কি ক’লে হোটেল বিলাছ ইনৰ গুলীচালনাত প্ৰাণৰক্ষা পৰা সত্যেন্দ্ৰ পাঠকে?

Story by  atv | Posted by   Imtiaz Ahmed • 16 h ago
সত্যেন্দ্ৰ পাঠক
সত্যেন্দ্ৰ পাঠক
গুৱাহাটী

গুৱাহাটীৰ বৰা ছাৰ্ভিচ অঞ্চলৰ হোটেল বিলাস ইনত সংঘটিত প্ৰাণঘাতী গুলীচালনাৰ পৰা ৰক্ষা পৰা সত্যেন্দ্ৰ পাঠক বৃহস্পতিবাৰে বৰপেটাৰ ঘৰলৈ উভতিল। অৱশ্যে ২৬ অক্টোবৰৰ আক্ৰমণৰ শাৰীৰিক আৰু মানসিক আঘাত এতিয়াও তেওঁৰ মনত সতেজ হৈ আছে।

ভৰালী পৰিয়ালৰ গাড়ীচালক তথা গুলীবিদ্ধসকলৰ ভিতৰত একমাত্ৰ জীৱিত ব্যক্তি পাঠকক ১০ দিনৰ চিকিৎসাৰ অন্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা বৃহস্পতিবাৰে অব্যাহতি দিয়া হয়।

পাঠকৰ ভাষ্য অনুসৰি, ঘনকান্ত গগৈয়ে হোটেললৈ আহি হেলেনা ভৰালীৰ পুত্ৰ দেৱৰ্ষি ভৰালীৰ সৈতে বাক্‌বিতণ্ডাত লিপ্ত হোৱাৰ পৰাই ঘটনাৰ সূত্ৰপাত হয়। ইয়াৰ পাছতে গগৈয়ে হোটেলৰ অভ্যৰ্থনা কক্ষলৈ গৈ পিষ্টল উলিয়াই হেলেনা আৰু দেৱৰ্ষিক গুলীয়ায় বুলি তেওঁ অভিযোগ কৰে।

গুলীৰ শব্দ শুনি পাঠকসহ উপস্থিত আনসকলে পলাবলৈ চেষ্টা কৰে। প্ৰাণৰক্ষাৰ আশাত পাঠক ওচৰৰ এখন কম্পিউটাৰ মেৰামতি কৰা দোকানত সোমায়। কিন্তু তেওঁৰ অভিযোগ, গগৈয়ে পিছে পিছে গৈ দোকানৰ দুৱাৰ ঠেলি খুলি তেওঁক গুলীয়াবলৈ উদ্যত হয়। পুনৰ পলাবলৈ চেষ্টা কৰোঁতেই পিঠিত গুলী লাগি তেওঁ বাগৰি পৰে। “মই পলাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁ মোক খেদি গৈ পিঠিত গুলী মাৰিলে,” পাঠকে সংবাদ মাধ্যমক কয়।

দোকানত থকা লোকসকলে তেওঁক গুলী লগাৰ কথা জনাই বাহিৰলৈ ওলাই অহাত সহায় কৰে। আঘাতৰ পাছত তেওঁ হতভম্ব হৈ পৰিছিল আৰু কি ঘটিছে বুজিবলৈ অসুবিধা পাইছিল।

গগৈক ভদ্ৰ আৰু ভাল ব্যৱহাৰৰ ব্যক্তি হিচাপে জনা পাঠকে তেওঁ এনে কাণ্ড সংঘটিত কৰিব বুলি কেতিয়াও ভবা নাছিল। অৱশ্যে গুলীচালনা পূৰ্বপৰিকল্পিত আছিল বুলি পাঠকৰ বিশ্বাস।

চিকিত্‍সালয়ৰ পৰা অব্যাহতি পালেও পাঠক এতিয়াও দুৰ্বল। তেওঁৰ ৰক্তক্ষৰণ আৰু মূৰ ঘূৰণিকে ধৰি স্বাস্থ্যজনিত সমস্যা হৈ থকা বুলি জানিব পৰা গৈছে। পত্নীয়ে জনোৱা মতে, চিকিৎসকে তেওঁক বিশ্ৰাম ল’বলৈ আৰু বেছিকৈ কথা নক’বলৈ পৰামৰ্শ দিছে। হৃদ্‌যন্ত্ৰ-সম্পৰ্কীয় কিছু জটিলতাও ধৰা পৰাত এমাহৰ পাছত পুনৰ পৰীক্ষাৰ বাবে মাতিছে। ঘটনাৰ পাছত তেওঁ আঘাত-পৰৱৰ্তী মানসিক চাপজনিত বিকাৰতো (PTSD) ভুগি থকা বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ সৈতে সংঘৰ্ষত গগৈৰ মৃত্যুৱে পৰিয়ালৰ ভয় কিছু কমাইছে যদিও ঘটনাৰ প্ৰভাৱ অব্যাহত আছে বুলি পাঠকে কয়। চিকিৎসাৰ ব্যয় বহন আৰু জীৱিকা পুনৰুদ্ধাৰৰ বাবে পৰিয়ালটোৱে সহায় বিচাৰিছে।

দুটি সন্তানৰ পিতৃ পাঠকৰ পুত্ৰৰ বয়স ছয় বছৰ; কন্যাই ব’ৰ্ড পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে। আঘাতৰ বাবে কামলৈ উভতিব নোৱাৰা পাঠকে নিজৰ চিকিৎসা আৰু সন্তানৰ শিক্ষাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি চৰকাৰৰ ওচৰত আৰ্থিক সাহায্য বিচাৰিছে।