শান্তি ঘূৰি অহাৰ পাছতো কাশ্মীৰত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

Story by  atv | Posted by  [email protected] • 56 m ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
আমিৰ ছুহেইল ৱানী
 
সমাজৰ বুকুৰ লুকাই থকা ক্ষতস্থানবোৰ উন্মোচিত হোৱাৰ আটাইতকৈ যন্ত্ৰণাদায়ক পথবোৰৰ ভিতৰত আত্মহত্যা অন্যতম। কাশ্মীৰৰ দৰে এখন সুন্দৰ ঠাইত, বিশেষকৈ ঝিলাম নদীত জাঁপ দি নৱপ্ৰজন্মই নিজৰ প্ৰাণ আহুতি দিয়াৰ খবৰবোৰ বৰ্তমান অতিশয় বেদনাদায়ক হৈ পৰিছে। এনে প্ৰতিটো মৃত্যুৱে পৰিয়ালবোৰক গভীৰ শোক, অপৰাধবোধ আৰু অসংখ্য উত্তৰবিহীন প্ৰশ্নৰ মাজলৈ ঠেলি দিয়ে। তথাপি, আত্মহত্যাক কেৱল এক ব্যক্তিগত সিদ্ধান্ত হিচাপে চালে আমি সেই বিস্তৃত মনস্তাত্ত্বিক, সামাজিক আৰু সাংস্কৃতিক পৰিস্থিতিবোৰ বুজি পোৱাত ব্যৰ্থ হ’ম, যিবোৰে এজন ব্যক্তিক এনে এক চৰম সংকটৰ ক্ষণলৈ লৈ যায়।
 
সেয়েহে, প্ৰশ্নটো কেৱল এইটোৱেই নহয় যে কোনোবা এজনে কিয় জীয়াই থকাটো অসম্ভৱ বুলি অনুভৱ কৰে, বৰং প্ৰশ্নটো হ'ল- কেনে পৰিস্থিতিয়ে সেই নিৰ্দিষ্ট মুহূৰ্তত জীৱনটোক ইমান অসহনীয়ভাৱে কঠিন কৰি তোলে।
 
কাশ্মীৰ বৰ্তমান এক গুৰুত্বপূৰ্ণ সামাজিক পৰিৱৰ্তনৰ মাজেৰে আগবাঢ়িছে। এসময়ত যৌথ পৰিয়াল, প্ৰতিৱেশীৰ সৈতে নিবিড় সম্পৰ্ক, সাম্প্ৰদায়িক অনুষ্ঠান-প্ৰতিষ্ঠান আৰু তুলনামূলকভাৱে সুস্থিৰ সামাজিক জীৱনৰ বাবে পৰিচিত এই সমাজখনত এতিয়া ব্যাপক সলনি ঘটিছে। বৰ্তমানৰ যুৱচামে তেওঁলোকৰ পিতৃ-মাতৃতকৈ এখন সম্পূৰ্ণ বেলেগ পৃথিৱীত বাস কৰে। তেওঁলোকে শৈক্ষিক হেঁচা, নিযুক্তিৰ অনিশ্চিত ভৱিষ্যত, অৰ্থপূৰ্ণ কৰ্মৰ সীমিত সুযোগ, সলনি হোৱা আকাংক্ষা আৰু সফলতা তথা ভৌতিক প্ৰাপ্তিৰ অহৰহ প্ৰদৰ্শনৰ সন্মুখীন হ'বলগীয়া হৈছে। পৰ্যাপ্ত কৰ্মসংস্থাপনৰ অভাৱে এই উদ্বেগ আৰু অধিক বঢ়াই তুলিব পাৰে। এজন যুৱকে হয়তো বছৰৰ পিছত বছৰ ধৰি শিক্ষা গ্ৰহণ কৰাৰ অন্তত এক অনিশ্চিত ভৱিষ্যতৰ সন্মুখীন হয় আৰু একে সময়তে পৰিয়াল, সমাজ আৰু ছ’চিয়েল মিডিয়াৰ পৰা এই বাৰ্তাও লাভ কৰে যে সফলতা, ধন-সম্পত্তি আৰু সামাজিক মৰ্যাদাইহে ব্যক্তি এজনৰ প্ৰকৃত মূল্য নিৰ্ধাৰণ কৰে।
 
