গুৱাহাটী
অসমত ১,১৬,৯৪৬ জন ঘোষিত বিদেশী নাগৰিক সন্ধানহীন হৈ থকাৰ তথ্য পোহৰলৈ আহিছে। ৰাজ্যৰ ৩৬খন জিলাত এইসকল লোক পলাতক অৱস্থাত থকা বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা ৰাজ্য চৰকাৰৰ এখন শপতনামাত উল্লেখ কৰা হৈছে। বিদেশী ন্যায়াধিকৰণে বিদেশী হিচাপে ঘোষণা কৰাৰ পিছতো এইসকল লোকক আটক কৰি বিতাড়নৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই।
চৰাইদেউ জিলাৰ হামিদা বেগম নামৰ এগৰাকী ঘোষিত বিদেশী মহিলাই দাখিল কৰা জামিন আবেদনৰ শুনানিৰ সময়তে এই তথ্য পোহৰলৈ আহে। দীৰ্ঘদিন ধৰি কাৰাৰুদ্ধ হৈ থকাৰ ভিত্তিত আৰু উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ এক নিৰ্দেশৰ আধাৰত হামিদা বেগমে গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন বিচাৰি আবেদন জনাইছিল।
শুনানিৰ সময়ত ৰাজ্য চৰকাৰৰ অধিবক্তাই আদালতক অৱগত কৰে যে, হামিদা বেগমক ইতিমধ্যে বিদেশী ন্যায়াধিকৰণে বিদেশী হিচাপে ঘোষণা কৰিছে। এই ৰায়ৰ বিৰুদ্ধে তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল যদিও সফল হোৱা নাছিল। বৰ্তমান তেওঁক বিতাড়নৰ বাবে প্ৰয়োজনীয় প্ৰক্ৰিয়া চলাই থকা হৈছে বুলিও আদালতক জনোৱা হয়।
এই গোচৰৰ শুনানিৰ সময়ত অসম আৰক্ষীৰ সীমান্ত শাখাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে প্ৰস্তুত কৰা তথ্যৰ ভিত্তিত ৰাজ্য চৰকাৰে এখন শপতনামা দাখিল কৰে। শপতনামাখনত উল্লেখ কৰা অনুসৰি, অসমৰ ৩৬খন জিলাত মুঠ ১,১৬,৯৪৬ জন ঘোষিত বিদেশী নাগৰিক পলাতক অৱস্থাত আছে। এইসকল লোকক আটক কৰি বিতাড়ন কৰিবলৈ এতিয়াও বাকী আছে।
এই পৰিসংখ্যাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে উদ্বেগ প্ৰকাশ কৰে। আদালতে উল্লেখ কৰে যে, ঘোষিত বিদেশী নাগৰিকৰ সন্ধানহীনতাৰ এনে পৰিসংখ্যাই ৰাজ্যখনৰ বিদেশী চিনাক্তকৰণ আৰু বিতাড়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছে।
শুনানিৰ সময়ত উচ্চ ন্যায়ালয়ে সৰ্বানন্দ সোণোৱালৰ গোচৰত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ৰ বিভিন্ন দিশো পৰ্যালোচনা কৰে। দেশৰ একতা আৰু সংহতি ৰক্ষা কৰাটো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দায়িত্ব বুলি আদালতে উল্লেখ কৰে। লগতে অবৈধ প্ৰব্ৰজন সম্পৰ্কত উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ পৰ্যবেক্ষণৰ বিষয়েও আলোচনা কৰা হয়।
গোচৰটোৰ সকলো দিশ বিবেচনা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে হামিদা বেগমক কাৰাৰুদ্ধ কৰি ৰখাটো যুক্তিসংগত বুলি মত প্ৰকাশ কৰে আৰু তেওঁৰ জামিন আবেদন খাৰিজ কৰে।
উল্লেখ্য যে, অসমত বিদেশী নাগৰিক চিনাক্তকৰণৰ বাবে বিদেশী ন্যায়াধিকৰণৰ ব্যৱস্থা থকাৰ লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অৰ্থাৎ এন আৰ চিৰ প্ৰক্ৰিয়াও সম্পন্ন কৰা হৈছিল। ইয়াৰ মাজতে ৰাজ্যৰ ৩৬খন জিলাত লক্ষাধিক ঘোষিত বিদেশী নাগৰিক সন্ধানহীন হৈ থকাৰ তথ্যই বিদেশী নাগৰিকৰ সন্ধান, আটক আৰু বিতাড়ন প্ৰক্ৰিয়াৰ বৰ্তমানৰ স্থিতি সম্পৰ্কত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে।