চৰকাৰৰ বান সাহায্য বিতৰণত ‘ব্যৰ্থতা’ৰ বাবে ২ অক্টোবৰৰ পৰা অনিৰ্দিষ্টকালীন আন্দোলনৰ ঘোষণা অখিল গগৈৰ

Story by  PTI | Posted by   Imtiaz Ahmed • 1 h ago
অখিল গগৈ
অখিল গগৈ
গুৱাহাটী

অসম চৰকাৰে ঘোষণা কৰা বান সাহায্যৰ ধন বিতৰণ নকৰাৰ অভিযোগ তুলি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ২ অক্টোবৰৰ পৰা ৰাজ্যজুৰি “অনিৰ্দিষ্টকালীন আন্দোলন” আৰম্ভ কৰাৰ ঘোষণা কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ লিখা এখন পত্ৰত গগৈয়ে কয় যে বানপীড়িত লোকসকলক আৰ্থিক সাহায্য আৰু দীৰ্ঘম্যাদী ক্ষতিপূৰণ প্ৰদানৰ বাবে ২৩ ছেপ্টেম্বৰত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ১ অক্টোবৰলৈ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছিল।

সেইদিনা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত লোকসকলে ৰাইজৰ দলৰ উদ্যোগত গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰিছিল। তেওঁলোকৰ অভিযোগ আছিল যে জুলাই মাহৰ বিধ্বংসী বানপানীৰ দুমাহ পাৰ হৈ যোৱাৰ পাছতো পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণ লাভ কৰা নাই।

“চৰকাৰক দিয়া সময়সীমা পাৰ হৈ গ’ল, যাৰ ফলত বানপীড়িত লোকসকলৰ প্ৰায় আধা সংখ্যকেই খালী হাতে ৰৈছে। আমাৰ জনসাধাৰণৰ অধিকাৰ আৰু অস্তিত্বৰ বাবে গণতান্ত্ৰিকভাৱে যুঁজিবলৈ আমি গান্ধী জয়ন্তীৰ দিনা এই আন্দোলন আৰম্ভ কৰিম,” গগৈয়ে কয়।

বানপানীৰ ফলত স্থানচ্যুত হোৱা হাজাৰ হাজাৰ পৰিয়ালৰ দুৰ্দশাৰ কথা উল্লেখ কৰি তেওঁ কয় যে প্ৰতিগৰাকী ক্ষতিগ্ৰস্ত পৰিয়ালে সম্পূৰ্ণ আৰ্থিক সাহায্য লাভ নকৰালৈকে আন্দোলন অব্যাহত থাকিব।

গগৈৰ দাবী অনুসৰি, উল্লিখিত চাৰিখন জিলাৰ ৩০ৰ পৰা ৪০ শতাংশ বানপীড়িত পৰিয়ালে চৰকাৰে ঘোষণা কৰা ১৫,০০০ টকাৰ অন্তৱৰ্তীকালীন আৰ্থিক সাহায্য এতিয়াও লাভ কৰা নাই।

তেওঁ লগতে দাবী কৰে যে গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাত কোনো এজনো ক্ষতিগ্ৰস্ত লোকে চৰকাৰে প্ৰতিশ্ৰুতি দিয়া অতিৰিক্ত ১০,০০০ টকাৰ বিশেষ সাহায্য লাভ কৰা নাই।

ইয়াৰ উপৰি, চাৰিখন জিলাত বানপানীৰ ফলত হোৱা ব্যাপক ক্ষয়ক্ষতিৰ বাবে প্ৰতিটো পৰিয়ালক ১০ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ দাবীও এতিয়াও পূৰণ হোৱা নাই বুলি গগৈয়ে কয়।

উল্লেখ্য যে এইবছৰ অসমত হোৱা বানপানীত কমেও ১০৮ জন লোকৰ মৃত্যু হৈছিল। বানপীড়িত জিলাসমূহত ঘৰ, বিদ্যালয়, পথ, মথাউৰি, গোহালি, মীনপালন কেন্দ্ৰ আৰু স্বাস্থ্যকেন্দ্ৰকে ধৰি বিভিন্ন আন্তঃগাঁথনিৰ ব্যাপক ক্ষতি হোৱা বুলিও প্ৰকাশ পাইছে।



শেহতীয়া খবৰ