আনহাতে, পৰিয়ালবোৰো সলনি হৈছে। যৌথ পৰিয়াল ব্যৱস্থাৰ ভাঙোন, প্ৰব্ৰজন, অৰ্থনৈতিক চাপ, বৈবাহিক সমস্যা, বিচ্ছেদ আৰু ঘৰুৱা কন্দলে আৱেগিক সমৰ্থনৰ কিছুমান পৰম্পৰাগত উৎস ক্ৰমান্বয়ে হ্ৰাস কৰিছে। পুৰণি সামাজিক ব্যৱস্থাটো নিশ্চয়েই সমস্যামুক্ত নাছিল, কিন্তু ই প্ৰায়ে এনে এক শক্তিশালী আৱেগিক বান্ধোন আগবঢ়াইছিল, যাৰ বাবে এজন ব্যক্তিয়ে নিজকে সম্পূৰ্ণ অকলশৰীয়া অনুভৱ কৰাৰ সম্ভাৱনা কম আছিল। কিন্তু আজিৰ দিনত, ই এক বিড়ম্বনা যে এজন যুৱকৰ হয়তো ডিজিটেল মাধ্যমত শ শ মানুহৰ সৈতে সংযোগ থাকিব পাৰে, তথাপি তেওঁ গভীৰ নিসংগতাৰ চিকাৰ হ'ব পাৰে।
 
বৰ্তমানৰ মানসিক স্বাস্থ্যৰ প্ৰত্যাহ্বানসমূহ বুজি পাবলৈ সামাজিক সংযোগৰ এই বিচ্ছিন্নতা অনুধাৱন কৰাটো অতি প্ৰয়োজনীয়। মানসিক স্বাস্থ্য আৰু নিচামুক্তকৰণৰ চিকিৎসক ডাঃ মহম্মদ মুছাইব ভাট, যিয়ে মানসিক স্বাস্থ্য আৰু ড্ৰাগছৰ সমস্যাত ভুগি থকা লোকসকলৰ সৈতে কাম কৰিছে, তেওঁ ব্যক্তিবাদ, আনৰ দৰে হোৱাৰ প্ৰৱণতা, অবাস্তৱ সামাজিক প্ৰত্যাশা আৰু বাস্তৱ জীৱন তথা ছ'চিয়েল মিডিয়াত সুন্দৰকৈ সজাই তোলা কৃত্ৰিম পৰিচয়ৰ মাজৰ ক্ৰমবৰ্ধমান দূৰত্বৰ পৰা উদ্ভৱ হোৱা মানসিক চাপৰ কথা আঙুলিয়াই দিছে। ডিজিটেল মাধ্যমৰ অত্যধিক ব্যৱহাৰ, ভোগবাদ, নিচাযুক্ত দ্ৰৱ্যৰ সেৱন, আৱেগিক সমস্যা, নিসংগতা আৰু দুৰ্বল হৈ পৰা পাৰিবাৰিক গাঁথনিয়ে এজন ব্যক্তিৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ ক্ষমতাত আৰু অধিক নেতিবাচক প্ৰভাৱ পেলাব পাৰে। তেওঁৰ পৰ্যবেক্ষণ এমিল ডুৰখেইমৰ 'এনোমি' (anomie) ধাৰণাটোৰ সৈতেও মিলি যায়— এনোমি হৈছে এনে এক অৱস্থা য'ত প্ৰতিষ্ঠিত সামাজিক নীতি-নিয়ম, সম্পৰ্ক আৰু পাৰস্পৰিক বুজাবুজি দুৰ্বল হৈ পৰে, যাৰ ফলত ব্যক্তিসকলে অতীতত সুস্থিৰতা আৰু আত্মীয়তা প্ৰদান কৰা সামাজিক গাঁথনিসমূহৰ পৰা বিচ্ছিন্ন অনুভৱ কৰিবলৈ লয়।
 
