বিশেষ সংক্ষিপ্ত সংশোধনৰ অধীনত প্ৰকাশ পালে অসমৰ খচৰা ভোটাৰ তালিকা; বিশেষ সংশোধনৰ তালিকাতকৈ ২.১৯ লাখ নাম অধিক

Story by  PTI | Posted by   Imtiaz Ahmed • 8 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
গুৱাহাটী

বিশেষ সংক্ষিপ্ত সংশোধন প্ৰক্ৰিয়াৰ অধীনত বৃহস্পতিবাৰে প্ৰকাশিত অসমৰ খচৰা ভোটাৰ তালিকাত ২.৫২ কোটি ভোটাৰৰ নাম অন্তৰ্ভুক্ত হৈছে। চলিত বছৰৰ আৰম্ভণিতে বিধানসভা নিৰ্বাচনৰ পূৰ্বে সম্পন্ন হোৱা বিশেষ সংশোধনৰ পাছত প্ৰস্তুত কৰা তালিকাৰ তুলনাত এই তালিকাত প্ৰায় ২.১৯ লাখ নাম অধিক আছে।

মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জনোৱা অনুসৰি, খচৰা ভোটাৰ তালিকাত ৰাজ্যখনৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৫১,৭৬,৯১০। ইয়াৰে ১,২৫,৮৭,৬৫০ গৰাকী পুৰুষ, ১,২৫,৮৮,৯৩৯ গৰাকী মহিলা আৰু ৩২১ গৰাকী তৃতীয় লিংগৰ ভোটাৰ।

বিশেষ সংশোধন (এছ আৰ) প্ৰক্ৰিয়াৰ পাছত চলিত বছৰৰ ১০ ফেব্ৰুৱাৰীত প্ৰকাশিত চূড়ান্ত ভোটাৰ তালিকাত মুঠ ২,৪৯,৫৮,১৩৯ গৰাকী ভোটাৰৰ নাম আছিল। সেই প্ৰক্ৰিয়াত খচৰা তালিকাৰ পৰা ২.৪৩ লাখতকৈ অধিক নাম বাদ দিয়া হৈছিল।

বিশেষ সংক্ষিপ্ত সংশোধন সন্দৰ্ভত এগৰাকী যুটীয়া মুখ্য নিৰ্বাচনী বিষয়াই এক বিবৃতিত কয়, “নিৰন্তৰ সংশোধনৰ সময়ছোৱাত মুঠ ৪,১২,৩৪৪ গৰাকী ভোটাৰৰ নাম সংযোজন কৰা হয় আৰু ১,৯৩,৫৭৩ গৰাকী ভোটাৰৰ নাম বাদ দিয়া হয়। ফলত খচৰা ভোটাৰ তালিকাত ভোটাৰৰ সংখ্যা মুঠ ২,১৮,৭৭১ গৰাকী বৃদ্ধি পায়।”

দাবী আৰু আপত্তি দাখিলৰ সময়সীমা ১২ নৱেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ নিৰ্ধাৰণ কৰা হৈছে। এই দাবী আৰু আপত্তিসমূহ ২৮ ডিচেম্বৰৰ ভিতৰত নিষ্পত্তি কৰা হ’ব। অহা বছৰৰ ৪ জানুৱাৰীত চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব।

নিৰ্বাচন আয়োগে অসমত ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধন (এছ আই আৰ)ৰ পৰিৱৰ্তে বিশেষ সংশোধন (এছ আৰ) সম্পন্ন কৰিছিল। দেশৰ কোনো এখন ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ সংশোধন সম্পন্ন হোৱা এয়াই প্ৰথম। অসমত নাগৰিকত্ব সম্পৰ্কীয় বিশেষ বিধান থকাৰ বাবে এই প্ৰক্ৰিয়াৰ প্ৰয়োজন হৈছিল।

বিষয়াসকলৰ মতে, বিশেষ সংক্ষিপ্ত সংশোধন এক ‘নিয়মীয়া’ প্ৰক্ৰিয়া আৰু বিশেষ নিবিড় সংশোধন এক বিস্তৃত পৰীক্ষণ প্ৰক্ৰিয়া। আনহাতে, ত্ৰুটিমুক্ত ভোটাৰ তালিকা নিশ্চিত কৰিবলৈ এই দুয়োটা প্ৰক্ৰিয়াৰ মধ্যৱৰ্তী ব্যৱস্থা হিচাপে বিশেষ সংশোধন গ্ৰহণ কৰা হৈছিল।
অসমৰ খচৰা তালিকাৰ সবিশেষ উল্লেখ কৰি বিবৃতিটোত কোৱা হয় যে বিশেষ সংক্ষিপ্ত সংশোধন (এছ এছ আৰ) প্ৰক্ৰিয়াত ১,৮০,৭৬০ গৰাকী পুৰুষ ভোটাৰৰ নাম সংযোজন কৰা হয় আৰু ৭৫,৩২৩ গৰাকীৰ নাম বাদ দিয়া হয়। মহিলা ভোটাৰৰ ক্ষেত্ৰত ২,৩১,৫৮৪ গৰাকীৰ নাম সংযোজন কৰা হয় আৰু ১,১৮,২২৮ গৰাকীৰ নাম বাদ দিয়া হয়।

তৃতীয় লিংগৰ শ্ৰেণীত কোনো নাম সংযোজন কৰা হোৱা নাই যদিও খচৰা তালিকাৰ পৰা ২২ গৰাকীৰ নাম বাদ দিয়া হৈছে।

মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জনোৱা অনুসৰি, খচৰা ভোটাৰ তালিকাত ২,০৫,৯৬২ গৰাকী দিব্যাংগ ভোটাৰ, ১৮-১৯ বছৰ বয়সৰ ২,৮৭,২৩৩ গৰাকী যুৱ ভোটাৰ আৰু ৮৫ বছৰ বা তাতকৈ অধিক বয়সৰ ১,২২,১৯৮ গৰাকী ভোটাৰো অন্তৰ্ভুক্ত আছে। তালিকাখনত ৬৩,২৩৭ গৰাকী সেৱা ভোটাৰ আৰু ৬ গৰাকী প্ৰবাসী ভোটাৰৰ নামো আছে।

বিবৃতিটোত কোৱা হয় যে ৰাজ্যখনত ৩১,৫১৬টা ভোটগ্ৰহণ কেন্দ্ৰ আছে আৰু প্ৰতিটো কেন্দ্ৰত গড়ে ৭৯৯ গৰাকী ভোটাৰ আছে। বিধানসভা সমষ্টিসমূহৰ ভিতৰত দলগাঁৱত সৰ্বাধিক ৩,২৫,৭৪৬ গৰাকী ভোটাৰ থকাৰ বিপৰীতে অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আমৰি সমষ্টিত সৰ্বনিম্ন ১,০১,৫০৯ গৰাকী ভোটাৰ আছে।

ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যাৰ ক্ষেত্ৰত মানকাচৰত সৰ্বাধিক ৪০২টা কেন্দ্ৰ আছে। আনহাতে, অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত দোতমা সমষ্টিত সৰ্বনিম্ন ১৪৭টা ভোটগ্ৰহণ কেন্দ্ৰ আছে।