁলোকক সঠিক দিশ আৰু দায়িত্ববোধৰ প্ৰয়োজন। অৱশ্যে, নতুন প্ৰজন্ম ক্ৰমান্বয়ে নিজৰ ভাষা আৰু সংস্কৃতিৰ শিপাৰ পৰা আঁতৰি যোৱাটোক লৈ তেওঁ চিন্তিত (উদাহৰণস্বৰূপে তেওঁৰ এগৰাকী ইণ্টাৰ্নে 'দেৱনাগৰী' শব্দটোৰ অৰ্থই নাজানিছিল)।