 
জম্মু-কাশ্মীৰৰ সৌন্দৰ্য্য

ছ’চিয়েল মিডিয়াই এই মানসিক চাপত আন এক মাত্ৰা সংযোগ কৰিছে। আজিকালি নৱপ্ৰজন্মই নিজকে কেৱল সহপাঠী বা প্ৰতিৱেশীৰ লগতে তুলনা নকৰে; তেওঁলোকে হয়তো নিজৰ দৈনন্দিন জীৱনটোক অনলাইনত নিখুঁতভাৱে উপস্থাপন কৰা হাজাৰ হাজাৰ জীৱনৰ সৈতে তুলনা কৰে। আনৰ সফলতাই কেতিয়াবা নিজৰ প্ৰাপ্তিখিনি তুচ্ছ যেন লগোৱাব পাৰে; আন কাৰোবাৰ মধুৰ সম্পৰ্কই নিসংগতাৰ অনুভৱ তীব্ৰতৰ কৰি তুলিব পাৰে; আৰু আনৰ জীৱনশৈলীয়ে নিজৰ মনত অবাস্তৱ প্ৰত্যাশাৰ সৃষ্টি কৰিব পাৰে। যিমানেই বাস্তৱ আৰু অনলাইন প্ৰদৰ্শনৰ মাজৰ পাৰ্থক্য অস্পষ্ট হৈ পৰিছে, সিমানেই বাহ্যিকভাৱে অতি সংযুক্ত যেন লগা সমাজ এখনেও একে সময়তে একাংশ ব্যক্তিক ক্ৰমান্বয়ে নিসংগ কৰি তুলিব পাৰে।
 
কিশোৰ-কিশোৰীসকলৰ বাবে পৰিস্থিতি বিশেষভাৱে জটিল হ'ব পাৰে। আত্মহত্যাৰ চিন্তা বা আচৰণ আৱেগিক খৰখেদা আৰু হতাশা তথা উদ্বেগ আদিৰ দৰে অন্তৰ্নিহিত মানসিক স্বাস্থ্যজনিত অৱস্থাৰ সৈতে জড়িত হ'ব পাৰে। দুৰ্ব্যৱহাৰৰ বলি হোৱাৰ অভিজ্ঞতা, পাৰস্পৰিক সম্পৰ্কৰ সমস্যা, শৈক্ষিক সংগ্ৰাম, নিৰ্যাতন, অৱহেলা বা পিতৃ-মাতৃৰ পৰা বিচ্ছিন্ন হোৱাৰ দৰে ঘটনাই তেওঁলোকক অধিক দুৰ্বল কৰি তুলিব পাৰে। প্ৰাপ্তবয়স্কসকলৰ ক্ষেত্ৰত হতাশা, উদ্বেগ, প'ষ্ট-ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ (PTSD) আৰু চাইকোচিছৰ দৰে অৱস্থা নিবনুৱা সমস্যা, সম্পৰ্কৰ জটিলতা, নিচাযুক্ত দ্ৰৱ্য সেৱন, আৰ্থিক অনিশ্চয়তা আৰু অতীতৰ নিৰ্যাতনৰ অভিজ্ঞতাৰ সৈতে মিলি এক ভয়াবহ ৰূপ ল'ব পাৰে।
 
ইমহামছ (IMHANS) কাশ্মীৰৰ চাইল্ড গাইডেন্স এণ্ড ৱেলবিয়িং চেণ্টাৰৰ (CGWC) ক্লিনিকেল চাইক'লজিষ্ট নাছিৰাহ হামিদে মনস্তাত্ত্বিক আৰু সামাজিক কাৰকসমূহৰ জটিল ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ কথা আঙুলিয়াই দিছে। "কিশোৰ-কিশোৰীসকলৰ মাজত এনে আচৰণ আৱেগিক আস্ফালন আৰু হতাশা তথা উদ্বেগৰ দৰে অন্তৰ্নিহিত মানসিক সমস্যাৰ দ্বাৰা পৰিচালিত হ'ব পাৰে। প্ৰাপ্তবয়স্কসকলৰ মাজত হতাশা, উদ্বেগ, পিটিএছডি আৰু চাইকোচিছ আদি অৱস্থাই তেওঁলোকক দুৰ্বল কৰাত অৰিহণা যোগাব পাৰে। নিৰ্যাতনৰ ইতিহাস, পাৰস্পৰিক সম্পৰ্কৰ সমস্যা, নিবনুৱা সমস্যা, বিদ্যালয়ৰ বেয়া ফলাফল, পিতৃ-মাতৃৰ অৱহেলা, বুলিং, পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ বা পিতৃ-মাতৃৰ পৰা পৃথক হোৱা আদি কাৰকবোৰো আত্মহত্যাৰ প্ৰৱণতাৰ সৈতে জড়িত হ'ব পাৰে।"
 
