কাজিৰঙাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহতৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি; চিকিৎসাধীন ৬ জনৰ অৱস্থা সংকটজনক

Story by  atv | Posted by  Munni Begum • 8 h ago
কাজিৰঙাত সংঘটিত ভয়ংক পথ দুৰ্ঘটনাৰ দৃশ্য
কাজিৰঙাত সংঘটিত ভয়ংক পথ দুৰ্ঘটনাৰ দৃশ্য
 
গুৱাহাটী 
 
অসমৰ কাজিৰঙাৰ সমীপৱৰ্তী ৰঙাজানত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত নিহতৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি পাইছে। দুৰ্ঘটনাটোত আহত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত (JMCH) ভৰ্তি হোৱা ২০ জন লোকৰ ভিতৰত তিনিজনে চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে।
 
শেহতীয়াকৈ মৃত্যুক সাবটি লোৱা লোকগৰাকী হৈছে লক্ষ্মী মাই মাঝি নামৰ এগৰাকী ছাত্ৰী। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়। বৰ্তমান চিকিৎসালয়খনত ১৭ জন আহত লোক চিকিৎসাধীন হৈ আছে। ইয়াৰে ৬ জনক অতি সংকটজনক অৱস্থাত চিকিৎসালয়ৰ নিবিড় পৰিচৰ্যা কক্ষত (ICU) চিকিৎসা প্ৰদান কৰি থকা হৈছে। তেওঁলোকৰ অৱস্থা উদ্বেগজনক বুলি জানিব পৰা গৈছে।
 
উল্লেখযোগ্য যে, গোলাঘাট জিলাৰ কাজিৰঙাৰ সমীপৰ হাতীখুলি চাহ বাগিচাৰ ওচৰৰ ৰঙাজানত ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হৈছিল। এখন যাত্ৰীবাহী মিনিবাছ আৰু এখন কণ্টেইনাৰ ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো ঘটে।
 
জানিব পৰা মতে, মিনিবাছখন গোলাঘাটৰ পৰা নগাঁৱৰ অভিমুখে গৈ আছিল। আনহাতে, কণ্টেইনাৰ ট্ৰাকখন উজনি অসমৰ দিশে আহি আছিল। তেনে সময়তে দুয়োখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়।
 
এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ ভিতৰত জ্যোতি মাঝি, দৰ্পণা মাঝি, ১২ বছৰীয়া অনুৰাগ গোৱালা, আব্দুল মুজিদ, মিনিবাছখনৰ চালক সুভাষ, হেণ্ডিমেন ৰছিদ আলী, হাফিজা খাতুন, ফাৰহানা ইয়াছমিন, কে আৰ লভো, আমজাদ আলী, বুলবুল আলী, বেবী কৰ্মকাৰ, দামিনী ঘটোৱাৰ আৰু দীপাঞ্জলি ৰংফাৰৰ নাম চিনাক্ত কৰা হৈছে।
 
নিহতসকলৰ মাজত বিহাৰৰ মধুবনী জিলাৰ তুফানপুৰৰ বাসিন্দা, ছামী আহমেদৰ পুত্ৰ ৩৮ বছৰীয়া মহম্মদ ৰফিক আলীও আছে। ইয়াৰ উপৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা ছাত্ৰী লক্ষ্মী মাই মাঝিৰ নামো শেহতীয়াকৈ নিহতৰ তালিকাত সংযোজন হৈছে।
 
ইয়াৰ পূৰ্বে গোলাঘাটৰ অতিৰিক্ত জিলা আয়ুক্ত জিণ্টু বৰাই দুৰ্ঘটনাটোত ২৫ জন লোকৰ মৃত্যু হোৱা বুলি জানিবলৈ দিছিল। সেই সময়ত নিহতসকলৰ ভিতৰত ১৪ গৰাকী মহিলা আৰু ১১ জন পুৰুষ আছিল। তেওঁলোকৰ ২৩ জনৰ পৰিচয় নিশ্চিত কৰা হৈছিল যদিও দুজনৰ পৰিচয় তেতিয়ালৈকে উদ্ধাৰ হোৱা নাছিল।
 
ইফালে, নিহতসকলৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ লগতে মৃতদেহসমূহ নিজ নিজ পৰিয়ালৰ ওচৰলৈ প্ৰেৰণৰ ব্যৱস্থা জিলা প্ৰশাসনে গ্ৰহণ কৰিছে।
কাজিৰঙাৰ ঘটনাক লৈ শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এক্সত কয়, "অসমৰ গোলাঘাট জিলাত সংঘটিত দুৰ্ঘটনাত মৰ্মাহত হৈছো। এই শোকৰ মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি(PMNRF)ৰ পৰা প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়ক ২ লাখ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’ব৷" 
 
ভাৰতৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ে এক্সত কয়, "অসমৰ কাজিৰঙাত হোৱা শিহৰণকাৰী পথ দুৰ্ঘটনা অতি হৃদয়বিদাৰক আছিল। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা জনাইছো।"
 
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক্স যোগে কয়, "অসমৰ কাজিৰঙাত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাত বহুকেইজন লোকে প্ৰাণ হেৰুওৱাৰ খবৰে গভীৰভাৱে মৰ্মাহত কৰিছে। আপোনজনক হেৰুওৱা পৰিয়ালসমূহৰ প্ৰতি মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। লগতে দুৰ্ঘটনাটোত আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো।"