১৭ নৱেম্বৰত ‘গানছ এন ৰ’জেছ’ৰ সংগীতানুষ্ঠানৰ বাবে গুৱাহাটীত যান-বাহন চলাচল আৰু পাৰ্কিঙৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
বিশ্ববিখ্যাত আমেৰিকান ৰক বেণ্ড ‘গানছ এন ৰ’জেছ’ (Guns N’ Roses)ৰ সংগীতানুষ্ঠানক কেন্দ্ৰ কৰি অহা ১৭ নৱেম্বৰত গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ বিশেষ নিয়ম আৰু নিষেধাজ্ঞা জাৰি কৰিছে মহানগৰ যান-বাহন আৰক্ষীয়ে। 
 
সংগীতানুষ্ঠানখনত বৃহৎসংখ্যক দৰ্শকৰ সমাগম হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন চলাচল সুচাৰুৰূপে পৰিচালনা কৰাৰ লগতে জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
 
গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই সংগীতানুষ্ঠানত অংশগ্ৰহণ কৰিব বিশ্বখ্যাত সংগীতশিল্পী এক্সল ৰ’জ (Axl Rose) আৰু স্লেশ্বে (Slash)। অসম পৰ্যটন বিভাগৰ মতে, যোৱা বছৰ গুৱাহাটীত অনুষ্ঠিত আমেৰিকান ৰেপাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠানত হোৱা দৰ্শকৰ সমাগমতকৈ এইবাৰৰ অনুষ্ঠানত অধিক লোকৰ উপস্থিতি আশা কৰা হৈছে।
 
যান-বাহন শাখাৰ আৰক্ষী উপায়ুক্তই জনোৱা মতে, বিশেষকৈ শিশু, ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰি এম্বুলেঞ্চ, অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আৰু বিদ্যালয়ৰ বাছসমূহৰ চলাচল যাতে বাধাগ্ৰস্ত নহয়, তাৰ প্ৰতিও বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। 
 
১৭ নৱেম্বৰৰ বিয়লি ৩ বজাৰ পৰা জি এছ ৰোডৰ কেতবোৰ নিৰ্দিষ্ট পথত বাণিজ্যিক সামগ্ৰী পৰিবাহী বাহন আৰু লেহেমীয়া গতিৰ যান-বাহনৰ চলাচল নিষিদ্ধ কৰা হ’ব। এই নিষেধাজ্ঞা প্ৰযোজ্য হ’বলগীয়া পথসমূহ হ’ল ক্ৰমে, 
 
১. ছয়মাইল আণ্ডাৰব্ৰীজৰ পৰা খানাপাৰা ৰ’টাৰীলৈ আৰু ছয়মাইল আণ্ডাৰব্ৰীজৰ পৰা জয়ানগৰ চাৰিআলি হৈ বালুঘাটৰ ত্ৰিপুৰা গলিলৈ।
 
২. বেলতলা তিনিআলিৰ পৰা জয়ানগৰ চাৰিআলিলৈ আৰু জয়ানগৰ চাৰিআলিৰ পৰা এ পি এছ চি পইণ্টলৈ।
 
৩. খানাপাৰা ৰ’টাৰীৰ পৰা বশিষ্ঠ আণ্ডাৰব্ৰীজলৈ আৰু বালুঘাটৰ ত্ৰিপুৰা ৰোডৰ পৰা খানাপাৰা ৰ’টাৰীলৈ দুয়োফালৰ ছাৰ্ভিচ ৰোডত।
 
এই নিষেধাজ্ঞাসমূহ সংগীতানুষ্ঠান সমাপ্ত নোহোৱালৈকে অথবা পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰালৈকে বাহাল থাকিব।
 
আনহাতে, ১৭ নৱেম্বৰৰ বিয়লি ২ বজাৰ পৰাই মহানগৰ যান-বাহন আৰক্ষীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ পথত যান-বাহনৰ চলাচল নিয়ন্ত্ৰণ কৰিব। নিয়ন্ত্ৰণৰ আওতাত থাকিব—
 