হামিদে লগতে গুৰুত্ব আৰোপ কৰে যে এজন ব্যক্তি সংকটৰ চৰম বিন্দুত উপনীত হোৱাৰ বহু আগতেই প্ৰতিৰোধমূলক ব্যৱস্থা আৰম্ভ হ'ব লাগিব। "এনে আচৰণ হ্ৰাস কৰিবলৈ কিছুমান প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰি, যাৰ ভিতৰত আছে সজাগতা সৃষ্টি কৰা, শক্তিশালী সহায়ক ব্যৱস্থা গঢ়ি তোলা, এক নিৰাপদ পৰিৱেশ প্ৰদান কৰা, লক্ষণসমূহ আগতীয়াকৈ চিনাক্ত কৰা, মানসিক স্বাস্থ্যৰ অসুবিধাৰ বিষয়ে কথা কোৱা যিকোনো ব্যক্তিৰ প্ৰতি বিচাৰহীন হোৱা আৰু মানসিক ৰোগৰ সৈতে জড়িত সামাজিক ভ্ৰান্ত ধাৰণা হ্ৰাস কৰা।"
 
তেওঁৰ পৰ্যবেক্ষণে এটা গুৰুত্বপূৰ্ণ দিশ দাঙি ধৰিছেঃ আত্মহত্যাৰ কাৰণ সাধাৰণতে কেতিয়াও মাত্ৰ এটাই হ'ব নোৱাৰে আৰু ইয়াৰ প্ৰতিৰোধ কেৱল এটা মাত্ৰ পদক্ষেপৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰে। সমস্যাজৰ্জৰ কিশোৰ-কিশোৰী এজনক কেৱল শক্তিশালী হৈ থাকিবলৈ দিয়া উপদেশতকৈ বেছি কিবা এটাৰ প্ৰয়োজন; তেওঁলোকক লাগে এক নিৰাপদ পৰিৱেশ, মনোযোগ দিয়া প্ৰাপ্তবয়স্ক ব্যক্তি, সহায়ক সম্পৰ্ক আৰু পেছাদাৰী যত্নৰ সুবিধা। একেদৰে, হতাশা, মানসিক আঘাত, সম্পৰ্কৰ অসুবিধা বা ড্ৰাগছৰ সমস্যাৰে যুঁজি থকা এজন নিবনুৱা বা অকলশৰীয়া প্ৰাপ্তবয়স্ক ব্যক্তিয়ে এইটো জনা প্ৰয়োজন যে মনস্তাত্ত্বিক বা মানসিক চিকিৎসাৰ সহায় বিচৰাটো এটা দায়িত্বশীল পদক্ষেপহে, ই কোনো দুৰ্বলতাৰ লক্ষণ নহয়।
 
জম্মু-কাশ্মীৰৰ এদল ছাত্ৰ-ছাত্ৰী
 
সেইবাবেই আত্মহত্যাৰ সৈতে জড়িত ভাষাটোও অতি গুৰুত্বপূৰ্ণ। আত্মহত্যাৰ চিন্তা থকা এজন ব্যক্তিয়ে প্ৰকৃততে মৃত্যুক কামনা নকৰিবও পাৰে; প্ৰায়ে তেওঁলোকে তীব্ৰ আৱেগিক বা মানসিক যন্ত্ৰণাৰ পৰা পৰিত্ৰাণহে বিচাৰে। সমালোচনা, নিন্দা বা লজ্জানত কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে এজন ব্যক্তিৰ বাবে সহায় বিচৰাটো আৰু অধিক কঠিন হৈ পৰিব পাৰে। সংকটৰ সময়ত এজন ব্যক্তিক প্ৰথমে যিটোৰ আটাইতকৈ বেছি প্ৰয়োজন, সেয়া হ'ল কোনো তাৎক্ষণিক বিচাৰ-বিবেচনা নোহোৱাকৈ তেওঁৰ কথাবোৰ শুনা কোনোবা এজন কাষত থকাটো। কেতিয়াবা, এক সাধাৰণ আশ্বাসৰ জৰিয়তেও এই সহায় আৰম্ভ হ'ব পাৰে: "মই আছো তোমাৰ লগত। কোৱা, তুমি কিহৰ মাজেৰে পাৰ হৈছা।"
 
