গুৱাহাটী
যোৰহাট জিলাৰ টীয়কৰ হাতীশাল অঞ্চলত চোৰাং গঁড় চিকাৰৰ সন্দেহত চাৰিজন লোকক আটক কৰিছে বন বিভাগে। যোৰহাট বন সংমণ্ডলৰ নেতৃত্বত চলোৱা এক বিশেষ অভিযানত ব্ৰহ্মপুত্ৰৰ ঘন বনাঞ্চলৰ পৰা সন্দেহযুক্ত লোককেইজনক আটক কৰা হয়।
বন বিভাগৰ সূত্ৰ অনুসৰি, এক নিৰ্দিষ্ট গোপন খবৰৰ ভিত্তিত এই অভিযান চলোৱা হৈছিল। অভিযানৰ সময়ত সন্দেহযুক্ত চাৰিজন লোকক আটক কৰিবলৈ সক্ষম হয় বনকৰ্মীসকল। প্ৰাথমিক তথ্য অনুসৰি, আটকাধীন লোককেইজনৰ ভিতৰত এজন গঁড়ৰ আক্ৰমণত আহত হৈছে।
ইতিমধ্যে ঘটনাস্থলীত টীয়ক আৰু লাহদৈগড় আৰক্ষী থানাৰ আৰক্ষীৰ দল উপস্থিত হৈছে। অঞ্চলটোত বন বিভাগ আৰু আৰক্ষীৰ অভিযান অব্যাহত আছে।
জানিব পৰা মতে, আটকাধীন চাৰিজন লোক অসমৰ বিভিন্ন অঞ্চলৰ বাসিন্দা। ইয়াৰে এজন গহপুৰৰ, এজন নাৰায়ণপুৰৰ আৰু আন দুজন জাঁজীমুখ অঞ্চলৰ বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, বিগত কেইবছৰমানৰ পৰা টীয়কৰ হাতীশাল আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত কেইবাটাও এশিঙীয়া গঁড়ৰ বিচৰণ পৰিলক্ষিত হৈ আহিছে।
এনে পৰিস্থিতিত অঞ্চলটোত চোৰাং গঁড় চিকাৰৰ সন্দেহত চাৰিজন লোক আটক হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।
অৱশ্যে আটকাধীন লোককেইজনৰ পৰিচয় আৰু অভিযান সম্পৰ্কীয় সবিশেষ তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই। বন বিভাগৰ পৰৱৰ্তী তদন্ত আৰু অভিযানৰ অন্তত ঘটনাটোৰ বিষয়ে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।