১. জি এছ ৰোডৰ প্ৰিজন গেট পইণ্টৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ ২৭ৰ কইনাধৰা পইণ্টলৈ আৰু বিপৰীত দিশত।
 
২. কেন্দ্ৰীয় বিদ্যালয়, খানাপাৰাৰ পৰা এ পি এছ চি পইণ্টলৈ।
 
৩. ৰাষ্ট্ৰীয় ঘাইপথ ২৭ৰ কইনাধৰা পইণ্টৰ পৰা ৰহিকা দিশৰ ছাৰ্ভিচ লেন হৈ খানাপাৰা ৰ’টাৰীলৈ আৰু বিপৰীত দিশত।
 
সংগীতানুষ্ঠানৰ দিনা যানজঁট হ্ৰাস কৰাৰ উদ্দেশ্যে মহানগৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ পথৰ দুয়োকাষে যান-বাহন ৰখাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পাৰ্কিং নিষিদ্ধ থাকিবলগীয়া পথসমূহ হ’ল—
 
১. জি এছ ৰোডৰ ছয়মাইল আণ্ডাৰব্ৰীজৰ পৰা খানাপাৰা ৰ’টাৰীলৈ দুয়োকাষে।
 
২. ছয়মাইল আণ্ডাৰব্ৰীজৰ পৰা জয়ানগৰ চাৰিআলিলৈ দুয়োকাষে।
 
৩. জয়ানগৰ চাৰিআলিৰ পৰা ত্ৰিপুৰা গলি তথা বালুঘাটলৈ দুয়োকাষে।
 
৪. জয়ানগৰ চাৰিআলিৰ পৰা বিজ্ঞান সংগ্ৰহালয়ৰ সমীপৰ এ পি এছ চি পইণ্টলৈ দুয়োকাষে।
 
৫. ৰাষ্ট্ৰীয় ঘাইপথ ২৭ আৰু ইয়াৰ ছাৰ্ভিচ ৰোডত বালুঘাটৰ ত্ৰিপুৰা গলিৰ পৰা খানাপাৰা ৰ’টাৰীলৈ আৰু খানাপাৰা ৰ’টাৰীৰ পৰা কে আই এ ছাৰ্ভিচ চেণ্টাৰৰ সমীপৰ পিংকু কাটিংলৈ দুয়োকাষে।
৬. ৰাষ্ট্ৰীয় ঘাইপথ ২৭ৰ খানাপাৰা ৰ’টাৰীৰ পৰা গ্ৰীণউড ৰিজ’ৰ্টলৈ আৰু বিপৰীত দিশত পথৰ দুয়োকাষে।
 
সংগীতানুষ্ঠানৰ দিনা খানাপাৰা আৰু ইয়াৰ আশে-পাশে বৃহৎসংখ্যক লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে। সেয়েহে মহানগৰ যান-বাহন আৰক্ষীয়ে সকলো নাগৰিককে আগতীয়াকৈ যাতায়াতৰ পৰিকল্পনা কৰিবলৈ আৰু জাৰি কৰা নিৰ্দেশনাসমূহ মানি চলিবলৈ আহ্বান জনাইছে।
 
বিশেষকৈ উল্লিখিত পথসমূহেৰে যাতায়াত কৰিবলগীয়া লোকসকলক সম্ভৱ হ’লে বিকল্প পথ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে, যাতে অনাৱশ্যক যানজঁট আৰু অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়।
 
বিশ্বখ্যাত ৰক বেণ্ডটোৰ সংগীতানুষ্ঠানক লৈ গুৱাহাটীৰ সংগীতপ্ৰেমীসকলৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা দেখা গৈছে। এনে পৰিস্থিতিত অনুষ্ঠানটো সুকলমে সম্পন্ন কৰাৰ লগতে মহানগৰীৰ স্বাভাৱিক যান-বাহন চলাচল যিমান পাৰি সুচল কৰি ৰাখিবলৈ আৰক্ষী প্ৰশাসনে জনসাধাৰণৰ সহযোগিতা কামনা কৰিছে।