কোনো ব্যক্তিয়ে যে মানসিকভাৱে সংগ্ৰাম কৰি আছে, সেই লক্ষণসমূহ চিনাক্ত কৰাত পৰিয়াল, শিক্ষানুষ্ঠান আৰু মানসিক স্বাস্থ্য পেছাদাৰীসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। হঠাতে সমাজৰ পৰা আঁতৰি থকা, নেৰানেপেৰা নিৰাশা, আচৰণৰ বৃহৎ পৰিৱৰ্তন, ড্ৰাগছ বা নিচাজাতীয় দ্ৰৱ্যৰ ব্যৱহাৰ বৃদ্ধি, নিজকে মূল্যহীন বুলি প্ৰকাশ কৰা বা বাৰে বাৰে মৃত্যুৰ কথা উল্লেখ কৰা কাৰ্য্যক কিশোৰ বয়সৰ খামখেয়ালি বা পাৰ হৈ যাবলগীয়া এটা সাধাৰণ পৰ্যায় বুলি উলাই কৰিব নালাগে। আগতীয়া সহায় আৰু উপযুক্ত পেছাদাৰী হস্তক্ষেপে পৰিস্থিতিত এক বৃহৎ ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। ইমহামছ (IMHANS) কাশ্মীৰৰ চাইল্ড গাইডেন্স এণ্ড ৱেলবিয়িং চেণ্টাৰৰ দৰে প্ৰতিষ্ঠানসমূহেও শিশু আৰু কিশোৰৰ মানসিক স্বাস্থ্য, ইতিবাচক অভিভাৱকত্ব, সজাগতা আৰু আগতীয়া হস্তক্ষেপৰ প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
 
আত্মহত্যা প্ৰতিৰোধৰ বাবে মানসিক স্বাস্থ্যৰ প্ৰতি এক অধিক সহানুভূতিশীল দৃষ্টিভংগীৰ প্ৰয়োজন। হতাশা, উদ্বেগ, ট্ৰমা আৰু অন্যান্য মনস্তাত্ত্বিক অৱস্থাবোৰ প্ৰকৃত স্বাস্থ্যজনিত সমস্যা আৰু ইয়াৰ বাবে উপযুক্ত চিকিৎসাৰ প্ৰয়োজন। এগৰাকী মনোবিজ্ঞানী, মনোৰোগ বিশেষজ্ঞ বা কাউঞ্চেলৰৰ পৰামৰ্শ গ্ৰহণ কৰাটোক দুৰ্বলতাৰ পৰিৱৰ্তে দায়িত্বশীলতা আৰু সাহসৰ কাম হিচাপে গণ্য কৰা উচিত।
 
প্ৰাৰ্থনা, আধ্যাত্মিকতা আৰু সমাজৰ সমৰ্থনে বহুতো লোকক সান্ত্বনা, আশা আৰু জীৱনৰ অৰ্থ প্ৰদান কৰিব পাৰে। একে সময়তে, যেতিয়া কোনোবাই গুৰুতৰ মানসিক যন্ত্ৰণাৰ মাজেৰে পাৰ হয়, তেতিয়া এইবোৰে উপযুক্ত পেছাদাৰী চিকিৎসাৰ সমান্তৰালভাৱে কাম কৰিব পাৰে- কিন্তু ই কেতিয়াও পেছাদাৰী চিকিৎসাৰ বিকল্প হ'ব নোৱাৰে।
 
শেষত, আত্মহত্যাৰ বিষয়টোক লৈ হোৱা আলোচনাসমূহ "মানুহজনে এনেকুৱা কিয় কৰিলে?" বুলি সোধা প্ৰশ্নটোৰ গণ্ডীৰ পৰা ওলাই আহি এক অধিক মানৱীয় আৰু সহানুভূতিশীল প্ৰশ্নৰ দিশে অগ্ৰসৰ হোৱা প্ৰয়োজনঃ "এই মানুহজনক নিসংগতাৰ পৰা ৰক্ষা কৰিবলৈ আমি কি কৰিব পাৰিলোহেঁতেন?"
 
বিচাৰ-বিবেচনাৰ পৰা বুজাবুজিলৈ, নীৰৱতাৰ পৰা মুকলি বাৰ্তালাপলৈ আৰু সামাজিক কলংকৰ পৰা সহায়-সহযোগিতালৈ হোৱা এই উত্তৰণেই হয়তো এনে এখন সমাজ গঢ়ি তোলাৰ দিশত এক শক্তিশালী পদক্ষেপ হ'ব পাৰে, য'ত মানুহে নিৰাশাৰ সংকট ঘনীভূত হৈ অপৰিৱৰ্তনীয় হৈ পৰাৰ আগতেই নিঃসংকোচে সহায় বিচাৰিব পাৰিব।


শেহতীয়া খবৰ